ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g24 নং ১ পৃষ্ঠা ১৩-১৫
  • নিজৰ সন্মান কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ সন্মান কৰক
  • সচেতন থাকক!—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আত্মসন্মান থকাটো কিয় গুৰুত্বপূৰ্ণ?
  • আত্মসন্মান বঢ়াবলৈ আপুনি কি কৰিব পাৰে?
  • আমাৰ প্ৰচেষ্টা
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • শিকা বিষয়বোৰ আপোনাক ভাল লাগিলনে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
সচেতন থাকক!—২০২৪
g24 নং ১ পৃষ্ঠা ১৩-১৫
এগৰাকী দুখত থকা তিৰোতাই আইনাত নিজকে চাই আছে।

নিজৰ সন্মান কৰক

আত্মসন্মান থকাটো কিয় গুৰুত্বপূৰ্ণ?

আত্মসন্মান থকা লোকসকলে জীৱনত অহা সমস্যাবোৰৰ ভালদৰে সন্মুখীন হʼব পাৰে। তেওঁলোকে সহজতে হাৰ নামানে।

  • এটা অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে যি লোকসকলে নিজকে অযোগ্য বুলি ভাবে তেওঁলোকে বহুত চিন্তা কৰিবলৈ ধৰে আৰু তেওঁলোকৰ ডিপ্ৰেচন হয়। এনে পৰিস্থিতিত কিছুমান লোকক ভোক নালাগে, আন কিছুমানে বহুত বেছি আহাৰ খায়। ইয়াৰ উপৰিও তেওঁলোকে বহুত বেছি মদ খাবলৈ ধৰে আৰু ড্ৰাগ্ছ লʼবলৈ আৰম্ভ কৰে।

  • আত্মসন্মান থকা লোকসকলে নিজৰ তুলনা আনৰ লগত নকৰে। সেইবাবে, তেওঁলোকে সহজতে আনৰ লগত মিলা-মিচা কৰিব পাৰে আৰু ভাল বন্ধু বনাব পাৰে। আনহাতে, আত্মসন্মান নথকা লোকসকলে আনৰ ভুলবোৰ বিচাৰি থাকে। সেইবাবে, তেওঁলোকে আনৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে।

  • আত্মসন্মান থকা লোকসকলে সমস্যা আহিলে বেছিকৈ চিন্তিত নোহোৱাকৈ সেইবোৰৰ সন্মুখীন হয়। যেতিয়া তেওঁলোকে কিবা কৰিবলৈ থিৰাং কৰে, তেতিয়া বাধা আহিলেও হাৰ নামানি সেয়া পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। আনহাতে, আত্মসন্মান কম থকা লোকসকলৰ বাবে সৰু সৰু বিফলতাবোৰ ডাঙৰ ডাঙৰ পাহাৰৰ দৰে বাধা হৈ পৰে। সেইবাবে, তেওঁলোকে হাৰ মানি লয়।

আত্মসন্মান বঢ়াবলৈ আপুনি কি কৰিব পাৰে?

ভাল বন্ধু বাছনি কৰক। এনে লোকসকলৰ লগত বন্ধুত্ব কৰক যিসকলে আনৰ সন্মান কৰে, আপোনাৰ বিষয়ে চিন্তা কৰে আৰু আপোনাক উৎসাহিত কৰে।

“বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।”—হিতোপদেশ ১৭:১৭.

আনক সহায় কৰক। যেতিয়া আপুনি আনক সহায় কৰে, এনে লোকসকলকো যিসকলে হয়তো ইয়াৰ বিনিময়ত আপোনাৰ বাবে একো কৰিব নোৱাৰে, তেতিয়া আপুনি প্ৰকৃত আনন্দ লাভ কৰিব। যদিও আপোনাৰ ভাল কামক কোনেও ধ্যান নিদিয়ে বা আপোনাৰ প্ৰশংসা নকৰে, তথাপিও আপুনি আনন্দত থাকিব।

“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।” —পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

নিজৰ লʼৰা-ছোৱালীক নিজকে সন্মান কৰিবলৈ শিকাওক। এটা উপায় হৈছে, যদি তেওঁলোকে কিবা সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে সেয়া সমাধান কৰিব পাৰে, তেনেহʼলে এইদৰে কৰিবলৈ দিয়ক। যাতে তেওঁলোকে শিকিব পাৰে যে সমস্যাৰ সন্মুখীন কেনেকৈ হʼব পাৰে বা সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰে। এইদৰে কৰিলে তেওঁলোকৰ আত্মসন্মান বাঢ়িব আৰু ডাঙৰ হোৱাৰ পাছতো তেওঁলোক লাভৱান হʼব।

‘লʼৰা-ছোৱালীক তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা দিয়া; তাতে সি বুঢ়া হলেও তাক নেৰিব।’—হিতোপদেশ ২২:৬.

এখন কেফেত এগৰাকী যিহোৱাৰ সাক্ষীয়ে এজনী মহিলাৰ লগত বাইবেল অধ্যয়ন কৰি আছে।
এখন কেফেত এগৰাকী যিহোৱাৰ সাক্ষীয়ে এজনী মহিলাৰ লগত বাইবেল অধ্যয়ন কৰি আছে।

আমাৰ প্ৰচেষ্টা

আমি যিহোৱাৰ সাক্ষীসকলে যিবোৰ সভা আৰু লোকসকলক বাইবেলৰ পৰা শিকাবলৈ যি কাৰ্য্যক্ৰমৰ আয়োজন কৰোঁ, তাত বহুতো কথা শিকোৱা হয়। ইয়াৰ সহায়ত লোকসকলে নিজৰ জীৱন ভাল কৰি তুলিব পাৰে আৰু আত্মসন্মান বঢ়াব পাৰে।

প্ৰতি সপ্তাহে হোৱা সভা

আমাৰ সভাবোৰত সকলোৱে আহিব পাৰে আৰু তেওঁলোকৰ পৰা কোনো টকা-পইচা লোৱা নহয়। এই সভাবোৰত বাইবেল আধাৰিত ভাষণ দিয়া হয়। এই ভাষণবোৰত প্ৰায়ে আমাক পৰামৰ্শ দিয়া হয় যে আমি কেনেকৈ আমাৰ আত্মসন্মান বঢ়াব পাৰোঁ। আমাৰ সভাবোৰত আহিলে আপুনি শিকিব পাৰিব যে . . .

  • ঈশ্বৰৰ দৃষ্টিত আপুনি কিয় মূল্যৱান

  • আপুনি জীয়াই থকাৰ উদ্দেশ্য কেনেকৈ বিচাৰিব পাৰে

  • আপুনি কাৰ লগত আৰু কেনেকৈ প্ৰকৃত বন্ধুত্ব কৰিব পাৰে

আপুনি আমাৰ সভাবোৰত প্ৰকৃত বন্ধু বিচাৰি পাব ‘যিসকলে এজনে-আনজনৰ বিষয়ে চিন্তা কৰে।’—১ কৰিন্থীয়া ১২:২৫, ২৬.

আমাৰ সভাবোৰৰ বিষয়ে বেছিকৈ জানিবলৈ jw.org-ৰ অনুসন্ধান বক্সত যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত কি হয়? নামৰ ভিডিঅʼ টাইপ কৰক আৰু চাওক।

বাইবেলৰ পৰা শিকক

আমি লোকসকলক বিনামূলীয়াকৈ বাইবেলৰ পৰা শিকাও আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপ ব্যৱহাৰ কৰোঁ। এই কিতাপত দিয়া প্ৰশ্নবোৰৰ সহায়ত আমি আলোচনা কৰোঁ আৰু বাইবেলত দিয়া বহুতো ভাল ভাল সিদ্ধান্তৰ বিষয়ে শিকোঁ। ইয়াত বহুতো ভিডিঅʼ দিয়া হৈছে, যিয়ে হৃদয় স্পৰ্শ কৰে। বাইবেলৰ সহায়ত লোকসকলে নিজকে সন্মান কৰিবলৈ শিকে আৰু নিজৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেলৰ পৰা আলোচনা কৰি আপুনি কেনেকৈ লাভৱান হʼব? ইয়াৰ বিষয়ে জানিবলৈ jw.org-ৰ অনুসন্ধান বক্সত বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼ টাইপ কৰক আৰু চাওক।

ইস্ৰেল মাৰ্টিনাচ

বেছিকৈ জানক

ইস্ৰেল মাৰ্টিনাচ দুখীয়া আছিল আৰু বেছি পঢ়া-লিখা নাছিল। তেওঁ নিজকে আনৰ তুলনাত অযোগ্য বুলি ভাবিছিল। কিন্তু পাছত তেওঁ যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ সভাত যাবলৈ ধৰিলে। সেইবাবে, তেওঁ নিজৰ সন্মান কৰিবলৈ শিকিলে। এই পৰিৱৰ্তন কেনেকৈ হʼল এয়া জানিবলৈ “এতিয়া মই নিজত লাজ অনুভৱ নকৰোঁ” (হিন্দী) লেখ পঢ়ক। আপুনি jw.org-ৰ অনুসন্ধান বক্সত এই লেখৰ বিষয় টাইপ কৰি অনুসন্ধান কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক