যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি —ভাগ ২
১ যোৱা মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা এই বিষয়টোৰ প্ৰথমটো ভাগত, আমি আমাৰ প্ৰচাৰ কাৰ্য্যৰ যোগেদি যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ চাৰিটা মুখ্য বিষয়ৰ সম্পৰ্কে জানিবলৈ পাৰিলোঁ। (১ যোহ. ৪:৯-১১) ইয়াত আমি আন পাচোঁটা পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছোঁ। যেতিয়া আমি আনক আধ্যাত্মিকৰূপে সহায় কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ পৰা আশীৰ্ব্বাদ লাভ কৰোঁ।
২ অনিয়মিতৰূপে সাক্ষী দিয়া: এইটো হৈছে এনে এটা ব্যৱহাৰিক পদ্ধতি, যাৰ যোগেদি আমি ধাৰ্ম্মিকতাৰ প্ৰতি ভোকাতুৰ, হাবিয়াহ থকা লোকক বিচাৰি উলিয়াম আৰু তেওঁলোকক সহায়কাৰী আলোচনী আগবঢ়াই সহায় কৰিব পাৰিম। এতেকে, প্ৰত্যেকটো সুযোগতে আমি লগ পোৱা সকলোকে সাক্ষী দিবলৈ ‘সুসময়ক কিনি লোৱা’ আৱশ্যক। (ইফি. ৫:১৬) এনে সাক্ষী দিবলৈ আমাক সাহসী হোৱা আৱশ্যক, কিন্তু যদি আমি ঈশৰৰ প্ৰেম আৰু লোকসমূহৰ আৱশ্যকতাৰ প্ৰতি মুল্যাঙ্কণ কৰোঁ তেনেহʼলে আমি প্ৰত্যেকটো সুযোগতে সাক্ষী দিম।—২ তীম. ১:৭, ৮.
৩ পূৰ্ণ-সময় প্ৰচাৰ কৰা এজন ভায়ে, টেক্সিৰে তেওঁৰ সৈতে যাত্ৰা কৰা সহযাত্ৰীজনক সাক্ষী দিয়াৰ দ্বাৰা অধিকৈ আশীৰ্ব্বাদ লাভ কৰিছিল। কিয়নো সেই সহযাত্ৰীজনে ভাইজনে কোৱা বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী হʼল আৰু তেওঁক পুনৰ সাক্ষাৎ কৰা হʼল। পাছলৈ তেওঁৰ সৈতে এক বাইবেল অধ্যয়ন আৰম্ভ কৰা হয়। সেই ব্যক্তিজনে সত্যলৈ আহে আৰু ক্ৰমান্বয়ে আধ্যাত্মিকতাত উন্নতি কৰে আৰু শেষত তেওঁক মণ্ডলীত এজন প্ৰাচীন হিচাপে নিযুক্ত কৰা হয়!
৪ পত্ৰ লিখাৰ দ্বাৰা সাক্ষী দিয়া: হয়তো আমাৰ শাৰীৰ অসুস্থ বা বতৰ বেয়া হোৱাৰ বাবে আমি ঘৰে-ঘৰে গৈ প্ৰচাৰ কৰাটো সম্ভৱ নহয়। এনে অৱস্থাত আমি জনা ব্যক্তিসকলক অৰ্থাৎ যিসকলে তেওঁলোকৰ কোনো আপোনজনক মৃত্যুত হেৰুৱালে বা আমি প্ৰচাৰ কৰোঁতে তেওঁলোকে ঘৰত উপস্থিত নাছিল, তেনেলোকলৈ চমুকৈ চিঠি লিখিব পাৰোঁ। তদুপৰি, চিঠিখনৰ লগত আমি তেওঁৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা কোনো উপযুক্ত ট্ৰেক্ট পঠোৱা আৱশ্যক যিয়ে তেওঁক বাইবেল আধাৰিত বাৰ্তা দিব আৰু কোনো প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰিব। সেই চিঠিখনত সংস্থাৰ কাৰ্য্যালয়ৰ ঠিকনাৰ পৰিৱৰ্তে নিজৰ ব্যক্তিগত ঠিকনা বা ৰাজ্যগৃহৰ ঠিকনা উল্লেখ কৰা আৱশ্যক।
৫ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া: যিসকলক আমি ঘৰে-ঘৰে প্ৰচাৰ কৰোঁতে লগ নাপাওঁ, তেনেলোকক সাক্ষী দিবলৈ এইটোৱে হৈছে এক উত্তম পথ। যদি আমি সতৰ্ক, নম্ৰশীল, বিবেচনাপূৰ্ণ আৰু কৌশলতাপূৰ্ণৰে টেলিফোনেৰে সাক্ষী দিয়া কাৰ্য্য কৰোঁ, তেনেহʼলে নিশ্চয়ে এক উত্তম ফলাফলৰ আশা ৰাখিব পাৰোঁ। এনে সাক্ষী দিয়াৰ দ্বাৰা উত্তম ফল লাভ কৰিবলৈ, ফেব্ৰুৱাৰী ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৫-৬ পৃষ্ঠাত কিছুমান ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰা হৈছে।
৬ উদাহৰণস্বৰূপে এগৰাকী ভনীয়ে মহিলা এগৰাকীক টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত, তেওঁৰ ব্যক্তিগত আৰু নিজৰ পৰিয়ালৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ ইচ্ছা কৰেনে বুলি সুধা হৈছিল। উত্তৰত তাই এইদৰে কৈছিল যে, তাই এইবিষয়ে জনিবলৈ বিচাৰে। মহিলা গৰাকীয়ে এইদৰে প্ৰকাশ কৰি কৈছিল যে, তাই হতাশ হোৱাৰ বাবে নিজকে ঘৰখনৰ পৰা অকলশৰীয়া কৰি লৈছে। সেই ভনীগৰাকীয়ে তাইৰ প্ৰতি অকৃত্ৰিম চিন্তা প্ৰকাশ কৰাৰ বাবে, সেই মহিলা গৰাকীয়ে তাইৰ ঘৰৰ কাষত থকা এখন বজাৰত সেই ভনীগৰাকীক সাক্ষাৎ কৰিবলৈ মান্তি হয়। ফলস্বৰূপে, সেই মহিলা গৰাকীয়ে ভনীগৰাকীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হয়।
৭ অচিনাকি ব্যক্তিক আমন্ত্ৰণ কৰাৰ দ্বাৰা: যদি আমি চুবুৰীয়াক প্ৰেম কৰোঁ, তেনেহʼলে আমাৰ ৰাজ্যগৃহলৈ অহা অচিনাকি ব্যক্তিক আমন্ত্ৰণ কৰিবলৈ সদায়ে সাজু হৈ থাকিম। (ৰোমী. ১৫:৭) তেওঁক জানিবলৈ দিয়ক যে তেওঁ এনে লোকসকলৰ মাজত আছে, যিসকলে অন্তৰেৰে সৈতে তেওঁৰ আধ্যাত্মিক কল্যাণৰ অৰ্থে চিন্তা কৰে। আমি তেওঁলৈ প্ৰকাশ কৰা অকৃত্ৰিম চিন্তাধাৰা আৰু ব্যক্তিগতভাৱে বাইবেল অধ্যয়ন কৰিবলৈ কৰা আমন্ত্ৰণে তেওঁক আমাৰ সহায় লʼবলৈ পৰিচালিত কৰিব।
৮ আমাৰ উত্তম আচাৰ-ব্যৱহাৰৰ দ্বাৰা: আমি আমাৰ উত্তম আচাৰ-ব্যৱহাৰেৰে সত্যক বিভূষিত কৰিম। (তীত ২:১০) এই জগতত থকা লোকসকলে যেতিয়া যিহোৱাৰ সাক্ষী হিচাপে আমাৰ বিষয়ে কোনো ভাল মন্তব্য দিয়ে, প্ৰকৃততে তেওঁলোকৰ তেনে মন্তব্যই ঈশ্বৰক সমাদৰ কৰে। (১ পিত. ২:১২) আমাৰ ভাল আচাৰ-ব্যৱহাৰৰ দ্বাৰাও আনক জীৱনৰ পথত চলিবলৈ আৰম্ভ কৰাত সহায় কৰিব পাৰোঁ।
৯ এতেকে যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ এই পাচোঁটা বিষয়ক পুনৰবিচাৰ কৰি আমি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা নকৰোঁ কিয়? (১ যোহ. ৪:১৬) এই পাচোঁটা বিষয়ৰ অনুসাৰে আপুনি যেনেকৈ কাৰ্য্য কৰিব, আপুনি এক মহান আশীৰ্ব্বাদৰ ভাগী হʼব পাৰিব।