‘মনুষ্যত বৰস্বৰূপে’ থকা ব্যক্তিসকলে আগ্ৰহেৰে ঈশ্বৰৰ লোকসকলৰ প্ৰতি যত্ন লয়
১ যিহোৱাই তেওঁৰ পুত্ৰ যীচুৰ দ্বাৰা ‘মনুষ্যত বৰস্বৰূপে থকা ব্যক্তিসকলক’ যুগুত কৰি কিযে এক প্ৰেমময় প্ৰবন্ধ কৰিলে! (ইফি. ৪:৮, ১১, ১২) তেওঁলোকৰ অনেক দায়িত্ব থকাৰ ওপৰিও ঈশ্বৰৰ লোকসকলক উৎসাহ আৰু আগ্ৰহেৰে চোৱাচিতা কৰে। (১ পিত. ৫:২, ৩) আমাৰ সকলোৱে এনে প্ৰবন্ধৰ পৰা লাভবান হৈছোঁ। যদিও কিছুমানে সমস্যাৰ সম্মুখীন হৈছে, নতুনকৈ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰিছে বা সংগঠনৰ পৰা আঁতৰি গৈছে তথাপিও এই ব্যক্তিসকলে সকলোৰে আধ্যাত্মিক হিতৰ বাবে ব্যক্তিগতৰূপে ধ্যান দিয়ে।—ফিলি. ২:৪; ১ থিচ. ৫:১২-১৪.
২ যেতিয়া জগতত এনে কোনো পৰিস্থিতিয়ে দেখা দিয়ে, তেতিয়া সকলোৰে বাবে ভয়াভীতৰ কাৰণ হৈ পৰে। সেই সময়ত এই ব্যক্তিসকলে “বতাহৰ পৰা লুকুৱা ঠাই আৰু ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই” হিচাবে প্ৰমাণিত হৈছে। যেতিয়া আমি অতিশয় দুচিন্তাগ্ৰস্ত হওঁ আৰু আমাক শান্ত্বনাৰ আৱশ্যক হয়, তেতিয়া তেওঁলোকে আমাক পুনৰ সজীৱ কৰি তুলে। তেনে ক্ষেত্ৰত তেওঁলোকে “খৰাং ঠাইৰ পানীৰ সোঁত আৰু মৰুভূমিৰ বৃহৎ শিলৰ ছাঁ” যেন কাৰ্য্য কৰে।—যিচ. ৩২:২.
৩ নিষ্ক্ৰিয় ব্যক্তিসকলক উৎসাহিত কৰক: যিসকলে অনিয়মিত বা নিষ্ক্ৰিয় হৈ পৰিছে, তেওঁলোকে নিময়মিতৰূপে মণ্ডলীৰ কাৰ্য্যবোৰত পুনৰাই ভাগ লʼবলৈ প্ৰাচীনসকলে বিশেষভাৱে উৎসাহিত কৰে। প্ৰাচীনসকলে প্ৰেমেৰে চোৱাচিতা কৰাৰ বাবে বহুতে নিয়মিতৰূপে সভাবোৰত উপস্থিত হʼবলৈ সহায় পাইছে আৰু পুনৰাই প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আধ্যাত্মিকতাত শক্তিশালী হৈছে। প্ৰাচীনসকলে কৰা সকলো প্ৰচেষ্টাই যিহোৱাৰ প্ৰেম আৰু সক্ৰিয়ৰূপে কৰা যীচুৰ নেতৃত্বক প্ৰতিফলিত কৰে। কিয়নো যেনেকৈ এজন মেৰ ৰখীয়াই পথভ্ৰষ্ট হোৱা নিজৰ মেৰৰ বাবে চিন্তা কৰে, তেনেকৈ যীচুৱে চোৱাচিতা কৰাৰ দ্বাৰা এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।—মথি ১৮:১২-১৪; যোহ. ১০:১৬, ২৭-২৯.
৪ প্ৰাচীনসকলে কোনো এজন ব্যক্তিৰ আধ্যাত্মিকৰূপে দুৰ্বল হোৱাৰ পথত আগুৱাই যোৱাৰ পূৰ্ব্বলক্ষণসমূহলৈ দৃষ্টি কৰে। যেনে, যদি কোনোবা এজনত নিৰুৎসাহিত হৈ পৰাৰ লক্ষণ দেখা গৈছে, যাৰ বাবে তেওঁ সভাবোৰত নিয়মিতৰূপে উপস্থিত বা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা নাই, তেনেহʼলে তেওঁক আধ্যাত্মিক সহায়ৰ আৱশ্যকতা আছে। তদুপৰি, প্ৰাচীনসকলে এনে ব্যক্তিসকলক সহায় কৰিবলৈ আগ্ৰহী, যিসকলে জগতৰ অনুসাৰে সাজ-পোছাক পৰিধান কৰা বা মণ্ডলীৰ প্ৰতি কঠোৰ মনোবৃত্তি বিকাশিত কৰে। যিহোৱাৰ প্ৰেমৰ পৰা বঞ্চিত হোৱা ব্যক্তিসকলক পুনৰাই ঘূৰাই অনাত সহায় কৰিবলৈ অধ্যক্ষসকলে স্বইচ্ছাৰে “নিজ নিজ প্ৰাণো” দিবলৈ সাজু থাকে।—১ থিচ. ২:৮.
৫ অতীতৰ কিছুমান সমৰ্পিত খ্ৰীষ্টানে শাৰীৰিক অসুস্থতা, আৰ্থিক সমস্যা বা পৰিয়ালৰ পৰা অহা হেঁচাৰ বাবে আধ্যাত্মিকতাত দুৰ্বল হৈ মণ্ডলীৰ সৈতে সম্পৰ্ক বজাই ৰখাত বিফল হৈছিল। প্ৰাচীনসকলে তেনে ব্যক্তিসকলক কোনো দোষ-গুণ নকৰাকৈ তেওঁলোকক আশ্বাস দিয়ে যে যিহোৱাই তেওঁলোকৰ তত্ত্বাৱধান লয় আৰু কঠিন পৰিস্থিতিতো উদ্ধাৰ কৰিব। (গীত. ৫৫:২২; ১ পিত. ৫:৭) সতৰ্কৰে থকা অধ্যক্ষসকলে তেনে ব্যক্তিসকলক শান্ত্বনা আৰু সতেজ কৰি বুজিবলৈ সহায় কৰে যে তেওঁলোকে ‘ঈশ্বৰৰ কাষ চাপিলে তেৱোঁ তেওঁলোকৰ কাষ চাপিব।’—যাকো. ৪:৮; গীত. ২৩:৩, ৪.
৬ অসুস্থ ব্যক্তিসকলক মূল্যাঙ্কণ কৰক: সাধাৰণতে যিসকলক উপেক্ষা কৰা হয়, তেওঁলোকৰ প্ৰতিও প্ৰেমময় প্ৰাচীনসকলে তত্ত্বাৱধান লয়। বেছিভাগ মণ্ডলীত এনে কিছুমান ভাই-ভনী আছে যিসকল অসুস্থ, চিকিৎসালয়ত ভৰ্ত্তি বা শাৰীৰিকভাৱে অসমৰ্থ। তেওঁলোকৰ পৰিস্থিতিয়ে অনুমতি নিদিয়াৰ বাবে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত অধিকৈ ভাগ লʼব নোৱাৰে। তেওঁলোকে হয়তো কেৱল তেওঁলোকক সাক্ষাৎ কৰিবলৈ অহা ব্যক্তি, ওচৰত থকা আন ৰোগী বা তেওঁলোকক পৰিচৰ্য্যা কৰা ব্যক্তিসকলৰ সৈতে প্ৰচাৰ কৰিবলৈ সুযোগ পায়। যিয়ে নহওঁক, তেওঁলোকে প্ৰচাৰ কৰিবলৈ কৰা যিকোনো প্ৰচেষ্টাক বহুমূল্য দান হিচাবে দৃষ্টি কৰা আৱশ্যক। (মথি ২৫:১৫) যদি মাত্ৰ ১৫ মিনিট সময়লৈকে কাৰোবাৰ সৈতে কথোপকথন কৰিছে, তেনেহʼলে তেওঁলোকে নিজৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিয়া উচিত আৰু তেওঁলোকক নিয়মিত প্ৰচাৰক হিচাবে গণনা কৰা হʼব।
৭ বিশেষকৈ ‘মনুষ্যত বৰস্বৰূপে’ থকা ব্যক্তিসকলে এই বছৰৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত তেওঁলোকৰ ভাই-ভনীসকলৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিছে। ঈশ্বৰৰ সংগঠনৰ পৰা আঁতৰি যোৱা লোকসকলে পুনৰাই ঘূৰি আহি মণ্ডলীৰ সৈতে আন্তৰিকতাৰে সঙ্গতি কৰি আনন্দ উপভোগ কৰিবলৈ, তেওঁলোকক সহায় কৰাটো প্ৰাচীনসকলৰ বাবে এইটোৱে হৈছে উপযুক্ত সময়! প্ৰকৃততে, তেনে লোকসকলে পুনৰাই ঘূৰি আহি “পৰিয়ালস্বৰূপে বিশ্বাস” কৰি মণ্ডলীৰ সভাবোৰত উপস্থিত আৰু মুক্তিপণ বলিদানত পুনৰ বিশ্বাস কৰি দৃঢ় হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা দেখি আমি অতিশয়ৰূপে আনন্দিত হওঁ।—গালা. ৬:১০; লূক ১৫:৪-৭; যোহ. ১০:১১, ১৪.