পৰিচৰ্য্যা সভাৰ তালিকা
জানুৱাৰী ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩
১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। “এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম,” প্ৰবন্ধটোৰ পৰা আলোচনা কৰক। হʼবলগীয়া বিশেষ এদিনীয়া সন্মিলনৰ তাৰিখৰ বিষয়ে ঘোষণা কৰক আৰু সকলোকে সন্মিলনৰ ৰাতিপুৱা আৰু আবেলিৰ কাৰ্য্যক্ৰমত উপস্থিত থাকিবলৈ আমন্ত্ৰণ কৰক। প্ৰকাশকসকলক নতুন আগ্ৰহী ব্যক্তি আৰু বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীসকলক আমন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰক।
২০ মি: উদাৰভাৱে প্ৰবন্ধ কৰা ব্যৱস্থাৰ পৰা লাভৱান হওঁক। এজন উপযুক্ত প্ৰাচীনৰ দ্বাৰা ভাষণ। এই সম্বন্ধে ডিচেম্বৰ ১, ২০০০ চনৰ আধাৰিত শাখা কাৰ্য্যালয়ৰ পৰিলেখৰ পৰা আলোচনা কৰক। মণ্ডলীত যথেষ্ট মাত্ৰাত অগ্ৰিম চিকিৎসীয় নিৰ্দেশ পত্ৰ/মুক্তি পত্ৰ থকা আৱশ্যক। আজি এই সভাৰ পাছত সকলো বাপ্তিষ্মা লোৱা প্ৰচাৰকক এই নিৰ্দেশ পত্ৰখন দিয়া হʼব। কিন্তু তেওঁলোকে আজিয়েই সেই পত্ৰখন ভৰ্ত্তি কৰা উচিত নহয়। হʼবলগা মণ্ডলীৰ পুস্তক অধ্যয়নত এই পত্ৰখনত চহী, সাক্ষী আৰু তাৰিখ লিখা আৱশ্যক। যিসকলক এই পত্ৰখন ভৰ্ত্তি কৰিবলৈ সহায়ৰ আৱশ্যক তেওঁলোকে পুস্তক অধ্যয়ন পৰিচালকৰ পৰা সহায় লʼব পাৰে। যিসকলে এই পত্ৰখনত সাক্ষী দিয়ে, প্ৰকৃততে তেওঁলোকৰ সম্মুখত ব্যক্তিজনে চহী কৰা আৱশ্যক। বাপ্তিষ্মা নোলোৱা প্ৰকাশকসকলে হয়তো নিজলৈ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে পৰিস্থিতিৰ অনুসাৰে তেওঁলোকৰ নিৰ্দেশ পত্ৰ তৈয়াৰ কৰিব পাৰে। তেওঁলোকে সংস্থাই প্ৰবন্ধ কৰা নিৰ্দেশ পত্ৰত দিয়া বাক্যশাৰীক নিজ হাতেৰে কোনো এখন বগা কাগজত টোকি লৈ নিজৰ বাবে নিৰ্দেশ পত্ৰ তৈয়াৰ কৰিব পাৰে। বাইবেল প্ৰশিক্ষিত বিবেকৰ ওপৰত আধাৰিত কৰি আগতীয়াকৈ চিকিৎসীয় নিৰ্ণয় লোৱাটো বুদ্ধিমানৰ কাৰ্য্য, এই বিষয়ে জোৰ দি বৰ্ণনা কৰক। (হিতো. ১৪:১৫; ২৭:১২) তেনে জৰুৰী অৱস্থাত কেনে চিকিৎসা প্ৰণালী আৰু ঔষধ গ্ৰহণযোগ্য, এই বিষয়ে আগতীয়াকৈ চিকিৎসকসকলৰ সৈতে স্পষ্টকৈ আলোচনা কৰাটো উত্তম হʼব। এক উপযুক্ত নিৰ্ণয় লʼবলৈ সাৱধানে ব্যক্তিগত অধ্যয়ন কৰা আৱশ্যক। জুন ১৫, ২০০০ চন আৰু অক্টোবৰ ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনত দিয়া “পাঠকসকলৰ প্ৰশ্নসমূহ” নামৰ প্ৰবন্ধটোৰ পৰা উপযুক্ত অনুচ্ছেদসমূহ পঢ়ক। প্ৰাচীনসকলে আনক সহায় কৰিবলৈ আগ্ৰহী, কিন্তু তেওঁলোকে আনৰ বাবে নিৰ্ণয় লʼব নোৱাৰে। তেওঁলোকে লোৱা নিৰ্ণয়বোৰৰ সম্পৰ্কে নিৰ্দেশ পত্ৰ খনত উল্লেখ কৰা লিখিত বাক্যশাৰীক বৰ্ণনা কৰক।
১০ মি: “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” জানুৱাৰী ১, প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰি সংক্ষিপ্তকৈ দুটা প্ৰদৰ্শন দাঙি ধৰক।
গীত ৫৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৪
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৩ মি: আপুনি নিতৌ শাস্ত্ৰৰ পদক পৰীক্ষা কৰেনে? এটা পৰিয়ালৰ সৈতে আলোচনা। নিতৌ শাস্ত্ৰ পদ আলোচনা কৰি অধিক লাভৱান হʼবলৈ, তেওঁলোকে ডিচেম্বৰ ১৫, ১৯৯৬ চনৰ প্ৰহৰীবুৰুজ, ১৮ পৃষ্ঠা, ১৩-১৪ অনুচ্ছেদৰ পৰা আলোচনা কৰে। তেওঁলোকে অলপতে পাঠ কৰা এটা বা দুটা দিনৰ শাস্ত্ৰৰ পদসমূহক চমুকৈ পুনৰ আলোচনা আৰু বৰ্ণনা কৰে যে তাত দিয়া সংবাদসমূহ বিশেষকৈ কিয় লাভদায়ক। তেওঁলোকে জোৰ দি উল্লেখ কৰে যে সেই প্ৰবন্ধটো নিয়মীয়াকৈ পৰিয়ালে কৰা বাইবেল অধ্যয়নৰ এটা প্ৰমুখ ভাগ হোৱা উচিত, যিয়ে পৰিয়ালৰ সদস্যসকলক সক্ৰিয় কৰি তুলিবলৈ প্ৰস্তুত কৰা হৈছে।
২২ মি: “ঈশ্বৰৰ ৰাজ্যক একেৰাহে প্ৰথম স্থান দিয়া।”a ছেপ্টেম্বৰ ১, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ, ১৯-২১ পৃষ্ঠাত দিয়া মুখ্য বিষয়সমূহৰ আধাৰিত কৰি কিছুমান প্ৰশ্ন সন্মিলিত কৰক।
গীত ১৬৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৬
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জানুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। এই পৃষ্ঠাত দিয়া আলোচনাৰ প্ৰস্তুত কৰাৰ পৰামৰ্শক ব্যৱহাৰ কৰি জানুৱাৰি ১ প্ৰহৰীবুৰুজ আলোচনীখনৰ ওপৰত আধাৰিত কৰি ভালদৰে তৈয়াৰী কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। তাৰ পাছত ফেব্ৰুৱাৰী মাহত প্ৰচাৰকাৰ্য্যত দিবলগীয়া আলোচনী আৰু মণ্ডলীত উপলব্ধ থকা সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰক।
১০ মি: “চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম।” এটা ভাষণ। হʼবলগীয়া চাৰ্কিট সন্মিলনৰ তাৰিখৰ বিষয়ে ঘোষণা কৰক। সকলোৱে নিজ নিজ বাইবেল অধ্যয়নৰ বিদ্যাৰ্থীসকলক আমন্ত্ৰণ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰক। আহিবলগীয়া অধিবেশনত নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লোৱাৰ বিষয়ে গভীৰতাৰে বিবেচনা কৰিবলৈ সকলো বাপ্তিষ্মা নোলোৱা প্ৰচাৰকক উৎসাহিত কৰক। সকলোকে ৰাতিপুৱা আৰু আবেলিৰ কাৰ্য্যক্ৰমত উপস্থিত থাকিবলৈ উৎসাহিত কৰক।
২৫ মি: “পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীক শিশু- কালৰে পৰা প্ৰশিক্ষণ দিয়ক।”b এপ্ৰিল ১৫, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ, ৩২ পৃষ্ঠাত দিয়া মন্তব্যক সন্মিলিত কৰক। লʼৰা-ছোৱালীক শিশু-কালৰে পৰা প্ৰশিক্ষণ দি লাভ কৰা উত্তম পৰিণামৰ বিষয়ে কʼবলৈ পিতৃ-মাতৃসকলক আমন্ত্ৰণ কৰক।
গীত ২০২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১২
৮ মি: স্থানীয় ঘোষণাসমূহ।
১৭ মি: “‘তেওঁলোকে কেনেকৈ শুভবাৰ্ত্তা শুনিব?’”c কেনেকৈ শাস্ত্ৰীয় পদসমূহ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে শ্ৰোতাসকলক মন্তব্য দিবলৈ কওঁক। আগষ্ট ১৫, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ১৭-১৮ পৃষ্ঠাত দিয়া প্ৰশ্নসমূহক সন্মিলিত কৰক।
২০ মি: “প্ৰচাৰ কাৰ্য্যত আগবঢ়োৱা উপস্থাপনৰ সম্পৰ্কে দাঙি ধৰা ব্যৱহাৰিক পৰামৰ্শসমূহ।” এই ভাগটো সেৱা ওভাৰচিয়াৰে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। এই অন্তপত্ৰখনত নতুন উপস্থাপনবোৰৰ সৈতে এনে কিছুমান উপস্থাপনো দিয়া হৈছে, যিবোৰ যোৱা সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা হৈছিল। খালী ঠাইবোৰত আপুনি ভৱিষ্যতে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা আৰু স্থানীয় এলেকাত ব্যৱহাৰ কৰি সফলতা পোৱা আন উপস্থাপনৰ পৰামৰ্শসমূহ লিখি ৰাখিব পাৰে। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি সোধক যে কোনটো উপস্থাপন বিশেষভাৱে তেওঁলোকে পছন্দ কৰে আৰু কিয়। ফেব্ৰুৱাৰী মাহৰ সাহিত্য বিতৰণ সময়ত ব্যৱহাৰ কৰি সফলতা পাবলৈ এটা বা দুটা উপস্থাপন প্ৰদৰ্শন কৰি দেখুৱাউক। সকলো প্ৰচাৰককে এই অন্তপত্ৰখন সংৰক্ষণ কৰিবলৈ কওঁক, যাতে তেওঁলোকে ইয়াক ব্যৱহাৰ কৰি প্ৰচাৰ কাৰ্য্যৰ বাবে সাজু হʼব পাৰে।
গীত ২২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।