ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মাৰ্চ পৃষ্ঠা ৫
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা​—ভালদৰে চিঠি লিখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা​—ভালদৰে চিঠি লিখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি —ভাগ ২
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চিঠিৰ আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মাৰ্চ পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা​—ভালদৰে চিঠি লিখক

কিয় গুৰুত্বপূৰ্ণ: পাঁচনি পৌলে নিজৰ খ্ৰীষ্টান ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ ১৪ খন চিঠি লিখিছিল। তাৰে মাজত এখন হৈছে ১ কৰিন্থীয়া। যেতিয়া এজন ব্যক্তিয়ে চিঠি লিখে, তেতিয়া তেওঁ ভাবি-চিন্তি শব্দ বাছনি কৰে যাতে চিঠি পঢ়াজনে তাক বাৰে বাৰে পঢ়িব পাৰে। চিঠি লিখাৰ যোগেদি নিজৰ সম্বন্ধীয় লোক আৰু চিনাকী লোকসকলক সাক্ষ্য দিব পাৰি। আমি এনে লোকসকলকো চিঠি লিখিব পাৰোঁ, যিসকলৰ লগত আমি প্ৰত্যক্ষভাৱে কথা পাতিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, কোনোবাই হয়তো আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱাইছে, কিন্তু তেওঁক ঘৰত লগ পোৱা নাযায়। এনে কিছুমান লোক আছে, যিসকলে ডাঙৰ ডাঙৰ ঘৰত থাকে অথবা এনে সমাজত থাকে, যʼত যোৱাৰ বাবে নিষেধ আছে বা দূৰ-দূৰণি এলেকাত থাকে। বিশেষকৈ অচিনাকী লোকসকলক চিঠি লিখাৰ সময়ত আমি কিছুমান বিষয় ধ্যান দিয়াৰ প্ৰয়োজন।

পাঁচনি পৌলে এখন চিঠি লিখিছে

ইয়াক কেনেকৈ কৰিব:

  • এগৰাকী ভনীয়ে চিঠিত কি লিখিব, তাৰ বিষয়ে চিন্তা কৰিছে

    আপুনি ব্যক্তিজনক লগ পালে যিদৰে কথা পাতিব, ঠিক সেইদৰে চিঠিখনতো লিখক। আৰম্ভণিতে নিজৰ পৰিচয় দিয়ক আৰু চিঠি লিখাৰ উদ্দেশ্য স্পষ্টকৈ জনাওক। ব্যক্তিজনে যাতে বিষয়টোৰ প্ৰতি আগ্ৰহী হয়, তাৰ বাবে আপুনি এটা প্ৰশ্ন সুধিব পাৰে। তাৰ পাছত আমাৰ ৱেবছাইটৰ বিষয়ে উল্লেখ কৰক। পবিত্ৰ শাস্ত্ৰৰ অনলাইন কৰ্চ (অসমীয়াত উপলব্ধ নাই) অথবা ঘৰত বাইবেল অধ্যয়ন কৰাৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিব পাৰে। নতুবা অধ্যয়নৰ বাবে দিয়া যিকোনো প্ৰকাশনৰ অধ্যায়ৰ শীৰ্ষক লিখিব পাৰে। চিঠিখনৰ লগতে আপুনি যোগাযোগৰ কাৰ্ড, নিমন্ত্ৰণ-পত্ৰ বা এখন ট্ৰেক্ট দিব পাৰে

  • চমুকৈ লিখক। আপুনি দীঘলীয়াকৈ নিলিখিব যাতে ব্যক্তিজনে চিঠিখন পঢ়ি আমনি পায়।​​—চিঠিৰ আৰ্হি চাওক

  • পঠিওৱাৰ আগত চিঠিখন ভালদৰে পঢ়ি চাওক, যাতে কোনো ভুল থাকি নাযায় আৰু চিঠিখন পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক। চিঠিৰ কথাবোৰ ­বন্ধুত্বপৰায়ণ, কৌশলপূৰ্ণ আৰু ইতিবাচক হোৱা উচিত। লেফাফাত যথেষ্ট পৰিমাণৰ ষ্টাম্প লগাওক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক