ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০২ পৃষ্ঠা ১
  • ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিয়া
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন হৈছেনে?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • লাখ লাখ লোকৰ প্ৰাৰ্থনা—“তোমাৰ ৰাজ্য আহক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০২ পৃষ্ঠা ১

ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিয়া

১ যেতিয়া আমি কোনো আৰ্থিক হেঁচা বা আন কোনো সমস্যাৰ সম্মুখীন হওঁ, তেতিয়া জীৱনত একেৰাহে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াটো কঠিন যেন বোধ হয়। এতেকে সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিব পাৰোঁ? যদি আমি এনে এটা চাকৰি পাওঁ, যাৰ বাবে সভা আৰু আমাৰ প্ৰচাৰ কাৰ্য্যত বাধা হয়, তেনে অৱস্থাত কি কৰিব পাৰোঁ? সেই অৱস্থাত আমি ঈশ্বৰৰ ৰাজ্যক আমাৰ জীৱনত দ্বিতীয় স্থান দিমনে?

২ এক দৃঢ় বিশ্বাসৰ আৱশ্যক: তেনে পৰিস্থিতিত যেতিয়া আমাৰ বিশ্বাসৰ পৰীক্ষা হয়, তেতিয়া সেই অৱস্থাতো আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থানত ৰাখিবলৈ যিহোৱাই প্ৰতিজ্ঞা আৰু যীচুৱে ঈশ্বৰীয় সহায় প্ৰদান কৰিবলৈ দিয়া আশ্বাসৰ বিষয়ে মনত ৰখা আৱশ্যক। (গীত. ৩৭:⁠২৫; মথি ৬:⁠৩১-⁠৩৪) ঈশ্বৰৰ ৰাজ্যক আমাৰ জীৱনত প্ৰথম স্থান দিয়াৰ পৰা বিৰত ৰাখিবলৈ মেঘৰূপী এই জগতৰ প্ৰভাৱ আৰু হেঁচাই আমাৰ দৃষ্টিক অস্পষ্ট কৰিব পাৰে। কিছুমানৰ বাবে হয়তো চাকৰি বা অৰ্থ উপাৰ্জন কৰাটো তেওঁলোকৰ জীৱনৰ এক প্ৰমুখ বিষয় হʼব পাৰে। পাঁচনি পৌলৰ দৰে আমাৰ জীৱনত প্ৰকৃততে কিহৰ আৱশ্যক তাক সঠিকভাৱে নিৰূপণ কৰা উচিত।​—⁠ফিলি. ৩:⁠৭, ৮.

৩ কোনো সাল-সলনি কৰা আৱশ্যক নে? শিক্ষাক আপোনাৰ বা নিজৰ লʼৰা-ছোৱালীৰ জীৱনত সকলোতকৈ মুখ্য বিষয় বুলি আপুনি চিন্তা কৰিছে নে? এজন যুৱা সাক্ষীৰ এই অনুভৱক বিবেচনা কৰক: জাতীয়তাৰ সম্বন্ধে হোৱা সমাৰোহত নিৰপেক্ষতা বজাই ৰখাৰ বাবে তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰা হয়। বহু সময় ধৰি চলা মুকৰ্দ্দমাৰ অন্ততঃ সত্য উপাসনাৰ পক্ষে নিৰ্ণয় লোৱা হয়। সেই লʼৰাজনে পুনৰাই স্কুলত ভৰ্ত্তি হয় আৰু পাছলৈ কলেজৰ শিক্ষাও গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তাত নৈতিকৰূপে হ্ৰাস হোৱাৰ পৰিৱেশক দেখি তেওঁ প্ৰথম বছৰছোৱাতে কলেজ ত্যাগ দিয়ে। আজি প্ৰায় এঘাৰ বছৰ বেথেল সেৱাৰ পাছত তেওঁ উচ্চ শিক্ষা লোৱাৰ পৰিৱৰ্ত্তে এজন বেথেলৰ সদস্য হৈ অত্যাধিক লাভ অনুভৱ কৰিছে। ৰাজ্যক প্ৰথমস্থান দিয়াটো হৈছে ঈশ্বৰৰ আজ্ঞা। যিসকলে তেনে কৰে, ঈশ্বৰে তেওঁলোকৰ বিষয়ে এইদৰে প্ৰতিজ্ঞা কৰিছে যে “এই সকলোও তোমালোকক দিয়া হʼব।”

৪ বাস্তৱতে শলাগ লʼবলগীয়া বিষয় এই যে, বহুতে নিজৰ চাকৰি আৰু অধিক অৰ্থ উপাৰ্জন কৰাৰ পথ ত্যাগ দি সৰলভাৱে জীৱন-যাপন কৰিছে আৰু পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ বাছি লৈছে। ডেকা অবিবাহিত সহায়ক সেৱক আৰু প্ৰাচীনসকলে মিনিচট্ৰীয়েল ট্ৰেইনিং স্কুলত প্ৰশিক্ষণ লাভ কৰি সেৱাৰ বাবে এক বিশেষ অধিকাৰ লাভ কৰাৰ সুযোগ আছে। পৌলে ৰখা অকৃত্ৰিম আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা তেওঁলোকৰ মুখ্য ভৌতিক আৱশ্যকতাসমূহ যথাৰ্থৰূপে পূৰ্ণ হʼব।​—⁠১ কৰি. ১১:⁠১; ১ তীম. ৬:⁠৬-​৮; ইব্ৰী ১৩:⁠৫.

৫ যদিও আমি জীৱনৰ উদ্দেশ্য ৰখা দৃষ্টিৰ প্ৰতি জগতে ঠাট্টা কৰিব পাৰে, কিন্তু যিহোৱাই আমাক প্ৰচুৰমাত্ৰাত আশীৰ্ব্বাদ প্ৰদান কৰিব। (১ কৰি. ১:⁠২৬-​৩১) এইটো জানি আমি উৎসাহিত নহওঁনে যে, যিহোৱাই তেওঁৰ কাৰ্য্যত আমাৰ সামৰ্থ অনুসাৰে ব্যৱহাৰ কৰে আৰু সেই কাৰ্য্য সম্পন্ন কৰিবলৈ আমাক সহায় আগবঢ়ায়? ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱাৰ বিষয়ে প্ৰচাৰ কৰাৰ যি সুযোগ, ই পুনৰাই আৰু উভটি নাহিব। সেইবাবে আমি আমাৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিবলৈ এইয়ে হৈছে সময়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক