যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি —ভাগ ১
১ পাঁচনি যোহনে এইদৰে লিখিছিল: “[যিহোৱাই] আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” যেতিয়া আমি যিহোৱাই আমাক প্ৰদান কৰা সকলো বস্তুৰ বিষয়ে বিবেচনা কৰোঁ, তেতিয়া ইয়ে আমাক তেওঁ কৰা কাৰ্য্যৰ প্ৰতি গম্ভীৰ মুল্যাঙ্কণ দেখুৱাবলৈ পৰিচালিত কৰে। এই বিষয়ে যীচুৱে আজ্ঞাকাৰী হৈ ঈশ্বৰ নাম আৰু ৰাজ্যৰ সাক্ষী দি এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (যোহ. ১৪:৩১) আঁহক আমি যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰা কিছুমান পথৰ বিষয়ে বিবেচনা কৰি চাওঁহঁক।
২ ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্য কৰি: যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰচাৰ কাৰ্য্য কিদৰে সম্পন্ন কৰিব লাগে, এই বিষয়ে শিকাইছিল। তেওঁ নিৰ্দেশনাত স্পষ্টকৈ কৈছিল যে তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ঘৰে-ঘৰে যোৱা আৱশ্যক। (লূক ৯:১-৬; লূক ১০:১-৭) ঈশ্বৰৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক বিৰোধ আৰু নিৰুৎসাহিত হোৱাৰ স্বত্ত্বেও একেৰাহে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ পৰিচালিত কৰে। এইদৰে আমি ব্যক্তিগতৰূপে লাভবান হম, কিয়নো ইয়ে আমাক বিশ্বাসত দৃঢ়, সঙ্কল্পক শক্তিশালী আৰু আশাক উজ্জ্বল কৰি তুলে।
৩ স্বৰ্গদূতৰ নিৰ্দ্দেশনাৰ অধীনত এই কাৰ্য্য কৰি আমি বহুতো আশীৰ্ব্বাদ লাভ কৰিছোঁ আৰু সত্যৰ বাবে হাবিয়াহ আৰু আগ্ৰহী থকা লোকক বিচাৰি পাইছোঁ। (প্ৰকা. ১৪:৬) বহুতো গৃহস্থই এইদৰে কৈছিল যে তেওঁলোকক যেতিয়া কোনো সাক্ষীয়ে সাক্ষাৎ কৰিবলৈ আহে, তেতিয়া তেওঁলোকে সহায়ৰ বাবে প্ৰাৰ্থনা কৰি আছিল। উদাহৰণস্বৰূপে, কাৰিবেন দ্বীপত বাস কৰা দুজন যিহোৱাৰ সাক্ষীয়ে এবাৰ এটি কণমাণি শিশুক তেওঁলোকৰ সৈতে ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ লৈ গৈছিল। যেনেকৈ সেই দুজন সাক্ষীয়ে দিনটো প্ৰচাৰ কাৰ্য্য শেষ কৰি ঘৰলৈ উভটিবলৈ নিৰ্ণয় লয়, তেতিয়াই সেই কণমাণি শিশুটোৱে নিজেই তেওঁলোকক এৰি আগবাঢ়ি গৈ আন এখন ঘৰৰ দুৱাৰত টুকুৰিয়াই। তেতিয়া তাত থকা এগৰাকী যুৱতী মহিলাই দুৱাৰ মেলি ওলাই আহে। তাকে দেখি বয়সস্থ সাক্ষীসকলে আগবাঢ়ি গৈ মহিলাগৰাকীৰ সৈতে কথা পাতিব ধৰে। সেই মহিলাগৰাকীয়ে তেওঁলোকক আমন্ত্ৰণ কৰে আৰু কয় যে মাত্ৰ অলপ আগতেই তাই বাইবেল শিকোৱাৰ বাবে যিহোৱাৰ সাক্ষীসকলক পঠিয়াই দিবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল!
৪ ৰাস্তা-ঘাটত সাক্ষী দিয়া: যিহেতু কিছুমান ঠাইত লোকসকলক ঘৰত কাৎচিতহে লগ পোৱা যায়। সেইবাবে ৰাস্তা-ঘাটত সাক্ষী দিয়াটো অধিক ব্যৱহাৰিক হয়। তদুপৰি, বহুতো এলেকাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা থকাৰ বাবে ঘৰে-ঘৰে প্ৰচাৰ কৰাটো সম্ভৱ নহয়। কিন্তু যিয়েই নহওঁক কিয়, যিহোৱাৰ প্ৰেমৰ প্ৰতি থকা মুল্যাঙ্কণে ৰাস্তা-ঘাটত আৰু সকলো সুযোগতে লোকসকলক ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে জনাবলৈ পৰিচালিত কৰে।—হিতো. ১:২০, ২১.
৫ পুনৰ সাক্ষাৎ কৰা: আমি তেনে আগ্ৰহী লোকসকলক বিচাৰোঁ যিসকল ‘আত্মাত দৰিদ্ৰ,’ যাতে আমি তেওঁলোকৰ আৱশ্যকতাক পূৰণ কৰিব পাৰোঁ। (মথি ৫:৩) ইয়াৰ বাবে আমি ৰোৱা সত্যৰূপী গুটিৰ ওচৰলৈ ঘূৰি গৈ আধ্যাত্মিক পানী দিয়া প্ৰয়োজন। (১ কৰি. ৩:৬-৮) অষ্ট্ৰেলিয়াত বাস কৰা এগৰাকী ভনীয়ে এনে এগৰাকী মহিলাক এখন ট্ৰেক্ট দিছিল, যি গৰাকী সিমান আগ্ৰহী নাছিল। যিয়েই নহওঁক কিয়, আমাৰ ভনী গৰাকীয়ে সেই মহিলা গৰাকীৰ ঘৰলৈ গৈ পুনৰাই লগ পাবলৈ একেৰাহে চেষ্টা কৰি থাকিল, আৰু অৱশেষত এদিন তাই সেই মহিলা গৰাকীক লগ পালে। ভনীগৰাকীয়ে প্ৰথমবাৰৰ সাক্ষ্যাতৰ পাছত, দ্বিতীয়বাৰ সেই মহিলা গৰাকীৰ ওচৰলৈ গৈ দেখিলে যে তাই ইতিমধ্যেই এখন দামী বাইবেল কিনি থৈছে। ভনী গৰাকীয়ে সেই মহিলাৰ সৈতে অধ্যয়ন আৰম্ভ কৰে!
৬ বাইবেল অধ্যয়ন পৰিচালিত কৰা: এই কাৰ্য্যটো আমাৰ প্ৰচাৰ কাৰ্য্যৰ এক অতি আনন্দময় আৰু আশীৰ্ব্বাদজনক বৈশিষ্ট হʼব পাৰে। আগ্ৰহী লোকক যিহোৱাৰ বিষয়ে শিকাত সহায় কৰাৰ দ্বাৰা তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ জীৱনত কৰা সাল-সলনি আৰু ঈশ্বৰলৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হোৱাত দেখিবলৈ পোৱাটো কিমান যে আশীৰ্ব্বাদজনক!—১ থিচ. ২:২০; ৩ যোহ. ৪.
৭ পৰৱৰ্তী লেখত আমি যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ যোগেদি বহুতো প্ৰকাৰে লাভ কৰা আশীৰ্ব্বাদৰ বিষয়ে আলোচনা কৰিম।