ন অধ্যায়
আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
বাইবেলত আমাৰ সময়ৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছে?
“শেষ-কালত” লোকসকল কেনে হʼব, ইয়াৰ বিষয়ে বাইবেলে কি কৈছে?
“শেষ-কালত” কি ভাল ঘটনাবোৰ ঘটিব, ইয়াৰ বিষয়ে বাইবেলত কি বৰ্ণনা কৰা হৈছে?
১. ভৱিষ্যতৰ বিষয়ে আমি কʼৰ পৰা শিকিব পাৰিম?
ৰেডিঅ’ বা টেলিভিছনৰ বাতৰি শুনি আপোনাৰ মুখৰপৰা এনে বাক্য ওলোৱা মনত পৰেনে: ‘এই পৃথিৱীৰ যে কি হʼব?’ বৰ্তমান অতৰ্কিতে এনে কিছুমান শোকাবহ ঘটনা ঘটে যাৰ বাবে আমি কʼব নোৱাৰোঁ যে কালিলৈ আমাৰ কি হʼব। (যাকোব ৪:১৪) কিন্তু ভৱিষ্যতে কি হʼব ইয়াৰ বিষয়ে যিহোৱা ঈশ্বৰে সকলো জানে। (যিচয়া ৪৬:১০) আমাৰ সময়ত ঘটা বেয়া ঘটনাবোৰৰ বিষয়ে বাইবেলত বহু বছৰৰ পূৰ্ব্বে উল্লেখ কৰিছে আৰু ভৱিষ্যতে হʼবলগীয়া ভাল কামবোৰৰ বিষয়েও বৰ্ণনা কৰা আছে।
২, ৩. যীচুক শিষ্যসকলে কি প্ৰশ্ন কৰিছিল আৰু ইয়াৰ উত্তৰ তেওঁ কেনেদৰে দিছিল?
২ যীচু খ্ৰীষ্টই শিকাইছিল যে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই সকলো ধৰণৰ দুষ্টতাৰ অন্ত কৰিব আৰু গোটেই পৃথিৱীখন এক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। (লূক ৪:৪৩) এই কথাবোৰ শুনি লোকসকলে জানিব বিচাৰিছিল যে এই ৰাজ্য কেতিয়া আহিব। যীচুৰ শিষ্যসকলেও ইয়াৰ বিষয়ে জানিব বিচাৰিছিল আৰু তেওঁক শুধিছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) ইয়াৰ উত্তৰত যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে এই ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে মাত্ৰ যিহোৱাই জানে। (মথি ২৪:৩৬) কিন্তু ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শান্তি আৰু সুৰক্ষা অনাৰ আগতে প্ৰকৃততে কি কি ঘটনা ঘটিব, তাৰ বিষয়ে যীচুৱে তেওঁলোকক জনাইছিল। তেওঁ যি ঘটনাবোৰৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, সেই সকলো ঘটনা আজি আমাৰ সময়ত পূৰ হোৱা দেখিবলৈ পোৱা যায়।
৩ আমি ‘এই জগতৰ শেষৰ’ সময়ছোৱাত বাস কৰিছোঁ। ইয়াৰ প্ৰমাণবোৰ পৰীক্ষা কৰাৰ আগতে, আহক আমি চমুকৈ এখন যুদ্ধৰ বিষয়ে আলোচনা কৰোঁ। কিন্তু মন কৰিবলগীয়া বিষয় যে এই যুদ্ধৰ সম্পৰ্কে কোনো মানুহে ভু পোৱা নাছিল। কাৰণ এই যুদ্ধখন স্বৰ্গত হৈছিল আৰু ইয়াৰ পৰিণাম আজি আমি সকলোৱে ভুগিবলগীয়া হৈছে।
স্বৰ্গত এখন যুদ্ধ
৪, ৫. (ক) যীচু খ্ৰীষ্টই ৰজা হোৱাৰ পাছত স্বৰ্গত কি ঘটিল? (খ) প্ৰকাশিত বাক্য ১২:১২ পদত বৰ্ণনা কৰা অনুসৰি এই যুদ্ধৰ পৰিণাম কি হʼল?
৪ এই কিতাপৰ আঠ অধ্যায়ত বৰ্ণনা কৰা হৈছিল যে ১৯১৪ চনত যীচু খ্ৰীষ্টক স্বৰ্গত ৰজা হিচাপে নিযুক্ত কৰা হয়। (দানিয়েল ৭:১৩, ১৪ পঢ়ক।) ৰজা হোৱাৰ ঠিক পাছতে তেওঁ কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। এই কাৰ্য্যৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “স্বৰ্গত যুদ্ধ হল; মীখায়েল [যীচুৰ আন এটা নাম] আৰু তেওঁৰ দূতবিলাকে নাগে [চয়তান] সৈতে যুদ্ধ কৰিলে।”a এই যুদ্ধত চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰৰ পৰাজয় হয় আৰু তাৰ পাছত সকলোকে স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিয়া হʼল। সেইবাবে স্বৰ্গত থকা বিশ্বাসী স্বৰ্গদূতসকলে আনন্দ কৰে। কিন্তু পৃথিৱীত বাস কৰা লোকসকলে এনে ধৰণৰ কোনো আনন্দ উপভোগ কৰা নাছিল। তাৰ পৰিৱৰ্তে, বাইবেলে কৈছে: “কিন্তু হে পৃথিবী . . . তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।”—প্ৰকাশিত বাক্য ১২:৭, ৯, ১২.
৫ অনুগ্ৰহ কৰি লক্ষ্য কৰক যে স্বৰ্গত হোৱা যুদ্ধৰ পৰিণামস্বৰূপে পৃথিৱীত কি ঘটিল। চয়তানে ক্ৰোধত জ্বলি উঠি পৃথিৱীত থকা লোকসকললৈ সন্তাপ তথা আলৈ-আহুকাল আনিবলগীয়া আছিল। আপুনি আগলৈ আৰু এনে প্ৰমান দেখিবলৈ পাব যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে আমি সেই সন্তাপৰ সময়ছোৱাত বাস কৰিছোঁ। কিন্তু এই সন্তাপ বেছি সময়লৈকে নাথাকে, কিয়নো বাইবেলে ইয়াক “অলপ” কাল বুলি বৰ্ণনা কৰিছে আৰু এই কথা চয়তানে নিজেও ভালকৈ জানে। বাইবেলে এই সময়ছোৱাক ‘শেষ-কাল’ বুলি বৰ্ণনা কৰিছে। (২ তীমথিয় ৩:১) আমি সঁচাকৈ কিমান আনন্দিত যে যিহোৱাই অতি সোনকালে এই পৃথিৱীত থকা চয়তানৰ সকলো প্ৰকোপৰপৰা আমাক মুক্ত কৰিব। গতিকে আহক, আমাৰ সময়ত ঘটি থকা কিছুমান ঘটনা, যি বাইবেলত আগতেই ভৱিষ্যতবাণী কৰিছিল তাৰ বিষয়ে আলোচনা কৰোঁহক। এই ঘটনাবোৰে প্ৰমাণ কৰে যে আমি শেষ-কালত বাস কৰিছোঁ আৰু অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই যিহোৱাক ভাল পোৱা লোকসকলৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব। আহক আমি শেষ-কালৰ বিষয়ে যীচুৱে উল্লেখ কৰা চিনসমূহৰ ভিতৰত চাৰিটা মুখ্য বৈশিষ্ট্য আলোচনা কৰোঁ।
শেষ-কালত ঘটিবলগীয়া কিছুমান মুখ্য ঘটনা
৬, ৭. যুদ্ধ আৰু আকালৰ বিষয়ে যীচুৱে কৰা ভৱিষ্যতবাণী বৰ্তমানে কেনেকৈ পূৰ হৈছে?
৬ “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।” (মথি ২৪:৭) যোৱা শতিকাত হোৱা যুদ্ধৰ বাবে লাখ লাখ লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। ব্ৰিটেইনত বাস কৰা এজন বুৰঞ্জীবিদে এইদৰে লিখিছিল: “গোটেই ইতিহাসৰ ভিতৰত বিংশ শতাব্দী হৈছে আটাইতকৈ ৰক্তপাতৰ শতাব্দী। . . . এই শতাব্দী হৈছে একেলেথাৰিয়ে হৈ থকা যুদ্ধৰ শতাব্দী। এনেকুৱা খুব কম সময় দেখা পোৱা যায় যেতিয়া এই পৃথিৱীত কোনো যুদ্ধ হোৱা নাছিল।” এই পৃথিৱীৰ ঘটনাবোৰৰ ওপৰত অধ্যয়ন কৰা ৱৰ্ল্ডওৱাচ ইনষ্টিটিউট নামৰ সংগঠনে এইদৰে বৰ্ণনা কৰিছে: “প্ৰথম শতিকাৰপৰা ১৮৯৯ চনলৈকে যিমান লোকৰ মৃত্যু হৈছে, ইয়াতকৈ তিনি শতাংশ বেছি লোকৰ মৃত্যু [কুৰি শতিকাত] হোৱা যুদ্ধত হৈছে।” যুদ্ধৰ পৰিণামস্বৰূপে ১৯১৪ চনৰপৰা আজিলৈকে ১০ কোটি লোকতকৈ বেছি লোকৰ মৃত্যু হৈছে। যিসকল লোকে যুদ্ধত নিজৰ পৰিয়ালৰ তথা আপোন লোকৰ প্ৰাণ হেৰুৱাইছে, তেওঁলোকৰ দুখ আৰু বেদনা আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ।
৭ “ঠায়ে ঠায়ে আকাল . . . হব।” (মথি ২৪:৭) গৱেষণাকাৰীসকলে উল্লেখ কৰিছে যে যোৱা ৩০ বছৰৰপৰা খাদ্যশস্যৰ উৎপাদন আগতকৈ অধিক হৈছে। কিন্তু উৎপাদন অধিক হোৱাৰ সত্ত্বেও আজি বহুতোলোকৰ ওচৰত ভালদৰে এমুঠি খাবলৈ নাই বা খাদ্যশস্য উৎপাদন কৰিবলৈ কোনো খেতি-পথাৰ নাই। পৃথিৱীত আজি কোটি কোটি লোক আছে, যিয়ে কেইবাদিনলৈকে খাবলৈ নাপায় আৰু লঘোনত থাকিবলগীয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই বৰ্ণনা কৰিছে যে প্ৰতি বছৰে পুষ্টিহীনতাৰ বাবে প্ৰায় ৫০ লাখতকৈ অধিক শিশুৰ মৃত্যু হৈছে।
৮, ৯. কিহে দেখুৱায় যে ভূমিকম্প আৰু মহামাৰীৰ বিষয়ে যীচুৱে কৰা ভৱিষ্যতবাণী সত্য হয়?
৮ “বৰ ভূমিকম্প . . . হব।” (লূক ২১:১১) আমেৰিকাৰ ভূতত্ত্ববিদসকলৰ অনুসৰি, প্ৰতি বছৰে প্ৰায় ১৯টাকৈ বৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত অট্টালিকাবোৰৰ ক্ষতিসাধন হʼব আৰু মাটিত ফাট মেলিব। প্ৰতি বছৰে আকৌ এটা নহয় এটা ডাঙৰ ভূমিকম্পৰ ফলত অট্টালিকাবোৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাও দেখা গৈছে। কিছুমান ৰিপৰ্টৰ অনুসৰি ১৯০০ চনৰপৰা বৰ্তমান সময়লৈকে ভূমিকম্পই ২০ লাখতকৈয়ো বেছি লোকৰ প্ৰাণ লৈছে। এটা ৰিপৰ্টে এইদৰে বৰ্ণনা কৰিছে: “নতুন নতুন বিজ্ঞানৰ সা-সঁজুলিৰ আৱিষ্কাৰে মৃত্যুৰ হাৰৰ পৰিমাণ মাত্ৰ অলপহে কমাবলৈ সক্ষম হৈছে।”
৯ “ঠায়ে ঠায়ে . . . মহামাৰী হব।” (লূক ২১:১১) চিকিৎসাৰ ক্ষেত্ৰত প্ৰগতি হোৱাৰ সত্ত্বেও আজি বহুতো নতুন আৰু পুৰণা ৰোগে মহামাৰীৰ ৰূপ লৈছে। এটা ৰিপৰ্টত উল্লেখ কৰিছে যে যক্ষ্মা, মেলেৰিয়া আৰু কʼলেৰা আদি প্ৰায় ২০টা ৰোগ, সকলোফালে বিয়পি পৰিছে। তাৰে কিছুমান বেমাৰ আকৌ ঔষধ লৈও ভাল কৰিব নোৱাৰি। মাত্ৰ এয়ে নহয়, প্ৰায় ৩০টা নতুন বেমাৰক চিনাক্ত কৰা হৈছে। মন কৰিবলগীয়া বিষয় যে ইয়াৰে কিছুমান বেমাৰ বৰ মাৰাত্মক, তথা ভাল হোৱাৰ কোনো উপায় নাই।
শেষ-কালৰ লোকসকল
১০. দ্বিতীয় তীমথিয় ৩:১-৫ পদত বৰ্ণনা কৰা অনুসৰি বৰ্তমান সময়ত মানুহৰ কেনে বেয়া গুণবোৰ আপুনি দেখিবলৈ পাইছে?
১০ বাইবেলে মাত্ৰ পৃথিৱীৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে এনে নহয়, ইয়াত শেষ-কালত লোকসকলৰ স্বভাৱ-চৰিত্ৰৰ পৰিৱৰ্তনৰ বিষয়েও বৰ্ণনা কৰিছে। আমাক কোৱা হৈছে: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব।” (২ তীমথিয় ৩:১-৫ পঢ়ক।) পৌলে কৈছিল যে লোকসকল এনেধৰণৰ হʼব:
নিজকে প্ৰীতি কৰোঁতা
ধন-লুভীয়া
পিতৃ-মাতৃক নমনা
বিশ্বাস-ঘাতক
স্নেহহীন
ইন্দ্ৰিয় দমন নকৰা
প্ৰচণ্ড
ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়
ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হʼব
১১. গীতমালা ৯২:৭ পদত বৰ্ণনা কৰা অনুসৰি দুষ্ট লোকসকলৰ কি হʼব?
১১ ওপৰত উল্লেখিত এনে চৰিত্ৰৰ লোকসকলক আপুনি নিশ্চয় দেখিবলৈ পাইছে। পৃথিৱীৰ যিকোনো ঠাইতে আপুনি নাথাকে কিয়, এনে চৰিত্ৰৰ লোকসকলক দেখিবলৈ পাব আৰু ইয়ে প্ৰমাণ কৰে যে ঈশ্বৰে মানৱ জাতিক ন্যায়-বিচাৰ কৰাৰ সময় উপস্থিত হৈছে। বাইবেলে ইয়াৰ বিষয়ে বৰ্ণনা কৰিছে: “দুষ্টবোৰে চিৰকাললৈকে বিনষ্ট হবৰ অৰ্থেই তৃণৰ দৰে ঠন ধৰে, আৰু দুৰাচাৰীবোৰ প্ৰফুল্লিত হয়।”—গীতমালা ৯২:৭.
ভাল পৰিস্থিতি!
১২, ১৩. শেষ-কালত কেনেকৈ সত্যৰ জ্ঞান বৃধি হʼবলৈ ধৰিছে?
১২ বাইবেলত বৰ্ণনা কৰা অনুসৰি, সঁচাকৈ শেষ-কালত মানৱ জাতিৰ ওপৰত সন্তাপে ভৰি পৰিছে। কিন্তু আনন্দৰ বিষয় যে যিহোৱাৰ উপাসকসকলৰ মাজত কিছুমান ভাল ঘটনাও ঘটিছে।
১৩ “জ্ঞান বৃদ্ধি হব।” দানিয়েল নামৰ কিতাপখনত এই ভৱিষ্যতবাণী কৰা হৈছিল। ইয়াত বৰ্ণনা কৰা জ্ঞান হৈছে, ঈশ্বৰৰ সত্য জ্ঞান। এই জ্ঞান কেতিয়া বৃদ্ধি হʼবলগীয়া আছিল? এই সকলো ‘শেষকালত’ হʼবলগীয়া আছিল। (দানিয়েল ১২:৪) বিশেষকৈ, ১৯১৪ চনৰপৰা যিসকল লোকে যিহোৱাক উপাসনা কৰিব বিচাৰিছে, সেই লোকসকলক বাইবেলৰ সত্যতা বুজিবলৈ ঈশ্বৰে বেছিকৈ সহায় কৰিছে। তেতিয়াৰপৰা তেওঁলোকে ঈশ্বৰৰ নাম, তেওঁৰ উদ্দেশ্য, যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদান, মৃতসকলৰ অৱস্থা আৰু পুনৰুত্থান আদি বিষয়বোৰ ভালকৈ বুজিব পাৰিছে। ইয়াৰ উপৰিও কেনেকৈ এক অৰ্থপূৰ্ণ জীৱন অতিবাহিত কৰাৰ দ্বাৰা তেওঁলোকৰ নিজৰ লাভ আৰু ঈশ্বৰলৈ মহিমা আনিব পাৰে, তাৰ বিষয়ে যিহোৱাৰ উপাসকসকলে শিকিলে। ঈশ্বৰৰ ৰাজ্যৰ ভূমিকা আৰু কেনেকৈ এই ৰাজ্যই পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব, তাৰ বিষয়েও তেওঁলোকে সম্পূৰ্ণ জ্ঞান পালে। এই জ্ঞান আহৰণ কৰি তেওঁলোকে কি কৰিব? এই প্ৰশ্নৰ উত্তৰে আমাক আন এক ভৱিষ্যতবাণীলৈ লৈ যায়, যাৰ পূৰ্ণতা আজি আমি দেখিবলৈ পাওঁ।
“ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।”—মথি ২৪:১৪
১৪. ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণাৰ কাম বৰ্তমানে কিমান ব্যাপকৰূপে হৈছে আৰু এই কামত কোনে ভাগ লৈছে?
১৪ “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।” চয়তানৰ ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে ভৱিষ্যতবাণী কৰোঁতে, যীচু খ্ৰীষ্টই এই শুভবাৰ্ত্তাৰ বিষয়ে বৰ্ণনা কৰিছিল। (মথি ২৪:৩, ১৪ পঢ়ক।) ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই পৃথিৱীজুৰি ২৩০ খনতকৈ বেছি দেশত আৰু শ শ ভাষাত ঘোষণা কৰা হৈছে। ঈশ্বৰৰ ৰাজ্য কি, এই ৰাজ্যই কি কৰিব আৰু আমি সকলোৱে কেনেকৈ এই ৰাজ্যৰ দ্বাৰা আশীৰ্ব্বাদপ্ৰাপ্ত হʼম, আদি বিষয়বোৰ শুভবাৰ্ত্তাৰ যোগেদি বৰ্ণনা কৰা হৈছে। আজি লাখ লাখ যিহোৱাৰ সাক্ষীসকলে ৰাজ্যৰ এই শুভবাৰ্ত্তা মনে-প্ৰাণে ঘোষণা কৰিছে। এই সাক্ষীসকল, “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ” পৰা ওলাই আহিছে। (প্ৰকাশিত বাক্য ৭:৯) বাইবেলে প্ৰকৃততে কি শিকায়, ইয়াৰ বিষয়ে জানিবলৈ আজি লাখ লাখ লোকে আগ্ৰহ প্ৰকাশ কৰিছে। যিহোৱাৰ সাক্ষীসকলে এই আগ্ৰহী লোকসকলৰ ঘৰলৈ গৈ বিনামূলীয়াকৈ বাইবেলৰ শিক্ষা দিয়ে। যীচু খ্ৰীষ্টই ভৱিষ্যতবাণী কৰিছিল যে সত্য খ্ৰীষ্টানসকলে, ‘সকলোৰে ঘৃণাৰ পাত্ৰ হব’ আৰু আমাৰ সময়ত এই ভৱিষ্যতবাণী পূৰ হোৱাটো এক মন কৰিবলগীয়া বিষয়।—লূক ২১:১৭.
আপুনি কি কৰিব?
১৫. (ক) আমি শেষ-কালত জীয়াই আছোঁ বুলি আপুনি বিশ্বাস কৰেনে আৰু কিয়? (খ) যিসকলে ঈশ্বৰৰ বিৰোধ কৰিব তেওঁলোকৰ বাবে “শেষ” মানে কি বুজায়? (গ) যিসকলে ঈশ্বৰৰ ৰাজ্যৰ অধীনত বাস কৰিব তেওঁলোকৰ বাবে কি আশা আছে?
১৫ বৰ্তমান সময়ছোৱাত বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ হোৱা দেখি আমি শেষ-কালত বাস কৰিছোঁ বুলি আপুনি নাভাবেনে? যিহোৱাই যেতিয়া দেখিব যে তেওঁৰ ইচ্ছা অনুসৰি এই শুভবাৰ্ত্তা গোটেই পৃথিৱীজুৰি ঘোষণা কৰা হৈছে, তেতিয়া এই জগতৰ “শেষ” অনাৰপৰা তেওঁক কোনেও ৰখাব নোৱাৰিব। (মথি ২৪:১৪) ঈশ্বৰে “শেষ” অনাৰ অৰ্থ হৈছে, তেওঁ সম্পূৰ্ণৰূপে পৃথিৱীৰ দুষ্টতাক ধ্বংস কৰিব। যিসকল লোকে জানি-শুনি যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে থিয় দিব, তেওঁলোকক ঈশ্বৰে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্ট আৰু স্বৰ্গদূতসকলৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস কৰিব। (২ থিচলনীকীয়া ১:৬-৯) চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰে আৰু কেতিয়াও লোকসকলক বিপথে পৰিচালিত কৰিব নোৱাৰিব। তাৰ পাছত, যিসকল লোকে এই ধাৰ্ম্মিক ৰাজ্যৰ অধীনত বাস কৰিব, তেওঁলোকৰ বাবে ঈশ্বৰৰ ৰাজ্যই বহুতো আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—প্ৰকাশিত বাক্য ২০:১-৩; ২১:৩-৫.
১৬. আপোনাৰ বাবে বুদ্ধিমানৰ কাম কি হʼব?
১৬ যিহেতু চয়তানৰ এই ব্যৱস্থা ধ্বংসলৈ গতি কৰিছে, গতিকে আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ: ‘এই সময়ছোৱাত মই কি কৰা উচিত?’ ঈশ্বৰ আৰু তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে শিকি থকাটোৱে আমাৰ বাবে বুদ্ধিমানৰ কাম হʼব। (যোহন ১৭:৩) গভীৰভাৱে বাইবেলৰ অধ্যয়ন কৰক। যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি চলা লোকসকলৰ লগত নিয়মীয়াকৈ সংগতি ৰাখক। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) যিহোৱা ঈশ্বৰে সকলোৰে বাবে যি জ্ঞানৰ প্ৰবন্ধ কৰিছে, সেই জ্ঞান সম্পূৰ্ণৰূপে লওক। ঈশ্বৰৰ আশীৰ্ব্বাদ পাবলৈ সেই জ্ঞান অনুসৰি নিজৰ জীৱনত লাগতিয়াল পৰিৱৰ্তন কৰক।—যাকোব ৪:৮.
১৭. দুষ্ট লোকসকলৰ ওপৰত যেতিয়া বিনাশ আহিব তেতিয়া কিয় তেওঁলোকে ইয়াৰ বাবে সাজু নাথাকিব?
১৭ আমি শেষ-কালত বাস কৰিছোঁ বুলি বহুতোলোকে আওকাণ কৰিব, এই বিষয়ে যীচুৱে আগতেই ভৱিষ্যতবাণী কৰিছিল। দুষ্ট লোকসকলৰ ওপৰত বিনাশ হঠাতে আহিব। ৰাতি চোৰ আহিলে যেনেকৈ গৃহস্থই গম নাপায়, ঠিক তেনেকৈ দুষ্ট লোকসকলৰ ওপৰতো বিনাশ হঠাতে আহিব। (১ থিচলনীকীয়া ৫:২ পঢ়ক।) যীচুৱে এই বিষয়ে সতৰ্ক কৰিছিল: “কিন্তু নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব। কিয়নো জলপ্লাবনৰ আগেয়ে নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুহবিলাকে ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি আছিল, আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।”—মথি ২৪:৩৭-৩৯.
১৮. যীচুৰ কি সাৱধানবাণী আমি গুৰুত্ব সহকাৰে লোৱা উচিত?
১৮ সেইবাবে যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। কিয়নো সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।” (লূক ২১:৩৪-৩৬) যীচুৰ এই বৃত্তান্ত আমি কিয় গুৰুত্ব সহকাৰে লোৱা উচিত? কাৰণ, যিসকল লোকৰ ওপৰত যিহোৱা ঈশ্বৰ আৰু ‘মানুহৰ পুত্ৰ’ যীচু খ্ৰীষ্টৰ অনুমোদন থাকিব, মাত্ৰ তেওঁলোকেহে চয়তানৰ এই ব্যৱস্থাৰ ধ্বংসৰপৰা ৰক্ষা পাব পাৰিব। ইয়াৰ পাছত আহিবলগীয়া নতুন পৃথিৱীত এই লোকসকলে অনন্ত জীৱন জীয়াই থাকিব।—যোহন ৩:১৬; ২ পিতৰ ৩:১৩.
a মীখায়েল যে যীচু খ্ৰীষ্টৰ আন এটা নাম হয়, তাৰ বিষয়ে জানিবলৈ “প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?” নামৰ অতিৰিক্ত লেখত চাওক।