ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bh অধ্যায় ৮ পৃষ্ঠা ৭৬-৮৫
  • ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • বাইবেলে প্ৰকৃততে কি শিকায়?
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
  • ঈশ্বৰৰ ৰাজ্যই কেতিয়া এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
বাইবেলে প্ৰকৃততে কি শিকায়?
bh অধ্যায় ৮ পৃষ্ঠা ৭৬-৮৫

আঠ অধ্যায়

ঈশ্বৰৰ ৰাজ্য কি হয়?

  • ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?

  • প্ৰকৃততে ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

  • এই ৰাজ্যই পৃথিৱীত কেতিয়া ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব?

১. সকলোৰে পৰিচিত কোনটো প্ৰাৰ্থনাৰ বিষয়ে আমি আলোচনা কৰিম?

পৃথিৱীৰ বহুতোলোকে প্ৰভুৰ প্ৰাৰ্থনাৰ বিষয়ে পৰিচিত। প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে তাৰে এটা উদাহৰণ যীচু খ্ৰীষ্টই নিজেই দেখুৱাই গৈছে। এই প্ৰাৰ্থনাৰ এক গভীৰ অৰ্থ আছে আৰু ইয়াৰ প্ৰথম তিনিটা বিনতিয়ে আপোনাক বাইবেলে প্ৰকৃততে কি শিকায় তাৰ বিষয়ে জানিবলৈ সহায় কৰিব।

২. যীচুৱে তেওঁৰ প্ৰাৰ্থনাত কি তিনিটা মুখ্য বিষয় তেওঁৰ শিষ্যসকলক শিকাইছিল?

২ এই প্ৰাৰ্থনাৰ আৰম্ভণিত যীচুৱে কৈছিল: “এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:৯-১৩) ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাত যীচুৱে উল্লেখ কৰা তিনিটা বিনতিত কি মুখ্য বিষয় জড়িত আছে?

৩. আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি জনাৰ প্ৰয়োজন?

৩ যীচুৱে প্ৰাৰ্থনাত উল্লেখ কৰাৰ দৰে, আমি যিহোৱাৰ নামৰ বিষয়ে আগতেই বহু কথা শিকিলোঁ। ইয়াৰ লগতে আমি ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়েও আলোচনা কৰিছিলোঁ যে তেওঁ বৰ্তমানলৈকে মানৱ জাতিৰ বাবে কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব। যীচুৱে আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “তোমাৰ ৰাজ্য হওক।” এতিয়া প্ৰশ্ন হয় যে ‘তোমাৰ ৰাজ্য’ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্য বুলি কʼলে কি বুজায়? এই ৰাজ্যই কেনেকৈ ঈশ্বৰৰ নাম পূজনীয় বা পবিত্ৰকৃত কৰিব? ঈশ্বৰৰ ৰাজ্য অহা আৰু তেওঁৰ ইচ্ছা পূৰ হোৱা, ইয়াৰ লগত কি সম্পৰ্ক আছে?

ঈশ্বৰৰ ৰাজ্য কি হয়

৪. ঈশ্বৰৰ ৰাজ্য কি আৰু ইয়াৰ ৰজা কোন?

৪ ঈশ্বৰৰ ৰাজ্য হৈছে, যিহোৱাই প্ৰতিষ্ঠা কৰা এখন চৰকাৰ আৰু ইয়াৰ ৰজাক তেওঁ নিৰ্ব্বাচন কৰিছে। তেনেহʼলে এই ৰাজ্যৰ ৰজা কোন বাৰু? ইয়াৰ ৰজা হৈছে প্ৰভু যীচু খ্ৰীষ্ট। যীচু পৃথিৱীৰ সকলো শাসকতকৈ অতি মহান আৰু “তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা।” (প্ৰকাশিত বাক্য ১৭:১৪) এই পৃথিৱীত থকা শাসকসকলে ভাল কাম কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয়, এই সকলোৰে ভিতৰত যীচু খ্ৰীষ্টই হৈছে আটাইতকৈ শ্ৰেষ্ঠ শাসক। কিয়নো তেওঁৰ ওচৰত এনে কাম কৰিবলৈ অসীম শক্তি আৰু সামৰ্থ আছে।

৫. ঈশ্বৰৰ ৰাজ্যই কʼৰপৰা আৰু কাৰ ওপৰত শাসন কৰিব?

৫ ঈশ্বৰৰ ৰাজ্যই কʼৰপৰা শাসন কৰিব? যʼত ইয়াৰ ৰজা থাকিব লাগে। আপোনাৰ নিশ্চয় মনত আছে যে যীচুক যাতনা স্তম্ভত মৃত্যুদণ্ড দিয়া হৈছিল আৰু তাৰ কেইদিনমানৰ পাছতেই তেওঁক পুনৰুত্থান কৰা হৈছিল। পুনৰুত্থানৰ ৪০ দিনৰ পাছত তেওঁ স্বৰ্গলৈ গʼল। (পাঁচনিৰ কৰ্ম্ম ২:৩৩) গতিকে আমি কʼব পাৰোঁ যে ঈশ্বৰৰ ৰাজ্য হৈছে স্বৰ্গত। সেইবাবে বাইবেলে ইয়াক ‘স্বৰ্গৰাজ্য’ বুলিও উল্লেখ কৰিছে। (২ তীমথিয় ৪:১৮) ঈশ্বৰৰ ৰাজ্য স্বৰ্গত আছে আৰু এই ৰাজ্যই প্ৰকৃততে তাৰপৰাই পৃথিৱীৰ ওপৰত শাসন কৰিব।—প্ৰকাশিত বাক্য ১১:১৫ পঢ়ক।

৬, ৭. যীচুক কিয় এজন মহান ৰজা বুলি কʼব পাৰি?

৬ যীচুক কিয় এজন মহান ৰজা বুলি কʼব পাৰি? ইয়াৰ এটা কাৰণ হৈছে যে তেওঁৰ কেতিয়াও মৃত্যু নহʼব। পৃথিৱীৰ ৰজাসকলৰ তুলনাত বাইবেলে তেওঁৰ বিষয়ে উল্লেখ কৰিছে যে তেওঁ “মাংসিক আদেশৰ বিধান অনুসাৰে নহৈ, অলোপ্য জীৱনৰ শক্তি অনুসাৰে হল।” (ইব্ৰী ৭:১৫, ১৬) ইয়াৰ অৰ্থ হৈছে যে যীচুৱে মানৱ জাতিৰ বাবে কৰা সকলো ভাল কাম চিৰস্থায়ী হʼব। নিঃসন্দেহ, যীচুৱে বহুতো মহান আৰু ভাল কাম কৰিব।

৭ যীচু খ্ৰীষ্টৰ বিষয়ে কৰা এই ভৱিষ্যতবাণীলৈ লক্ষ্য কৰক: “যিহোৱাৰ আত্মা, প্ৰজ্ঞা, আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হব; যিহোৱা বিষয়ক ভয় তেওঁলৈ সুঘ্ৰাণস্বৰূপ হব, আৰু নিজ চকুৰ দৃষ্টি অনুসাৰে তেওঁ বিচাৰ নকৰিব, নাইবা নিজ কাণেৰে শুনাৰ দৰে বিচাৰ নিস্পত্তি নকৰিব। কিন্তু তেওঁ ধাৰ্ম্মিকতাৰে দৰিদ্ৰবিলাকৰ সোধ কৰিব, আৰু ন্যায়েৰে পৃথিবীৰ নম্ৰ লোকবিলাকৰ নিমিত্তে বিচাৰ নিস্পত্তি কৰিব, আৰু নিজ মুখৰ দণ্ডেৰে পৃথিবীক প্ৰহাৰ কৰিব, আৰু নিজ ওঁঠৰ ফুৰে দুষ্টক মাৰিব।” (যিচয়া ১১:২-৪) ইয়াৰপৰা বুজিব পাৰি যে যীচুৱে ধাৰ্ম্মিকতা আৰু ন্যায়েৰে এই পৃথিৱীৰ লোকসকলৰ ওপৰত শাসন কৰিব। আপুনি এনে এজন শাসকৰ বাবে আশা নকৰেনে?

৮. যীচুৰ সৈতে কোনে শাসন কৰিব?

৮ ঈশ্বৰৰ ৰাজ্য যে বাস্তৱ হয় তাৰ আন এক সত্যতালৈ লক্ষ্য কৰক। এই ৰাজ্যৰ ৰজা কেৱল যীচুৱেই নহয়। তেওঁৰ লগত আৰু কিছুমান লোকেও সহ-শাসক হিচাপে শাসন কৰিব। সেই লোকসকল কোন হয়? পাঁচনি পৌলে, তীমথিয়ক এইদৰে কৈছিল: “আমি যদি সহন কৰোঁ, তেন্তে তেৱেঁ সৈতে ৰাজত্বও কৰিম।” (২ তীমথিয় ২:১২) গতিকে আমি কʼব পাৰোঁ যে পৌল, তীমথিয় আৰু অন্যান্য বিশ্বাসী লোকসকলক যীচুৰ লগত শাসন কৰিবলৈ ঈশ্বৰে নিৰ্ব্বাচিত কৰিছে। যীচুৰ সৈতে শাসন কৰা লোকসকলৰ সংখ্যা কিমান বাৰু?

৯. যীচু খ্ৰীষ্টৰ সৈতে কিমান জন লোকে শাসন কৰিব, আৰু এই লোকসকলক ঈশ্বৰে কেতিয়াৰপৰা নিৰ্ব্বাচন কৰিবলৈ আৰম্ভ কৰিলে?

৯ আপোনাৰ নিশ্চয় মনত আছে যে সাত অধ্যায়ত পাঁচনি যোহনে এটা দৰ্শনৰ বিষয়ে উল্লেখ কৰিছিল। সেই দৰ্শনত তেওঁ দেখিছিল: “সেই মেৰ পোৱালি [যীচু খ্ৰীষ্ট] চিয়োন পৰ্ব্বতৰ ওপৰত থিয় হৈ আছিল; আৰু তেওঁৰ লগত এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁবিলাকৰ কপালত তেওঁৰ নাম, আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।” ইয়াত বৰ্ণনা কৰা অনুসৰি ১,৪৪,০০০ এই লোকসকল কোন হয় বাৰু? যোহনে ইয়াৰ উত্তৰ দিয়ে: “সেই মেৰ পোৱালি যʼলৈকে যায়, তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়; ঈশ্বৰৰ আৰু সেই মেৰ পোৱালিৰ উদ্দেশে প্ৰথম ফল বুলি, তেওঁবিলাকক মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হল।” (প্ৰকাশিত বাক্য ১৪:১, ৪) এই লোকসকল হৈছে, যীচুৰ বিশ্বাসী অনুগামী আৰু তেওঁলোকক যীচুৰ লগত একেলগে স্বৰ্গত শাসন কৰিবলৈ মনোনীত কৰা হৈছে। তেওঁলোকক মৃত্যুৰ পাছত চকুৰ পচাৰতে স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান কৰা হয় আৰু তাত তেওঁলোকে ৰজা হিচাপে, “পৃথিবীৰ ওপৰত ৰাজত্ব কৰিব।” (প্ৰকাশিত বাক্য ৫:১০) স্বৰ্গীয় জীৱনৰ বাবে আশা থকা ১,৪৪,০০০ জন বিশ্বাসী খ্ৰীষ্টানসকলক, যিহোৱা ঈশ্বৰে প্ৰথম শতিকাৰপৰা নিৰ্ব্বাচন কৰিবলৈ আৰম্ভ কৰিলে।

১০. মানৱ জাতিৰ ওপৰত শাসন কৰিবলৈ যীচু আৰু ১,৪৪,০০০ জনক নিৰ্ব্বাচিত কৰাটো কিয় ঈশ্বৰৰ এক প্ৰেমৰ ব্যৱস্থা?

১০ মানৱ জাতিৰ ওপৰত শাসন কৰিবলৈ যীচু আৰু ১,৪৪,০০০ জনক নিৰ্ব্বাচিত কৰাটো হৈছে ঈশ্বৰৰ এক প্ৰেমৰ ব্যৱস্থা। যীচুক নিৰ্ব্বাচন কৰাৰ এটা কাৰণ হৈছে যে তেওঁ এই পৃথিৱীত থাকোঁতে নিজেই দুখ আৰু বেদনাৰ মাজেৰে পাৰ হৈছিল। সেইবাবে, যেতিয়া কোনো এজন ব্যক্তিয়ে এনে পৰিস্থিতিৰ মাজেৰে পাৰ হয় যীচুৱে এইবোৰ ভালদৰে অনুভৱ কৰিব পাৰে। পৌলে যীচুৰ বিষয়ে এইদৰে কৈছিল: “কিয়নো আমাৰ যি মহা-পুৰোহিত, তেওঁ যে আমাৰ দুৰ্ব্বলতাত হোৱা দুখত দুঃখিত হব নোৱাৰে, এনে নহয়; কিন্তু তেওঁ, বিনাপাপে, সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।” (ইব্ৰী ৪:১৫; ৫:৮) যীচুৰ লগত শাসন কৰিবলৈ নিৰ্ব্বাচন কৰা লোকসকলেও সকলো ধৰণৰ দুখ-কষ্টৰ মাজেৰে পাৰ হয়। ইয়াৰ উপৰিও তেওঁলোকে অসিদ্ধতাৰ বাবে হোৱা সমস্যা আৰু সকলো ধৰণৰ ৰোগ আদিৰ বাবে সংঘৰ্ষ কৰে। গতিকে, আজি মানৱ সমাজে ভুগী থকা দুখ-কষ্ট আৰু সকলো সমস্যাৰ বিষয়ে তেওঁলোকে নিশ্চয় ভালদৰে বুজিব পাৰিব।

ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

১১. স্বৰ্গত ঈশ্বৰৰ ইচ্ছা পূৰ হʼবলৈ যীচুৱে কিয় তেওঁৰ অনুগামীসকলক প্ৰাৰ্থনা কৰিবলৈ কৈছিল?

১১ আপোনাৰ নিশ্চয় মনত আছে যে যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ অনুগামীসকলক কৈছিল। তেওঁ এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, “যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” আমাৰ ঈশ্বৰ যিহোৱা স্বৰ্গত থাকে আৰু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ তাত বহুতো বিশ্বাসী স্বৰ্গদূত আছে। এই কিতাপৰ তিনি অধ্যায়ত আমি শিকিছিলোঁ যে এটা দুষ্ট স্বৰ্গদূতে ঈশ্বৰৰ ইচ্ছা অনুসৰি চলিবলৈ বাদ দিলে, তথা আদম আৰু হৱাক পাপ কৰিবলৈ প্ৰভাৱিত কৰিলে। বৰ্তমানে এই দুষ্ট স্বৰ্গদূতক চয়তান বুলি কোৱা হয় আৰু ইয়াৰ বিষয়ে দহ অধ্যায়ত বিতংভাৱে আলোচনা কৰা হʼব। যিসকল দুষ্ট স্বৰ্গদূতে চয়তানক অনুকৰণ কৰিবলৈ নিৰ্ণয় লৈছিল, তেওঁলোকক “ভূত” বুলি কোৱা হয়। (মথি ৯:৩৪) চয়তান আৰু এই ভূতবিলাকক অলপ সময়ৰ বাবে স্বৰ্গত থাকিবলৈ অনুমতি দিয়া হৈছিল। গতিকে, আমি কʼব পাৰোঁ যে স্বৰ্গত এনে এটা সময় আছিল, যেতিয়া তাত সম্পূৰ্ণৰূপে ঈশ্বৰৰ ইচ্ছা পালন কৰা হোৱা নাছিল। ঈশ্বৰৰ ৰাজ্যই শাসন কৰাৰ সময়ত এই পৰিস্থিতিক পৰিৱৰ্তন কৰিবলগীয়া আছিল। যীচু খ্ৰীষ্টই ৰজা হোৱাৰ পাছতে চয়তানৰ বিৰুদ্ধে যুদ্ধ কৰি তাক স্বৰ্গৰপৰা বাহিৰ কৰিলে।—প্ৰকাশিত বাক্য ১২:৭-৯ পঢ়ক।

১২. প্ৰকাশিত বাক্য ১২:১০ পদত কি দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ আছে?

১২ আগলৈ কি ঘটিব তাৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল: “তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ, এতিয়া পৰিত্ৰাণ, শক্তি, আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ, আৰু ক্ষমতা তেওঁৰ অভিষিক্ত জনাৰ হল; কিয়নো আমাৰ ভাইবিলাকৰ যি অপবাদকে [চয়তানে] দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ অপবাদ দিয়ে, তাক পেলোৱা হল।” (প্ৰকাশিত বাক্য ১২:১০) এই পদত দুটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ কৰা আপুনি লক্ষ্য কৰিছেনে? ইয়াৰ প্ৰথমটো হৈছে, যীচু খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ আৰু দ্বিতীয় বিষয় হৈছে, চয়তানক স্বৰ্গৰপৰা এই পৃথিৱীলৈ পেলাই দিয়া।

১৩. চয়তানক স্বৰ্গৰপৰা বাহিৰ কৰি দিয়াৰ ফলত কি হʼল?

১৩ এই দুটা ঘটনা ইতিমধ্যে যে ঘটিল তাৰ বিষয়ে আগলৈ আমি আৰু শিকিবলৈ পাম। এই দুটা ঘটনাৰ পৰিণাম কি হʼল? স্বৰ্গত কি হʼল তাৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “এই কাৰণে, হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা!” (প্ৰকাশিত বাক্য ১২:১২) হয়, মন কৰিবলগীয়া কথা যে চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰক স্বৰ্গৰপৰা বাহিৰ কৰা হৈছে আৰু সেইবাবে স্বৰ্গত সকলো স্বৰ্গদূতে আনন্দ কৰিছে। এতিয়া স্বৰ্গত মাত্ৰ ঈশ্বৰৰ বিশ্বাসী স্বৰ্গদূতসকলেহে আছে আৰু সেইবাবে তাত সম্পূৰ্ণ একতা তথা শান্তি বিৰাজমান কৰিছে। আচলতে এতিয়াহে স্বৰ্গত ঈশ্বৰৰ ইচ্ছা পূৰ হৈছে।

যাতনা, যুদ্ধ, অপৰাধ আৰু পদুষণৰ দৃশ্য

চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰক স্বৰ্গৰপৰা পেলাই দিয়াৰ ফলত পৃথিৱীত সন্তাপ হʼল। এনে সমস্যাবোৰ অতি সোনকালে শেষ কৰা হʼব

১৪. চয়তানক পৃথিৱীত পেলোৱাৰ পৰিণাম কি হʼল?

১৪ এই সকলোবোৰ হোৱাৰ পাছত পৃথিৱীত কি ঘটিল? বাইবেলে ইয়াৰ উত্তৰ দিয়ে: “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” (প্ৰকাশিত বাক্য ১২:১২) চয়তানক স্বৰ্গৰপৰা বাহিৰ কৰি দিয়া হৈছে আৰু এই পৃথিৱীতো তাৰ অলপ সময় থকাৰ বাবে সি অতি ক্ৰুদ্ধ হৈছে। তাৰ খং উঠাৰ বাবে পৃথিৱীত সি দুৰ্দশা বা ‘সন্তাপৰ’ সৃষ্টি কৰিছে। এই সন্তাপবোৰৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম। এই সকলো কথা মনত ৰাখি আমি প্ৰশ্ন কৰিব পাৰোঁ যে ঈশ্বৰৰ ৰাজ্যই কেনেকৈ এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব?

১৫. এই পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

১৫ আপোনাৰ নিশ্চয় মনত আছে যে এই পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি, তাৰ বিষয়ে আমি তিনি অধ্যায়ত আলোচনা কৰিছিলোঁ। এদন বাগিচাত ঈশ্বৰে আদম আৰু হৱাক তেওঁৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰিছিল। এই পৃথিৱীখন এখন সুন্দৰ বাগিচালৈ ৰূপান্তৰ কৰা আৰু তাত ধাৰ্ম্মিক লোকসকলে অনন্ত জীৱন জীয়াই থকাটোৱেই হৈছে ঈশ্বৰৰ উদ্দেশ্য। কিন্তু চয়তানে আদম আৰু হৱাক ভুল পথলৈ পৰিচালিত কৰি ঈশ্বৰৰ উদ্দেশ্যক সম্পূৰ্ণ হʼবলৈ নিদিলে। ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰৰ উদ্দেশ্য সলনি হʼল। ঈশ্বৰৰ উদ্দেশ্য আৰম্ভণিতে যি আছিল, তাৰ পৰিৱৰ্তন হোৱা নাই আৰু তেওঁৰ সেই উদ্দেশ্য এতিয়াও একেই আছে। ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে গীতমালা ৩৭:২৯ পদত সুন্দৰকৈ বৰ্ণনা কৰিছে, “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” ঈশ্বৰৰ ৰাজ্যই তেওঁৰ এই উদ্দেশ্যক পূৰ কৰিব। ই কেনেকৈ সম্ভৱ হʼব?

১৬, ১৭. দানিয়েল ২:৪৪ পদত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছে?

১৬ দানিয়েল নামৰ কিতাপখনৰ ২:৪৪ পদত উল্লেখ কৰা ভৱিষ্যতবাণীলৈ লক্ষ্য কৰক: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” এই ভৱিষ্যতবাণীয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি বৰ্ণনা কৰিছে?

১৭ এই ভৱিষ্যতবাণীৰ অনুসৰি, প্ৰথমতে ঈশ্বৰৰ ৰাজ্য “সেই ৰজাবিলাকৰ কালত” স্থাপন হʼবলগীয়া আছিল। ইয়াৰ অৰ্থ হৈছে পৃথিৱীত বিভিন্ন চৰকাৰে শাসন কৰি থকা সময়ছোৱাত এই ৰাজ্য স্থাপন হʼব। দ্বিতীয়তে, ঈশ্বৰৰ এই ৰাজ্যই অনন্ত কালৰ বাবে শাসন কৰিব। ঈশ্বৰৰ এই চৰকাৰখনক কোনেও পৰাজিত কৰিব নোৱাৰিব আৰু আন কোনো চৰকাৰে ইয়াক অধিকাৰ কৰি নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব নোৱাৰিব। তৃতীয়তে, ভৱিষ্যতবাণীৰ অনুসৰি ঈশ্বৰৰ ৰাজ্য আৰু পৃথিৱীৰ ৰাজ্যবোৰৰ মাজত তয়া-ময়া যুদ্ধ হʼব আৰু এই যুদ্ধত ঈশ্বৰৰ ৰাজ্যই জয়লাভ কৰিব। এই সকলোৰে অন্তত কেৱল ঈশ্বৰৰ ৰাজ্যই গোটেই মানৱ জাতিৰ ওপৰত শাসন কৰিব। অৱশেষত গোটেই মানৱ সমাজে সকলোতকৈ উত্তম চৰকাৰৰ অধীনত আনন্দ উপভোগ কৰিব।

১৮. ঈশ্বৰৰ ৰাজ্য আৰু এই পৃথিৱীৰ চৰকাৰবোৰৰ মাজত হʼবলগীয়া যুদ্ধখনৰ নাম কি?

১৮ যীচু খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্য আৰু এই পৃথিৱীৰ ৰজাসকলৰ মাজত হোৱা যুদ্ধৰ বিষয়ে, বাইবেলে আমাক বহু কথা জানিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, এই বিষয়টোলৈ মন কৰক। হʼবলগীয়া এই যুদ্ধৰ কাষ চপাৰ লগে লগে দুষ্ট আত্মিক প্ৰাণীবোৰে “গোটেই জগতৰ ৰজা সকলক” মিছা কথা প্ৰচাৰ কৰি প্ৰতাৰণা কৰিব। এনে কৰাৰ প্ৰকৃত উদ্দেশ্য কি বাৰু? বাইবেলে ইয়াৰ বিষয়ে বৰ্ণনা কৰিছে যে “হৰমাগিদোন বোলা এখন ঠাইত” এই পৃথিৱীৰ ৰজাসকলক, “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ” একত্ৰিত কৰা হʼব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) এই পদবোৰত উল্লেখ কৰা অনুসৰি ঈশ্বৰৰ ৰাজ্য আৰু এই পৃথিৱীৰ চৰকাৰবোৰৰ মাজত হোৱা যুদ্ধখনৰ নাম হৈছে হৰমাগিদোন।

১৯, ২০. বৰ্তমান এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা কিয় পূৰ হোৱা নাই?

১৯ হৰমাগিদোনৰ যুদ্ধৰ যোগেদি ঈশ্বৰৰ ৰাজ্যই কি কৰিব? খন্তেক চিন্তা কৰক যে পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি আছিল। যিহোৱা ঈশ্বৰৰ উদ্দেশ্য আছিল যে ধাৰ্ম্মিক আৰু সিদ্ধ লোকসকলে এই পৃথিৱীৰ প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকি তেওঁক সেৱা কৰক। তেনেহʼলে ঈশ্বৰৰ এই উদ্দেশ্য আজি কিয় পূৰ হোৱা নাই? ইয়াৰ প্ৰথম কাৰণ হৈছে যে আমি অসিদ্ধ হোৱাৰ হেতুকে আমাৰ বেমাৰ আৰু মৃত্যু হয়। কিন্তু আমি পঞ্চম অধ্যায়ত শিকিছিলোঁ যে যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দিয়ে আৰু তাৰ পৰিণামস্বৰূপে আমি অনন্ত কাল জীয়াই থাকিব পাৰোঁ। আপোনাৰ নিশ্চয় যোহনৰ এই কথাষাৰ মনত আছে: “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।”—যোহন ৩:১৬.

২০ আন এক সমস্যা হৈছে, আজি বেছিভাগ মানুহে বেয়া কামবোৰত লিপ্ত হৈছে। তেওঁলোকে মিছা কথা কয়, ছল বা প্ৰবঞ্চনা কৰে আৰু অনৈতিক কামত লিপ্ত থাকে। তেওঁলোকে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ নিবিচাৰে। কিন্তু আমি মনত ৰখা উচিত যে যিসকল লোকে বেয়া বা অনৈতিক কামত লিপ্ত আছে, তেওঁলোকক হৰমাগিদোনৰ যুদ্ধত সম্পূৰ্ণৰূপে ধ্বংস কৰা হʼব। (গীতমালা ৩৭:১০ পঢ়ক।) ঈশ্বৰৰ ইচ্ছা পূৰ নোহোৱাৰ আন এক কাৰণ হৈছে যে এই পৃথিৱীৰ চৰকাৰবিলাকেও ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ লোকসকলক উদগনি দিয়া নাই। কাৰণ, আজি পৃথিৱীৰ বেছিভাগ চৰকাৰেই হৈছে দুৰ্বল, নিৰ্দয় বা দুৰ্নীতিপৰায়ণ। বাইবেলে এই চৰকাৰবোৰৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “কোনো কোনো সময়ত এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।”—উপদেশক ৮:৯.

২১. ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত কেনেকৈ তেওঁৰ ইচ্ছা পূৰ কৰিব?

২১ হৰমাগিদোনৰ পাছত মাত্ৰ এখন চৰকাৰে গোটেই মানৱ জাতিৰ ওপৰত শাসন কৰিব আৰু সেই চৰকাৰখন হৈছে, ঈশ্বৰৰ ৰাজ্য। কেৱল এই ৰাজ্যই ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব আৰু সকলোৰে বাবে বহুতো আশীৰ্ব্বাদ কঢ়িয়াই আনিব। উদাহৰণস্বৰূপে, এই ৰাজ্যই চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰক এক হাজাৰ বছৰৰ বাবে বন্দী কৰি ৰাখিব। (প্ৰকাশিত বাক্য ২০:১-৩) সেই সময়ত যীচুৰ বলিদানৰ প্ৰভাৱ প্ৰয়োগ কৰা হʼব আৰু তাৰ পৰিণামস্বৰূপে মানৱ জাতিৰ কেতিয়াও বেমাৰ আৰু মৃত্যু নহʼব। এই ৰাজ্যৰ অধীনত সকলো মানৱে অনন্ত কাল জীয়াই থাকিব। (প্ৰকাশিত বাক্য ২২:১-৩ পঢ়ক।) এই পৃথিৱীখনক এক সুন্দৰ বাগিচাৰূপী প্ৰমোদবনলৈ ৰূপান্তৰ কৰা হʼব। ইয়াৰ যোগেদি এই ৰাজ্যই ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব আৰু তেওঁৰ নাম মহান তথা পূজনীয় কৰিব। ইয়াৰ অৰ্থ কি বাৰু? ইয়াৰ অৰ্থ হৈছে যে সেই সময়ত ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা সকলো লোকে যিহোৱাৰ নাম স্বীকাৰ কৰিব।

ঈশ্বৰৰ ৰাজ্যই কেতিয়া এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিব?

২২. আমি কেনেকৈ কʼব পাৰোঁ যে যীচু খ্ৰীষ্ট এই পৃথিৱীত থকাৰ সময়ত বা তেওঁৰ পুনৰুত্থানৰ পাছত ঈশ্বৰৰ ৰাজ্য এই পৃথিৱীত স্থাপন হোৱা নাছিল?

২২ যীচুৱে যেতিয়া তেওঁৰ শিষ্যসকলক “তোমাৰ ৰাজ্য হওক” বুলি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, সেই সময়ত কিন্তু এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱা নাছিল। যীচুৱে স্বৰ্গলৈ যোৱাৰ পাছত এই ৰাজ্য স্থাপন হʼল নেকি? নহয়, কাৰণ যীচুৰ দুজন শিষ্য পিতৰ আৰু পৌলে বৰ্ণনা কৰা অনুসৰি যীচুৰ পুনৰুত্থানৰ পাছত গীতমালা ১১০:১ পদত কৰা ভৱিষ্যতবাণী পূৰ হʼবলৈ তেতিয়াও বাকী আছিল। তাত এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “যিহোৱাই মোৰ প্ৰভুক কলে, ‘মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁহাতে বহি থাকা।’” (পাঁচনিৰ কৰ্ম্ম ২:৩২-৩৫; ইব্ৰী ১০:১২, ১৩) ইয়াৰপৰা বুজিব পাৰি যে যীচুক কিছু সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল।

ঈশ্বৰৰ ৰাজ্যৰ অধীনত, ঈশ্বৰৰ ইচ্ছা যেনেকৈ স্বৰ্গত তেনেকৈ এই পৃথিৱীতো পূৰ কৰা হʼব

২৩. (ক) ঈশ্বৰৰ ৰাজ্যই কেতিয়াৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে? (খ) পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২৩ যীচু খ্ৰীষ্টই কিমান সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল? ১৯ আৰু ২০ শতিকাৰ সময়ছোৱাত বাইবেল অধ্যয়ন কৰা এটা সমূহে বিশ্বাস কৰিছিল যে যীচু খ্ৰীষ্টই ১৯১৪ চনলৈকে অপেক্ষা কৰিবলগীয়া আছিল। (এই তাৰিখৰ বাবে “বাইবেলত কৰা ভৱিষ্যতবাণীৰ এক গুৰুত্বপূৰ্ণ বছৰ—১৯১৪ চন” নামৰ অতিৰিক্ত লেখত চাওক।) বাইবেল বিদ্যাৰ্থীসকলে উল্লেখ কৰা অনুসৰি, ১৯১৪ চনৰ ঘটনাবোৰে প্ৰমাণ কৰিলে যে তেওঁলোকৰ বিশ্বাস প্ৰকৃততে সত্য আছিল। বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ পূৰ্ণতাই প্ৰমাণ কৰিলে যে ১৯১৪ চনত যীচু খ্ৰীষ্ট ৰজা হʼল আৰু ঈশ্বৰৰ ৰাজ্যই সেই সময়ৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে। গতিকে, আজি আমি চয়তানৰ বাবে বাকী থকা “অলপ” কালত জীয়াই আছোঁ। (প্ৰকাশিত বাক্য ১২:১২; গীতমালা ১১০:২) আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে অতি সোনকালে, ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ কাৰ্য্য কৰিব। আপোনাৰ বাবে ই এক ভাল খবৰ নহয়নে বাৰু? এইবোৰ সত্য হয় বুলি আপুনি বিশ্বাস কৰেনে? এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাব।

বাইবেলে কি শিকায়

  • ঈশ্বৰৰ ৰাজ্যই স্বৰ্গৰপৰা শাসন কৰিব আৰু ইয়াৰ ৰজা হৈছে যীচু খ্ৰীষ্ট। তেওঁৰ লগত শাসন কৰিবলৈ এই পৃথিৱীৰপৰা ১,৪৪,০০০ লোকক লোৱা হৈছে।—প্ৰকাশিত বাক্য ১৪:১, ৪.

  • এই চৰকাৰে ১৯১৪ চনৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত চয়তানক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলালে।—প্ৰকাশিত বাক্য ১২:৯.

  • ঈশ্বৰৰ ৰাজ্যই মানৱ চৰকাৰবোৰক ধ্বংস কৰিব আৰু তাৰ পাছত গোটেই পৃথিৱীখন এক সুন্দৰ বাগিচাৰূপী প্ৰমোদবনলৈ ৰূপান্তৰ কৰা হʼব।—প্ৰকাশিত বাক্য ১৬:১৪, ১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক