পাঠ ৫৭
গভীৰ পাপ কৰিলে আপুনি কি কৰিব?
আমি যিহোৱাক বহুত প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁৰ মনক কেতিয়াও দুখ দিব নিবিচাৰোঁ। তথাপিও, কেতিয়াবা কেতিয়াবা আমাৰপৰা ভুল হয়। কিন্তু কিছুমান ভুল আন ভুলবোৰতকৈ বেছি গভীৰ হয়। (১ কৰিন্থীয়া ৬:৯, ১০) যদি আমি কিবা গভীৰ পাপ কৰি পাওঁ, তেনেহʼলে আমি মনত ৰখা উচিত যে যিহোৱাই আমাক বহুত প্ৰেম কৰে, তেওঁ আমাক ক্ষমা কৰিবলৈ সদায় সাজু থাকে আৰু আমাক সহায় কৰিব বিচাৰে।
১. যদি এজন ব্যক্তিয়ে পাপ কৰে, তেনেহʼলে যিহোৱাৰপৰা ক্ষমা পাবলৈ তেওঁ কি কৰিব?
যেতিয়া যিহোৱাক প্ৰেম কৰা কোনো এজন ব্যক্তিয়ে গভীৰ পাপ কৰে, তেতিয়া তেওঁ দুখ অনুভৱ কৰে। কিন্তু তেওঁ যিহোৱাৰ এই প্ৰতিজ্ঞাৰপৰা শান্ত্বনা লাভ কৰিব পাৰে। তেওঁ এইদৰে কৈছে “তোমালোকৰ পাপবোৰ সিন্দূৰ বৰণীয়া হলেও, হিমৰ দৰে বগা কৰা হব।” (যিচয়া ১:১৮) যদি তেওঁ হৃদয়েৰে অনুতাপ কৰে, তেনেহʼলে যিহোৱাই তেওঁক ক্ষমা কৰিব। তেওঁ সঁচাকৈ অনুতাপ কৰিছে বুলি কেনেকৈ দেখুৱাব পাৰে? তেওঁ যি ভুল কৰিলে, তাৰ বাবে তেওঁ দুখ অনুভৱ কৰিব আৰু সেই বেয়া কামটো তেওঁ কেতিয়াও নকৰিব, লগতে তেওঁ যিহোৱাৰপৰা ক্ষমা বিচাৰিব। যি ভুল চিন্তাধাৰা আৰু বেয়া অভ্যাসৰ বাবে তেওঁ পাপ কৰিছিল, সেইবোৰৰপৰা আঁতৰি থাকিবলৈ কঠিন পৰিশ্ৰম কৰিব আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি চলিবলৈ তেওঁ চেষ্টা কৰিব।—যিচয়া ৫৫:৬, ৭ পঢ়ক।
২. যদি আমি পাপ কৰোঁ, তেনেহʼলে যিহোৱাই প্ৰাচীনৰ যোগেদি আমাক কেনেকৈ সহায় কৰে?
কেতিয়াবা কেতিয়াবা আমি গভীৰ পাপ কৰি পাওঁ। সেইবাবে, যিহোৱাই আমাক সহায় কৰিবলৈ এটা ব্যৱস্থা কৰিছে। তেওঁ আমাক ‘মণ্ডলীৰ বৃদ্ধলোকক [প্ৰাচীনসকলক] মাতিবলৈ’ কৈছে। (যাকোব ৫:১৪, ১৫ পঢ়ক।) এই প্ৰাচীনসকলে যিহোৱা আৰু তেওঁৰ মেৰবোৰক বহুত প্ৰেম কৰে। যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে আমাক সহায় কৰিব পাৰে।—গালাতীয়া ৬:১.
প্ৰাচীনসকলে কেনেকৈ আমাক সহায় কৰিব পাৰে? দুজন বা তিনিজন প্ৰাচীন আমাৰ লগত কথা পাতিব আৰু আমি যি কৰিলোঁ, সেয়া কিয় ভুল হয় তেওঁলোকে বাইবেলৰপৰা বুজাব আৰু কিছুমান পৰামৰ্শ দিব যাতে সেই ভুল আমি পুনৰ নকৰোঁ। কিন্তু যদি এজন ব্যক্তি গভীৰ পাপ কৰাৰ সত্ত্বেও অনুতাপ নকৰে, তেনেহʼলে প্ৰাচীনসকলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰিব, যাতে মণ্ডলীৰ আন ভাই-ভনীসকলৰ ওপৰত বেয়া প্ৰভাৱ নপৰে।
গভীৰভাৱে ধ্যান কৰক
যদি আমাৰপৰা গভীৰ পাপ হৈ যায়, তেনেহʼলে যিহোৱাই আমাক সহায় কৰিবলৈ কি ব্যৱস্থা কৰিছে? এই ব্যৱস্থাৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা বঢ়াব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।
৩. পাপ স্বীকাৰ কৰিলে আমি সহায় লাভ কৰোঁ
আমি কিবা পাপ কৰিলে যিহোৱাক বহুত দুখ লাগে। সেইবাবে, আমি যিহোৱাৰ ওচৰত নিজৰ পাপ মানি লোৱা উচিত। গীতমালা ৩২:১-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
নিজৰ পাপ লুকুৱাৰ পৰিৱৰ্তে যিহোৱাক জনোৱাটো কিয় ভাল হʼব?
নিজৰ পাপৰ বিষয়ে যিহোৱাক জনোৱাৰ উপৰিও প্ৰাচীনসকলৰ সহায় লোৱাটো ভাল। এইদৰে কৰিলে আমি মনত শান্তি লাভ কৰিম। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যিহোৱাৰ ওচৰলৈ উভটি আহিবলৈ ভাই কেনানক প্ৰাচীনসকলে কেনেকৈ সহায় কৰিলে?
আমি প্ৰাচীনসকলক সকলো কথা জনোৱা উচিত। কিয়নো যিহোৱাই আমাক সহায় কৰিবলৈ তেওঁলোকক নিযুক্ত কৰিছে। যাকোব ৫:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
যদি আমি প্ৰাচীনক সকলো কথা জনাওঁ, তেনেহʼলে তেওঁলোকে আমাক কেনেকৈ ভালদৰে সহায় কৰিব পাৰে?
নিজৰ পাপ মানি লওক, প্ৰাচীনক সকলো কথা জনাওক আৰু যিহোৱাই যি সহায় আগবঢ়াইছে, সেয়া স্বীকাৰ কৰক
৪. যিহোৱাই পাপ কৰা লোকসকলক দয়া দেখুৱাই
যদি এজন ব্যক্তি গভীৰ পাপ কৰে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি চলিবলৈ অস্বীকাৰ কৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰা হয় আৰু তেওঁৰ লগত কোনো ধৰণৰ সংগতি কৰা নহয়। ১ কৰিন্থীয়া ৫:৬, ১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
অলপ খমিৰে যেনেকৈ গোটেই আটাখিনি ফুলাই দিয়ে। ঠিক সেইদৰে, যদি আমি অনুতাপ নেদেখুৱা ব্যক্তিৰ লগত সংগতি কৰোঁ, তেনেহʼলে মণ্ডলীৰ ওপৰত কি প্ৰভাৱ পৰিব?
যিহোৱাৰ দয়াক অনুকৰণ কৰি প্ৰাচীনসকলে পাপ কৰা ব্যক্তিজনক সহায় কৰিব পাৰে, যাক মণ্ডলীৰ পৰা বাহিৰ কৰা হৈছে। যদিও এইদৰে হোৱাৰ বাবে বহুত দুখ লাগে, কিন্তু এই ব্যৱস্থাৰ বাবে বহুতো লোকে নিজৰ ভুল বুজিব পাৰিলে আৰু পুনৰ মণ্ডলীলৈ উভটি আহিব পাৰিলে।—গীতমালা ১৪১:৫.
যিহোৱাই পাপ কৰা ব্যক্তিৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা কেনেকৈ তেওঁৰ সঠিক ন্যায়, দয়া আৰু প্ৰেম দেখিবলৈ পোৱা যায়?
৫. অনুতাপ কৰিলে যিহোৱাই ক্ষমা কৰে
যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে? এই কথা বুজিবলৈ যীচুৱে দিয়া এটা উদাহৰণলৈ মন কৰক। লূক ১৫:১-৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
এই উদাহৰণৰপৰা আপুনি যিহোৱাৰ বিষয়ে কি শিকিলে?
যিহিষ্কেল ৩৩:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
অনুতাপ কৰিবলৈ এজন ব্যক্তিয়ে কি পদক্ষেপ লোৱা উচিত?
যিদৰে এজন ৰখীয়াই নিজৰ ভেড়াৰ বিষয়ে চিন্তা কৰে, ঠিক সেইদৰে যিহোৱাই নিজৰ লোকসকলৰ বিষয়ে চিন্তা কৰে
কিছুমান লোকে কয়: “যদি মই পাপ কৰিছোঁ বুলি প্ৰাচীনক জনাওঁ, তেনেহʼলে তেওঁলোকে মোক মণ্ডলীৰ পৰা বাহিৰ কৰি দিব।”
যদি কোনোবাই এইদৰে ভাবে, তেনেহʼলে আপুনি তেওঁক কি কʼব?
আমি কি শিকিলোঁ
আমি কৰা গভীৰ পাপৰ বাবে যদি আমি অনুতাপ কৰোঁ আৰু সেই ভুল পুনৰ নকৰিম বুলি ঠিৰাং কৰোঁ, তেনেহʼলে যিহোৱাই আমাক ক্ষমা কৰিব।
আপুনি কেনেকৈ উত্তৰ দিব?
যিহোৱাৰ ওচৰত নিজৰ পাপ মানি লোৱাটো কিয় ভাল?
যিহোৱাৰপৰা ক্ষমা পাবলৈ আমি কি কৰিব লাগিব?
আমি গভীৰ পাপ কৰিলে প্ৰাচীনসকলৰপৰা কিয় সহায় লোৱা উচিত?
বেছিকৈ জানক
যিচয়া ১:১৮ পদত যি দয়াৰ বিষয়ে কোৱা হৈছে, সেয়া এজন ব্যক্তিয়ে কেনেকৈ অনুভৱ কৰিলে, আহক ভিডিঅʼখনত চাওঁ।
প্ৰাচীনসকলে গভীৰ পাপ কৰা ব্যক্তিক কেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰে? আহক চাওঁ।
“পাপ কৰা লোকসকলৰ লগত প্ৰেম আৰু দয়াৰে ব্যৱহাৰ কৰক” (প্ৰহৰীদুৰ্গ, আগষ্ট ২০২৪)
অনুতাপ নকৰা লোকসকলৰ প্ৰতি প্ৰেম আৰু দয়া কেনেকৈ দেখুৱা হয়, তাৰ বিষয়ে জানক।
“মণ্ডলীৰ পৰা বাহিৰ কৰা লোকসকলক সহায় কৰক” (প্ৰহৰীদুৰ্গ, আগষ্ট ২০২৪)
“মই যিহোৱাৰ ওচৰলৈ উভটি অহাৰ প্ৰয়োজন আছিল” এই জীৱন কাহিনীত কোৱা হৈছে যে এজন ব্যক্তিয়ে কেনেকৈ যিহোৱাৰপৰা আঁতৰি গৈছিল আৰু তেওঁ কেনেকৈ উভটি আহিল। যিহোৱাই তেওঁক আকৰ্ষিত কৰিলে বুলি তেওঁ কিয় ভাবে, আহক চাওঁ।
“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই-চেপ্টেম্বৰ ২০১২)