ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৩ পৃষ্ঠা ১৬
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • কাৰ্য্যকাৰী পৰিচয়
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৩ পৃষ্ঠা ১৬

অধ্যায় ১৩

তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

শাস্ত্ৰপদ

হিতোপদেশ ৩:২১

সাৰাংশ: বিষয়টোৱে শ্ৰোতাসকলৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰিব, তাৰ বিষয়ে তেওঁলোকক বুজিবলৈ সহায় কৰক আৰু শিকা বিষয়বোৰ তেওঁলোকে নিজৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰে, তাক বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। আপুনি আগবঢ়াব বিচৰা তথ্যবোৰ শুনাটো শ্ৰোতাসকলৰ বাবে কিয় প্ৰয়োজন, তাৰ ওপৰত ধ্যান কৰক। বিবেচনা কৰক যে বিষয়টোৰ কোনটো দিশ শ্ৰোতাসকলৰ বাবে বিশেষকৈ লাভজনক হʼব পাৰে।

  • ভাষণৰ গোটেই সময়ছোৱাত শ্ৰোতাসকলে কি কৰা উচিত, তাক দেখুৱাওক। আৰম্ভণিৰেপৰা প্ৰতিজন শ্ৰোতাই উপলব্ধি কৰা উচিত যে ‘এয়া মোৰ বাবে।’ প্ৰতিটো মূল বিষয় আগবঢ়াই লৈ যোৱাৰ সময়ত, ইয়াক কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাৰ বিষয়ে বৰ্ণনা কৰক। শ্ৰোতাসকলে কোনটো বিষয়ত কাৰ্য্য কৰাৰ প্ৰয়োজন তাক স্পষ্টৰূপে কওক।

    ব্যৱহাৰিক পৰামৰ্শ

    বাইবেলৰ সিদ্ধান্তবোৰ আলোচনা কৰাৰ সময়ত স্নেহ আৰু সহানুভূতি দেখুৱাওক। শ্ৰোতাসকলক বিভিন্ন ধৰণৰ ভুলবোৰ উনুকিয়াই দি তেওঁলোকক দুখী কৰাৰ পৰিৱৰ্তে, তেওঁলোকে যাতে সঠিক নিৰ্ণয় লʼবলৈ সক্ষম হʼব পাৰে, তাৰ বাবে যিহোৱা ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু বিশ্বাস দৃঢ় কৰিবলৈ সহায় কৰক।

ঘোষণা কাৰ্য্যত

ঘোষণা কাৰ্য্যৰ বাবে প্ৰস্তুতি কৰাৰ সময়ত চিন্তা কৰক যে আপোনাৰ এলেকাৰ বাতৰিৰ শিৰোনামাত কেনেধৰণৰ খবৰ দেখিবলৈ পোৱা গৈছে আৰু লোকসকলে কি বিষয়বোৰৰ ওপৰত আগ্ৰহী। লোকসকলক চিন্তিত কৰি তোলা বিষয়বোৰ তুলি ধৰি কথা-বতৰা হওক। কৌশলতাৰে কিছুমান প্ৰশ্ন সোধক, যাতে গৃহস্থই কি বিষয়ৰ ওপৰত চিন্তিত আৰু আগ্ৰহী, তাক জানিব পাৰি। মন্তব্য শুনক আৰু সেই অনুসৰি আপোনাৰ আলোচনাত সাল-সলনি কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক