ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৪/১ পৃষ্ঠা ৩
  • অন্তিম ভোজন ইয়াৰ অৰ্থ কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অন্তিম ভোজন ইয়াৰ অৰ্থ কি?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • প্ৰভুৰ ভোজনে আপোনাৰ বাবে এক গভীৰ অৰ্থ ৰাখে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ শেষ ভোজ
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপোনাৰ জীৱন প্ৰভাৱিত কৰা এক উদ্‌যাপন
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ওপৰ তলাৰ কোঠালিত
    বাইবেলৰ কাহিনী
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৪/১ পৃষ্ঠা ৩

অন্তিম ভোজন ইয়াৰ অৰ্থ কি?

যেতিয়া আপুনি ‘অন্তিম ভোজন’ (‘লাষ্ট ছাপাৰ’) বুলি উক্তিটো শুনে তেতিয়া আপোনাৰ মনত কেনে প্ৰশ্ন ভাহি উঠে? বহুতে ভাবে যে এইটো হৈছে ইটালীৰ মিলান চহৰত বাস কৰা লিঅʼনাৰ্ডো ডা-ভিন্সি (১৪৫২-১৫১৯ চন) নামৰ চিত্ৰকাৰজনে অঁকা আকৰ্ষণীয় ছবিখন। দৰাচলতে শতাব্দী ধৰি অন্তিম ভোজন বিষয়টো চিত্ৰকাৰ, লিখক আৰু সঙ্গীতকাৰসকলৰ বাবে এটা পৰিচিত বিষয়ৰূপে প্ৰকাশ পাই আহিছে।

কিন্তু ২১ বিংশ শতাব্দীৰ লোকসকলৰ বাবে অন্তিম ভোজন উক্তিটোৱে কি অৰ্থ ৰাখে? বিশ্বকোষ আৰু অভিধানবোৰে আপোনাক বৰ্ণনা কৰিব যে ইয়াক প্ৰভুৰ আহাৰ বুলিও কোৱা হয়। যীচুৱে তেওঁৰ মৃত্যুৰ নিশা তেওঁৰ শিষ্যসকলৰ সৈতে এই আহাৰ গ্ৰহণ কৰিছিল। সেই আহাৰ যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে কৰা শেষ সন্ধ্যাহাৰ আছিল, সেইবাবে ইয়াক পৰম্পৰাগতভাৱে অন্তিম ভোজন বুলিও কোৱা হয়। তদুপৰি প্ৰভু যীচু খ্ৰীষ্টই স্বয়ং ইয়াৰ উদযাপন কৰাৰ বাবে ইয়াক প্ৰভুৰ ভোজন বা ভোজ বুলি কোৱাটো উপযুক্ত হʼব।

শতাব্দী ধৰি বহুতে নিজে যোগ্যৰূপে বিবেচনা কৰাৰ কাৰণসমূহৰ বাবে নিজৰ প্ৰাণ আহুতি দি আহিছে। তেনে কিছুমান মৃত্যুৱে কোনো কোনো লোকক অলপ সময়ৰ বাবে লাভ প্ৰদান কৰিছিল। সেই আত্মবলিদানমূলক মৃত্যু যীচুৰ মৃত্যুৰ তুলনাত শলাগ লʼবলগীয়া বা অৰ্থপূৰ্ণ নহয়। ইয়াৰ উপৰিও কোনো মানুহৰ মৃত্যুৱে চিন্তাপীড়িত ইতিহাসত বিশ্বব্যাপী প্ৰভাৱিত কৰিব নোৱাৰে। কিয় নোৱাৰে?

এই প্ৰশ্নৰ উত্তৰে আপোনাক প্ৰভুৰ ভোজন বা ভোজৰ প্ৰকৃত অৰ্থ বুজাত সহায় কৰিব। এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হৈছে। অনুগ্ৰহ কৰি লেখটো পঢ়ক। (w03 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক