জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
চেপ্টেম্বৰ ৭-১৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যাত্ৰাপুস্তক ২৩-২৪
“বহু লোকৰ অনুগামী নহবা”
w১৮.০৮ ৪ ¶৭-৮
আপুনি ভাল দৰে জানেনে?
৭ আপুনি নিজৰ বন্ধু আৰু চিনাকি লোকসকলক ই-মেইল আৰু মেচেজ পঠিয়াই ভাল পাইনে? যদি পাই, তেনেহʼলে আপুনি নতুনকৈ প্ৰকাশ হোৱা কোনো কাহিনী, বাতৰি-কাকতত দেখে বা কোনো অনুভৱ শুনে, তেতিয়া আপুনি সংবাতদাতাৰ দৰে অনুভৱ কৰে নেকি, যিয়ে কোনো ৰোমাঞ্চক কাহিনী প্ৰথমে জনাব বিচাৰে। কিন্তু, কোনো মেচজ বা ই-মেইল পঠোৱাৰ আগতে, নিজকে সোধক: ‘মই যি তথ্য পঠিয়াবলৈ লৈছোঁ, সেইয়া সচাঁ হয় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছেনে? মই বিষয়টো ভাল দৰে জানোঁনে?’ যদি আপুনি বিষয়টো সচাঁ বুলি নিশ্চিত নহয়, তেনেহʼলে আপুনি অজানিতে এই মিছা বাৰ্ত্তা, আপোনাৰ ভাই-ভনীসকলক দিব পাৰে। যদি সন্দেহ আছে, তেনেহʼলে ডিলিট কৰক, কিন্তু চেন্দ নকৰিব।
৮ কোনো ই-মেইল আৰু মেচেজ লগে-লগে পঠিয়ালে বিপদ হʼব পাৰে। কিছুমান দেশত, আমাৰ কামক নিষেধ কৰা হৈছে। এই দেশবোৰত বিৰোধীসকলে জানি-বুজি এনে খবৰ প্ৰচাৰ কৰে, যাতে ইয়াৰপৰা আমি ভয় খাও বা এজনে-আনজনৰ প্ৰতি আমাৰ ভৰসা নাথাকে। মন কৰক পূৰ্বৱৰ্তী চোভিয়েত সংঘত কি হৈছিল। তাত থকা কে.জি.বি. নামেৰে জনাজাত গোপন আৰক্ষীয়ে, মিছা বাতৰি প্ৰচাৰ কৰিছিল যে যিহোৱাৰ সংগঠনৰ দায়িত্বত থকা কিছুমান ভাইসকলে বিশ্বাসঘাত কৰিছে। দুখৰ বিষয় যে বহুতোলোকে এই মিছা বাতৰি বিশ্বাস কৰি লৈছিল আৰু সেইবাবে তেওঁলোকে যিহোৱাৰ সংগঠনৰ পৰা নিজকে পৃথক কৰি লৈছিল। এয়া আনন্দৰ বিষয়ে যে পাছলৈ বহুতোলোকে উভতি আহিল, কিন্তু কিছুমান লোকে উভতি নাহিল। কিয়নো তেওঁলোকৰ বিশ্বাসৰ জাহাজ ভাঙি সংসাৰ হৈছিল। (১ তীম. ১:১৯) এনে পৰিস্থিতিৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ? মিছা বাতৰি বা প্ৰমাণ নথকা তথ্য আনক নপঠিয়াব। সকলো কথাকে বিশ্বাস কৰি নলʼব, ইয়াৰ পৰিৱৰ্তে এয়া সচাঁ হয়নে নহয়, তাক চালি-জাৰি চাব।
it-১ ১১ ¶৩
হাৰোণ
এয়া উল্লেখযোগ্য যে তিনিটা পৰিস্থিতিৰ প্ৰত্যেকটোত হাৰোণে কৰা কাৰ্য্য নিজ ইচ্ছাৰে ভুল কৰিছোঁ বুলি স্বীকাৰ কৰা নাছিল, কিন্তু পৰিস্থিতিৰ হেচাঁ বা আনৰ প্ৰভাৱত পৰিহে তেওঁ এইবোৰ কাৰ্য্য কৰিছিল। প্ৰথম ভুল কৰা সময়ত তেওঁ এই পৰামৰ্শ পালন কৰিব পাৰিলেহেঁতেন: “তুমি কুকৰ্ম্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা।” (যাত্ৰা ২৩:২) ইয়াৰ পাছতো শাস্ত্ৰত তেওঁৰ নাম সন্মানেৰে উল্লেখ কৰা হৈছিল আৰু পৃথিৱীত থাকোতে ঈশ্বৰৰ পুত্ৰয়েও হাৰোণৰ পৌৰোহিত্যক স্বীকৃতি দিছিল।—গীত ১১৫:১০, ১২; ১১৮:৩; ১৩৩:১, ২; ১৩৫:১৯; মথি ৫:১৭-১৯; ৮:৪.
it-১ ৩৪৩ ¶৫
অন্ধ
মোচিৰ নিয়মত বিচাৰকৰ্তাসকলক কেতিয়াও পক্ষপাত নকৰিবলৈ, ঘোচ আৰু উপহাৰ নলʼবলৈ স্পষ্টকৈ পৰামৰ্শ দিয়া হৈছিল। কিয়নো এই কথাবোৰে তেওঁলোকক অন্ধ কৰি ভুল নিৰ্ণয় লʼবলৈ প্ৰভাৱিত কৰিব পাৰে। উদাহৰণস্বৰূপে এইদৰে লিখা আছিল, “ভেঁটীয়ে চকু থকাবিলাকক কণা কৰে।” (যাত্ৰা ২৩:৮) “ভেঁটীয়ে জ্ঞানীবিলাকৰ চকু কণা কৰে।” (দ্বিতী ১৬:১৯) এজন বিচাৰকৰ্তা যিমানেই বুদ্ধিমতাৰে কাম নকৰক কিয়, যদি কোনোবাই তেওঁক উপহাৰ দিয়ে, তেনেহʼলে অজানিতে তেওঁ সেই ব্যক্তিজনৰ পক্ষ লৈ তেওঁৰ বিচাৰ কৰিব পাৰে। ঈশ্বৰৰ নিয়মৰ অনুসৰি ন্যায় কৰাৰ সময়ত কেৱল উপহাৰ লোৱাৰ বিষয়ে নহয়, কিন্তু আৱেগিক হৈ কোনো নিৰ্ণয় নলʼবলৈও সতৰ্ক কৰা হৈছিল। বিচাৰকৰ্তাসকলক কোৱা হৈছিল যে, “বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা, আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা।” (লেবী ১৯:১৫) ঠিক সেইদৰে, যদি এজন বিচাৰকৰ্তাই লোকসকলক আনন্দিত কৰিবলৈ, ব্যক্তিজন ধনী বুলি তেওঁৰ বিৰুদ্ধে নিৰ্ণয় লয়, তেনেহʼলে এয়া অন্যায় হʼব।—যাত্ৰা ২৩:২, ৩.
আধ্যাত্মিক ৰত্ন বিচাৰক
w১৬.১০ ৯ ¶৪
“অচিনাকি লোকসকলক দয়া দেখুৱাবলৈ নাপাহৰিব”
৪ বিদেশীসকলক সন্মান দেখুৱাবলৈ ইস্ৰায়েলীসকলক যিহোৱাই আজ্ঞা দিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে, ইয়াৰ পৰিৱৰ্তে ইস্ৰায়েলীসকল এক সময়ত বিদেশী হিচাপে আছিল, এই কথা তেওঁলোকে মনত ৰখাটো যিহোৱাই বিচাৰিছিল। (যাত্ৰাপুস্তক ২৩:৯ পঢ়ক।) তেওঁলোকে মিচৰ দেশত দাসত্বত থকাৰ আগৰেপৰাই, মিচৰীয়াসকলে তেওঁলোকক ঘৃণা কৰিছিল, কিয়নো তেওঁলোক মিচৰীয়াবিলাকতকৈ পৃথক আছিল। (আদি. ৪৩:৩২; ৪৬:৩৪; যাত্ৰা. ১:১১-১৪) ইস্ৰায়েলীসকলে বিদেশী হিচাপে থাকোঁতে, বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তথাপি যিহোৱাই ইস্ৰায়েলীসকলে বিদেশীসকলক দয়া দেখুৱাটো বিচাৰিছিল।—লেবী. ১৯:৩৩, ৩৪.
it-২ ৩৯৩
মীখায়েল
১. বাইবেলত গাব্ৰিয়েল উপৰিও আৰু এজন স্বৰ্গদূতৰ নাম উল্লেখ আছে, তেওঁ হৈছে মীখায়েল। এই স্বৰ্গদূতজনক “প্ৰধান স্বৰ্গদূত” বুলি কোৱা হৈছে। (যিহূদা ৯) দানিয়েল নাম কিতাপৰ দহ অধ্যায়ত প্ৰথমবাৰ উল্লেখ আছে, ইয়াত মীখায়েলক “প্ৰধান ৰক্ষকদূতবিলাকৰ মাজৰ” এজন বুলি উল্লেখ কৰা হৈছে। যেতিয়া ‘পাৰস্য ৰজা ৰক্ষকদূতে’ যিহোৱাৰ এজন স্বৰ্গদূতৰ বিৰোধ কৰিছিল, তেতিয়া মীখায়েলে সেই স্বৰ্গদূতজনক সহায় কৰিছিল। মীখায়েলক “মহাৰক্ষকদূত” বুলিও কোৱা কৈছে, যিয়ে “[দানিয়েলৰ]জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰিবলৈ উঠি থিয় হʼব’। (দানি. ১০:১৩, ২০, ২১; ১২:১) ইয়াৰপৰা স্পষ্ট হয় যে মীখায়েলে সেইজন স্বৰ্গদূত, যিয়ে ইস্ৰায়েলীসকলক অৰণ্যৰপৰা ওলাই আহিবলৈ সহায় কৰিছিল। (যাত্ৰা ২৩:২০, ২১, ২৩; ৩২:৩৪; ৩৩:২) ইয়াৰপৰা বুজিব পাৰি যে ‘প্ৰধান স্বৰ্গদূত মীখায়েলে, মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিছিল।’—যিহূদা ৯.
চেপ্টেম্বৰ ১৪-২০
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যাত্ৰাপুস্তক ২৫-২৬
“পবিত্ৰ স্থানত চন্দুকৰ ভূমিকা”
it-১ ১৬৫
নিয়ম চন্দুক
নিৰ্মাণ আৰু নক্সা। যিহোৱাই যেতিয়া মোচিক পবিত্ৰ-স্থান নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা দিছিল, তেতিয়া তেওঁ প্ৰথমে নিয়ম চন্দুক কিদৰে বনাব লাগে তাৰ বিষয়ে জনালে। কিয়নো নিয়ম চন্দুকৰ পবিত্ৰ-স্থান আৰু গোটেই ইস্ৰায়েলৰ চাউনিত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ইয়াৰ দৈৰ্ঘ্য ২.৫ হাত, প্ৰস্থ ১.৫ হাত আৰু উচ্চতা ১.৫ হাত আছিল (প্ৰায় ১১১×৬৭×৬৭ চে.মি.; ৪৪×২৬×২৬ ইঞ্চি.)। এয়া চিটীম কাঠৰে নিৰ্মাণ কৰা হৈছিল আৰু ভিতৰ আৰু বাহিৰে শুদ্ধ সোণেৰে আৱৰা আছিল। ইয়াৰ ওপৰত ‘চাৰিওফালে সোণৰ ছিৰী মৰা’ আছিল, কিন্তু চন্দুকৰ ঢাকনি কাঠৰ পৰিৱৰ্তে শুদ্ধ সোণেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ চন্দুকৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ সমান আছিল। চন্দুকৰ ঢাকনিৰ দুই চুকতে দুটা সোণৰ কৰূব বনোৱা হৈছিল। কৰূব দুটাই মুখা-মুখি হৈ আছিল আৰু তেওঁলোকৰ মুখ দুখন ঢাকনিৰ ফালে হাউলি আছিল। কৰূব দুটাই ওপৰলৈ ডেউকা মেলি চন্দুকৰ ঢাকনিক ধাকি ৰাখিছিল। (যাত্ৰা ২৫:১০, ১১, ১৭-২২; ৩৭:৬-৯) এই ঢাকনি “পাপবৰণ” নামেৰেও জনাজাত আছিল।—যাত্ৰা ২৫:১৭; ইব্ৰী ৯:৫.
it-১ ১৬৬ ¶২
নিয়ম চন্দুক
চন্দুকটো পবিত্ৰ আছিল, যʼত সুৰক্ষাৰে সাক্ষ্য-ফলি ৰখা হৈছিল আৰু সেই দুখন সাক্ষ্য-ফলিত ঈশ্বৰৰ দহটা আজ্ঞা উল্লেখ আছিল। (যাত্ৰা ২৫:১৬) “সেই চন্দুকৰ ভিতৰত মান্না থকা সোণৰ ঘট, হাৰোণৰ কুঁহি ওলোৱা লাখুটি” থোৱা হৈছিল, কিন্তু চলোমনে মন্দিৰ নিৰ্মাণ কৰা আগতেই এইবোৰ উলিয়াই দিয়া হৈছিল। (ইব্ৰী ৯:৪; যাত্ৰা ১৬:৩২-৩৪; গণ ১৭:১০; ১ৰাজা ৮:৯; ২বং ৫:১০) মোচিয়ে মৃত্যুৰ আগতে, লেবীয়া পুৰোহিতবিলাকক “ব্যৱস্থাপুস্তকখনি” দিছিল। কিন্তু তেওঁ পুস্তকখনিক নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবলৈ কোৱা নাছিল, বৰং “ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাযত থবা; তাতে সেয়ে তোমাৰ অহিতে সাক্ষ্যস্বৰূপে সেই ঠাইত থাকিব।”—দ্বিতী ৩১:২৪-২৬.
it-১ ১৬৬ ¶৩
নিয়ম চন্দুক
ঈশ্বৰৰ উপস্থিতিৰ লগত জড়িত। প্ৰাচীন সময়ৰপৰা চন্দুক ঈশ্বৰৰ উপস্থিতি লগত জড়িত আছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল: “মই সেই ঠাইতে তোমাৰে সৈতে সাক্ষাৎ কৰিম; পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা” কথা-বতৰা পাতিম। “মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম।” (যাত্ৰা ২৫:২২; লেবী ১৬:২) চমূৱেলে লিখিছিল যে যিহোৱা “কৰূব দুটাৰ মাজত বসতি” কৰিছে। (১চমূ ৪:৪) সেইবাবে কৰূব কেইটাই যিহোৱাৰ “বাহন” হিচাপে সেৱা কৰিছিল। (১বং ২৮:১৮) সেইদৰে “মোচিয়ে যেতিয়া ঈশ্বৰেৰে সৈতে কথা হʼবলৈ সাক্ষাৎ কৰা তম্বুত সোমাল, তেতিয়া সাক্ষা-ফলিৰ চন্দুকৰ ওপৰত থকা পাপবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা নিজত কথা কোৱা ঈশ্বৰৰ বাক্যৰ শব্দ শুনিলে; এইদৰে তেওঁ মোচিক কথা কʼলে।” (গণ ৭:৮৯) পাছত যিহোচূৱা আৰু মহাপুৰোহিত পীনহচে চন্দুকৰ সন্মুখত যিহোৱাক প্ৰশ্ন কৰিছিল। (যিহো ৭:৬-১০; বিচা ২০:২৭, ২৮) যদিও কেৱল মহাপুৰোহিতহে বছৰত এদিন পবিত্ৰ স্থানত সোমাইছিল আৰু চন্দুকটো চাইছিল, কিন্তু যিহোৱাৰ লগত কথা-বতৰা কৰিবলৈ নহয়, প্ৰায়শ্চিত্তৰ দিনহে পালন কৰিবলৈ গৈছিল।—লেবী ১৬:২, ৩, ১৩, ১৫, ১৭; ইব্ৰী ৯:৭.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ৪৩২ ¶১
কৰূব
চন্দুকৰ ঢাকনিৰ দুই চুকতে দুটা সোণৰ কৰূব বনোৱা আছিল। দুয়োটা কৰূব মূখা-মূখী হৈ আছিল, যেন ঢাকনিৰ ফালে হাউলি যিহোৱাক উপাসনা কৰি আছে। কৰূব কেইটাই ওপৰলৈ ডেউকা মেলি ৰখীয়াহৈ, সুৰক্ষা দিয়াৰ দৰে চন্দুকৰ ঢাকনি ঢাকি ৰাখিছিল। (যাত্ৰা ২৫:১০-২১; ৩৭:৭-৯) ইয়াৰ উপৰিও পবিত্ৰ-স্থানক ধাকিবলৈ ভিতৰ ফলৰপৰা যি কাপোৰ লগোৱা হৈছিল আৰু পবিত্ৰ, পৰম-পবিত্ৰ স্থানৰ মাজত যি কাপোৰ লগোৱা হৈছিল, তাত কৰূববিলাকৰ আকৃতি তুলি বোৱা হৈছিল।—যাত্ৰা ২৬:১, ৩১; ৩৬:৮, ৩৫.
it-২ ৯৩৬
দৰ্শন-পিঠা
পবিত্ৰ-স্থানত আৰু আগলৈ মন্দিৰৰ পবিত্ৰ ভাগত মেজৰ ওপৰত বাৰটা দৰ্শন পিঠাৰ ৰখা হৈছিল। এই পিঠাবোৰ বিশ্ৰাম দিনত সলনি কৰি নতুনকৈ পিঠা ৰখা হৈছিল। (যাত্ৰা ৩৫:১৩; ৩৯:৩৬; ১ৰাজা ৭:৪৮; ২বং ১৩:১১; গণ ১০:৩২, ৩৩) হীব্ৰু ভাষাত দৰ্শন পিঠাৰ অৰ্থ হৈছে “মুখৰ পিঠা।” “মুখ” শব্দটো কেতিয়াবা কেতিয়াবা “ওচৰ” (২ৰাজা ১৩:২৩) বা উপস্থিতিক বুজাই আৰু সেইবাবে দৰ্শন পিঠা যিহোৱাৰ সন্মুখত উৎসৰ্গ বাবে নিয়মীয়াকৈ ৰখা হৈছিল। (যাত্ৰা ২৫:৩০).
চেপ্টেম্বৰ ২১-২৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যাত্ৰাপুস্তক ২৭-২৮
“পুৰোহিতসকলৰ বস্ত্ৰৰপৰা আমি কি শিকিব পাৰোঁ?”
it-২ ১১৪৩
ঊৰীম আৰু তুম্মীম
বাইবেলৰ বিষয়ে মতামত দিয়া কিছুমান লোকে বিশ্বাস কৰিছিল যে ঊৰীম আৰু তুম্মীম প্ৰকৃততে চিঠি আছিল। জেমচ মৌফেদৰ যাত্ৰাপুস্তক ২৮:৩০ পদৰ অনুবাদত ইয়াক “পবিত্ৰ চিঠি” বুলি কৰা হৈছে। কিছুমান লোকে বিশ্বাস কৰিছিল যে ইয়াত তিনিখন চিঠি আছিল। প্ৰথমখনত “হয়” বুলি লিখি আছিল, দ্বিতীয়খনত “নহয়” আৰু তৃতীয়খনত একো লিখা নাছিল। কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ চিঠি খেলা হৈছিল। যি চিঠিখন তুলা হৈছিল, সেয়াই এই প্ৰশ্নৰ উত্তৰ বুলি ধৰি লোৱা হৈছিল আৰু যদি চিঠিখনত একো লিখা নাথাকে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছিল কোনো উত্তৰ নাই। আনহাতে কিছুমান লোকে বিশ্বাস কৰিছিল যে ঊৰীম আৰু তুম্মীম দুটা চেপেটা শিল আছিল। এই শিলচটা এফালে বগা আৰু আনফালে কʼলা আছিল। এই শিল দলিয়ালে যদি দুয়োটা শিলৰ বগা অংশ ওপৰলৈ আহে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছিল “হয়”। যদি কʼলা অংশ ওপৰলৈ আহে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছিল “নহয়”। আকৌ যদি এটা শিলৰ কলা অংশ আৰু আনটো শিলৰ বগা অংশ ওপৰলৈ আহে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছিল “কোনো উত্তৰ নাই”। এসময়ত পুৰোহিতৰ যোগেদি চৌলে যিহোৱাক শুধিছিল যে তেওঁলোকে পলেষ্টিয়াবিলাকক আক্ৰমণ কৰিবনে নকৰে, কিন্তু তেওঁ একো উত্তৰ নাপালে। তেতিয়া চৌলে ভাবিলে যে তেওঁলোকৰ মাজৰ কোনোবাই পাপ কৰিছে, সেইবাবে তেওঁ যিহোৱাক এইদৰে কৈছিল, “যথাৰ্থ কি, তাক দেখুৱাই দিয়া; তাতে চিঠি-খেলৰ দ্বাৰাই” দেখুৱাই দিয়া। তেতিয়া সকলোৰে মাজৰে পৰা চৌল আৰু যোনাথনক বাচনি কৰা হʼল আৰু তেওঁলোকৰ মাজৰ কোন দোষী নিৰ্ণয় কৰিবলৈ চিঠি খেলা হʼল। “যথাৰ্থ কি, তাক দেখুৱাই দিয়া; তাতে চিঠি খেলৰ দ্বাৰাই” এই বাক্যৰ পৰা বুজিব পাৰি যে হয়তো ঊৰীম আৰু তুম্মীম চিঠি নাছিল, কিন্তু চিঠি-খেলাৰ লগত নিশ্চয় কিবা সম্পৰ্ক আছিল।—১চমূ ১৪:৩৬-৪২.
it-১ ৮৪৯ ¶৩
কঁপাল
ইস্ৰায়েলৰ মহা-পুৰোহিত। ইস্ৰায়েলৰ মহা-পুৰোহিতৰ পাগ্টোৰ আগফালে শুদ্ধ সোণৰ এচটা পতা বন্ধা হৈছিল, সেই “পবিত্ৰ পতাৰ” ওপৰত “যিহোৱাৰ উদ্দেশে পবিত্ৰ” এই বচন কাটি লিখা হৈছিল। (যাত্ৰা ২৮:৩৬-৩৮; ৩৯:৩০) যিহোৱাৰ উপাসনাত মহা-পুৰোহিতসকল, লোকসকলৰ মুখ্য প্ৰতিনিধি আছিল। সেইবাবে তেওঁলোকে যিহোৱাৰ দৃষ্টিত শুদ্ধ হৈ থকা অতি প্ৰয়োজন আছিল। এই বচনে ইস্ৰায়েলীসকলক মনত পেলাই দিছিল যে যিহোৱাৰ উপাসকসকলক শুদ্ধ হৈ থকা উচিত। সোণৰ পতাত কাটি লিখা সেই বচন যীচু খ্ৰীষ্টৰ ওপৰত প্ৰযোজ্য হয়, যাক যিহোৱাই সবাতোতকৈ ডাঙৰ মহা-পুৰোহিত হিচাপে নিযুক্ত কৰিছে আৰু যি যিহোৱাৰ দৰে পবিত্ৰ হয়।—ইব্ৰী ৭:২৬.
w০৮ ৮/১৫ ১৫ ¶১৭
মৰ্য্যদা দেখুৱাই যিহোৱাক সন্মান কৰক
১৭ আমি যিহোৱাক উপাসনা কৰাৰ সময়ত সন্মান দেখুৱাবলৈ বিশেষ ধ্যান দিয়া উচিত। উপদেশক ৫:১ পদত এইদৰে উল্লেখ আছে: “তুমি ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা।” মোচি আৰু যিহোচূৱা পবিত্ৰ ঠাইত থিয় হৈ আছিল, সেইবাবে তেওঁলোকক জোতা খুলিবলৈ আজ্ঞা দিয়া হৈছিল। (যাত্ৰা. ৩:৫; যিহো. ৫:১৫) তেওঁলোকৰ জোতা খোলাই, আদৰ আৰু সন্মানক চিত্ৰিত কৰে। ইস্ৰায়েলী পুৰোহিতসকলক “গাৰ বিবস্ত্ৰতা ঢাকিবৰ নিমিত্তে” শণ সূতাৰ জাঙিয়া পৰিধান কৰিবলৈ আজ্ঞা দিয়া হৈছিল। (যাত্ৰা. ২৮:৪২, ৪৩) এই আজ্ঞা, তেওঁলোকে বেদিত বলি বা ধূপ জ্বলোৱাৰ সময়ত, যাতে বিবস্ত্ৰ হৈ নাথাকে সেইবাবে দিয়া হৈছিল, কিয়নো এয়া যিহোৱাৰ দৃষ্টিত ঘিণ লগীয়া বিষয় আছিল। পুৰোহিতসকলৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই, ঈশ্বৰৰ মানদণ্ড অনুসৰি মৰ্য্যদা দেখুৱাৰ প্ৰয়োজন আছিল।
আধ্যাত্মিক ৰত্ন বিচাৰক
w১২ ৮/১ ২৬ ¶১-৩
আপুনি জানেনে?
ইস্ৰায়েলৰ পুৰোহিতসকলৰ বুকুপটাত যি ৰত্ন আছিল, সেয়া কʼৰ আছিল?
ইস্ৰায়েলীসকল অৰণ্যত থকাৰ সময়ত যিহোৱাই তেওঁলোকক মহা-পুৰোহিতৰ বুকুপটা বনাবলৈ আজ্ঞা দিছিল। (যাত্ৰাপুস্তক ২৮:১৫-২১) বুকুপটাত চুনী, পীতমণি, মৰকত, পদ্মৰাগ, নীলকান্ত, হীৰা, পেৰোজ, যিন্ম, কটাহেলা, বৈদূৰ্য্য, গোমেদক, আৰু সূৰ্য্যকান্ত আদি ৰত্ন আছিল। ইস্ৰায়েলীসকলে এই ৰত্নবোৰ কʼৰপৰা লাভ কৰিছিল?
প্ৰাচীন সময়ত লোকসকলে ৰত্নবোৰক মূল্যৱান বুলি ভাবিছিল আৰু সেইবোৰৰ কিনা-বেচা কৰিছিল। মিচৰীয়াসকল দূৰ-দূৰণিৰ দেশৰপৰা ৰত্ন কিনিছিল, যেনে ইৰান, আফগানিস্তান আৰু হয়তো ভাৰতৰপৰাও। মিচৰ দেশৰ খাদৰপৰা বিভিন্ন ধৰণৰ অমূল্য ৰত্ন খান্দি ওলোৱা হৈছিল। মিচৰৰ ৰজাসকলে যিবোৰ ঠাই অধিকাৰ কৰিছিল, সেই ঠাইবোৰৰ খাদৰপৰা তেওঁলোকে ৰত্ন উলিয়াইছিল। ইয়োবে কৈছিল যে তেওঁৰ সময়ত নীলকান্ত, গোমেদক আৰু বিভিন্ন ধৰণৰ ৰত্ন বিচাৰিবলৈ সুৰংগ খন্দা হৈছিল।—ইয়ো ২৮:১-১১, ১৯.
বাইবেলত উল্লেখ আছে যে মিচৰপৰা ওলোৱা সময়ত ইস্ৰায়েলীসকলে “মিচৰীয়াহঁতক লুট কৰা যেন কৰিলে।” (যাত্ৰাপুস্তক ১২:৩৫, ৩৬) সেইবাবে মহা-পুৰোহিতৰ বুকুপটাত যি ৰত্ন আছিল, সেয়া হয়তো মিচৰীয়াসকলৰপৰা লোৱা হৈছিল।
it-১ ১১৩০ ¶২
পবিত্ৰতা
জীৱ-জন্তু আৰু উৎপাদন। প্ৰথমে জন্মা গৰু, মেৰ বা ছাগলীৰ মতা পোৱালীবিলাকক যিহোৱাই পবিত্ৰ বুলি গণ্য কৰিছিল। সেইবিলাকক বলিদান দিয়া হৈছিল আৰু তাৰে এটা অংশ পুৰোহিতসকলে লাভ কৰিছিল। (গণ ১৮:১৭-১৯) প্ৰথমে উৎপন্ন হোৱা ফল আৰু শস্য পবিত্ৰ আছিল, এই সকলো উপহাৰ পবিত্ৰ ঠাইত উৎসৰ্গ কৰা হৈছিল। (যাত্ৰা ২৮:৩৮) যিহোৱালৈ উৎসৰ্গ কৰা সকলোবোৰ বস্তু পবিত্ৰ আছিল আৰু এই সকলোবোৰ বস্তু অন্য কামত বা অশুচি উপায়ৰে ব্যৱহাৰ কৰা নহৈছিল। উদাহৰণস্বৰূপে শস্যৰ বিষয়ে দিয়া নিয়মৰ অনুসৰি, যদি এজন ব্যক্তিয়ে উৎসৰ্গ কৰিবলগীয়া শস্যৰ ভাগ পৃথক কৰি ৰাখে আৰু অজানিতে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই ঘৰুৱা কামত ব্যৱহাৰ কৰে, যেনে ৰান্ধিবলৈ, তেনেহʼলে তেওঁ ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ নিয়ম উলংঘন কৰাৰ দৰে হʼব। নিয়মৰ অনুসৰি তেওঁ ক্ষতিপূৰণ কৰিব লগতে পাঁচ ভাগৰ এভাগ বেছিকৈ দিব আৰু এটা দোষাৰ্থক মেৰ-বলি দিব। এই নিয়মৰপৰা বুজিব পাৰি যে যিহোৱাৰ পবিত্ৰ বস্তুবোৰৰ বাবে কিমান সন্মান দেখুৱা হৈছিল।—লেবী ৫:১৪-১৬.
চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যাত্ৰাপুস্তক ২৯-৩০
“যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ”
it-২ ৭৬৪-৭৬৫
নাম লিখোৱা
চীনয় অৰণ্যত। ইস্ৰায়েলীসকলে মিচৰ দেশৰপৰা ওলোৱা, দ্বিতীয় বছৰৰ দ্বিতীয় মাহত চীনয় অৰণ্যত যিহোৱাই মোচিক ইস্ৰায়েলীসকলৰ নাম লিখিবলৈ কৈছিল। এই কামত মোচিক সহায় কৰিবলৈ প্ৰত্যেক জাতিৰ এজন-এজন ব্যক্তিক বাচনি কৰা হৈছিল, যিসকলে নিজৰ জাতিৰ লোকসকলৰ নাম লিখাৰ দায়িত্ব লৈছিল। যিসকলৰ বয়স ২০ বছৰ বা তাতকৈ অধিক আছিল আৰু যিসকলে ইস্ৰায়েলৰ সেনাত ভৰ্তি হʼবলৈ যোগ্য আছিল, তেওঁলোকৰ নাম লিখা হৈছিল আৰু তেওঁলোকে পবিত্ৰ স্থানত কৰা সেৱাৰ বাবে আধা চেকল (প্ৰায় ৮৩ টকা) দান কৰিব লগীয়া হৈছিল। (যাত্ৰা ৩০:১১-১৬; গণ ১:১-১৬, ১৮, ১৯) তেওঁলোকৰ সৰ্বমুঠ গণনা ৬,০৩,৫৫০ আছিল। এই গণনাত লেবীসকলক গণনা কৰা হোৱা নাছিল, কিয়নো তেওঁলোকৰ জাতিক পুৰুষাণুক্ৰমে মাটি দিয়া নহৈছিল। লেবীসকলে পবিত্ৰ স্থানত কৰা সেৱাৰ বাবে দান কৰা বা সেনাত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নাছিল।—গণ ১:৪৪-৪৭; ২:৩২, ৩৩; ১৮:২০, ২৪.
it-১ ৫০২
দান
নিয়মৰ অনুসৰি কিছুমান ক্ষেত্ৰত ইস্ৰায়েলীসকলক দান দিয়াৰ প্ৰয়োজন আছিল। যেতিয়া মোচিয়ে ইস্ৰায়েলীসকলৰ গণনা কৰিছিল, তেতিয়া যিসকলৰ বয়স ২০ বা তাতকৈ বেছি আছিল, তেওঁলোকে ‘নিজ নিজ প্ৰাণৰ অৰ্থে পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল’ (প্ৰায় ৮৩ টকা) দিব লগীয়া হৈছিল। সেয়া তেওঁলোকৰ মুক্তিধনৰ বাবে আৰু সাক্ষাৎ কৰা তম্বুত কৰা সেৱাৰ বাবে “যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ”আছিল। (যাত্ৰা ৩০:১১-১৬) যিহূদী ইতিহাসবিদ যোচেফাচৰ মতে, আগলৈ এই পবিত্ৰ “কৰ” প্ৰতিবছৰে দিয়া হৈছিল।—২বং ২৪:৬-১০; মথি ১৭:২৪.
w১১ ১১/১ ১২ ¶১-২
আপুনি জানেনে?
যিৰূচালেমৰ যিহোৱাৰ মন্দিৰত সেৱা কৰিবলৈ টকা-পইচা কʼৰপৰা পাইছিল?
মন্দিৰৰ সেৱাত হোৱা খৰচ পূৰ কৰিবলৈ ইস্ৰায়েলীসকলক কৰ দিব লগীয়া হৈছিল। ইস্ৰায়েলীসকলে নিজৰ মজুৰিৰ দহ ভাগ দিব লগীয়া হৈছিল, লগতে আৰু বহুতো ধৰণৰ কৰ দিছিল। উদাহৰণস্বৰূপে, পবিত্ৰ-স্থান নিৰ্মাণ কৰাৰ সময়ত, যিহোৱাই মোচিক, যিসকল ইস্ৰায়েলীৰ নাম লিখা হৈছিল, তেওঁলোকক আধা চেকল ৰূপ “যিহোৱাৰ উদ্দেশ্য” দান দিবলৈ কৈছিল।—যাত্ৰাপুস্তক ৩০:১২-১৬.
আগলৈ যিহূদীসকলৰ বাবে এয়া দস্তুৰ হৈ পৰিল। তেওঁলোকে আধা চেকল ৰূপ মন্দিৰৰ কাৰণে প্ৰতিবছৰে কৰ হিচাপে দিছিল। যেতিয়া যীচুৱে পিতৰক মাছৰ মুখৰপৰা এটকা ৰূপ উলিয়াই দিবলৈ কৈছিল, তেতিয়া তেওঁ এই কৰৰ বিষয়ে কৈছিল।—মথি ১৭:২৪-২৭.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ১০২৯ ¶৪
হাত
হাত ৰখা। এজন ব্যক্তি বা কোনো বস্তুৰ ওপৰত হাত থোৱাৰ বহুতো অৰ্থ বুজাইছিল। উদাহৰণস্বৰূপে, কাৰোবাক বিশেষ কামৰ বাবে বাচনি কৰা, আশীৰ্বাদ দিয়া, সুস্থ কৰা বা পবিত্ৰ আত্মাৰ আশীৰ্বাদ দিয়া। কেতিয়াবা কেতিয়াবা জীৱ-জন্তুক বলি দিয়াৰ আগতে সেইবোৰৰ ওপৰত হাত ৰখা হৈছিল। হাৰোণ আৰু তেওঁৰ সন্তানসকলক পৌৰোহিত্যৰ অধিকাৰ বাবে নিযুক্ত কৰা সময়ত, তেওঁলোকে এটা গৰু আৰু দুটা মেৰৰ মূৰত হাত ৰাখিছিল। এইদৰে কৰাৰ যোগেদি তেওঁলোকে এই জন্তুবোৰক বলিদান কৰা হʼব বুলি প্ৰকাশ কৰিছিল। এইদৰে কৰাৰ পাছতহে তেওঁলোকে পুৰোহিত হিচাপে যিহোৱা ঈশ্বৰৰ সেৱা কৰিব পাৰিলেহেঁতেন। (যাত্ৰা ২৯:১০, ১৫, ১৯; লেবী ৮:১৪, ১৮, ২২) যেতিয়া যিহোৱাই মোচিক ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ যিহোচূৱাক বাচনি কৰিবলৈ কৈছিল, তেতিয়া মোচিয়ে যিহোচূৱাৰ ওপৰত হাত ৰাখিছিল। ইয়াৰ পাছত তেওঁ “জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ” হয় আৰু আগলৈ এই দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিলে। (দ্বিতী ৩৪:৯) কাৰোবাক আশীৰ্বাদ দিয়াৰ সময়তো তেওঁৰ ওপৰত হাত ৰখা হৈছিল। (আদি ৪৮:১৪; মাৰ্ক ১০:১৬) যীচু খ্ৰীষ্টই লোকসকলক সুস্থ কৰাৰ সময়ত তেওঁলোকক চুইছিল বা তেওঁলোকৰ ওপৰত হাত ৰাখিছিল। (মথি ৮:৩; মাৰ্ক ৬:৫; লূক ১৩:১৩) পাঁচনিসকলে লোকসকলক পবিত্ৰ আত্মা দিবলৈ কেতিয়াবা কেতিয়াবা তেওঁলোকৰ ওপৰত হাত ৰাখিছিল।—পাঁচ ৮:১৪-২০; ১৯:৬.
it-১ ১১৪ ¶১
অভিষিক্ত, অভিষেক
যিহোৱাই মোচিক দিয়া নিয়মত, তেওঁ পবিত্ৰ তেল তৈয়াৰ কৰা বিধি দিছিল। এই তেলত বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, গন্ধৰস, সুগন্ধি দালচিনি, বচ, তেজপাত আৰু জিত তেল দিয়া হৈছিল। (যাত্ৰা ৩০:২২-২৫) যদি কোনোবাই এই মিশ্ৰণেৰে তেল তৈয়াৰ কৰে আৰু অধিকাৰ নিদিয়া কোনো ব্যক্তিক লগাই, তেনেহʼলে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল। (যাত্ৰা ৩০:৩১-৩৩) ইয়াৰপৰা বুজিব পাৰি যে এই পবিত্ৰ তেলেৰে কোনো এজন ব্যক্তিক অভিষিক্ত কৰোৱাঁ, যিহোৱাৰ দৃষ্টিত কিমান অৰ্থ ৰাখে।