খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পদক্ষেপ লʼবলৈ আগবাঢ়ি নহা বাইবেল অধ্যয়ন বন্ধ কৰক
কিয় গুৰুত্বপূৰ্ণ: লোকসকলে পৰিত্ৰাণ পোৱাৰ বাবে যিহোৱাৰ নাম লোৱা অতি প্ৰয়োজন। (ৰোম ১০:১৩, ১৪) কিন্তু বাইবেল অধ্যয়ন কৰা সকলো ব্যক্তিয়ে যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিব নিবিচাৰে। আমি ঘোষণা কাৰ্য্যত এনে লোকসকলক সহায় কৰিবলৈ নিজৰ বহুমূলীয়া সময় ব্যৱহাৰ কৰোঁ, যিসকলে সঁচাকৈ নিজৰ জীৱনত পৰিৱৰ্তন কৰি যিহোৱাক আনন্দিত কৰিব বিচাৰে। যদি এজন বাইবেল বিদ্যাৰ্থীয়ে যথোচিত সময় অতিবাহিত কৰাৰ পাছতো কোনো পদক্ষেপ নলয়, তেনেহʼলে সেই বাইবেল অধ্যয়ন বন্ধ কৰি এনে লোকসকলক সহায় কৰক, যিসকলক যিহোৱা ঈশ্বৰে নিজলৈ আৰু নিজৰ সংগঠনলৈ আকৰ্ষণ কৰে। (যোহ ৬:৪৪) পৰৱৰ্তী সময়ত যদি ব্যক্তিজন “অনন্ত জীৱন পাবলৈ নিৰূপিত” বুলি প্ৰমাণ দিয়ে, তেনেহʼলে আমি তেওঁৰ লগত পুনৰ বাইবেল অধ্যয়ন কৰিবলৈ আনন্দিত হʼম।—পাঁচ ১৩:৪৮.
ইয়াক কেনেকৈ কৰিব:
বিদ্যাৰ্থীজনক সঠিক জ্ঞান লʼবলৈ ইচ্ছা কৰাৰ বাবে প্ৰশংসা কৰক।—১তীম ২:৪
শিকা কথাবোৰ পালন কৰাটো কিমান গুৰুত্বপূৰ্ণ তাক বৰ্ণনা কৰক।—লূক ৬:৪৬-৪৯
যীচুৰ কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্ত আলোচনা কৰক আৰু তেওঁক পদক্ষেপ লʼবলৈ কিহে বাধা দিছে, তাৰ বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰক।—মথি ১৩:১৮-২৩
আপুনি বাইবেল অধ্যয়ন বন্ধ কৰাৰ কাৰণ কৌশলতাৰে বৰ্ণনা কৰক
তেওঁক কওক যে আপুনি সময়ে সময়ে তেওঁক দেখা কৰিবলৈ আহিব আৰু ভৱিষ্যতে যদি তেওঁ উন্নতি কৰে, তেনেহʼলে তেওঁৰ লগত পুনৰ বাইবেল অধ্যয়ন আৰম্ভ কৰিব পৰা যাব
ভিডিঅʼখন চাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
বিদ্যাৰ্থীজনৰ লগত হোৱা কথা-বতৰাৰপৰা আপুনি কেনেকৈ জানিবলৈ সক্ষম হৈছে যে তেওঁ আধ্যাত্মিকভাৱে প্ৰগতি কৰা নাই?
প্ৰচাৰকজনে বিদ্যাৰ্থীজনক কেনেকৈ বুজিবলৈ সহায় কৰে যে তেওঁক জীৱনত পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে?
ভৱিষ্যতে যাতে পুনৰ অধ্যয়ন আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰচাৰকজনে কি কৰে?