ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৯ পৃষ্ঠা ১২
  • ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ছবিবোৰৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৯ পৃষ্ঠা ১২

অধ্যায় ৯

ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

শাস্ত্ৰপদ

আদিপুস্তক ১৫:৫

সাৰাংশ: আপোনাৰ শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ স্পষ্ট কৰিবলৈ আৰু সহজে মনত ৰাখিবলৈ ছবি আৰু ভিডিঅʼবোৰ ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ শিক্ষা স্পষ্ট কৰিবলৈ ছবি আৰু ভিডিঅʼবোৰ নিৰ্ব্বাচন কৰক। ছবি, নক্সা, মানচিত্ৰ, সময় ৰেখা অথবা আন আন বস্তুবোৰ ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ বিষয়বোৰ তুলি ধৰক। অপ্ৰয়োজনীয় বিষয়বোৰ বৰ্ণনা কৰাৰপৰা আঁতৰি থাকক। আপুনি ব্যৱহাৰ কৰা কেৱল ছবি আৰু ভিডিঅʼবোৰৰ কথা শ্ৰোতাসকলে মনত ৰখাৰ পৰিৱৰ্তে, বিষয়টোৰ শিক্ষা তেওঁলোকে মনত ৰাখিবলৈ সহায় কৰক।

  • আপুনি দেখুৱা ছবি আৰু ভিডিঅʼবোৰ শ্ৰোতাসকলে ভালদৰে দেখাটো নিশ্চিত কৰক। উদাহৰণস্বৰূপে, মঞ্চৰপৰা কোনো এখন চিত্ৰ দেখুৱাৰ সময়ত নিশ্চিত কৰক যে শ্ৰোতাসকলে দেখিব পৰাকৈ চিত্ৰখন যেন ডাঙৰ হয়।

    ব্যৱহাৰিক পৰামৰ্শ

    আপোনাৰ প্ৰদৰ্শন আগবঢ়োৱাৰ আগত নিশ্চিত কৰক যে আপুনি ব্যৱহাৰ কৰিব বিচৰা ছবি আৰু ভিডিঅʼবোৰ প্ৰস্তুত আছে।

ঘোষণা কাৰ্য্যত

কোনো এখন প্ৰকাশনৰ ছবি গৃহস্থক দেখুৱাই, তেওঁ কি দেখা পাইছে, তাৰ ওপৰত মন্তব্য কৰিবলৈ কওক। মূল বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ, যদি প্ৰয়োজন হয় তেনেহʼলে অতিৰিক্ত প্ৰশ্ন সোধক। ভিডিঅʼখন দেখুৱাৰ সময়ত, ডিভাইচৰ স্ক্ৰীনখন গৃহস্থৰ সন্মুখত তুলি ধৰক। সাধাৰণতে, ভিডিঅʼখন দেখুৱাৰ সময়ত কথা পতা উচিত নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক