ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৫
  • বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • বিবাহ বন্ধন মজবুদ কৰি ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ‘সকলোৰে মাজত বিবাহ আদৰণীয় হওক’
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৫
অব্ৰাহাম আৰু চাৰাই ঊৰ দেশ ত্যাগ কৰিবলৈ তৈয়াৰী কৰিছে। অব্ৰাহামে এটা ডাঙৰ টোপোলা কঢ়িয়াই চাৰাক উৎসাহিত কৰিছে, চাৰাই টুকুৰীত কিছুমান বস্তু ভৰাইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে

যিসকল বিবাহিত সংগীয়ে এজনে-আনজনক প্ৰেম আৰু সন্মান কৰে, তেওঁলোকৰ বাবে অব্ৰাহাম আৰু চাৰাই এক ভাল উদাহৰণ ৰাখিছে। (আদি ১২:১১-১৩; ১পিত ৩:৬) ইয়াৰ উপৰিও, তেওঁলোকে নিজৰ বিবাহিত জীৱনত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। অব্ৰাহাম আৰু চাৰাৰ উদাহৰণৰপৰা বিবাহিত দম্পতীয়ে কি শিকিব পাৰে?

এজনে-আনজনৰ লগত মুকলিভাৱে কথা-বতৰা হওক। আপোনাৰ সংগীয়ে খং বা বিৰক্তিৰে কোৱা কথাৰ নম্ৰতাৰে উত্তৰ দিয়ক। (আদি ১৬:৫, ৬) একেলগে সময় অতিবাহিত কৰক। কথা আৰু কাৰ্য্যেৰে নিজৰ সংগীক প্ৰেম কৰোঁ বুলি আশ্বাস দিয়ক। এই সকলোতকৈ, অধ্যয়ন কৰা, প্ৰাৰ্থনা কৰা আৰু একেলগে উপাসনা কৰাৰ যোগেদি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। (উপ ৪:১২) দৃঢ় বিবাহে এই পবিত্ৰ ব্যৱস্থাৰ আৰম্ভণি কৰোঁতা যিহোৱাৰ মহিমাম্বিত কৰে।

বিবাহ বন্ধন কেনেকৈ দৃঢ় কৰিব পাৰি নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • চান আৰু কিয়াৰাই লাহে লাহে আঁতৰি যোৱাৰ কি লক্ষণ দেখিবলৈ পোৱা গৈছিল?

  • মুকলিভাৱে কথা-বতৰা হোৱাটো কিয় প্ৰয়োজন?

  • অব্ৰাহাম আৰু চাৰাৰ উদাহৰণে চান আৰু কিয়াৰাক কেনেকৈ সহায় কৰিছিল?

  • চান আৰু কিয়াৰাই নিজৰ বিবাহ বন্ধন দৃঢ় কৰিবলৈ কি কি পদক্ষেপ লৈছিল?

  • স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰপৰা কিয় বেছি আশা কৰা উচিত নহয়?

ছবি: ‘বিবাহ বন্ধন কেনেকৈ দৃঢ় কৰিব পাৰি’ নামৰ ভিডিঅʼখনৰ দৃশ্য। চান আৰু কিয়াৰাই নিজৰ বিবাহ বন্ধন দৃঢ় কৰিবলৈ পদক্ষেপ লৈছে। ১. তেওঁলোকে চফাৰ এটা এটা চুকত বহিছে। ২. তেওঁলোকে এজনে-আনজনৰ হাত ধৰিছে। ৩. তেওঁলোকে ঘোষণা কাৰ্য্যত একেলগে আনন্দেৰে ভাগ লৈছে।

আপুনি আপোনাৰ বিবাহ বন্ধন দৃঢ় কৰিব পাৰে!

আপোনাৰ বিবাহ কেনেকৈ দৃঢ় কৰিব পাৰে, তাৰ বিষয়ে বেছিকৈ জানিবলৈ এক সুখী পৰিয়াল—সম্ভৱনে? ব্ৰচাৰখনৰ ওপৰত বিবেচনা কৰক:

  • “আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব”—ভাগ ৭

  • “সমস্যাবোৰ কেনেকৈ সমাধান কৰিব”—ভাগ ৩

  • “আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব”—ভাগ ৫

  • “যেতিয়া দুৰ্ঘটনা ঘটে”—ভাগ ৮

  • “এজনে-আনজনৰ বিশ্বাসী হওক”—ভাগ ২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক