কাহিনী ১০
জল-প্লাৱন
জাহাজৰ বাহিৰত থকা লোকসকলে নিজৰ কাম-কাজতেই ব্যস্ত আছিল। জল-প্লাৱন আহিব বুলি তেওঁলোকে কেতিয়াও ভবা নাছিল। তেওঁলোকৰ হাঁহি-ঠাট্টা আৰু বেছিহে হʼবলৈ ধৰিলে। কিন্তু তেওঁলোকৰ এই হাঁহি বেছি সময়লৈকে টিকি নাথাকিল।
হঠাতে বৰষুণ পৰিবলৈ ধৰিলে। এটা বাল্টিৰপৰা পানী পেলালে যেনেকৈ হয়, ঠিক সেইদৰে ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে। নোহে যি কৈছিল, সেইয়া সঁচা হʼল। জাহাজৰ বাহিৰত থকা লোকসকলে সুযোগ হেৰুৱালে। তেওঁলোকৰ কোনেও জাহাজৰ ভিতৰত সোমাব নোৱাৰে। কিয় বাৰু? কিয়নো যিহোৱা ঈশ্বৰে ইয়াৰ দুৱাৰ বন্ধ কৰিছিল।
চাওঁতে চাওঁতে দ ঠাইবোৰ পানীৰে ভৰি পৰিল। পানীখিনি দেখিবলৈ এখন ডাঙৰ নদী যেন লাগিল। পানীৰ সোঁতে গছ-গছনি আৰু ডাঙৰ ডাঙৰ শিলবোৰ বগৰাই জোৰেৰে শব্দ কৰিবলৈ ধৰিলে। ইয়াকে দেখি মানুহবোৰৰ ভয় লাগিল আৰু ৰক্ষাৰ বাবে ওখ ঠাইবোৰলৈ উঠি গʼল। যদি এই লোকসকলে নোহৰ কথা শুনি জাহাজৰ দুৱাৰ খোলা থাকোঁতেই ভিতৰলৈ গʼলহেঁতেন, কেনে ভাল আছিল! কিন্তু এতিয়া বহুত দেৰি হৈ গʼল।
নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত পানী বাঢ়িবলৈ ধৰিলে। চল্লিশ দিন আৰু চল্লিশ ৰাতি ধাৰাসাৰে বৰষুণ পৰি থাকিল। লাহে লাহে সৰু-বৰ সকলো পৰ্ব্বত পানীত বুৰ যাবলৈ ধৰিলে। ঈশ্বৰে আগতেই কোৱাৰ দৰে, জাহাজৰ বাহিৰত থকা সকলো মানুহ আৰু জীৱ-জন্তুৰ মৃত্যু হʼল। কিন্তু জাহাজৰ ভিতৰত থকা নোহ, তেওঁৰ পৰিয়াল আৰু সকলো জীৱ-জন্তু সুৰক্ষিত আছিল।
নোহ আৰু তেওঁৰ লʼৰাকেইজনে জাহাজখন বৰ মজবুতভাৱে বনাইছিল। বৰষুণৰ পানীত জাহাজখন ভাহি উঠিল। হঠাতে বৰষুণ পৰিবলৈ বন্ধ হʼল আৰু সূৰ্য্যৰ কিৰণে পৃথিৱীখনক পোহৰাই তুলিলে। সেইয়া কি যে এক দৃশ্য আছিল! চাৰিওফালে পানী থকাৰ বাবে ই যেন এক বিশাল সমুদ্ৰহে আৰু এই বিশাল সমুদ্ৰত মাত্ৰ এখন জাহাজ উপঙি আছে।
জল-প্লাৱনত নাফিলবিলাকৰ মৃত্যু হʼল। লোকসকলক তাড়না দিবলৈ আৰু কোনো নাথাকিল। নাফিলবিলাকৰ মাতৃ আৰু সকলো দুষ্ট লোকৰ মৃত্যু হʼল। কিন্তু নাফিলবিলাকৰ পিতৃসকলৰনো কি হʼল?
নাফিলবিলাকৰ পিতৃসকল আমাৰ দৰে তেজ-মঙহৰ লোক নাছিল। তেওঁলোক স্বৰ্গদূত আছিল আৰু পৃথিৱীত মানুহৰ দৰে বাস কৰিবলৈ আহিছিল। সেইবাবে জল-প্লাৱনৰ সময়ত আন লোকসকলৰ দৰে তেওঁলোকৰ মৃত্যু নহʼল। তেওঁলোকে মানৱ শৰীৰ ত্যাগ কৰিলে আৰু স্বৰ্গদূত হিচাপে স্বৰ্গলৈ উভতি গʼল। কিন্তু স্বৰ্গত এই স্বৰ্গদূতসকলে ঈশ্বৰৰ আত্মিক পৰিয়ালৰ ভাগ হʼব নোৱাৰিলে। গতিকে তেওঁলোকে চয়তানৰ ফলীয়া হৈ পৰিল। বাইবেলে এই দুষ্ট স্বৰ্গদূতসকলক ভূত বুলি বৰ্ণনা কৰিছে।
ঈশ্বৰে বতাহ বলোৱাৰ ফলত পানী শুকাবলৈ ধৰিলে। কেইমাহমানৰ পাছত নোহৰ জাহাজখন এটা পৰ্ব্বতত লাগিল। কেইবাদিনো জাহাজৰ ভিতৰত থকাৰ পাছত, তেওঁলোকে বাহিৰলৈ চাই মাত্ৰ পৰ্ব্বতবোৰৰ টিংবোৰহে দেখিবলৈ পালে।
ইয়াৰ পাছত নোহে এটা ঢোঁৰা কাউৰী জাহাজৰপৰা এৰি দিলে। ৰʼবলৈ ঠাই নাপাই এই কাউৰীটো জাহাজলৈ উভতি আহিল। এইদৰে নোহে কেইবাবাৰো কাউৰীটোক বাহিৰলৈ পঠিয়ালে, কিন্তু প্ৰতিবাৰে সি জাহাজলৈ উভতি আহে।
পানী শুকাইছে নে নাই, তাক চাবলৈ নোহে এইবাৰ জাহাজৰপৰা এটা কপৌ পঠালে। শুকান ঠাই নোপোৱাৰ বাবে ইয়ো জাহাজলৈ উভতি আহিল। নোহে দ্বিতীয়বাৰৰ বাবে আকৌ কপৌটো পঠালে। এইবাৰ কপৌটোৰ ঠোঁটত জিতবৃক্ষৰ কুমলীয়া পাতেৰে ভৰা এটা সৰু ডাল আছে। ইয়াৰপৰা নোহে বুজিব পাৰিলে যে পানী শুকাবলৈ ধৰিছে। নোহে তৃতীয়বাৰৰ বাবে কপৌটো পঠালে, কিন্তু এইবাৰ আৰু সি জাহাজলৈ ঘূৰি নাহিল।
ঈশ্বৰে নোহক কʼলে: ‘তোমাৰ ভাৰ্য্যা, পুত্ৰবিলাক, বোৱাৰীহঁতক আৰু সমুদায় জীৱ-জন্তুক তোমাৰ লগত জাহাজৰপৰা উলিয়াই আনা।’ প্ৰায় এবছৰতকৈ বেছি সময় তেওঁলোক জাহাজৰ ভিতৰত আছিল। তেওঁলোকে জাহাজৰপৰা বাহিৰত আহি এক নতুন জীৱন পোৱাৰ আনন্দৰ বিষয়ে আমি মাত্ৰ কল্পনাহে কৰিব পাৰোঁ।
আদিপুস্তক ৭:১০-২৪; ৮:১-১৭; ১ পিতৰ ৩:১৯, ২০.