ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ৫৯৬-৫৯৮
  • ক২ এই অনুবাদৰ বৈশিষ্ট্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ক২ এই অনুবাদৰ বৈশিষ্ট্য
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • মিল থকা বিষয়
  • ক১ বাইবেল অনুবাদৰ সিদ্ধান্ত
    পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ক২ এই অনুবাদৰ বৈশিষ্ট্য

ক২

এই অনুবাদৰ বৈশিষ্ট্য

ইংৰাজীৰ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ নতুন জগত অনুবাদ ১৯৫০ চনত উলিওৱা হৈছিল আৰু সম্পূৰ্ণ বাইবেল অৰ্থাৎ পবিত্ৰ বাইবেল নতুন জগত অনুবাদ ১৯৬১ চনত প্ৰকাশিত কৰা হৈছিল। এয়া এনে এক বাইবেল হয়, যাৰ অনুবাদ মূল ভাষা অৰ্থাৎ হিব্ৰু, অৰামী আৰু গ্ৰীকৰ পৰা কৰা হৈছে। এই অনুবাদ একেবাৰে সঠিক হয় আৰু সহজে পঢ়িব পাৰি। যেতিয়াৰে পৰা এই বাইবেল ওলাইছে, তেতিয়াৰে পৰা ৩০৭ তকৈ বেছি ভাষাত ইয়াৰ অনুবাদ কৰা হৈছে আৰু এয়া পঢ়ি লাখ লাখ লোকে লাভৱান হৈছে।

‘নতুন জগত বাইবেল অনুবাদ সমিতিয়ে’ এই কথা বুজি পায় যে বাইবেলৰ অনুবাদ এনে ভাষাত হোৱা উচিত, যিয়ে বৰ্তমান সময়ৰ লোকসকলৰ হৃদয় স্পৰ্শ কৰে। সেইবাবে, এই অনুবাদত লিখাৰ প্ৰণালী আৰু শব্দবোৰ বাছনি কৰাৰ ক্ষেত্ৰত কিছুমান বিশেষ সিদ্ধান্ত মনত ৰখা হৈছে। এইদৰে কৰাৰ কাৰণ হৈছে যাতে তলত দিয়া লক্ষ্যবোৰত উপনীত হʼব পাৰি:

  • সহজে বুজি পোৱা আধুনিক যুগৰ ভাষা। উদাহৰণস্বৰূপে, পুৰণি সময়ত হিব্ৰু আৰু গ্ৰীক ভাষাৰ “বীজ” শব্দটোৱে গছৰ বীজ বা মানুহৰ বংশ বা উত্তৰাধিকাৰী বা বীৰ্য্যক চিত্ৰিত কৰিছিল। কাৰণ অসমীয়া ভাষাত “বীজ” শব্দটো মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ নহয়, সেইবাবে বিষয়ৰ অনুসৰি সঠিক অৰ্থ বুজাবলৈ এয়া সলনি কৰা হৈছে। (মথি ২২:২৪; যোহন ৮:৩৭) “বংশ” শব্দটো প্ৰায়েই আদিপুস্তক ৩:১৫ পদত উল্লেখ কৰা প্ৰতিজ্ঞাৰ বিষয়ে কওঁতে ব্যৱহাৰ কৰা হয়।​—গালাতীয়া ৩:২৯; প্ৰকাশিত বাক্য ২২:১৬.

    কিছুমান বাইবেলত ১ তীমথিয় ৫:১৭ পদত এইদৰে কোৱা হৈছে: “যিসকল প্ৰাচীনে ভালদৰে চোৱা-চিতা কৰে, তেওঁলোক দুগুণ মজুৰি পোৱাৰ যোগ্য . . .।” “মজুৰি” শব্দটোৱে ভুল অৰ্থ বুজায়। মূল ভাষাত এই শব্দটোৱে আদৰ, কৃতজ্ঞতা বা পুৰস্কাৰক বুজায়। সেইবাবে, এই অনুবাদত আদৰ শব্দটো ব্যৱহাৰ কৰা হৈছে।

    গ্ৰীক ভাষাত ব্যৱহাৰ হোৱা ক্ৰিয়াবোৰত খন্তেকীয়া, সম্পূৰ্ণ হোৱা বা একেৰাহে হৈ থকা কাৰ্য জড়িত হৈ থাকে। উদাহৰণস্বৰূপে, মথি ৭:৭ পদত যীচুৱে ব্যৱহাৰ কৰা গ্ৰীক ক্ৰিয়া “খোজা,” “বিচাৰা” আৰু “টুকুৰিয়া” শব্দটোৱে একেৰাহে হৈ থকা কাৰ্যক বুজায়। সেইবাবে, এই পদক এইদৰে অনুবাদ কৰা হৈছে, “খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব।”​—ৰোমীয়া ১:৩২; ৬:২; গালাতীয়া ৫:১৫.

  • বাইবেলৰ শব্দবোৰৰ সঠিক অৰ্থ দিয়া হৈছে। বেছিভাগ বাইবেলত এনে কিছুমান শব্দ ব্যৱহাৰ কৰা হৈছে, যাৰ পৰা ভুল শিক্ষা পোৱা যায়। উদাহৰণস্বৰূপে, গ্ৰীক শব্দ হেডীজৰ অনুবাদ অসমীয়া বাইবেলত “পৰলোক” বুলি কৰা হৈছে। “পৰলোকৰ” অৰ্থ হৈছে এনে অদৃশ্য ঠাই, যʼত মানুহে মৃত্যুৰ পাছতো জীয়াই থাকে। কিন্তু মূল ভাষাত হেডীজৰ অৰ্থ হৈছে কবৰ। সেইবাবে, এই অনুবাদত “পৰলোকৰ” সলনি “কবৰ” শব্দ ব্যৱহাৰ কৰা হৈছে। “হেডীজ” শব্দটো ফুটনোটত দিয়া হৈছে।​—পাঁচনিৰ কৰ্ম্ম ২:২৭.

    বহুতো বাইবেলত হিব্ৰু শব্দ ৰোৱাষ্‌ আৰু গ্ৰীক শব্দ নিওমাৰ অনুবাদ “আত্মা” বুলি কৰা হৈছে, যিয়ে অমৰ আত্মাৰ ভুল শিক্ষাক উৎসাহিত কৰে। ৰোৱাষ্‌ আৰু নিওমাৰ প্ৰকৃত অৰ্থ হৈছে উশাহ। ইয়াৰ উপৰিও এই শব্দৰ অৰ্থ এইবোৰো হয়: ভাল বা দুষ্ট স্বৰ্গদূত, প্ৰাণ, মন, পবিত্ৰ শক্তি, উৎসাহ ইত্যাদি। সেইবাবে, এই অনুবাদত অৰ্থক মনত ৰাখি এই শব্দবোৰ ব্যৱহাৰ কৰা হৈছে।​—মথি ১২:৪৩; লূক ৮:৫৫; ২ কৰিন্থীয়া ৭:১; মথি ২৮:​১৯, ২০; লূক ১:১৭.

    অসমীয়া বাইবেলত কোৱা হৈছে যে যীচুৰ মৃত্যু ক্ৰুচত হৈছিল। কিন্তু এই অনুবাদে স্পষ্ট কৰি দিছে যে যীচুৰ মৃত্যু “ক্ৰুচত” নহয়, কিন্তু “যাতনাৰ কাঠত” হৈছিল। মথি ১০:৩৮ আৰু মাৰ্ক ৮:৩৪ পদত “যাতনাৰ কাঠ” ব্যৱহাৰ কৰা হৈছে আৰু তাত ফুটনোট দিয়া হৈছে, যিয়ে পঢ়োঁতাসকলক শব্দকোষলৈ লৈ যায়। শব্দকোষত সেই শব্দৰ মূল গ্ৰীক শব্দ আৰু ইয়াৰ অৰ্থৰ বিষয়ে ভালদৰে বৰ্ণনা কৰা হৈছে। ঠিক সেইদৰে, “ধাৰ্মিক” বা “ধাৰ্মিকতা” শব্দটো কেৱল ধৰ্মক বিশ্বাস কৰা বা ধাৰ্মিক হোৱাকে বুজায়, কিন্তু ইয়াৰ মূল ভাষাৰ শব্দৰ অৰ্থ হৈছে ভাল, ভাল কাম কৰা, ঈশ্বৰৰ দৃষ্টিত যি সঠিক সেয়া কৰা। সেইবাবে, “ধাৰ্মিকতাৰ” ঠাইত এই শব্দবোৰেই ব্যৱহাৰ কৰা হৈছে।​—২ পিতৰ ৩:১৩.

    আৰু এনে কিছুমান শব্দ আছে, যিবোৰ বহুতো লোকে বুজি নাপায় বা ভুল অৰ্থ বুজি পায়। সেই কাৰণে সেই শব্দবোৰৰ ঠাইত বেলেগ শব্দ ব্যৱহাৰ কৰা হৈছে। যেনে, “পুনৰুত্থানৰ” সলনি ‘আকৌ জীয়াই তোলা,’ “অধ্যাপকৰ” সলনি ‘নিয়ম শিকোৱা লোক,’ “বেজৰ” সলনি ‘চিকিৎসক’ আৰু “পৰমদেশৰ” সলনি ‘প্ৰমোদবন।’

এই অনুবাদৰ আৰু কিছুমান বৈশিষ্ট্য:

এই অনুবাদত তলত উল্লেখ কৰা প্ৰকাৰৰ ফুটনোট আছে:

  • “বা” গ্ৰীক শব্দক অনুবাদ কৰাৰ আন এটা উপায়, যিয়ে অৰ্থ সলনি নকৰে।​—মথি ১:​১৯, “তালাকত” দিয়া ফুটনোট; মথি ১:​১৮, “পবিত্ৰ শক্তিত” দিয়া ফুটনোট।

  • “বা হয়তো” কোনো শব্দ বা বাক্যক অনুবাদ কৰাৰ আন এটা উপায়, যিয়ে সঠিক, কিন্তু অলপ বেলেগ অৰ্থ প্ৰকাশ কৰে। ​—যাকোব ৫:​১৫, “অসুস্থ”; ১ পিতৰ ৩:​১৪, “যিবোৰ কথাক লৈ লোকসকলে ভয় কৰে, তালৈ ভয় নকৰিবা।”

  • “আক্ষ.” গ্ৰীক শব্দৰ আক্ষৰিক অনুবাদ বা মূল পাঠৰ লগত মিল খোৱা অৰ্থ।—২ তীমথিয় ২:​১৪, “নিৰ্দেশনা দিয়া”; মথি ৫:​১৯, “তেওঁ স্বৰ্গৰাজ্যৰ বাবে যোগ্য নহʼব।”

  • শব্দৰ অৰ্থ আৰু ইয়াৰ লগত জড়িত তথ্য শব্দৰ অৰ্থ (১ তীমথিয় ১:২, “তীমথিয়”; প্ৰকাশিত বাক্য ১২:৭, “মীখায়েল”); জোখ-মাখৰ তথ্য (লূক ২৪:১৩, “কিলোমিটাৰ”); সৰ্বনাম পদে কাক বুজাইছে (মথি ৩:১৬, “তেওঁৰ”); অতিৰিক্ত লেখ আৰু শব্দকোষত লাভজনক তথ্য।—লূক ১৬:২৩, “কবৰ”; মথি ১:২২, “যিহোৱা।”

এই অনুবাদৰ আৰম্ভণিতে “ঈশ্বৰৰ বাক্যৰ পৰিচয়” ভাগত বাইবেলৰ বুনিয়াদী শিক্ষা চমুকৈ দিয়া হৈছে। বাইবেলৰ শেষ কিতাপৰ পাছতেই “বাইবেলৰ কিতাপবোৰৰ সূচীপত্ৰ” আৰু “বাইবেলৰ শব্দকোষ” দিয়া হৈছে। বাইবেলৰ শব্দকোষত বুজোৱা হৈছে যে বাইবেলত কিছুমান শব্দৰ অৰ্থ কি হয়। অতিৰিক্ত লেখ “ক”-ত এই তথ্যবোৰ দিয়া হৈছে: “বাইবেল অনুবাদৰ সিদ্ধান্ত,” “এই অনুবাদৰ বৈশিষ্ট্য,” “আমি বাইবেলখন কেনেকৈ পালোঁ,” “খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নাম” আৰু “যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ।” অতিৰিক্ত লেখ “খ”-ত মানচিত্ৰ, তালিকা আৰু এনে তথ্য আছে, যি গভীৰভাৱে বাইবেলৰ অধ্যয়ন কৰা লোকসকলৰ বাবে লাভজনক হয়।

বাইবেলৰ প্ৰতিখন কিতাপৰ আৰম্ভণিত সেই কিতাপৰ অধ্যায়ৰ সাৰাংশ আৰু তাৰ লগত জড়িত পদবোৰ দিয়া হৈছে, যাৰ পৰা গোটেই কিতাপখনৰ আভাস পোৱা যায়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক