জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
জুলাই ৬-১২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৬-৭
“মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”
it-২ ৪৩৬ ¶৩
মোচি
আৰম্ভণিতে ইস্ৰায়েলীসকলে বিশ্বাস কৰিছিল যে মোচিক ঈশ্বৰে পঠাইছে। কিন্তু যেতিয়া ফৰৌণে তেওঁলোকক কঠিন পৰিশ্ৰম কৰোৱাইছিল, তেতিয়া তেওঁলোকে মোচিক দোষাৰোপ কৰিছিল। তেওঁলোকৰ কথা শুনি মোচি ইমান নিৰাশ হৈ পৰিছিল যে তেওঁ যিহোৱালৈ মিনতি কৰিলে। (যাত্ৰা ৪:২৯-৩১; ৫:১৯-২৩) তেতিয়া সৰ্বশক্তিমান ঈশ্বৰে মোচিৰ সাহস বঢ়াইছিল। তেওঁ মোচিক জনালে যে তেওঁ এনে কিবা কৰিবলৈ গৈ আছে যাৰ বাবে অব্ৰাহাম, ইচহাক আৰু যাকোব বাট চাই আছিল। যিহোৱাই নিজৰ নামৰ অৰ্থ মোচিৰ আগত সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব অৰ্থাৎ ইস্ৰায়েলীসকলক বন্দীৰপৰা মুকলি কৰিব আৰু প্ৰতিজ্ঞা কৰা দেশত তেওঁলোকক এক মহাজাতি হিচাপে উৎপন্ন কৰিব। (যাত্ৰা ৬:১-৮) ইয়াৰ পাছতো ইস্ৰায়েলীসকলে মোচিক বিশ্বাস কৰা নাছিল। কিন্তু, নৱম মহামাৰী হোৱাৰ পাছত তেওঁলোক পৰিৱৰ্তন হ’ল আৰু তেওঁলোকে মোচিক সহযোগ কৰিলে। সেইবাবে, দশম মহামাৰীৰ পাছত মোচিয়ে তেওঁলোকক সহজতে একত্ৰিত কৰিব পাৰিলে আৰু “সুসজ্জিত হৈ” তেওঁলোক মিচৰ দেশৰপৰা ওলাই আহিব পাৰিলে।—যাত্ৰা ১৩:১৮.
it-২ ৪৩৬ ¶১-২
মোচি
মিচৰ দেশৰ ফৰৌণৰ ওচৰত। এই যুদ্ধ মিচৰ দেশৰ দেৱতাবিলাক আৰু যিহোৱাৰ মাজত আছিল। মোচি আৰু হাৰোণ যিহোৱাৰ ফলিয়া হৈ যুদ্ধত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু আনফালে মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাকৰ প্ৰধান যান্নি আৰু যাম্বিয়ে বিৰোধ কৰিছিল। (২তীম ৩:৮) ফৰৌণে এই প্ৰধানবিলাকৰ যোগেদি মিচৰৰ সকলো দেৱতাবিলাকক যিহোৱাৰ বিৰুদ্ধে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিবলৈ কৈছিল। মোচিয়ে কোৱাৰ বাবে হাৰোণে ফৰৌণৰ আগত যি প্ৰথম আচৰিত কৰ্ম্ম কৰিছিল, তাৰপৰা প্ৰমাণ হʼল যে যিহোৱা মিচৰৰ দেৱতাবিলাকতকৈ শক্তিশালী। কিন্তু, ফৰৌণ সলনি নহʼল, তেওঁ নিজৰ মন কঠোৰ কৰিলে। (যাত্ৰা ৭:৮-১৩) ইয়াৰ কিছুসময়ৰ পাছত, যিহোৱাই যেতিয়া তৃতীয় মহামাৰী আনিলে, তেতিয়া শাস্ত্ৰজ্ঞবিলাকো বিশ্বাস কৰিবলৈ বাধ্য হʼল যে, “এই কৰ্ম্ম ঈশ্বৰৰ আঙুলিৰে কৰা।” পাছলৈ যিহোৱাই যেতিয়া আন এটা মহামাৰী আনিলে, তেতিয়া শাস্ত্ৰজ্ঞবিলাকৰ শৰীৰত খহু ওলালে আৰু তেওঁলোকৰ পৰিস্থিতি ইমানেই বেয়া হʼল যে তেওঁলোকে ফৰৌণৰ ওচৰলৈ আহিব নোৱাৰিলে আৰু মোচিৰ বিৰুদ্ধে থিয় হʼব নোৱাৰিলে।—যাত্ৰা ৮:১৬-১৯; ৯:১০-১২.
মহামাৰীয়ে কিছুমানৰ মন কোমল আৰু কঠোৰ কৰিলে। মোচি আৰু হাৰোণ প্ৰতিটো মহামাৰী অহাৰ আগতে, তাৰ বিষয়ে ঘোষণা কৰিছিল। যিদৰে তেওঁলোকে কৈছিল, ঠিক সেইদৰে হʼল। ইয়াৰপৰা প্ৰমাণ হʼল যে যিহোৱাই মোচিক পঠিয়াইছে। মিচৰৰ সকলো ঠাইত যিহোৱাৰ নাম ঘোষণা আৰু আলোচনা হৈছিল। সেইবাবে, যিহোৱাৰ নামৰ প্ৰতি লোকসকলৰ বেলেগ বেলেগ মনোবৃত্তি দেখিবলৈ পোৱা গৈছিল। ইস্ৰায়েলী আৰু কিছুমান মিচৰীয়াসকলৰ মন কোমল হʼল, আনফালে ফৰৌণ আৰু তাৰ পৰামৰ্শদাতা আৰু সমৰ্থনকাৰীসকলৰ মন কঠোৰ হৈ পৰিল। (যাত্ৰা ৯:১৬; ১১:১০; ১২:২৯-৩৯) মিচৰীয়াসকলে ভালদৰে জানিছিল যে দেৱতাবিলাকে তেওঁলোকৰ ওপৰত খং কৰাৰ বাবে এই মহামাৰী অহা নাছিল, ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকৰ দেৱতাবিলাকক শাস্তি দিছিল। নৱম মহামাৰীৰ পাছত, ‘ফৰৌণৰ পাত্ৰমন্ত্ৰীবিলাক আৰু মিচৰীয়াবিলাক মোচিক সন্মান কৰিবলৈ ধৰিলে।’—যাত্ৰা ১১:৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৭৮ ¶৩-৪
সৰ্বশক্তিমান
যেতিয়া যিহোৱা ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰিলে যে তেওঁৰ দ্বাৰাই ইচহাক আহিব, তেতিয়া যিহোৱাই নিজৰ কাৰণে “সৰ্ব্বশক্তিমান ঈশ্বৰ” (ইব্ৰী ভাষাত এল চাদাই) উপাধি ব্যৱহাৰ কৰিছিল। এই প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিবলৈ অব্ৰাহামক ভৰসা কৰিবলগীয়া আছিল যে যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰাৰ ক্ষমতা আছে। পাছলৈ যেতিয়া যিহোৱাই অব্ৰাহামৰ লগত কৰা চুক্তিৰ আশীৰ্বাদ তেওঁৰ বংশ ইচহাক আৰু যাকোবক দিলে, তেতিয়াও যিহোৱাই নিজকে, “সৰ্ব্বশক্তিমান ঈশ্বৰ” কʼলে।—আদি ১৭:১; ২৮:৩; ৩৫:১১; ৪৮:৩.
এই কথাষাৰ মনত ৰাখি পাছলৈ যিহোৱাই মোচিক কʼলে, “মই অব্ৰাহামৰ আগত, ইচ্হাকৰ আগত, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই সিবিলাকক পৰিচয় দিয়া নাই।” (যাত্ৰা ৬:৩) ইয়াৰ অৰ্থ এইটো নহয় যে এই পূৰ্ব্বপিতৃসকল যিহোৱাৰ নাম জনা নাছিল। তেওঁলোকে আৰু তেওঁলোকৰ আগতে বাস কৰা লোকসকলে বহুত বাৰ যিহোৱাৰ নাম ব্যৱহাৰ কৰিছিল। (আদি ৪:১, ২৬; ১৪:২২; ২৭:২৭; ২৮:১৬) আদিপুস্তক কিতাপত পূৰ্ব্বপিতৃসকলৰ জীৱন কালৰ বিষয়ে উল্লেখ আছে। কিন্তু ইব্ৰী ভাষাৰ মূল পাঠৰ এই কিতাপখনত “সৰ্ব্বশক্তিমান” শব্দটো কেৱল ছয়বাৰ উল্লেখ আছে আৰু যিহোৱাৰ নাম ১৭২ বাৰ উল্লেখ আছে। এয়া সত্য যে এই পূৰ্ব্বপিতৃসকলে নিজৰ অভিজ্ঞতাৰ যোগেদি এয়া জানিব পাৰিলে যে কেৱল যিহোৱাকেই “সৰ্ব্বশক্তিমান” কোৱাৰ যোগ্য। কিন্তু যিহোৱাৰ নামৰ সঠিক অৰ্থ কি হয় আৰু তেওঁ কেনেকৈ নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে, তাৰ বিষয়ে তেওঁলোকে জনা নাছিল। ইয়াৰ বিষয়ে সম্পাদক জে. ডি. ডগলচে ইলাচট্ৰেটেড বাইবেল ডিক্সনেৰীত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, “যিহোৱাই পূৰ্ব্বপিতৃসকলৰ ওপৰত এয়া প্ৰকাশ কৰিলে যে তেওঁ নিজৰ প্ৰতিজ্ঞাবোৰ ভৱিষ্যতত পূৰ কৰিবলৈ সামৰ্থ্য ৰাখে। যদিও তেওঁ জ্বলি থকা জোপাৰ ওচৰত প্ৰকাশ কৰিছিল যে যিহোৱা নামৰ সঠিক অৰ্থ কি হয়। সেয়া হৈছে যে যিহোৱা নিজৰ লোকসকলৰ লগত সদায় থাকে।”
it-২ ৪৩৫ ¶৫
মোচি
মোচিয়ে সংকোচ কৰাৰ সত্ত্বেও যিহোৱাই ত্যাগ নকৰিলে। মোচিয়ে ৪০ বছৰ আগতে কিছুমান পদক্ষেপ লʼবলৈ চেষ্টা কৰিছিল, যাতে তেওঁ ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা হʼব পাৰে। কিন্তু এতিয়া তেওঁ এই দায়িত্বৰ বাবে নিজকে অযোগ্য বুলি ভাবিছিল। লগতে, এয়াও কৈছিল যে তেওঁ স্পষ্টকৈ কথা কʼব নোৱাৰে। পাছলৈ মোচি অজুহাত দেখুৱাবলৈ ধৰিলে, অৱশেষত তেওঁ যিহোৱাক এই কাম আন কাৰোবাক দিবলৈ কʼলে। এয়া শুনি যিহোৱা ক্ৰোধিত হʼল, তথাপিও তেওঁ মোচিক ত্যাগ নকৰিলে, ইয়াৰ পৰিৱৰ্তে মোচিৰ ফলিয়া হৈ কথা কʼবলৈ তেওঁৰ ভায়েক হাৰোণক নিযুক্ত কৰিলে। মোচিয়ে ঈশ্বৰৰ বাৰ্ত্তা হাৰোণক দিয়ে আৰু হাৰোণে সেই বাৰ্ত্তা লোকসকলক জনায়। এইদৰে মোচি হাৰোণৰ বাবে “ঈশ্বৰস্বৰূপ” হʼল। যেতিয়া মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক লগ কৰিছিল আৰু পাছত ফৰৌণৰ ওচৰলৈ বাৰে বাৰে গৈছিল, তেতিয়া যিহোৱাই মোচিক যিবোৰ পৰামৰ্শ আৰু আজ্ঞা দিছিল, সেইবোৰ মোচিয়ে হাৰোণক আৰু হাৰোণে সেইবোৰ ফৰৌণৰ আগত জনাইছিল। এয়া সেই ফৰৌণৰ বংশই আছিল, যাৰপৰা মোচি ৪০ বছৰ আগতে পলাইছিল। (যাত্ৰা ২:২৩; ৪:১০-১৭) পাছলৈ যিহোৱাই হাৰোণক মোচিৰ “ভাববাদী” বুলি কয়। ইয়াৰ অৰ্থ হৈছে যে যেনেকৈ মোচি ঈশ্বৰৰ ভৱিষ্যতবক্তা আছিল অৰ্থাৎ তেওঁৰ নিৰ্দেশনা অনুসৰি কাম কৰিছিল, ঠিক সেইদৰে হাৰোণকো মোচিৰ নিৰ্দেশনা পালন কৰাৰ প্ৰয়োজন আছিল। ঈশ্বৰে এয়াও কৈছিল যে তেওঁ মোচিক ‘ফৰৌণৰ আগত ঈশ্বৰস্বৰূপে’ অৰ্থাৎ তেওঁ ঈশ্বৰৰপৰা শক্তি আৰু ফৰৌণৰপৰা অধিকাৰ লাভ কৰিব। সেইবাবে, মোচিয়ে মিচৰৰ ৰজাক ভয় কৰাৰ কোনো প্ৰয়োজন নাছিল।—যাত্ৰা ৭:১, ২.
জুলাই ১৩-১৯
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৮-৯
“অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে”
it-২ ১০৪০-১০৪১
আকোৰগোঁজ
যিহোৱাই কিছুমান লোক আৰু ৰাষ্ট্ৰৰ বাবে ধৈৰ্য্য ধৰিলে। যদিও তেওঁলোকে মৃত্যুদণ্ড পোৱাৰ যোগ্য, কিন্তু তেওঁলোকক জীয়াই ৰাখিলে। (আদি ১৫:১৬; ২পিতৰ ৩:৯) কিছুমান লোকে যিহোৱাৰপৰা ক্ষমা পাবলৈ নিজকে পৰিৱৰ্তন কৰিলে। (যিহো ২:৮-১৪; ৬:২২, ২৩; ৯:৩-১৫) কিন্তু কিছুমানৰ মন কঠোৰ হৈ পৰিল আৰু তেওঁলোকে ঈশ্বৰ আৰু সেৱকসকলক বিৰোধ কৰিবলৈ ধৰিলে। (দ্বিতী ২:৩০-৩৩; যিহো ১১:১৯, ২০) যিহোৱাই তেওঁলোকৰ মন কঠোৰ হোৱাত বাধা নিদিলে, সেইবাবে এয়া কʼব পাৰি যে যিহোৱাই তেওঁলোকৰ “মন কঠিন কৰিলে” আৰু “তেওঁৰ হৃদয় টান কৰিলে।” যেতিয়া তেওঁ কঠিন মনৰ লোকসকলক বিনাশ কৰে, তেতিয়া তেওঁ প্ৰকাশ কৰে যে তেওঁৰ ওচৰত কিমান শক্তি আছে আৰু নিজৰ নাম ঘোষণা কৰে।—যাত্ৰা ৪:২১; যোহ ১২:৪০; ৰোম ৯:১৪-১৮ পদবোৰ তুলনা কৰক।
it-২ ১১৮১ ¶৩-৫
দুষ্টতা
ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে পৰিস্থিতি এইদৰে সলনি কৰে যে দুষ্ট লোকসকলে অজানিতে তেওঁৰ উদ্দেশ্য পূৰ কৰে। যদিও দুষ্ট লোকসকলে ঈশ্বৰৰ বিৰোধ কৰে, তথাপিও যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক হত্যা কৰিবলৈ তেওঁলোকক অধিকাৰ নিদিয়ে। যিহোৱাই তেওঁলোকৰ বেয়া কৰ্ম্মৰ যোগেদিও নিজকে ধাৰ্ম্মিক বুলি প্ৰমাণ কৰিব পাৰে। (ৰোম ৩:৩-৫, ২৩-২৬; ৮:৩৫-৩৯; গীত ৭৬:১০) হিতোপদেশ ১৬:৪ পদতো এই বিষয়ে উল্লেখ আছে, “যিহোৱাই নিজ অভিপ্ৰায়ৰ নিমিত্তে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টকো দুৰ্দ্দশা-দিনৰ নিমিত্তে সৃষ্টি কৰিলে।”
ফৰৌণৰ কথালৈ লক্ষ্য কৰক। যিহোৱাই মোচি আৰু হাৰোণৰ যোগেদি ফৰৌণক কৈছিল যে মিচৰত বন্দী হৈ থকা ইস্ৰায়েলীসকলক মুকলি কৰি দিয়ে যেন। ঈশ্বৰে ফৰৌণক দুষ্ট বনোৱা নাছিল, কিন্তু তেওঁ ফৰৌণক জীয়াই ৰাখিলে আৰু পৰিস্থিতি এইদৰে পৰিৱৰ্তন কৰিলে যে ফৰৌণ দুষ্ট আৰু মৃত্যুদণ্ড পোৱাৰ যোগ্য বুলি প্ৰমাণিত হʼল। যিহোৱাই এইদৰে কিয় কৰিলে, আমি যাত্ৰাপুস্তক ৯:১৬ পদৰপৰা বুলি পাৰোঁ আৰু তাত এইদৰে উল্লেখ আছে, “কিন্তু তোমাক যেন মোৰ শক্তি দেখুৱাম, আৰু গোটেই পৃথিৱীত মোৰ নামো যেন খ্যাতিমন্ত হব, এই নিমিত্তেহে পতিত নোহোৱাকৈ মই তোমাক ৰাখিলোঁ।”
মিচৰত দহটা মহামাৰী আহিলে। ফৰৌণ আৰু তেওঁৰ সৈন্যবাহিনীক চূফ সাগৰত যিহোৱাই বিনাশ কৰিলে। এয়া যিহোৱাৰ অদ্ভুত শক্তিৰ প্ৰমাণ আছিল। (যাত্ৰা ৭:১৪–১২:৩০; গীত ৭৮:৪৩-৫১; ১৩৬:১৫) বহুবছৰ পাছতো এই ঘটনাৰ বিষয়ে মিচৰৰ ওচৰে-পাঁজৰে থকা ৰাষ্ট্ৰৰ লোকসকলে আলোচনা কৰিছিল যে যিহোৱাই কেনেকৈ নিজৰ লোকসকলক ৰক্ষা কৰিছিল। এইদৰে গোটেই পৃথিৱীত ঈশ্বৰৰ নামৰ ঘোষণা হʼল। (যিহো ২:১০, ১১; ১চমূ ৪:৮) যিহোৱাই যদি আগতেই ফৰৌণক মৃত্যুদণ্ড দিয়া হʼলে, যিহোৱাৰ শক্তি ইমান প্ৰভাৱশালীৰূপে প্ৰকাশ নহʼলহেঁতেন। লগতে, তেওঁৰ নাম মহিমান্বিত আৰু তেওঁৰ লোকসকলক আচৰিতভাৱে মুকলি কৰা নহʼলহেঁতেন।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৮৭৮
ডাঁহ মাখি
মিচৰত চতুৰ্থ মহামাৰীৰ সময়ত মাখিয়ে আক্ৰমণ কৰিছিল। চতুৰ্থ মহামাৰী আৰু ইয়াৰ পাছত অহা সকলো মহামাৰী গোচনত বাস কৰা ইস্ৰায়েলীসকলৰ কোনো ক্ষতি কৰা নাছিল। এই মাখিবিলাকৰ বাবে মূল পাঠত, যি ইব্ৰী শব্দ ব্যৱহাৰ কৰা হৈছে, সেয়া হৈছে এৰব। কিন্তু এয়া কোনবিধ মাখি আছিল, ইয়াৰ বিষয়ে স্পষ্টকৈ কʼব নোৱাৰি। (যাত্ৰা ৮:২১, ২২, ২৪, ২৯, ৩১; গীত ৭৮:৪৫; ১০৫:৩১) ‘এৰব’ শব্দৰ অনুবাদ কিছুমান বাইবেলত ডাঁহ বুলি কৰা হৈছে।
হয়তো এই ডাঁহ মাখি বিভিন্ন বিধৰ মাখি আছিল। ডাঁহ মাখিৰ কিছুমান প্ৰজাতিয়ে জীৱ-জন্তু আৰু মানুহৰ শৰীৰত ঘাহ দি তেজ শুহিঁ লয়। আন কিছুমান ডাঁহ মাখিয়ে বিন্ধিলে, তাৰ কণী জীৱ-জন্তু বা মানুহৰ শৰীৰত পৰজীৱীৰ দৰে থাকি যায়। গৰম আৰু সেমেকা ঠাইত পোৱা ডাঁহ মাখিবোৰে মানুহক প্ৰায় আমনি কৰে। হয়তো যেতিয়া মিচৰীয়া আৰু সিহঁতৰ জীৱ-জন্তুবোৰক এই মাখিয়ে আক্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকৰ বহুত কষ্ট হৈছিল আৰু হয়তো কিছুমান লোকৰ মৃত্যু হৈছিল।
যাত্ৰাপুস্তক কিতাপৰ আলোকপাত
৮:২৬, ২৭—ইস্ৰায়েলসকলে কৰা বলিদান “মিচৰীয়াবিলাকৰ ঘৃণাজনক” হ’ব বুলি মোচিয়ে কিয় কৈছিল? মিচৰত বহুতো জীৱ-জন্তুক উপাসনা কৰা হৈছিল। সেয়েহে যিহোৱালৈ বলিদান কৰিবলৈ ইস্ৰায়েলসকলক যেন মিচৰৰ পৰা যাবলৈ অনুমতি দিয়ে সেই বিষয়ে মোচিয়ে বলিদান বুলি উল্লেখ কৰি দৃঢ়তাৰে যুক্তি দৰ্শাইছিল।
জুলাই ২০-২৬
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১০-১১
“মোচি আৰু হাৰোণে সাহস দেখুৱালে”
w০৯ ৭/১৫ ২০ ¶৬
যীচুৰ দৰে সাহসেৰে প্ৰচাৰ কৰক
৬ কল্পনা কৰক ফৰৌণৰ লগত কথা পাতিবলৈ মোচিক কিমান সাহসৰ প্ৰয়োজন আছিল। কিয় বাৰু? কিয়নো মিচৰৰ ৰজাসকলক কেৱল দেৱতাবোৰৰ প্ৰতিনিধিয়ে নহয়, তেওঁলোকক দেৱতা বুলিও ভবা হৈছিল। তেওঁলোকক সূৰ্য্য দেৱতা ৰাৰ সন্তান বুলি কোৱা হৈছিল। হয়তো ফৰৌণেও আন ৰজাৰ দৰে নিজৰ মূৰ্ত্তিৰ উপাসনা কৰিছিল। ফৰৌণৰ কথাই নিয়ম আছিল আৰু তাক কোনেও সলনি কৰিব নোৱাৰিছিল। তেওঁ আনৰ কথা শুনিবলৈ ভাল পোৱা নাছিল। এই শক্তিশালী, অহংকাৰী আৰু আকোৰগোঁজি ব্যক্তিৰ ওচৰলৈ মোচিয়ে বাৰে বাৰে আহিবলগীয়া হৈছিল। যদিও মোচি নমতাকৈ অহাটো ফৰৌণে ভাল পোৱা নাছিল। মোচিয়ে তেওঁক কি বাৰ্ত্তা দিছিল? মিচৰত ধ্বংসকাৰী মহামাৰী অহাৰ বিষয়ে বাৰ্ত্তা দিছিল। মোচিয়ে ফৰৌণৰপৰা কি বিচাৰিলে? মোচিয়ে ফৰৌণৰ লাখ লাখ ইস্ৰায়েলী বন্দীবিলাকক মিচৰপৰা ওলাই যাবলৈ অনুমতি দিয়াটো বিচাৰিছিল। এই কামৰ বাবে মোচিক সাহসৰ প্ৰয়োজন আছিলনে? নিশ্চয়!—গণ. ১২:৩; ইব্ৰী ১১:২৭.
it-২ ৪৩৬ ¶৪
মোচি
ফৰৌণৰ ওচৰত যাবলৈ সাহস আৰু বিশ্বাসৰ প্ৰয়োজন আছিল। ফৰৌণৰ ওচৰত যাবলৈ সাহস আৰু বিশ্বাসৰ প্ৰয়োজন আছিল। সেইবাবে, তেওঁৰ ওচৰত যাবলৈ মোচি আৰু হাৰোণক যিহোৱাৰ শক্তিয়ে সহায় কৰিলে। কল্পনা কৰক, মিচৰৰ ৰজা ফৰৌণ ন্যায়লয়ত বহি আছে। সেইসময়ত মিচৰ আটাইতকৈ শক্তিশালী বিশ্বশক্তি আছিল। অহংকাৰী ফৰৌণ নিজকে দেৱতা বুলি ভাবিছিল। তেওঁৰ ওচৰে-পাঁজৰে পৰামৰ্শদাতা, সেনাপতি, ৰখীয়া আৰু বন্দীবিলাক উপস্থিত আছে। ইয়াৰ উপৰিও সেই ঠাই মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাক আছে, যিসকলে মোচিৰ বিৰোধী হয়। মিচৰত এই লোকসকলৰেই ৰাজত্ব আছিল আৰু তেওঁলোকে বিশ্বাস কৰে যে ফৰৌণক সহায় কৰাৰ যোগেদি, আচলতে তেওঁলোকে মিচৰৰ দেৱ-দেৱীবিলাকৰ উপাসনা কৰিছে। মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰত এবাৰ নহয় বাৰে বাৰে আহিছিল। তথাপিও, ফৰৌণ সলনি নহʼল আৰু নিজৰ মন কঠোৰ কৰিলে। ইস্ৰায়েলীসকলে বন্দী হৈ থকাটো তেওঁ বিচাৰিছিল। যেতিয়া মোচি আৰু হাৰোণ ফৰৌণক অষ্টম মহামাৰীৰ বিষয়ে জনাইছিল, তেতিয়া ফৰৌণে তেওঁলোকক ৰাজভৱনৰপৰা খেদাই পঠিয়ালে। নৱম মহামাৰীৰ পাছত ফৰৌণে তেওঁলোকক আদেশ দিলে যে তেওঁলোকে ফৰৌণৰ মুখ চাবলৈ যদি পুনৰ চেষ্টা কৰে, তেনেহʼলে তেওঁলোকৰ সেইদিনাই মৃত্যু হʼব।—যাত্ৰা ১০:১১, ২৮.
আধ্যাত্মিক ৰত্ন বিচাৰক
w৯৫ ৯/১ ১১ ¶১১
মিছা ঈশ্বৰৰ বিৰুদ্ধে সাক্ষী
১১ যেতিয়া ইস্ৰায়েলীসকল মিচৰত আছিল, তেতিয়া যিহোৱাই মোচিক ফৰৌণৰ ওচৰলৈ পঠালে আৰু কৈছিল, “তুমি ফৰৌণৰ ওচৰলৈ সোমাই যোৱা; কিয়নো, মই যেন মিচৰ দেশৰ মাজত মোৰ এই চিনবোৰ দেখুৱাম, আৰু মই মিচৰীয়াবিলাকলৈ কৰা কাৰ্য্যৰ আৰু সিহঁতৰ মাজত মই দেখুউৱা চিনবোৰৰ বৃত্তান্ত যেন তুমি নিজ পো-নাতিহঁতৰ আগত কবা, আৰু মই যে যিহোৱা, তাক যেন তোমালোকে জানিবা, এই নিমিত্তে মই তেওঁৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ মন গধূৰ কৰিলোঁ।” (যাত্ৰাপুস্তক ১০:১, ২) আজ্ঞাকাৰী ইস্ৰায়েলীসকলে নিজৰ সন্তানসকলক যিহোৱাৰ শক্তিশালী কাৰ্য্যৰ বিষয়ে জনাইছিল। আগলৈ তেওঁলোকে তেওঁলোকৰ সন্তানসকলক জনাইছিল আৰু এইদৰে পুৰুষানুক্ৰমে চলি আছিল। এইদৰে যিহোৱাৰ শক্তিশালী কামবোৰ মনত ৰখা হৈছিল। আজিও নিজৰ সন্তানসকলক যিহোৱাৰ বিষয়ে জনোৱাটো পিতৃ-মাতৃসকলৰ দায়িত্ব হয়।—দ্বিতীয় বিবৰণ ৬:৪-৭; হিতোপদেশ ২২:৬.
it-১ ৭৮৩ ¶৫
যাত্ৰাপুস্তক
যিহোৱাই প্ৰভাৱশালীৰূপে ইস্ৰায়েলীসকলক মুকলি কৰিলে আৰু জয় লাভ কৰিলে। এইদৰে তেওঁ নিজৰ নাম মহিমান্বিত কৰিলে। ইস্ৰায়েলীসকলে চূফ সাগৰ পাৰ হোৱাৰ পাছত, মোচি ইস্ৰায়েলীসকলৰ লগত গীত গাইছিল। তেতিয়া তেওঁৰ ভনী মৰিয়ম যি ভাববাদিনী আছিল, আন তিৰোতাসকলৰ লগত হাতত খঞ্জিৰ লৈ, গায় গায় নাচিবলৈ ধৰিলে। (যাত্ৰা ১৫:১, ২০, ২১) শত্ৰুবিলাকৰপৰা ইস্ৰায়েলীসকলে মুকলি হʼল। যেতিয়া ইস্ৰায়েলীসকল মিচৰ দেশৰপৰা ওলাই আহিছিল, তেতিয়া তেওঁলোকক কুকুৰো ভুকা নাছিল। কোনো মানুহ বা কোনো জীৱ-জন্তুৱেও তেওঁলোকৰ ক্ষতি কৰিব নোৱাৰিছিল। (যাত্ৰা ১১:৭) যাত্ৰাপুস্তক কিতাপখনত এই বিষয়ে উল্লেখ নাই যে ফৰৌণ, নিজৰ সৈন্যবাহিনীৰ লগত চূফ সাগৰতে মৃত্যু হৈছিল। কিন্তু, গীতমালা ১৩৬:১৫ পদত এই বিষয়ে স্পষ্টকৈ উল্লেখ আছে যে, “ফৰৌণ আৰু তেওঁৰ সৈন্যসমূহক চূফ সাগৰত পেলাই দিলে।”
জুলাই ২৭–আগষ্ট ২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১২
“নিস্তাৰ-পৰ্ব্বৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?”
w০৭ ১/১ ২২ ¶৪
“তুমি আনন্দ কৰিবা”
৪ যীচুৰ মৃত্যু ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখে হৈছিল। ইস্ৰায়েলত প্ৰতিবছৰে নিচান মাহৰ ১৪ তাৰিখে নিস্তাৰ-পৰ্ব্ব পালন কৰা হৈছিল। এয়া বহুত আনন্দৰ দিন আছিল। সেইদিনা ইস্ৰায়েলীসকলে নিজৰ পৰিয়ালৰ লগত একত্ৰিত হৈ ভোজন কৰিছিল। ভোজনৰ কাৰণে এটা নিঘুণী মেৰ বাছনি কৰা হৈছিল। এইদৰে তেওঁলোকে সোঁৱৰণ কৰিছিল যে ১৫১৩ খ্ৰীষ্টপূৰ্বৰ নিচান মাহৰ ১৪ তাৰিখে ইস্ৰায়েলত প্ৰথমে জন্মা জীৱক ৰক্ষা কৰিবলৈ মেৰ পোৱালিৰ তেজৰ বিশেষ ভূমিকা আছিল। আনফালে স্বৰ্গদূতে মিচৰত প্ৰথমে জন্মা সকলো জীৱক মাৰি পেলাইছিল। (যাত্ৰাপুস্তক ১২:১-১৪) নিস্তাৰ-পৰ্ব্বৰ মেৰ যীচুক চিত্ৰিত কৰিছিল। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, “আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট, তেওঁক বলিদান কৰা হল।” (১ কৰিন্থীয়া ৫:৭) নিস্তাৰ-পৰ্ব্বৰ মেৰৰ তেজৰ দৰে, যীচুৰ তেজেও বহুতোলোকৰ উদ্ধাৰ কৰে।—যোহন ৩:১৬, ৩৬.
it-২ ৫৮৩ ¶৬
নিস্তাৰ-পৰ্ব্ব
নিস্তাৰ-পৰ্ব্ব আৰু যীচুৰ বলিদানৰ মাজত বহুতো মিল আছে। উদাহৰণস্বৰূপে, যদি মিচৰত এটা পৰিয়ালে নিজৰ দুৱাৰত তেজ ছটিয়াই, তেনেহʼলে সেই ঘৰৰ প্ৰথমে জন্মা জীৱৰ জীৱন ৰক্ষা পৰিছিল। পৌলেও অভিষিক্ত খ্ৰীষ্টানসকলক প্ৰথমে জন্মাবিলাকৰ মণ্ডলী বুলি কৈছিল, যিসকলক খ্ৰীষ্টৰ তেজেৰে উদ্ধাৰ কৰা হৈছিল। (১থিচ ১:১০; ইফি ১:৭; ইব্ৰী ১২:২৩) ইয়াৰ উপৰিও নিস্তাৰ-পৰ্ব্বৰ মেৰৰ এডালো হাড় ভঙা উচিত নাছিল। ঠিক সেইদৰে যীচুৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল, যীচুৰ এডালো হাড় নাভাঙিব আৰু এই ভৱিষ্যতবাণী তেওঁৰ মৃত্যুৱে পূৰ কৰিলে। (গীত ৩৪:২০; যোহ ১৯:৩৬) যিহূদীসকলে বহুবছৰ ধৰি যি নিস্তাৰ-পৰ্ব্ব পালন কৰি আছিল, সেয়া কনান দেশৰ সেই কথাৰ লগত মিল আছিল, যি আহিবলগীয়া “ঈশ্বৰৰ মেৰ পোৱালিক” অৰ্থাৎ যীচু খ্ৰীষ্টৰ ওপৰত পূৰ হৈছিল।—ইব্ৰী ১০:১; যোহ ১:৩০.
w১৩ ১২/১৫ ২০ ¶১৩-১৪
‘সেইদিন তোমাৰ বাবে স্মৰণীয় হওক’
১৩ পুৰুষানুক্ৰমে, ইস্ৰায়েলীসকলে নিজৰ সন্তানসকলক নিস্তাৰ-পৰ্ব্বৰ বিষয়ে শিকাইছিল। তাৰে মাজত এটা শিক্ষা আছিল যে যিহোৱাই নিজৰ সেৱকসকলক ৰক্ষা কৰিব পাৰে। ইয়াৰপৰা সন্তানসকলে শিকিছিল যে যিহোৱা সত্য আৰু জীৱিত ঈশ্বৰ হয়। তেওঁ নিজৰ সেৱকসকলক আগ্ৰহ দেখুৱাই আৰু তেওঁলোকৰ কাৰণে পদক্ষেপ লয়। এয়া তেওঁ সেইসময়ত প্ৰমাণিত কৰিলে, যেতিয়া মিচৰত শেষৰ মহামাৰীয়ে ইস্ৰায়েলীসকলৰ প্ৰথমে জন্মাসকলক ৰক্ষা কৰিলে।
১৪ বৰ্তমান সময়ত প্ৰতিবছৰে খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক নিস্তাৰ-পৰ্ব্বৰ বিষয়ে নজনাই। কিন্তু আপুনি যিহূদী পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানসকলক এই শিক্ষা দিয়েনে যে যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে? আপোনাৰ যি বিশ্বাস আছে যে যিহোৱাই আজিও নিজৰ লোকসকলক ৰক্ষা কৰে, এই বিশ্বাস আপোনাৰ সন্তানে লক্ষ্য কৰেনে? (গীত. ২৭:১১; যিচ. ১২:২) এই শিক্ষা দিবলৈ আপুনি এটা দীঘলীয়া ভাষণ দিয়াৰ পৰিৱৰ্তে তেওঁৰ লগত আনন্দেৰে এই বিষয়ে কথা-বতৰা কৰেনে? আপুনি নিজৰ পৰিয়ালৰ লগত এই শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰক, কিয়নো এনে কৰাৰ যোগেদি যিহোৱাৰ ওপৰত আপোনাৰ পৰিয়ালৰ বিশ্বাস দৃঢ় হʼব।
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৫৮২ ¶২
নিস্তাৰ-পৰ্ব্ব
মিচৰ দেশত অহা দহটা মহামাৰী মিচৰৰ দেৱ-দেৱীবিলাকৰ বাবে ন্যায় দণ্ড আছিল, বিশেষকৈ অন্তিম মহামাৰীৰ সময়ত প্ৰথমে জন্মা সকলো জীৱৰ মৃত্যু হৈছিল। (যাত্ৰা ১২:১২) সেইবাবে, এয়া কʼব পাৰি যে মেৰ মিচৰীয়া দেৱতা ৰাৰ উপাসকসকলৰ দৃষ্টিত পবিত্ৰ জন্তু আছিল। সেইবাবে, যেতিয়া নিস্তাৰ-পৰ্ব্বত মেৰ পোৱালিৰ তেজ ঘৰৰ দুৱাৰত ছটিয়া হৈছিল, তেতিয়া মিচৰীয়াসকলৰ দৃষ্টিত তেওঁলোকৰ দেৱতা ৰাৰ অপমান হৈছিল। ঠিক সেইদৰে মিচৰীয়াসকলে গৰুক পবিত্ৰ বুলি গণ্য কৰিছিল। সেইবাবে যেতিয়া প্ৰথমে জন্মা গৰু মৰিছিল, তেতিয়া মিচৰৰ দেৱতা ঔছিৰিচৰ অপমান হৈছিল। বিশ্বাস কৰা হৈছিল যে ফৰৌণ ৰা দেৱতাৰ পুত্ৰ হয় আৰু তাৰ উপাসনা কৰা হৈছিল। সেইবাবে যেতিয়া ফৰৌণৰ জ্যেষ্ঠ পুত্ৰৰ মৃত্যু হৈছিল, তেতিয়া প্ৰমাণ হʼল যে ফৰৌণ আৰু ৰা দেৱতা দুৰ্বল।
it-১ ৫০৪ ¶১
সভা
‘পবিত্ৰ সভাৰ’ বিশেষত্ব আছিল যে সেইসময়ছোৱাত লোকসকলে কোনো কঠিন পৰিশ্ৰমী কাৰ্য্য কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, খীমৰ নিদিয়া পিঠাৰ পৰ্ব্বৰ প্ৰথম আৰু সপ্তম দিনা “পবিত্ৰ সভা” ৰখা হৈছিল। যিহোৱাই এই বিষয়ে কৈছিল, “সেই দুদিন প্ৰতিজন মানুহে খোৱা-বোৱা কামৰ বাহিৰে কোনো কাম নকৰিব, কেৱল তাকেহে কৰিব।” (যাত্ৰা ১২:১৫, ১৬) এই ‘পবিত্ৰ সভাৰ’ সময়ছোৱাত পুৰোহিতসকলে যিহোৱাক বলিদান উৎসৰ্গ কৰাত ব্যস্ত থাকিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে যিহোৱাই যি কাম নকৰিবলৈ তেওঁলোকক আজ্ঞা দিছিল, সেই আজ্ঞা উলংঘন কৰিছিল। (লেবী ২৩:৩৭, ৩৮) লগতে, এই আজ্ঞাৰ অৰ্থ এইটো নাছিল যে কোনো কাম নকৰাকৈ সময় অতিবাহিত কৰা, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক সময়ৰ ভাল ব্যৱহাৰ কৰিবলগীয়া আছিল। প্ৰতি সপ্তাহে বিশ্ৰাম-বাৰে লোকসকলে একেলগে মিলি শিকিছিল আৰু উপাসনা কৰিছিল। তেওঁলোকক ঈশ্বৰৰ বাক্য পঢ়ি শুনোৱা হৈছিল আৰু তাৰ অৰ্থৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছিল। পাছলৈ, সভা ঘৰত এই পদ্ধতিৰে শিক্ষা দিয়া হৈছিল। (পাঁচ ১৫:২১) ইয়াৰপৰা বুজিব পাৰি যে বিশ্ৰাম-বাৰ দিনা অথবা ‘পবিত্ৰ সভাৰ’ সময়ছোৱাত লোকসকলক নিজৰ কামত বেছি ধ্যান দিয়াৰ প্ৰয়োজন নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ, ঈশ্বৰক ভালদৰে জানিবলৈ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ নিজৰ সময় অতিবাহিত কৰাৰ প্ৰয়োজন আছিল।