ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ৮-৯
  • সুখ আৰু সন্তুষ্টি কেনেকৈ লাভ কৰিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সুখ আৰু সন্তুষ্টি কেনেকৈ লাভ কৰিব পাৰি?
  • সচেতন থাকক!—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৰিশ্ৰমী হওক
  • বিশ্বাসী হৈ থাকক
  • টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখক
  • ভাল শিক্ষা লওক
  • টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব
    এক সুখী পৰিয়াল—সম্ভৱনে?
  • কাম আৰু টকা-পইচাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপোনাৰ বাবে কোনটো অধিক গুৰুত্বপূৰ্ণ, টকা-পইচা নে আপোনাৰ জীৱন?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ৮-৯
ভাৰতৰ এখন বজাৰত এগৰাকী মাতৃ আৰু তাইৰ সন্তানে হাঁহি হাঁহি গৈ আছে। তেওঁলোক দুয়োজন সন্তুষ্ট, কিন্তু আশে-পাশে থকা লোকসকলে দামী বস্তুবোৰলৈ ধ্যান দিছে।

সুখ আৰু সন্তুষ্টি কেনেকৈ লাভ কৰিব পাৰি?

ডেকা বা বয়সস্থ, বিবাহিত বা অবিবাহিত আমি সকলোৱে আনন্দত থাকিব বিচাৰোঁ। আমাৰ সৃষ্টিকৰ্তাও এয়াই বিচাৰে। সেইবাবে, তেওঁ আমাক কিছুমান ভাল পৰামৰ্শ দিছে।

পৰিশ্ৰমী হওক

“অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সদ্‌ব্যৱসায়ত পৰিশ্ৰম কৰক।”—ইফিচীয়া ৪:২৮.

আমি পৰিশ্ৰম কৰাটো ঈশ্বৰে বিচাৰে। তেওঁৰ পৰামৰ্শ পালন কৰিলে আমাৰেই লাভ হʼব। পৰিশ্ৰম কৰিলে আমি নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিম আৰু আনকো সহায় কৰিব পাৰিম। আমি নিজৰ চাকৰি হেৰুৱাবলগীয়া নহʼব, কিয়নো বʼছে আমাৰ কামৰপৰা আনন্দিত হʼব। শাস্ত্ৰত লিখা কথাষাৰ একেবাৰে সঁচা যে এজন ব্যক্তিয়ে পৰিশ্ৰমৰ যি ফল পায়, সেয়া “ঈশ্বৰৰ দান হয়।”—উপদেশক ৩:১৩.

বিশ্বাসী হৈ থাকক

“আমাৰ সদবিবেক, আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।”—ইব্ৰী ১৩:১৮.

এজন বিশ্বাসী ব্যক্তিৰ কোনো কথাৰ ভয় নাথাকে। তেওঁ ভাল টোপনি লʼব পাৰে আৰু তেওঁ মনৰ শান্তি লাভ কৰে। ইয়াৰ উপৰিও, লোকসকলে তেওঁক ভৰসা কৰে আৰু তেওঁক সন্মান কৰে। কিন্তু এজন বিশ্বাসঘাত কৰা ব্যক্তিয়ে নিজৰ মান-সন্মান নিজে হেৰুৱায়। তেওঁ কিবা ভুল কৰিলে বুলি তেওঁৰ বিবেকে সদায় খুচি থাকে। তেওঁ ধৰা পৰিব বুলি তেওঁক সকলো সময়তে ভয় লাগি থাকে।

টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখক

“তোমালোকৰ স্বভাৱ নিৰ্ল্লোভ হওক; তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা।”—ইব্ৰী ১৩:৫.

খোৱা-বোৱা আৰু আন প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ টকা-পইচাৰ প্ৰয়োজন হয়। কিন্তু টকা-পইচাৰ প্ৰতি লোভ কৰিলে এজন ব্যক্তিয়ে বেয়া পৰিণাম ভুগিবলগীয়া হʼব পাৰে। যদি তেওঁ দিনে-ৰাতিয়ে টকা-পইচা কমোৱাত লাগি থাকে, তেনেহʼলে নিজৰ পৰিয়ালক সময় দিব নোৱাৰিব। তেওঁৰ বিবাহিত জীৱনত সমস্যা আহিব পাৰে আৰু তেওঁৰ স্বাস্থ্যও বেয়া হʼব পাৰে। (১ তীমথিয় ৬:৯, ১০) টকা-পইচাৰ প্ৰতি লোভ কৰিলে এজন ব্যক্তিয়ে বিশ্বাসঘাত কৰিব পাৰে। সেইবাবে, এজন বুদ্ধিমান ব্যক্তিয়ে এইদৰে কৈছিল, “বিশ্বাসী লোকে অনেক আশীৰ্ব্বাদ পায়; কিন্তু চহকী হবলৈ খৰ কৰা লোকে দণ্ড নোপোৱাকৈ নাথাকিব।”—হিতোপদেশ ২৮:২০.

ভাল শিক্ষা লওক

“তুমি সেই সকলোকে তোমাৰ চকুৰ পৰা আঁতৰ হবলৈ নিদিবা; তুমি বুদ্ধি-কৌশল আৰু বহুদৰ্শিতাক যত্নেৰে ৰাখা।”—হিতোপদেশ ৩:২১.

পঢ়া-শুনা কৰি আমি নিজৰ ভৰিত নিজে থিয় হʼব পাৰোঁ আৰু নিজৰ পৰিয়ালৰো চোৱা-চিতা কৰিব পাৰোঁ। কিন্তু উচ্চ শিক্ষা লʼলে আমি আনন্দত থাকিম বুলি কেতিয়াও নিশ্চিতভাৱে কʼব নোৱাৰোঁ। যদি আমি জীৱনত সফলতা লাভ কৰিব বিচাৰোঁ, তেনেহʼলে ঈশ্বৰৰপৰা শিক্ষা লোৱা উচিত। পবিত্ৰ শাস্ত্ৰত লিখা আছে যে যিজনে ঈশ্বৰৰ কথা শুনে, “সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।”—গীতমালা ১:১-৩.

মই বহুত আনন্দিত আৰু মোৰ ওচৰত যি আছে, তাতে সন্তুষ্ট

কিশোৰে এইদৰে কৈছে, “আমাৰ ইয়াত লোকসকলে বহুত পঢ়া-শুনা কৰে, যাতে তেওঁলোকে বেছিকৈ টকা-পইচা ঘটিব পাৰে আৰু নাম অৰ্জন কৰিব পাৰে। তথাপিও তেওঁলোকে আনন্দত নাথাকে। পবিত্ৰ শাস্ত্ৰ বাইবেলৰপৰা মই শিকিলোঁ যে মই কি কথাক বেছি গুৰুত্ব দিয়া উচিত। টকা-পইচাৰ প্ৰয়োজন হয়, কিন্তু ইয়াৰপৰা আমি প্ৰকৃত বন্ধু আৰু সুখ-শান্তি কিনিব নোৱাৰোঁ। শাস্ত্ৰৰপৰা মই শিকিলোঁ যে কাম আৰু টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰোঁ। এই পৰামৰ্শ পালন কৰি মই বহুত আনন্দিত আৰু মোৰ ওচৰত যি আছে, তাতে মই সন্তুষ্ট।”

কিশোৰ।

বেছিকৈ জানক:

পঢ়া-শুনা, চাকৰি আৰু টকা-পইচাৰ বিষয়ে ঈশ্বৰে কি পৰামৰ্শ দিছে, তাৰ বিষয়ে বেছিকৈ জানিবলৈ jw.org/hi ৱেবছাইটত যাওক আৰু বাইবেলৰ শিক্ষা > সুখ আৰু শান্তি ভাগত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক