ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৪ পৃষ্ঠা ৭
  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • কাৰ্য্যকাৰী পৰিচয়
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৪ পৃষ্ঠা ৭

অধ্যায় ৪

প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

শাস্ত্ৰপদ

মথি ২২:৪১-৪৫

সাৰাংশ: কোনো এটা শাস্ত্ৰপদ পঢ়াৰ আগতে শ্ৰোতাসকলৰ মন প্ৰস্তুত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • শাস্ত্ৰপদটো আপুনি কিয় পঢ়িছে, তাৰ বিষয়ে চিন্তা কৰক। প্ৰতিটো শাস্ত্ৰপদ পঢ়াৰ আগতে আপুনি এনে বিষয়ৰ প্ৰতি শ্ৰোতাসকলৰ ধ্যান আকৰ্ষণ কৰাওক, যাৰ দ্বাৰা তেওঁলোকে আপুনি তুলি ধৰিব বিচৰা বিষয়টো বুজিব পাৰে।

    ব্যৱহাৰিক পৰামৰ্শ

    প্ৰসঙ্গৰ ওপৰত ধ্যান দিয়ক। যদি আপুনি এটা শাস্ত্ৰপদৰ পৰিচয় দিছে, তেনেহʼলে সেই কথাষাৰ কোনে কৈছে বা বাইবেলৰ সেই কিতাপখন কোনে লিখিছে, তাৰ বিষয়ে বৰ্ণনা কৰক। কিন্তু, আপুনি যি বৰ্ণনা কৰিব, সেয়া সঠিক হোৱা উচিত।

  • আলোচনাৰ আধাৰ যে বাইবেল হয়, তাক উল্লেখ কৰক। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ লগত কথা-বতৰা হোৱাৰ সময়ত, বাইবেলখন ঈশ্বৰৰ বাক্য বুলি উল্লেখ কৰক। এইদৰে আপুনি দেখুৱাব যে আপুনি যি শিকাইছে, সেয়া ঈশ্বৰৰ চিন্তাধাৰা।

  • শাস্ত্ৰপদৰ প্ৰতি আগ্ৰহ জন্মাওক। এটা প্ৰশ্ন সোধক, যাৰ উত্তৰ শাস্ত্ৰপদে দিয়ে, এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰক, যাৰ সমাধান শাস্ত্ৰপদে আগবঢ়াব অথবা এটা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰক, যাৰ বিষয়ে বুজিবলৈ শাস্ত্ৰপদে সহায় কৰিব।

    ব্যৱহাৰিক পৰামৰ্শ

    আপোনাৰ শ্ৰোতাসকলৰ সেই বিষয়টোৰ ওপৰত আৰু শাস্ত্ৰপদৰ ওপৰত আগৰেপৰা কিমান জ্ঞান আছে, তাৰ বিষয়ে চিন্তা কৰক। আনকি সকলোৰে পৰিচিত শাস্ত্ৰপদ পঢ়াৰ সময়ত আকৰ্ষণীয়কৈ তুলি ধৰক, যাতে শ্ৰোতাসকলে এক নতুন দৃষ্টিভংগীৰে বিষয়টো চিন্তা কৰিব পাৰে অথবা ভালদৰে বুজিবলৈ সক্ষম হʼব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক