যিহোৱা আৰু তেওঁৰ পুত্ৰৰ সৈতে আনন্দেৰে একত্ৰিত হওঁক
এই বছৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ উল্লেখযোগ্য ঘটনাটো মাৰ্চ ২৮ তাৰিখে পালন কৰা হʼব
১ খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্ব ২০০২ চনৰ মাৰ্চ ২৮ তাৰিখে সন্ধ্যা সূৰ্য্য অস্ত যোৱাৰ পিছত পালন কৰাৰ দ্বাৰা আমি যিহোৱা আৰু যীচুৰ সৈতে আনন্দেৰে একত্ৰিত হʼব পাৰিম। সেই গুৰুত্বপূৰ্ণ দিনটোত অভিষিক্ত খ্ৰীষ্টানসকলে বিশেষ ধৰণে ৰাজ্যৰ আন সদস্য অৰ্থাৎ সহ-শাসকসকল, পিতৃ আৰু পুত্ৰ খ্ৰীষ্টৰ সৈতে “সহভাগিতা” হʼব। (১ যোহ. ১:৩; ইফি. ১:১১, ১২) “অন্য মেৰ” বৰ্গৰ লাখ লাখ লোকে ঈশ্বৰৰ কাৰ্য্যত ভাগ লৈ যিহোৱা আৰু যীচুৰ সৈতে একে মন আৰু চিত্তৰে একত্ৰিত হৈ তেওঁলোকৰ আগত থকা এক বিশেষাধিকাৰক প্ৰতিফলিত কৰিব!—যোহ. ১০:১৬.
২ এক নিবিড় সম্বন্ধ বজাই ৰাখি একত্ৰিত হৈ কাৰ্য্য কৰক: যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৱে একত্ৰিত হৈ সদায়েই আনন্দিত হয়। তেওঁলোকে মানৱ উৎপত্তিৰ পূৰ্বেই অনাদি কালৰে পৰা সেই আনন্দ উপভোগ কৰি আহিছে। (মীখা ৫:২) তেওঁলোক দুয়োজনৰ মাজত মৰম স্নেহৰ এক অটুট সম্পৰ্ক গঢ়ি উঠিল। সেইবাবে এই প্ৰথমজাত পুত্ৰজনে মানৱৰূপে জন্ম গ্ৰহণ কৰাৰ পূৰ্বেই থকা অস্তিত্বৰ বিষয়ে এইদৰে কʼব পাৰিছিল: “মই তেওঁৰ লগত প্ৰধান কাৰ্য্যকাৰিণী আছিলোঁ, আৰু মই বাস-যোগ্য তেওঁৰ পৃথিবীত আনন্দ কৰিছিলোঁ।” (হিতো. ৮:৩০) বাস্তৱতে, অনেক সময় প্ৰেম প্ৰবৰ্ত্তক কৰা যিহোৱা ঈশ্বৰৰ সৈতে এক অটুট সম্বন্ধ বজাই ৰখাৰ বাবে তেওঁ কিমান যে গভীৰভাৱে প্ৰভাৱিত হৈছিল!—১ যোহ. ৪:৮.
৩ মানৱ উদ্ধাৰৰ কথা মনত ৰাখি যিহোৱাই মুক্তিপণ বলিদান দিবলৈ কেৱল তেওঁৰ একমাত্ৰ পুত্ৰকহে বাছি লʼলে। কিয়নো তেওঁ মানুহক হৃদয়েৰে প্ৰেম কৰিছিল আৰু তেওঁহে কেৱল আমাক একমাত্ৰ আশা প্ৰদান কৰিব পাৰে। (হিতো. ৮:৩১) যিদৰে যিহোৱা আৰু তেওঁৰ পুত্ৰই একেলগ হৈ এক উদ্দেশ্য সম্পন্ন কৰে, ঠিক সেইদৰে ঈশ্বৰৰ ইচ্ছাক আনন্দেৰে পূৰ্ণ কৰিবলৈ আমি এজনে আনজনৰ সৈতে প্ৰেমৰ অটুট বন্ধনত একত্ৰিত হোৱা আৱশ্যক।
৪ সম্পূৰ্ণ হৃদয়েৰে কৃতজ্ঞতা হওঁক: এই স্মৰণীয় পৰ্বত উপস্থিত হৈ একাগ্ৰতাৰে কাণ পাতি আৰু সন্মান দেখুৱাই আমি যিহোৱাৰ প্ৰেম আৰু আমালৈ কৰা তেওঁৰ পুত্ৰৰ বলিদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ। এই পৰ্বত যীচুৰ প্ৰেমময় আৰ্হি, মৃত্যুলৈকে বিশ্বাসী আৰু ঈশ্বৰে স্থাপিত কৰা ৰাজ্যত ৰজা হিচাবে নিযুক্তি, একেইদৰে সেই ৰাজ্যই মানৱজাতিলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনা আদি বিষয়বোৰক দাঙি ধৰা হʼব। তদুপৰি, এই পৰ্বত আমাক একেৰাহে বিশ্বাসী হৈ থাকিবলৈ আৰু “সত্যৰ সহকাৰী” হিচাবে যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত উৎসাহী হৈ কাৰ্য্য কৰাৰ বিষয়েও স্মৰণ কৰা হʼব।—৩ যোহ. ৮; যাকো. ২:১৭.
৫ আমাৰ সৈতে ভাগ লবলৈ আনক সহায় কৰক: মণ্ডলীৰ এলেকাত থকা সকলো নিষ্ক্ৰিয় প্ৰচাৰকে যাতে যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বত উপস্থিত হʼব পাৰে, তাৰ বাবে প্ৰাচীন গোষ্ঠীয়ে বিশেষভাৱে চেষ্টা কৰা আৱশ্যক। (মথি ১৮:১২, ১৩) আমন্ত্ৰণ কৰিব বিচৰা সকলোৰে নাম লিখি এখন লিষ্ট তৈয়াৰ কৰক যাতে কোনেও উপস্থিত হোৱাৰ পৰা বঞ্চিত নহয়।
৬ আপুনি এনে ব্যক্তিসকলক জানেনে যিসকলে এই পৰ্বত উপস্থিত হোৱাৰ সম্ভাৱনা আছে? এই উদ্যাপনৰ প্ৰতি মূল্যাঙ্কণ দেখুৱালৈ তেওঁলোকক উৎসাহিত কৰাত আগভাগ লওঁক। তেওঁলোকক আন্তৰিকতাৰে আমন্ত্ৰণ আৰু তেওঁলোকেও যে প্ৰয়োজনীয় ব্যক্তি তাক অনুভৱ কৰিবলৈ সহায় কৰক। আঁহক আমি বাইবেল বিদ্যাৰ্থী আৰু অন্য আগ্ৰহী ব্যক্তি, পৰিয়ালৰ সদস্য আৰু পৰিচিত লোকসকলক এই বছৰৰ স্মৰণীয় পৰ্বৰ বাবে আমন্ত্ৰণ জনাবলৈ সকলো প্ৰকাৰে চেষ্টা কৰোঁহঁক। যিসকলে “খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতা” শিকিবলৈ ইচ্ছা কৰে আৰু সেই সকলোৱে এই মুক্তিপণ বলিদানৰ লাভসমূহ প্ৰাপ্ত কৰিব। (ফিলি. ৩:৮) যিসকলে যীচুৰ বলিদানক বিশ্বাস কৰি সেই অনুসাৰে কাৰ্য্য কৰে, তেওঁলোকে অনন্ত জীৱনৰ প্ৰতি ৰাখা আশা অধিক শক্তিশালী হʼব।—যোহ. ৩:১৬.
৭ নম্ৰ হৃদয়ৰ লোকসকলক যে এই স্মৰণীয় পৰ্বই প্ৰভাৱিত কৰিব পাৰে, তাক কেতিয়াও হেয়জ্ঞান নকৰিব। উদাহৰণস্বৰূপে, দুবছৰৰ আগতে পাপুৱা নিউগিনি নামৰ এখন দ্বীপত থকা ১১ জন আগ্ৰহী ব্যক্তিয়ে এখন সৰু নাৱত ১৭ ঘন্টা ধৰি বিপদজনক সমুদ্ৰৰৰ পথেৰে যাত্ৰা কৰিছিল। তেওঁলোকে কিয় তেনে যাত্ৰা কৰিছিল? উত্তৰত তেওঁলোকে এইদৰে কৈছিল: “আমি যিহোৱাৰ সেৱকসকলৰ সৈতে খ্ৰীষ্টৰ স্মৰণীয় পৰ্ব পালন কৰিব বিচাৰছিলোঁ; সেয়েহে তেনে যাত্ৰা কৰাটো উপযুক্ত আছিল।” যিহোৱা, তেওঁৰ পুত্ৰ আৰু ভাতৃবৃন্দৰ সৈতে একেলগ হৈ আনন্দ উপভোগ কৰাৰ প্ৰতি সেই আগ্ৰহী লোকসকলে দেখুৱা উদ্দীপনা আৰু মূল্যাঙ্কণ কৰাৰ বিষয়ে বিবেচনা কৰক!
৮ সকলো আগ্ৰহীলোকক বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰক। তেওঁলোকক নিয়মিতৰূপে মণ্ডলীৰ সভাত উপস্থিত আৰু তেওঁলোকে শিকা বিষয়বোৰক আনক কʼবলৈ উৎসাহিত কৰক। তেওঁলোকক নিজৰ জীৱনত বাইবেলৰ সিদ্ধান্তসমূহ পালন কৰাৰ দ্বাৰা ‘সত্যৰ পথত’ চলিবলৈ আৰু ‘সত্যক অভ্যাস’ কৰিবলৈ সহায় আগ বঢ়াওক। (১ যোহ. ১:৬, ৭) ইয়াৰ ওপৰিও তেওঁলোকক যিহোৱাৰ সৈতে নিবড় সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু একত্ৰিত হৈ তেওঁৰ ইচ্ছা আনুসাৰে কাৰ্য্য কৰিবলৈ পোৱা বিশেষাধিকাৰৰ প্ৰতি একেৰাহে মূল্যাঙ্কণ দেখুৱাবলৈ সাহায্য কৰক।
৯ আনন্দেৰে একত্ৰিত হৈ “একমনেৰে শুভবাৰ্ত্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ” কৰাটো কিমান যে এক বিশেষাধিকাৰ! (ফিলি. ১:২৭, ২৮) এতেকে আঁহক আমি সকলোৱে মাৰ্চ ২৮ তাৰিখে স্মৰণীয় পৰ্বত একত্ৰিত হৈ এক স্নেহভৰা বন্ধুত্বৰ আনন্দ লৈ যিহোৱা আৰু তেওঁৰ পুত্ৰক ধন্যবাদ কৰোঁহঁক!—লূক ২২:১৯.