প্ৰশ্ন ১১
মৃত্যু হ’লে আমাৰ কি হয়?
“তাৰ উশাহ বাহিৰ হʼলেই, সি পুনৰায় মাটিত মিলি যায় আৰু সেই দিনাই তাৰ সকলো চিন্তা-ভাবনা নষ্ট হৈ যায়।”
গীতমালা ১৪৬:৪
“কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে। . . . যি যি কাৰ্য তোমাৰ হাতত পৰে, তাক যত্নেৰে কৰিবা; কিয়নো তুমি যি ঠাইলৈ যাবলগীয়া আছে, সেই কবৰত কোনো কাৰ্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।”
উপদেশক ৯:৫, ১০
‘যীচুৱে তেওঁলোকক কʼলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু মই তেওঁক জগাবলৈ তালৈ গৈ আছোঁ।” আচলতে, যীচুৱে কৈ আছিল যে লাজাৰ মৰি গʼল। কিন্তু যীচুৱে সঁচাকৈ টোপনি যোৱাৰ কথা কৈছে বুলি শিষ্যসকলে ভাবিলে। সেইবাবে, যীচুৱে তেওঁলোকক স্পষ্টকৈ কʼলে, “লাজাৰ মৰি গʼল।”’