ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৬৮
  • দুজন লʼৰাক পুনৰ জীৱন দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুজন লʼৰাক পুনৰ জীৱন দিয়া
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • আপুনি বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এগৰাকী বিধৱাৰ লʼৰা আকৌ জীয়াই উঠিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • পুনৰুত্থান হৈছে এক উজ্জ্বল আশা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ ডাঙৰ সেনা-বাহিনী
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৬৮
চাৰিফৎ নগৰৰ এগৰাকী বিধৱা আৰু তাইৰ সন্তানৰ সৈতে ভৱিষ্যতবক্তা এলিয়া

কাহিনী ৬৮

দুজন লʼৰাক পুনৰ জীৱন দিয়া

যদি হঠাতে এটা সন্তানৰ মৃত্যু হয়, তাৰ মাকক কেনে লাগিব বাৰু? কিন্তু যদি সেই সন্তানটোক পুনৰ জীয়াই তোলা হয়, তেনেহʼলে তাই কেনে অনুভৱ কৰিব? নিশ্চয় তাইৰ আনন্দৰ বিষয়ে আমি কল্পনা কৰিব নোৱাৰোঁ। কিন্তু প্ৰশ্ন হʼব পাৰে যে এজন মৃত ব্যক্তিক পুনৰ জীয়াই তোলাটো সম্ভৱনে? মৃত ব্যক্তিক পুনৰ জীৱন দিয়াৰ এনে কিবা উদাহৰণ আছে নেকি?

ছবিখনত তুমি কি দেখিছা বাৰু? সেই মানুহজন হৈছে ভৱিষ্যতবক্তা এলিয়া। তিৰোতাগৰাকী হৈছে চাৰিফৎ নগৰৰ এগৰাকী বিধৱা আৰু লʼৰাটো হৈছে তাইৰ পুত্ৰ। এদিনাখন হঠাতে লʼৰাটো অসুখত পৰে। চাওঁতে চাওঁতে লʼৰাটোৰ অৱস্থা বেয়ালৈ ঢাল খালে আৰু সি মৰি থাকিল। এলিয়াই বিধৱাগৰাকীক কʼলে: ‘তোমাৰ লʼৰাটোক মোক দিয়া।’

এলিয়াই মৃত লʼৰাটোক ওপৰ মহলালৈ লৈ গʼল। তাত তেওঁ লʼৰাটোক এখন বিছনাত শুৱাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে: ‘হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই লʼৰাটিক পুনৰ জীয়াই তোলক।’ হঠাতে লʼৰাটোৱে উশাহ লʼবলৈ ধৰিলে! এলিয়াই লʼৰাটোক লৈ তললৈ নামি আহিল আৰু বিধৱাগৰাকীক কʼলে: ‘চোৱা, তোমাৰ লʼৰা পুনৰ জীৱিত হʼল।’ নিজৰ মৃত পুত্ৰক পুনৰ জীৱিত দেখি বিধৱাগৰাকীয়ে বৰ আনন্দিত হʼল।

আন এক ভৱিষ্যতবক্তাৰ নাম হৈছে ইলীচা। তেওঁ ভৱিষ্যতবক্তা এলিয়াৰ সহায়ক হিচাপে কাম কৰে। কিন্তু ইলীচাকো যিহোৱা ঈশ্বৰে কিছুমান আচৰিত কাৰ্য্য কৰিবলৈ ব্যৱহাৰ কৰিছিল। এদিনাখন ইলীচাই চূনেম নামৰ এখন নগৰলৈ যায়। সেই নগৰত এগৰাকী তিৰোতা আৰু তাইৰ স্বামীয়ে তেওঁক অতিথি-সৎকাৰ কৰিছিল। পাছলৈ এই তিৰোতাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।

এদিনাখন লʼৰাটোৱে পথাৰত কাম কৰি থকা দেউতাকৰ ওচৰলৈ গʼল। হঠাতে লʼৰাটোৱে চিঞৰিবলৈ ধৰিলে: ‘মোৰ মূৰ বিষাইছে।’ লʼৰাটোক ঘৰলৈ লৈ অনা হʼল, কিন্তু অলপ পাছতে তাৰ মৃত্যু হয়। নিজৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হোৱাৰ বাবে মাকে বৰ বেজাৰ কৰিলে। তাই লগে লগে ইলীচাৰ ওচৰলৈ যায় আৰু তেওঁক নিজৰ ঘৰলৈ লৈ আহে।

ইলীচাই তিৰোতাগৰাকীৰ ঘৰত উপস্থিত হৈয়ে মৃত লʼৰাটোক ৰখা কোঠালিলৈ যায়। কোঠালিৰ ভিতৰত ইলীচাই যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ বিছনাত উঠি মৃত লʼৰাটোৰ ওপৰত শুই পৰিল। লʼৰাটোৰ শৰীৰ লাহে লাহে গৰম হৈ উঠিল আৰু সি সাতবাৰ হাঁচি মাৰিলে। যেতিয়া লʼৰাটোৰ মাকে কোঠালিৰ ভিতৰলৈ আহি নিজৰ লʼৰাটোক জীৱিত দেখিলে, তাইক কেনে লাগিল বাৰু? তাই নিশ্চয় আনন্দিত হৈছিল!

এতিয়ালৈকে বহুতোলোকৰ মৃত্যু হৈছে। মৃত্যুৱে পৰিয়াল আৰু বন্ধু-বান্ধৱসকলৰ বাবে বেদনা কঢ়িয়াই আনে। মৃত লোকসকলক পুনৰ জীৱন দিয়াৰ আমাৰ শক্তি বা সামৰ্থ নাই। কিন্তু যিহোৱাৰ বাবে একো অসম্ভৱ নহয়। আগলৈ আমি শিকিবলৈ পাম যে কেনেকৈ যিহোৱা ঈশ্বৰে কোটি কোটি মৃতলোকক পুনৰ জীৱন দিব।

১ ৰাজাৱলি ১৭:৮-২৪; ২ ৰাজাৱলি ৪:৮-৩৭.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক