খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি প্ৰচাৰ কৰিব আৰু শিক্ষা দিব পাৰে!
যিহোৱাই মোচিক দায়িত্ব দিয়াৰ সময়ত, মোচিয়ে ভাবিছিল যে সেই দায়িত্বক তেওঁ ভালদৰে পূৰ কৰিব নোৱাৰিব। (যাত্ৰা ৪:১০, ১৩) আপুনিও কেতিয়াবা এনে অনুভৱ কৰেনে? আপুনি যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন কৰি আছেনে? আপুনি ঘৰে ঘৰে প্ৰচাৰ কৰিব নোৱাৰিম বুলি ভাবিছেনে? হয়তো আপুনি এজন ডেকা হয় আৰু স্কুলত ঘোষণা কৰিবলৈ আপোনাক ভয় লাগিব পাৰে বা আপুনি সুযোগ বিচাৰি ঘোষণা কৰিবলৈ আৰু টেলিফোনৰ যোগেদি ঘোষণা কৰিবলৈ সংকোচ কৰিব পাৰে। যদি আপোনাৰ মনলৈ এনে ভাৱনা আহে, তেনেহʼলে যিহোৱালৈ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰক। (১পিত ৪:১১) আপুনি ভৰসা কৰিব পাৰে যে যিহোৱাই আপোনাক যি দায়িত্ব দিছে, তাক পূৰ কৰিবলৈ তেওঁ নিশ্চয় আপোনাক সহায় কৰিব।—যাত্ৰা ৪:১১, ১২.
সাহসী হওক . . . প্ৰচাৰক হিচাপে নামৰ ভিডিঅʼ চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
ভনী আওয়ামা কি সমস্যাৰ সন্মুখীন হৈছিল?
কি কথাই তাইক সাহস দিলে?—যিৰি ২০:৭-৯
যিহোৱাৰ সেৱা তাই বেছিকৈ কৰাৰ যোগেদি কেনেকৈ লাভৱান হʼল?
প্ৰচাৰ ক্ষেত্ৰত হোৱা কি কি সমস্যাবোৰ সন্মুখীন হʼবলৈ যিহোৱাই আপোনাক সহায় কৰিব পাৰে?