ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 ফেব্ৰুৱাৰী পৃষ্ঠা ২৫
  • এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • মিল থকা বিষয়
  • পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?
    যুৱক-যুৱতীসকলে সোধে
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 ফেব্ৰুৱাৰী পৃষ্ঠা ২৫

এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল

কাৰ্টৰ ওচৰত থিয় হৈ হেলেনে হাঁহি আছে। দুজনী ছোৱালীয়ে সেইফালেদি খোজকাঢ়ি গৈছে।

ফিলিপিন্স দেশৰ বাগিঅʼ চহৰত যিহোৱাৰ সাক্ষীয়ে ব্যৱসায় এলেকাত কাৰ্ডৰ যোগেদি সাক্ষ্য দিছিল। দুজনী ছোৱালী সেইফালেদি পাৰ হৈছিল। তেওঁলোকে কাৰ্ডৰ ফালে চাইছিল, কিন্তু কাৰ্ডৰ ওচৰলৈ যোৱা নাছিল। কাৰ্ডৰ ওচৰত থিয় হোৱা হেলেন নামৰ ভনীগৰাকীয়ে তেওঁলোকক দেখি মিচিকিয়াই হাঁহিলে। তেওঁলোকে তাৰপৰা গুচি গʼল, কিন্তু তেওঁলোকে হেলেনৰ মিচিকিয়া হাঁহি পাহৰিব নোৱাৰিলে।

সেইদিনাখনেই যেতিয়া সেই দুজনী ছোৱালীয়ে বাছেৰে ঘৰলৈ গৈছিল, তেতিয়া তেওঁলোকে jw.org লিখা এখন ডাঙৰ বৰ্ড দেখিলে। তেওঁলোকৰ মনত পৰিল যে কাৰ্ডত এয়াই লিখা আছিল। তেওঁলোকে বাছৰপৰা নামিল আৰু আমাৰ ৰাজ্যগৃহৰ গেটত লগোৱা বৰ্ডৰ ফালে আগবাঢ়ি আহিল। সেই বৰ্ডখনত লিখা আছিল যে বেলেগ বেলেগ মণ্ডলীৰ সভাবোৰ কেতিয়া হয়।

সেই দুজনী ছোৱালীয়ে ৰাজ্যগৃহত হেলেনক দেখি হাঁহিছে।

সেই দুজনী ছোৱালীয়ে পাছৰ সভাত উপস্থিত হʼল আৰু ৰাজ্যগৃহত সোমোৱাৰ লগে লগে তেওঁলোকে হেলেনক দেখা পালে। হেলেনৰ মিচিকিয়া হাঁহি দেখিয়েই তেওঁলোকে তাইক চিনি পালে। হেলেনে এইদৰে কয়, “দুজনী অচিনাকি ছোৱালীক মোৰ ফালে অহা দেখি মই ভয়ভিত হৈছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ, ‘তেওঁলোকে মোৰ ফালে কিয় আহিছে?’” কিন্তু তেওঁলোকে পাছত হেলেনক কয় যে তেওঁলোকে তাইক কেনেকৈ চিনি পায়।

তেওঁলোকক সভাত উপস্থিত হৈ ভাল লাগিল আৰু ভাই-ভনীসকলকো লগ কৰি ভাল লাগিল। তেওঁলোকে সভাত আপোন যেন অনুভৱ কৰিলে। সভাৰ পাছত যেতিয়া তেওঁলোকে ভাই-ভনীসকলক ৰাজ্যগৃহ চাফ-চিকুণ কৰা দেখিলে, তেতিয়া তেওঁলোকেও সহায় কৰিব পাৰিবনে বুলি সুধিলে। দুজনী ছোৱালীৰ ভিতৰত এজনীয়ে আন দেশলৈ গুচি গʼল। কিন্তু আনজনী ছোৱালীয়ে সভালৈ আহিবলৈ আৰু বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। এই সকলো এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক