পৰিচৰ্য্যা সভাৰ তালিকা
মাৰ্চ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২
১৩ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক ব্যৱহাৰ কৰি কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত, “মই জানিবলৈ ইচ্ছুক নহওঁ” বুলি কৈ প্ৰতিৰোধ কৰা ব্যক্তিসকলৰ সৈতে কোনেকৈ সফলতাৰে কথোপকথন আৰম্ভ কৰিব পাৰে তাক বৰ্ণনা কৰক।—ৰিজনিং কিতাপৰ ১৬ পৃষ্ঠা চাওঁক।
১২ মি: গ্ৰীষ্মকালৰ সময়ছোৱাত আপুনি কি কৰিবলৈ আঁচনি বনাইছে? প্ৰাচীন বা সহায়ক সেৱকে তেওঁৰ পৰিয়ালৰ সৈতে গ্ৰীষ্মৰ মাহবোৰত বনোৱা আঁচনিৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ পৰিয়ালে একেলগে সহযোগী অগ্ৰগামী সেৱা কৰা আৰু ছুটি লৈ বাহিৰলৈ কোনোবা ঠাইলৈ ঘূৰিবলৈ যোৱা বা আন কাৰ্য্য কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ সকলোৱে মান্তি হয় যে যদিও তেওঁলোকে কোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায়, তথাপিও তেওঁলোকে ঈশ্বৰ-শাসিত কাৰ্য্যসমূহ যেনে, প্ৰচাৰ কাৰ্য্য আৰু পৰিয়াল অধ্যয়নৰ প্ৰতি কোনো অৱহেলা নকৰিব। তদুপৰি, তেওঁলোকে ঘৰত থাকক বা কোনো ঠাইলৈ নাযাওঁক কিয়, তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট সময়মতে মণ্ডলীৰ চেক্ৰেটাৰীক দিবলৈ ঠিৰাং কৰিব।
২০ মি: “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক।” a এই ভাগটো সেৱা অধ্যক্ষই পৰিচালনা কৰে। মাৰ্চ ২৮ তাৰিখে পালন কৰিবলগীয়া স্মৰণীয় পৰ্বৰ দিনা প্ৰবন্ধ কৰা প্ৰচাৰ কাৰ্য্যত সকলোকে ভাগ লবলৈ উৎসাহিত কৰক। স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰক কেনেকৈ উত্তমৰূপে ব্যৱহাৰ কৰিব পৰি তাৰ বিষয়ে আলোচনা কৰক। প্ৰচাৰকসকলে যোৱা বছৰত সম্বন্ধীয়া লোক, ওচৰ-চুবুৰীয়া, বাইবেল বিদ্যাৰ্থী আৰু অন্য আগ্ৰহী ব্যক্তিসকলক স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰি কেনেকৈ আনন্দিত হৈছিল, তাৰ বিষয়ে কʼবলৈ অনুৰোধ কৰক। যিসকলে এপ্ৰিল মাহত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ বিচাৰে তেওঁলোকক সভা শেষ হোৱাৰ পিছত আৱেদন-পত্ৰ লʼবলৈ উৎসাহিত কৰক।
গীত ৮২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। “স্মৰণীয় পৰ্বৰ সোঁৱৰণী” বিষয়টো আলোচনা কৰক। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০২ চনৰ পুস্তিকাখনত মাৰ্চ ২৩-২৮ তাৰিখৰলৈকে দিয়া পৰিলেখৰ অনুসাৰে স্মৰণীয় পৰ্বৰ বাইবেল পাঠ কৰিবলৈ সকলোকে উৎসাহিত কৰক।
১৫ মি: “যিহোৱা আৰু তেওঁৰ পুত্ৰৰ সৈতে আনন্দেৰে একত্ৰিত হওঁক।” এজন প্ৰাচীনে শাস্ত্ৰীয় পদৰ আধাৰিত এক উৎসাজনক ভাষণ দিয়ে। সকলোকে এতিয়াৰ পৰা মাৰ্চ ২৮ তাৰিখলৈকে এই স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ অধিক লোকক আমন্ত্ৰণ জনাবলৈ উৎসাহিত কৰক।
২০ মি: বাৰ্ষিক পুস্তক খনে আপোনাক কেনেকৈ লাভবান কৰিছে? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। সৰ্বপ্ৰথমে, এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাত দিয়া “প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি” নামৰ লেখটোৰ পৰা মুখ্য বিষয়বোৰক দাঙি ধৰক। তাৰ পিছত বাৰ্ষিক পুস্তক খনত দিয়া ৰিপৰ্ট আৰু বিশেষকৈ কোনটো অনুভৱে তেওঁলোকৰ বিশ্বাস দৃঢ় কৰি তুলিছে তাক কʼবলৈ শ্ৰোতাসকলক অনুৰোধ কৰক। সকলোকে বাৰ্ষিক পুস্তক খন সম্পূৰ্ণকৈ পঢ়িবলৈ আৰু বাইবেল বিদ্যাৰ্থীসকলক যিহোৱাৰ সংগঠনৰ সৈতে ভালদৰে পৰিচিত কৰাত এই পুস্তকখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
গীত ৪৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২
১৪ মি: স্থানীয় ঘোষণাসমূহ। বৰ্ণনা কৰক যে এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিবলৈ কৰা আৱেদন-পত্ৰ জমা দিয়াৰ সময় এতিয়াও বাকী আছে। এই সংখ্যাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত থকা পৰামৰ্শসমূহ ব্যৱহাৰ কৰি দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। এটা উপস্থাপনত ডেকা ব্যক্তি আৰু আনটোত বয়স্থ ব্যক্তিয়ে কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ আলোচনীখন গৃহস্থক দিব, এই বিষয়ে বৰ্ণনা কৰি দেখুৱায়। প্ৰদৰ্শনত প্ৰস্তুত কৰা কিছুমান মুখ্য বিষয় দাঙি ধৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৬ মি: সকলোকে উৎসাহিত কৰি তুলিবলৈ ৰিজনিং কিতাপখন ব্যৱহাৰ কৰক। শ্ৰোতাসকলৰ সৈতে আলোচনা। সময়ে সময়ে প্ৰত্যেককে প্ৰেমেৰে উৎসাহিত কৰা আৱশ্যক। গতিকে আমাৰ সকলোৱে আনক আৰু প্ৰচাৰ কাৰ্য্যত লগ পোৱা নিৰুৎসাহিত ব্যক্তিসকলক ‘আশ্বাস দিবলৈ’ আগ্ৰহী হোৱা উচিত। (১ থিচ. ৫:১৪) যদি কোনোবাই ৰিজনিং কিতাপৰ ১১৭-২১ পৃষ্ঠাত উল্লেখ কৰা কোনো এটা পৰিস্থিতিৰ সম্মুখীন হৈছে, তেন্তে সেই কিতাপ ব্যৱহাৰ কৰি শাস্ত্ৰীয় পদৰ পৰা তেওঁক কেনেকৈ উৎসাহিত কৰিব পাৰে, এই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। কোনো এজনক আৱশ্যকতাৰ অনুসাৰে উৎসাহিত কৰিবলৈ প্ৰত্যেককে চেষ্টা কৰাৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়াওঁক।—গালা. ৬:১০.
গীত ১৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৭
৭ মি: স্থানীয় ঘোষণাসমূহ। মাৰ্চ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।
১৮ মি: “‘মনুষ্যত বৰস্বৰূপে’ থকা ব্যক্তিসকলে আগ্ৰহেৰে ঈশ্বৰৰ লোকসকলৰ প্ৰতি যত্ন লয়।” অন্তপত্ৰখনত দিয়া লেখটোৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। তাত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰক আলোচনা কৰক। নিষ্ক্ৰিয় বা অযোগ্য লোকসকলক চোৱাচিতা কৰাৰ দ্বাৰা কেনেকৈ উত্তম ফল লাভ কৰিব পাৰি তাক বৰ্ণনা কৰক। যিহোৱাৰ কাৰ্য্যত সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰা সকলোকে দয়ালু প্ৰাচীনসকলে আন্তৰিকতাৰে মূল্যাঙ্কণ কৰে।
২০ মি: “প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক।”b যেতিয়া ৫ অনুচ্ছেদ আলোচনা কৰা হয়, তেতিয়া এটা ব্যৱহাৰিক পৰামৰ্শ সোধক যে কেনেকৈ স্থানীয় এলেকাবোৰত সফলতা লাভ কৰিব পাৰি। কোনো এজনক সাক্ষী দিবলৈ কেনেকৈ আগভাগ লʼব পাৰি এই বিষয়ে চমুকৈ এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক। এই সপ্তাহত সাক্ষী দিবলৈ প্ৰত্যকটো সুযোগ গ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰক।
গীত ১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।