বৃহস্পতিবাৰ, ১৭ জুলাই
বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।—হিতো. ১৭:১৭.
যীচুৰ মাতৃ মৰিয়মক সাহসৰ প্ৰয়োজন আছিল। কিয়নো মৰিয়মৰ বিয়া হোৱা নাছিল আৰু তাই গৰ্ভৱতী হ’বলগীয়া আছিল। সন্তানক ডাঙৰ-দীঘল কৰাৰ তাইৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু তাই এনে এটি সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া আছিল যি আগলৈ গৈ মচীহ হ’লহেঁতেন। এতিয়ালৈ তাই কোনো পুৰুষৰ লগত সম্বন্ধ ৰখা নাছিল, তথাপিও মাতৃ হ’বলগীয়া আছিল। তাই নিজৰ হ’বলগীয়া স্বামী যোচেফক এই সকলো কথা কেনেকৈ বুজালেহেঁতেন? (লূক ১:২৬-৩৩) মৰিয়মে কেনেকৈ সাহস পালে? তাই আনৰ পৰা সহায় ল’লে। যেনে, তাই গাব্ৰিয়েল স্বৰ্গদূতক ইয়াৰ বিষয়ে আৰু বেছিকৈ কথা জনাবলৈ ক’লে। (লূক ১:৩৪) ইয়াৰ কিছু সময়ৰ পাছত তাই দীঘলীয়া যাত্ৰা কৰি যিহুদাৰ ‘পৰ্বতীয়া এলেকাত’ থকা নিজৰ সম্বন্ধীয়া এলীচাবেতক লগ কৰিবলৈ গ’ল। এলীচাবেতে মৰিয়মৰ প্ৰশংসা কৰিলে আৰু যিহোৱাৰ প্ৰেৰণাৰে মৰিয়মৰ হ’বলগীয়া সন্তানটিৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিলে। (লূক ১:৩৯-৪৫) তেতিয়া মৰিয়মে ক’লে যে যিহোৱাই “নিজৰ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে।” (লূক ১:৪৬-৫১) গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচেবাৰ জৰিয়তে যিহোৱাই মৰিয়মক সাহস দিলে। w২৩.১০ ১৪-১৫ ¶১০-১২
শুক্ৰবাৰ, ১৮ জুলাই
নিজ পিতৃ ঈশ্বৰৰ উদ্দেশে পুৰোহিত কৰিলে।—প্ৰকা. ১:৬.
যীচুৰ কিছুমান শিষ্যক পবিত্ৰ শক্তিৰে অভিষেক কৰা হৈছে আৰু যিহোৱাৰ লগত তেওঁলোকৰ এটা বিশেষ সম্পৰ্ক আছে। এই ১,৪৪,০০০ জনে স্বৰ্গত যীচুৰ লগত পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ১৪:১) যেতিয়া তেওঁলোকে পৃথিৱীতে থাকে, তেতিয়াই ঈশ্বৰে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষেক কৰি নিজৰ পুত্ৰ হিচাপে তুলি লয়। তম্বুৰ পবিত্ৰস্থানে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ এই বিশেষ সম্পৰ্কক চিত্ৰিত কৰে। (ৰোম. ৮:১৫-১৭) তম্বুৰ অতি পবিত্ৰস্থানে স্বৰ্গক চিত্ৰিত কৰে, যʼত যিহোৱা নিবাস কৰে। পবিত্ৰস্থান আৰু অতি পবিত্ৰস্থানৰ মাজত যি পৰ্দা আছিল, সেয়া যীচুৰ মানৱীয় শৰীৰক চিত্ৰিত কৰে, যাক লৈ তেওঁ স্বৰ্গলৈ যাব নোৱাৰিলেহেঁতেন আৰু লাক্ষণিক মন্দিৰত সেৱা কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া যীচুৱে নিজৰ শৰীৰ লোকসকলৰ বাবে বলিদান দিলে, তেতিয়া তেওঁ সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গলৈ যোৱাৰ বাট মুকলি কৰিলে। তেওঁলোকেও স্বৰ্গত নিজৰ পুৰস্কাৰ পাবলৈ মানৱীয় শৰীৰ ত্যাগ কৰিব লাগিব।—ইব্ৰী ১০:১৯, ২০; ১ কৰি. ১৫:৫০. w২৩.১০ ২৮ ¶১৩
শনিবাৰ, ১৯ জুলাই
গিদিয়োন . . . এই সকলোৰে বৃত্তান্ত কবলৈ গলে, সময় নোজোৰে।—ইব্ৰী ১১:৩২.
ইফ্ৰমীয়া লোকসকলে যেতিয়া গিদিয়োনক কাজিয়া কৰিছিল আৰু তেওঁৰ ভুলবোৰৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ আছিল। (বিচা. ৮:১-৩) গিদিয়োনে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল আৰু মৰমেৰে তেওঁলোকক উত্তৰ দিছিল। এইদৰে কৰাৰ বাবে তেওঁলোকৰ খং শান্ত হʼল। গিদিয়োনৰ ব্যৱহাৰৰ পৰা জানিব পাৰি যে তেওঁ কিমান নম্ৰ আছিল। প্ৰাচীনসকলেও গিদিয়োনৰ দৰে হʼব পাৰে। তেওঁলোকৰ ভুলৰ বিষয়ে কোনোবাই কোৱাৰ সময়ত প্ৰাচীনসকলে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব পাৰে আৰু নম্ৰতাৰে উত্তৰ দিব পাৰে। (যাকো. ৩:১৩) এইদৰে কৰিলে মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিব। গিদিয়োনে মিদিয়নীয়াবিলাকক পৰাজয় কৰিবলৈ সহায় কৰাৰ বাবে ইস্ৰায়েলীসকলে যেতিয়া তেওঁক প্ৰশংসা কৰিলে, তেতিয়া তেওঁ ইয়াৰ সকলো মহিমা যিহোৱাক দিলে। (বিচা. ৮:২২, ২৩) আজি প্ৰাচীনসকলে গিদিয়োনৰ দৰে কেনেকৈ হʼব পাৰে? তেওঁলোকে যি কৰে তাৰ সকলো মহিমা যিহোৱাক দিব পাৰে। (১ কৰি. ৪:৬, ৭) যেনে, এজন প্ৰাচীনে যদি ভালদৰে শিকায় আৰু ইয়াৰ বাবে তেওঁক প্ৰশংসা কৰা হয়, তেনেহʼলে তেওঁ কʼব পাৰে যে তেওঁ যি শিকালে, সেয়া ঈশ্বৰৰ বাক্যৰ পৰা আছিল বা আমি সকলোৱে যিহোৱাৰ সংগঠনৰ পৰাই শিকোঁ। মাজে সময়ে প্ৰাচীনসকলে চিন্তা কৰিব পাৰে যে তেওঁলোকে যিদৰে শিকায়, তাৰ পৰা লোকসকলে যিহোৱাৰ পৰিৱৰ্তে তেওঁৰ ফালে বেছি ধ্যান দিয়া নাইতো। w২৩.০৬ ৪ ¶৭-৮