ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১১ পৃষ্ঠা ১৪
  • উৎসাহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উৎসাহ
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • উৎসাহেৰে শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • স্নেহ আৰু সহানুভূতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১১ পৃষ্ঠা ১৪

অধ্যায় ১১

উৎসাহ

শাস্ত্ৰপদ

ৰোমীয়া ১২:১১

সাৰাংশ: উৎসাহেৰে কথা কোৱাৰ যোগেদি শ্ৰোতাসকলক উদগাওক আৰু অনুপ্ৰাণিত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • বিষয়টো আপোনাৰ নিজৰ হৃদয় স্পৰ্শ কৰা উচিত। ভাষণ প্ৰস্তুত কৰাৰ সময়ত আপুনি আগবঢ়াবলগীয়া বিষয়টো কিমান গুৰুত্বপূৰ্ণ, তাৰ ওপৰত গভীৰভাৱে চিন্তা কৰক। বিষয়টোৰ লগত ভালদৰে পৰিচিত হওক, যাতে আপুনি ভাষণটো হৃদয়ৰপৰা দিব পাৰে।

  • আপোনাৰ শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। আপোনাৰ ভাষণৰপৰা আনে যাতে উপকৃত হʼব পাৰে, তাৰ বাবে আপুনি তথ্যবোৰ কেনেকৈ পঢ়িব অথবা শিক্ষা দিব, তাৰ ওপৰত ধ্যান কৰক। এই তথ্যবোৰ তুলি ধৰিবলৈ এনে কিছুমান উপায়ৰ বিষয়ে বিবেচনা কৰক, যাতে ইয়াৰ প্ৰতি শ্ৰোতাসকলে গভীৰ মূল্যাংকন দেখুৱাবলৈ সক্ষম হʼব পাৰে।

  • ভাষণটো জীৱন্ত কৰি তোলক। উৎসাহেৰে কওক। আপোনাৰ অনুভূতি প্ৰকাশ কৰিবলৈ স্বাভাৱিক আঙ্গি-ভঙ্গি আৰু মৌখিক অভিব্যক্তি ব্যৱহাৰ কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    একেধৰণৰ আঙ্গি-ভঙ্গি বাৰে বাৰে কৰি থাকিলে, কৃত্ৰিম যেন লাগিব আৰু ইয়ে শ্ৰোতাসকলক অন্যমনস্ক কৰি তুলিব পাৰে। আপোনাৰ আঙ্গি-ভঙ্গি অৰ্থপূৰ্ণ হয় নে নহয়, তাৰ বিষয়ে নিশ্চিত কৰক। মূল বিষয়টো শিক্ষা দিয়াৰ সময়ত আৰু কোনো পদক্ষেপ লʼবলৈ শ্ৰোতাসকলক অনুপ্ৰাণিত কৰাৰ সময়ত উৎসাহেৰে বৰ্ণনা কৰক। ভাষণ আগবঢ়োৱাৰ গোটেই সময়ছোৱাত উৎসাহেৰে বৰ্ণনা কৰাৰ যোগেদি শ্ৰোতাসকলক বিৰক্ত কৰা উচিত নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক