খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—স্বাৰ্থপৰ আৰু খং তুলোৱা মনোবৃত্তি ত্যাগ কৰক
কিয় গুৰুত্বপূৰ্ণ: যীচুৱে শিক্ষা দিছিল যে প্ৰেমৰ যোগেদি তেওঁৰ শিষ্যসকল পৰিচিত হʼব। (যোহ ১৩:৩৪, ৩৫) খ্ৰীষ্টৰ দৰে প্ৰেম দেখুৱাবলৈ আমি আনৰ ভালৰ বাবে চিন্তা কৰা উচিত আৰু খং তুলিব পৰা কাৰ্য্যবোৰৰপৰা আঁতৰি থকা উচিত।—১কৰি ১৩:৫, ৬.
ইয়াক কেনেকৈ কৰিব:
যেতিয়া কোনোবাই নিজৰ কথা বা কাৰ্য্যৰে আমাৰ অন্তৰত আঘাত দিয়ে, তেতিয়া অলপ সময় ৰৈ চিন্তা কৰা উচিত যে এই সমস্যাৰ কাৰণ কি আৰু আমি খং কৰিলে কি পৰিণাম হʼব পাৰে।—হিতো ১৯:১১
মনত ৰখা উচিত যে আমি সকলোৱে অসিদ্ধ আৰু কেতিয়াবা কেতিয়াবা আমি হয়তো এনে কথা কওঁ বা কাৰ্য্য কৰোঁ, যাৰ বাবে পাছত অনুশোচনা কৰিবলগীয়া হয়
সমস্যা সমাধান কৰাত পলম নকৰিব
‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—স্বাৰ্থপৰ আৰু খং তুলোৱা মনোবৃত্তি ত্যাগ কৰক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভাই তৰুণে দিয়া পৰামৰ্শ শুনি ভাই লুইচে কি কৰিলে?
অলপ সময় ৰৈ চিন্তা কৰাৰ বাবে ভাই তৰুণে কেনেকৈ খং কৰাৰপৰা আঁতৰি থাকিবলৈ সক্ষম হʼল?
ভাই তৰুণৰ মৃদু উত্তৰে কেনেকৈ অশান্ত পৰিস্থিতিক শান্ত কৰি তোলে?
উত্তেজিত কৰিব পৰা পৰিস্থিতিতো শান্ত হৈ থাকিলে মণ্ডলীৰ কেনেকৈ উপকাৰ হʼব?