খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক
কিয় গুৰুত্বপূৰ্ণ: মৃত্যুৰ আগ নিশা যীচুৱে প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ শিষ্যসকল “যেন সম্পূৰ্ণকৈ এক” হওক। (যোহ ১৭:২৩) একতা বজাই ৰাখিবলৈ আমি এজনে-আনজনক প্ৰেম কৰা উচিত আৰু প্ৰেমে কেতিয়াও “অপকাৰ গণনা নকৰে।”—১কৰি ১৩:৬.
ইয়াক কেনেকৈ কৰিব:
যিহোৱাৰ দৰে আনৰ ভাল গুণবোৰলৈ লক্ষ্য কৰক
হৃদয়ৰপৰা ক্ষমা কৰক
কোনো এটা সমস্যা সমধান কৰাৰ পাছত তাক পুনৰ উল্লেখ নকৰিব।—হিতো ১৭:৯
ভিডিঅʼখনৰ প্ৰথম অংশত হেমাই কেনেকৈ অপকাৰ গণনা কৰিছিল?
ভিডিঅʼখনৰ দ্বিতীয় অংশত হেমাই কেনেকৈ নিজৰ বেয়া মনোভাৱ শুধৰালে আৰু সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিলে?
হেমাই মণ্ডলীত কেনেকৈ একতা বজাই ৰাখিবলৈ সক্ষম হয়?
আমি অপকাৰ গণনা কৰি ৰাখিলে, আটাইতকৈ বেছি কোনে দুখিত হʼব?