পাঠ ৫৮
যিৰূচালেমৰ ধ্বংস
যিহূদাৰ লোকসকলে বাৰে বাৰে যিহোৱাক এৰি মিছা দেৱতাবোৰক পূজা কৰিছিল। বহু বছৰলৈকে যিহোৱাই তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকক সতৰ্ক কৰিবলৈ যিহোৱাই বহুতো ভৱিষ্যবক্তাক পঠাইছিল, কিন্তু তেওঁলোকে তেওঁলোকৰ কথা শুনা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ভৱিষ্যবক্তাসকলক ঠাট্টা কৰিছিল। যিহোৱাই তেওঁলোকৰ মূৰ্তিপূজা কেনেকৈ শেষ কৰিলে?
বাবিলৰ ৰজা নবূখদ্নেচৰে এখন এখন কৰি বহুতো দেশ দখল কৰি লʼলে। যেতিয়া তেওঁ প্ৰথমবাৰ যিৰূচালেম দখল কৰিছিল, তেতিয়া তেওঁ যিহোয়াখীন, তেওঁৰ প্ৰধান লোক, সেনা আৰু শিল্পকাৰসকলক বন্দী কৰি লʼলে আৰু সকলোকে বাবিললৈ লৈ গʼল। তেওঁ যিহোৱাৰ মন্দিৰৰ সকলো ধন-সম্পত্তিও লৈ গʼল। ইয়াৰ পাছত তেওঁ চিদিকিয়াক যিহূদাৰ ৰজা বনালে।
চিদিকিয়াই আৰম্ভণিতে নবূখদ্নেচৰৰ কথা শুনিছিল। কিন্তু পাছত আশে-পাশে থকা দেশ আৰু মিছা ভৱিষ্যবক্তাসকলে তেওঁক বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কʼলে। যিৰিমিয়াই চিদিকিয়াক কʼলে, ‘যদি তুমি বিদ্ৰোহ কৰা, তেনেহʼলে যিহূদাৰ লোকসকলক মাৰি পেলোৱা হʼব, তাত খোৱা-বোৱাৰ অভাৱ হʼব আৰু বেমাৰ বিয়পিব।’
চিদিকিয়াই আঠ বছৰ শাসন কৰাৰ পাছত বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ নিৰ্ণয় লʼলে। তেওঁ মিচৰৰ সেনাক সহায় খুজিলে। তেতিয়া নবূখদ্নেচৰে যিৰূচালেমক আক্ৰমণ কৰিবলৈ সেনা পঠালে আৰু তেওঁলোকে চহৰখন চাৰিওফালে আগুৰি ধৰিলে। যিৰিমিয়াই চিদিকিয়াক কʼলে, ‘যিহোৱাই কৈছে তুমি বাবিলৰ আগত হাৰ মানি লোৱা, তেতিয়া এই চহৰ আৰু তুমি বাচি যাবা। কিন্তু যদি এইদৰে নকৰা, তেনেহʼলে বাবিলৰ লোকসকলে যিৰূচালেম জ্বলাই দিব আৰু তোমাক বন্দী বনাই লৈ যাব।’ কিন্তু চিদিকিয়াই কʼলে, ‘মই হাৰ নামানিম!’
ডেৰ বছৰৰ পাছত বাবিলৰ সেনাই যিৰূচালেমৰ দেৱাল ভাঙি চহৰৰ ভিতৰত সোমালে আৰু তাত জুই লগাই দিলে। তেওঁলোকে মন্দিৰ জ্বলাই ধ্বংস কৰি দিলে, বহুতো লোকক মাৰি পেলালে আৰু হাজাৰ হাজাৰ লোকক বন্দী বনাই লৈ গʼল।
চিদিকিয়া যিৰূচালেমৰ পৰা পলাই গʼল, কিন্তু বাবিলৰ সেনাবিলাকে তেওঁক খেদি গʼল। তেওঁলোকে যিৰীহোৰ ওচৰত তেওঁক ধৰি লʼলে আৰু বাবিলৰ ৰজা নবূখদ্নেচৰৰ ওচৰলৈ লৈ আনিলে। নবূখদ্নেচৰে চিদিকিয়াৰ সন্মুখতে তেওঁৰ লʼৰাবিলাকক মাৰি পেলালে আৰু তেওঁক অন্ধ কৰি দিলে আৰু তেওঁক জেলত ভৰাই দিলে। পাছত তাতে তেওঁৰ মৃত্যু হʼল। কিন্তু যিহোৱাই যিহূদাৰ লোকসকলক প্ৰতিজ্ঞা কৰিলে, ‘মই ৭০ বছৰৰ পাছত তোমালোকক আকৌ যিৰূচালেমলৈ উভতাই আনিম।’
সেই ডেকাসকলৰ কি হʼল, যিসকলক ধৰি বাবিললৈ লৈ যোৱা হৈছিল? তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল নে?
“হে সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা, তোমাৰ নিৰ্ণয় সঁচাকৈ ভৰসাযোগ্য আৰু সত্য হয়।”—প্ৰকাশিত বাক্য ১৬:৭