ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১৪ পৃষ্ঠা ১৭
  • ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাসকলৰ দ্বাৰা কথা পাতে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাসকলৰ দ্বাৰা কথা পাতে
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • বন্দী অৱস্থাত থকা এজন ভৱিষ্যতবক্তাৰ দৰ্শন
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মচীহৰ উপস্থিতি
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • ভাল ৰজা আৰু বেয়া ৰজা
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১৪ পৃষ্ঠা ১৭
এজন ভৱিষ্যতবক্তাই ঈশ্বৰৰ বাৰ্ত্তা ঘোষণা কৰিছ

অধ্যায় ১৪

ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাসকলৰ দ্বাৰা কথা পাতে

যিহোৱা ঈশ্বৰে ভৱিষ্যতবক্তাসকলক নিযুক্ত কৰিছে। আহিবলগীয়া বিচাৰৰ বাবে, সত্য উপাসনা আৰু মচীহৰ আগমনৰ বিষয়ে ঘোষণা কৰিবলৈ ঈশ্বৰে তেওঁলোকক নিযুক্ত কৰিছিল

ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ শাসনকালত কিছুমান বিশেষ লোকে ঈশ্বৰৰ বাৰ্ত্তা লোকসকলৰ আগত ঘোষণা কৰিছিল। তেওঁলোকক ভৱিষ্যতবক্তা বুলি কোৱা হয়। এই লোকসকলে ঈশ্বৰৰ বাৰ্ত্তা ঘোষণা কৰিবলৈ অসাধাৰণ বিশ্বাস আৰু সাহসৰ পৰিচয় দিলে। আহক আমি এই ভৱিষ্যতবক্তাসকলে ঘোষণা কৰা এনে চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ।

১. যিৰূচালেমৰ বিনাশ। বহু বছৰৰ আগতে ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলে—বিশেষকৈ যিচয়া আৰু যিৰিমিয়াই ভৱিষ্যতবাণী কৰিছিল যে যিৰূচালেমক ধ্বংস কৰা হʼব। ইয়াত কোনেও বাস নকৰিব আৰু নিৰ্জন হৈ থাকিব। তেওঁলোকে ইয়াকো বৰ্ণনা কৰিছিল যে কিয় ঈশ্বৰে তেওঁলোকৰ এই নগৰক ধ্বংস কৰিবলৈ নিৰ্ণয় লৈছিল। যিৰূচালেমত বাস কৰা লোকসকলে ঈশ্বৰক সেৱা কৰিছোঁ বুলি দাবী কৰিছিল, কিন্তু প্ৰকৃততে তেওঁলোকে মিছা ধৰ্ম্মৰ শিক্ষাবোৰহে পালন কৰিছিল। তেওঁলোকে ভ্ৰষ্টাচাৰ আৰু হিংসাত্মক কাৰ্য্যকলাপত লিপ্ত হৈছিল।—২ ৰাজাৱলি ২১:১০-১৫; যিচয়া ৩:১-৮, ১৬-২৬; যিৰিমিয়া ২:১–৩:১৩.

২. সত্য উপাসনাক পুনৰস্থাপন কৰা। বাবিলত ৭০ বছৰ বন্দী অৱস্থাত থকাৰ পাছত ঈশ্বৰৰ লোকসকল মুক্ত হʼব। নিৰ্জন আৰু জনশূন্য হৈ থকা দেশলৈ তেওঁলোক ঘূৰি আহিব আৰু যিহোৱাৰ উপাসনা গৃহ পুনৰ নিৰ্ম্মাণ কৰা হʼব। (যিৰিমিয়া ৪৬:২৭; আমোচ ৯:১৩-১৫) ঈশ্বৰৰ লোকসকলক বন্দী অৱস্থাৰপৰা কোনে মুক্ত কৰিব, তাৰ বিষয়ে প্ৰায় ২০০ বছৰৰ আগতে যিচয়াই ভৱিষ্যতবাণী কৰিছিল। বাবিল মহানগৰক ধ্বংস কৰা আৰু ঈশ্বৰৰ লোকসকলক মুক্ত কৰি সত্য উপাসনাক পুনৰস্থাপন কৰিবলৈ সুযোগ দিয়া, সেই শাসকজনৰ নাম হৈছে কোৰচ। কোৰচ ৰজাই বাবিল নগৰখনক কেনেকৈ পৰাজয় কৰি দখল কৰিব, তাৰ বিষয়েও যিচয়াই ভৱিষ্যতবাণী কৰিছিল।—যিচয়া ৪৪:২৪–৪৫:৩.

বন্দী হৈ থকা যিহুদীসকলে বাবিলৰপৰা যিৰুচালেমলৈ উভতিছ

৩. মচীহৰ উপস্থিতি আৰু তেওঁৰ জীৱন। ভৱিষ্যতবাণীৰ অনুসৰি মচীহৰ জন্ম বৈৎলেহেম নামৰ নগৰখনত হʼব। (মীখা ৫:২) তেওঁ এজন নম্ৰ ব্যক্তি হʼব আৰু যিৰূচালেমলৈ আহোঁতে এটা গাধৰ ওপৰত উঠি আহিব। (জখৰিয়া ৯:৯) যদিও তেওঁ দয়ালু আৰু কৰুণাময়, কিন্তু বহুতে তেওঁক পছন্দ নকৰিব আৰু লোকসকলে তেওঁক অস্বীকাৰ কৰিব। (যিচয়া ৪২:১-৩; ৫৩:১, ৩) এই সকলোবোৰৰ অন্তত নিদাৰুণভাৱে তেওঁক হত্যা কৰা হʼব। হত্যা কৰাৰ পাছত তেওঁৰ জীৱন ইয়াতেই অন্ত হʼব নেকি? কেতিয়াও নহয়! তেওঁক পুনৰুত্থান কৰা হʼব। কিয়নো তেওঁৰ বলিদানৰ দ্বাৰা সকলোৱে পাপৰ ক্ষমা পাব।—যিচয়া ৫৩:৪, ৫, ৯-১২.

৪. গোটেই পৃথিৱীত মচীহৰ শাসন। কোনো অসিদ্ধ মানুহে এজনে-আনজনৰ ওপৰত শাসন কৰি এই পৃথিৱীত কেতিয়াও শান্তি আনিব নোৱাৰে। কিন্তু এজন ৰজা আছে, যিয়ে গোটেই পৃথিৱীজোৰি শান্তি আনিব পাৰে আৰু তেওঁ হৈছে, মচীহ। বাইবেলত তেওঁক শান্তিৰাজ নামেৰে উল্লেখ কৰিছে। (যিচয়া ৯:৬, ৭; যিৰিমিয়া ১০:২৩) তেওঁৰ শাসনৰ অধীনত সকলো মানৱে সুখ আৰু শান্তিত থাকিব। আনকি মানৱ আৰু জীৱ-জন্তুৰ মাজতো কোনো হিংসাভাব নাথাকিব, তেওঁলোকৰ মাজত শান্তি বিৰাজমান কৰিব। (যিচয়া ১১:৩-৭) বেমাৰ আৰু কেতিয়াও নহʼব। (যিচয়া ৩৩:২৪) আনকি মৃত্যুও নহʼব। (যিচয়া ২৫:৮) মচীহৰ শাসনৰ সময়ছোৱাত মৃত লোকসকলক পুনৰুত্থান কৰা হʼব।—দানিয়েল ১২:১৩.

—এই অংশ যিচয়া, যিৰিমিয়া, দানিয়েল, আমোচ, মীখা আৰু জখৰিয়া কিতাপৰ আধাৰত।

  • ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলে কেনে ধৰণৰ বাৰ্ত্তা ঘোষণা কৰিছিল?

  • যিৰূচালেমৰ ধ্বংস আৰু তাৰ পুনৰস্থাপনৰ বিষয়ে ভৱিষ্যতবক্তাসকলে কি বৰ্ণনা কৰিছিল?

  • মচীহৰ আগমন আৰু তেওঁৰ জীৱনৰ বিষয়ে ভৱিষ্যতবক্তাসকলে কি ভৱিষ্যতবাণী কৰিছিল?

  • গোটেই পৃথিৱীত মচীহৰ শাসনৰ বিষয়ে ভৱিষ্যতবক্তাসকলে কি বৰ্ণনা কৰিছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক