ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ৫
  • কৌশলতাৰে কথা পাতক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কৌশলতাৰে কথা পাতক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পৌলে কি কৰিলে?
  • পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?
  • পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?
  • নম্ৰতাৰে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • লোকসকলৰ বিষয়ে চিন্তা কৰক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • স্বাভাৱিকভাৱে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ৫

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

পৌলে আথীনীৰ লোকসকলক প্ৰচাৰ কৰি আছে।

পাঁচ. ১৭:২২, ২৩

পাঠ ৫

কৌশলতাৰে কথা পাতক

সিদ্ধান্ত: ‘তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত হওক।’—কল. ৪:৬.

পৌলে কি কৰিলে?

পৌলে আথীনীৰ লোকসকলক প্ৰচাৰ কৰি আছে।

ভিডিঅʼ: পৌলে আথীনীৰ লোকসকলক প্ৰচাৰ কৰিলে

১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ১৭:২২, ২৩ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. আথীনীৰ লোকসকলক মিছা দেৱতাবোৰক উপাসনা কৰা দেখি পৌলে কেনে অনুভৱ কৰিলে?—পাঁচনিৰ কৰ্ম্ম ১৭:১৬ চাওক।

  2. খ. পৌলে আথীনীৰ লোকসকলক ভুল বুলি প্ৰমাণ কৰাৰ পৰিৱৰ্তে কেনেকৈ তেওঁলোকৰ প্ৰশংসা কৰিলে? এইদৰে কৰি পৌলে কেনেকৈ তেওঁলোকক প্ৰচাৰ কৰিলে?

পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যদি আমি ভাবি-চিন্তি কথা পাতোঁ, লগতে কি কৈছোঁ, কেতিয়া কৈছোঁ, তেনেহʼলে লোকসকলে আমাৰ কথা শুনিব।

পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. সঠিক শব্দ বাছনি কৰক। উদাহৰণস্বৰূপে, যদি বাইবেলৰ ওপৰত বিশ্বাস নকৰা কোনো এজন ব্যক্তিৰ লগত কথা পাতে, তেনেহʼলে অলপ ৰওক আৰু চিন্তা কৰক যে আপুনি কেনেকৈ তেওঁক বাইবেল বা যীচুৰ বিষয়ে জনাব।

৪. ব্যক্তিজনক লগে লগে শুধৰণি নকৰিব। ব্যক্তিজনক মনৰ কথা খুলি কʼবলৈ সুযোগ দিয়ক। যদি তেওঁ এনে কিবা কয়, যি বাইবেলৰ মতে সঠিক নহয়, তেনেহʼলে তেতিয়াই তেওঁক বুজাবলৈ চেষ্টা নকৰিব। (যাকো. ১:১৯) তেওঁৰ কথা শুনাৰ যোগেদি আপুনি বুজিব পাৰিব যে তেওঁ কি বিশ্বাস কৰে আৰু কিয়।—হিতো. ২০:৫.

৫. যদি সম্ভৱ হয়, তেনেহʼলে প্ৰশংসা কৰক। ব্যক্তিজনে হয়তো বিশ্বাস কৰে যে তেওঁৰ ধৰ্মই যি শিকাই, সেয়াই সঠিক। এই ক্ষেত্ৰত তেওঁ হয়তো আপোনাৰ কথাত লগে লগে সন্মত নহʼবও পাৰে। সেইবাবে দুয়োজনে সন্মত হোৱা বিষয়ে কথা পাতক আৰু ইয়াৰ বাবে তেওঁৰ প্ৰশংসাও কৰক। তাৰ পাছত লাহে লাহে তেওঁক বাইবেলৰ কথা বুজাবলৈ চেষ্টা কৰক।

এয়াও চাওক

হিতো. ২৫:১৫; ২ তীম. ২:২৩-২৬; ১ পিত. ৩:১৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক