‘তেওঁলোকে কেনেকৈ শুভবাৰ্ত্তা শুনিব?’
১ যীচুৱে গুৰুত্ব দি এইদৰে কৈছিল: “প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰিত হব লাগে।” (মাৰ্ক ১৩:১০) চন ২০০০, মে ১১ তাৰিখে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হৈ এক নিযুত হৈছে বুলি কোৱা হৈছিল। এই সন্দৰ্ভে তাত উপস্থিত থকা প্ৰেছে এইদৰে বৰ্ণনা কৰিছিল: এইটো নিৰ্ণয় লোৱা ইমান সহজ নহয় যে ভাৰতবৰ্ষত কেতিয়া এক নিযুত সংখ্যা পূৰ্ণ হʼব কিয়নো প্ৰত্যেকদিনা ক্ৰমে ৪২,০০০ শিশুৰ জন্ম হয়।” এই দেশত থকা ২৩,০০০ যিহোৱাৰ সাক্ষীয়ে কঠিন পৰিশ্ৰম কৰা স্বত্বেও সেই নিযুত সংখ্যাৰ সকলো লোকে ব্যক্তিগতভাৱে শুভবাৰ্ত্তাৰ বিষয়ে শুনা নাই। কিয়নো আৰ্থিকৰূপে অহা সমস্যাৰ বাবে এশতকৈও অধিক বিশেষ অগ্ৰগামীসকলক নিজৰ দায়িত্বভাৰ ত্যাগ দিবলগা হয়, যিসকলে অতি দূৰত অৱস্থিত থকা ক্ষেত্ৰসমূহতো শুভবাৰ্ত্তা কঢ়িয়াই নিছিল। গতিকে ‘তেওঁলোকে কেনেকৈ শুভবাৰ্ত্তা শুনিব?’—ৰোমী. ১০:১৪.
২ যিহোৱাত ভাৰসা ৰাখক: আমি নিশ্চয়ে এইটো মনত ৰখা উচিত যে যিহোৱাই লোকসকলৰ হৃদয় জানে। গতিকে এজন ব্যক্তিৰ অৱস্থা যিয়েই নহওঁক কিয়, যদি তেওঁ হৃদয়েৰে ঈশ্বৰৰ বিষয়ে সত্য শিকিবলৈ আগ্ৰহী হয়, তেনেহʼলে তেওঁ ইয়াক শিকিব পাৰিব।—১ বং. ২৮:৯.
৩ অব্ৰাহামে চদোম আৰু ঘমোৰাত থকা বাসিন্দাসকলৰ বাবে চিন্তিত হৈছিল। কিন্তু ঈশ্বৰে তেওঁক আশ্বাস দিছিল যে, যদি তাত কেৱল দহজন ধাৰ্ম্মিক লোকো পোৱা যায় তেতিয়াও যিহোৱাই চদোম আৰু ঘমোৰাক ধ্বংস নকৰিব। (আদি. ১৮:২০, ২৩, ২৫, ৩২) যিহোৱাই কেতিয়াও দুষ্টৰ সৈতে ধাৰ্ম্মিক লোকক ধ্বংস নকৰে, সেয়েহে তেওঁ লোট আৰু তেওঁৰ দুজনী জীয়েকক ৰক্ষা কৰা সম্বন্ধে দেখা পোৱা গৈছিল।—২ পিত. ২:৬-৯.
৪ এবাৰ ইলীচাই ভাবিছিল যে সত্য ঈশ্বৰক কেৱল তেওঁহে একমাত্ৰ উপাসনা কৰিছে। কিন্তু যিহোৱাই তেওঁক আশ্বাস দিছিল যে তেওঁ আৰম্ভ কৰা কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ তেওঁ অকলে আছে, এনে নহয়। (১ ৰাজা. ১৯:১৪-১৮) আমাৰ সময়ত থকা পৰিস্থিতিৰ বিষয়ে কি কʼব পাৰি?
৫ ঈশ্বৰৰ কাৰ্য্যত ব্যস্ত থাকক: কিমান বৃহত পৰিমাণলৈকে সাক্ষী দিয়া কাৰ্য্য কৰিব লাগিব তাক আমি নাজানো। এই কাৰ্য্যৰ বাবে যিহোৱাৰ দায়িত্ব আছে আৰু এই কাৰ্য্যক পৰ্য্যবেক্ষণ কৰিবলৈ তেওঁ স্বৰ্গদূতসকলক ব্যৱহাৰ কৰিছে। (প্ৰকা. ১৪:৬, ৭) জাতিবিলাকক সাক্ষী দিয়া এই কাৰ্য্য কিমান পৰিমাণে কৰা আৱশ্যক, ইয়াৰ বাবে কেৱল তেওঁহে নিৰ্ণয় কৰিব পাৰে। যদি যিহোৱাই বিচাৰে তেনেহʼলে তেওঁ ৰাজ্যৰ বাৰ্ত্তাক এনেদৰে বিস্তৃত কৰিব পাৰে যে কিমানে “শুভবাৰ্ত্তাৰ বাক্য শুনি বিশ্বাস কৰে,” তাৰ বিষয়ে আমি কল্পনা কৰিব নোৱাৰোঁ। (পাঁচ. ১৫:৭) যিহোৱাই প্ৰেম, বুদ্ধি আৰু ন্যায়ৰ সামঞ্জস্যত তেওঁৰ ইচ্ছা পূৰ্ণ কৰে।
৬ যিহোৱাৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য কৰাটো হৈছে আমাৰ বাবে এক বিশেষ অধিকাৰ, যাতে সকলোৱে শুভবাৰ্ত্তা শুনিব পাৰে।—১ কৰি. ৯:১৬.