ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০২ পৃষ্ঠা ৩-৪
  • “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক”
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘সকলোলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • একেৰাহে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে আনক কওক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০২ পৃষ্ঠা ৩-৪

“উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক”

১ পাঁচনী পৌলে উৎসাহী হৈ প্ৰচাৰ কৰাৰ তেওঁৰ শেষ সময়ছোৱাত তীমথিয় আৰু তীতৰ সৈতে একেলগে নিবিড়ভাৱে কাৰ্য্য কৰিছিল। তেওঁলোকৰ দুয়োজনকে উৎসাহিত কৰি একেইদৰে লিখিছিল। তেওঁ তীতক কৈছিল যে “ঈশ্বৰক বিশ্বাস কৰাবিলাকে” উপযুক্তভাৱে “সৎকৰ্ম্মত লাগি থাকিবলৈ চিন্তা” কৰা উচিত। (তীত ৩:⁠৮) পৌলে তীমথিয়ক কৈছিল যে যিসকলে ঈশ্বৰত আশা ৰাখে, তেওঁলোকে “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত” হোৱা উচিত। (১ তীম. ৬:⁠১৭, ১৮) আমাৰ সকলোৰে বাবে এইটো এক উত্তম পৰামৰ্শ নহয়নে বাৰু! কিন্তু আমাৰ জীৱনত উত্তম কাৰ্য্য কৰিবলৈ কিহে আমাক প্ৰেৰিত কৰিব? আহিবলগা দিনবোৰত আমি কেনে বিশেষ কাৰ্য্যসমূহ সম্পন্ন কৰা আৱশ্যক?

২ যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু তেওঁ দিয়া আঁচৰিত আশাই আমাক বিশ্বাসী হৈ উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হʼবলৈ উৎসাহিত কৰে। (১ তীম. ৬:⁠১৯; তীত ২:⁠১১) যিহোৱাই তেওঁৰ পুত্ৰ যীচুক পৃথিৱীত পঠিয়ালে যাতে তেওঁৰ পিতৃৰ নাম দোষমুক্ত আৰু নম্ৰ হৃদয়ৰ লোকৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰাৰ বিষয়ে বিশেষকৈ এই বছৰত আমাক স্মৰণ কৰাই দিয়া হʼব। (মথি ২০:⁠২৮; যোহ. ৩:⁠১৬) এই বিষয়ে মাৰ্চ ২৮ তাৰিখে পালন কৰিবলগা খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বত স্পষ্টকৈ বুজাই দিয়া হʼব। লাভ কৰা অনন্ত জীৱনৰ আশাৰ প্ৰতি সঁহাৰি জনাই আমি “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত” হʼবলৈ সকলো কাৰ্য্য কৰিবলৈ প্ৰেৰিত হোৱা নাইনে? নিশ্চয়ে হৈছোঁ! এতিয়া আমি কেনে কাৰ্য্যবোৰ সম্পন্ন কৰা আৱশ্যক?

৩ মাৰ্চ আৰু তাৰ পিছৰ মাহবোৰতো উত্তম কাৰ্য্যসমূহ কৰক: বিশ্বজুৰী হোৱা যিহোৱাৰ সাক্ষীসকলৰ এই বিশেষ স্মৰণীয় পৰ্বত আমি সকলোৱে অৱশ্যেই উপস্থিত হম। (লূক ২২:⁠১৯) কিন্তু আমি এই আনন্দৰ বিষয়টোক পৰাপক্ষত সকলোকে জনাবলৈ বিচাৰিম। এই সন্দৰ্ভত আপুনি ২০০২ চনৰ বাৰ্ষিক পুস্তকʼত উল্লেখ কৰা সেৱা ৰিপৰ্টখন চাওঁক। তাত আমি লক্ষ্য কৰিব পাৰিম যে যোৱা বছৰত বহুতো দেশত পালন কৰা স্মৰণীয় পৰ্বৰ উপস্থিতি প্ৰকাশকসকলতকৈ তিনি, চাৰি বা পাঁচ গুণতকৈও অধিক আছিল। ইয়াত কোনো সন্দেহ নাই যে, তেওঁলোকৰ এলেকাৰ সকলোকে আমন্ত্ৰণ পত্ৰ বিতৰণ কৰিবলৈ সকলো মণ্ডলীয়ে কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছিল। গতিকে এতিয়াৰ পৰা মাৰ্চ ২৮ তাৰিখলৈকে আমি অধিক আমন্ত্ৰণ পত্ৰ বিতৰণ কৰি আগ্ৰহী লোকসকলক উদ্ধাৰ পোৱাৰ আশাৰ বিষয়ে শিকিবলৈ সহায় কৰোঁহঁক।

৪ যিহেতু এপ্ৰিল মাহত স্কুলবোৰ বন্ধ থকাৰ বাবে পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীবোৰক ঘৰতে পোৱা যাব। আমি এই সুবিধাৰ সম্পূৰ্ণ লাভ উঠাই কেনেকৈ “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত” হোৱাত সক্ষম হʼব পাৰোঁ? আমি “সৎকৰ্ম্মত উদ্যোগী” হৈ ৰাজ্যৰ এই শুভবাৰ্ত্তা কাৰ্য্যক একেৰাহে উৎসাহেৰে প্ৰচাৰ কৰাৰ দ্বাৰা কৰিব পাৰোঁ। (তীত ২:⁠১৪; মথি ২৪:⁠১৪) যদি আপুনি মাৰ্চ মাহত সহযোগী অগ্ৰগামী কাৰ্য্য কৰিবলৈ সক্ষম নহয়, তেন্তে এপ্ৰিল আৰু/বা মে মাহত সহযোগী অগ্ৰগামী কৰিবলৈ কিয় চেষ্টা নকৰে? যদি আপুনি মাৰ্চ মাহত অগ্ৰগামী ৰূপে কাৰ্য্য কৰিছে, তেনেহʼলে পিছৰ মাহতো একেৰাহে কৰিব পাৰিবনে?

৫ যিসকলে চাকৰি কৰে, তেওঁলোকে চাকৰিলৈ যোৱাৰ বাটত বা ব্যৱসায় কৰা লোকসকলক ৰাতিপুৱা সাক্ষী দিবলৈ এঘন্টা বা তাতকৈ অধিক সময় অতিবাহিত কৰিব পাৰিছে। আনসকলে দুপৰীয়া আহাৰ কৰাৰ বাবে ছুটি হোৱাৰ সময়ত সাক্ষী দিবলৈ সময় উলিয়াইছে। কিছুমানে আকৌ তেনে সময়ছোৱাত সহকৰ্ম্মীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈও সক্ষম হৈছে। আনকি যিসকল ভনীৰ গৃহিণীৰ দায়িত্ব আছে, তেওঁলোকেও স্কুলবোৰ বন্ধ নোহোৱাৰ দিনবোৰতো শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ অধিক সময় উলিয়াব পাৰিছে। তেওঁলোকে ৰাতিপূৱাই সোনকালে উঠি ঘৰৰ সকলো কাম-বন কৰি আজৰি হৈ দিনৰ সময়ছোৱাত প্ৰচাৰ আৰু শিকোৱা কাৰ্য্য কৰিবলৈ সময় উলিয়াইছে।​—⁠ইফি. ৫:⁠১৫, ১৬.

৬ যদি আপুনি সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিব নোৱাৰে, তেন্তে আপুনি হয়তো ব্যক্তিগত তালিকাৰ পৰা কিছু সময় উলিয়াই “সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত” হʼবলৈ প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিব পাৰে।​—⁠১ তীম. ৬:⁠১৮.

৭ শিষ্য বনোৱা উত্তম কাৰ্য্যৰ বিষয়ে মনত ৰাখক: আগ্ৰহী ব্যক্তিসকলে প্ৰত্যেক বছৰে স্মৰণীয় পৰ্বত উপস্থিত হয়। গতিকে যিসকল আগ্ৰহী লোক কেৱল উপস্থিত হৈছে, কিন্তু অধ্যয়ন কৰা নাই তেনে ব্যক্তিসকলৰ প্ৰতি ধ্যান দিবলৈ মণ্ডলীৰ কিছুমানৰ বাবে সম্ভৱ হʼবনে? তেওঁলোকৰ আধ্যাত্মিক উন্নতিৰ বাবে সহায়ৰ অৰ্থে পুনৰ সাক্ষাৎ কৰিব পাৰিবনে? স্মৰণীয় পৰ্বত উপস্থিত হোৱাৰ কিছুমানে হয়তো যিহোৱাৰ সাক্ষীসকলৰ সম্বন্ধীয়া লোক হʼব পাৰে। আন কিছুমানে হয়তো এসময়ত অধ্যয়ন কৰিছিল, কিন্তু এতিয়া তেওঁলোকক নিয়মীয়াকৈ পুনৰাই অধ্যয়ন আৰম্ভ কৰি সভাবোৰত উপস্থিত হʼবলৈ অনুপ্ৰেৰণাৰ আৱশ্যক। এইটো কিমান যে এক আনন্দৰ বিষয় হʼব, যেতিয়া তেওঁলোকে আমাৰ সৈতে যিহোৱাৰ সক্ৰিয় সেৱক হিচাবে কাৰ্য্য কৰিবলৈ পুনৰাই যোগ দিব!

৮ মাৰ্চ আৰু তাৰ পিছৰ মাহবোৰত অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ অৰ্থ হৈছে যে আমি অধিক আগ্ৰহী ব্যক্তিসকলক বিচাৰি পুনৰ সাক্ষাৎ কৰা। প্ৰথমবাৰ সাক্ষাৎ কৰোঁতে আগ্ৰহী ব্যক্তিসকলক পুনৰাই সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ ওচৰত এটা প্ৰশ্ন এৰি আহঁক। আপুনি পুনৰাই তেওঁক সাক্ষাৎ কৰাৰ সময়ত সেই প্ৰশ্নৰ উত্তৰ দিব বুলি জনাওঁক। যেতিয়া আমি তেনে কৰোঁ তেতিয়া পুনৰ সাক্ষাতৰ বাবে পথ মুকলি হʼব। যিমান সোনকালে পাৰে পুনৰ সাক্ষাৎ কৰাটো অতি উত্তম। যদি আমি প্ৰথম সাক্ষাতত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই, তেন্তে দ্বিতীয় সাক্ষাতৰ সময়ত অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰা উচিত।

৯ ৰাস্তাত সাক্ষী দিয়াৰ সময়ত আমি লোকসকলৰ সৈতে কথোপকথন আৰম্ভ কৰাৰ প্ৰতি সতৰ্ক হোৱা উচিত। বহুতো প্ৰচাৰকে ৰাস্তাত সাক্ষী দিয়াৰ সময়ত লগ পোৱা আগ্ৰহী ব্যক্তিসকলক নিজৰ নাম, ঠিকনা আৰু ফোন নম্বৰ দিয়ে। যদি আপুনি লগ পোৱা ব্যক্তিজনে আন এখন ঠাইত বাস কৰে, তেনেহʼলে অনুগ্ৰহ কৰি ৰাজ্যগৃহৰ পৰা অনুগামী পত্ৰখন (ফল্‌ আপ) (S-43) লৈ ভৰ্ত্তি কৰি মণ্ডলীৰ চেক্ৰেটাৰীক দিয়ক, যিজনে সেই পত্ৰখন ব্যক্তিজনে বাস কৰা এলেকাত থকা মণ্ডলীলৈ প্ৰেৰণ কৰিব। যদি চেক্ৰেটাৰীজনে সেই ব্যক্তিজনে বাস কৰা এলেকাত থকা মণ্ডলীৰ বিষয়ে একো নাজানে, তেনেহʼলে তেওঁ পত্ৰখন শাখা কাৰ্য্যালয়লৈ পঠিয়াই দিব। এইদৰে এনে ইচ্ছুক ব্যক্তিসকলৰ ইচ্ছাক জগাই তুলিব পাৰি।

১০ যদি ঠিকনাৰ পৰিৱৰ্তে কেৱল টেলিফোন নম্বৰহে লোৱা হৈছে, তেন্তে ব্যক্তিজনক ফোন কৰাৰ দ্বাৰা পুনৰ সাক্ষাৎ কৰক। আপুনি আলোচনা কৰিবলৈ লোৱা বিষয়টোক আগতীয়াকৈ তৈয়াৰ কৰি ৰাখক। কোনো এটা বিষয়ক আলোচনা কৰিবলৈ ৰিজনিং কিতাপখন আপোনাৰ বাবে অধিক ব্যৱহাৰিক হʼব। কিছুমানে তেনে ব্যক্তি আৰু ঘৰত লগ নোপোৱা ব্যক্তিসকলৰ সৈতে টেলিফোনৰ যোগেদি অধ্যয়ন কৰি অধিক সফলতা লাভ কৰিছে। এগৰাকী ভনীয়ে ঘৰে ঘৰে প্ৰচাৰ কৰোঁতে লগ পোৱা এগৰাকী আগ্ৰহী মহিলাই সেই ভনী গৰাকীক টেলিফোন কৰিবলৈ ফোন নম্বৰ দিয়ে আৰু ফলস্বৰূপে বাইবেল অধ্যয়ন আৰম্ভ কৰাত সক্ষম হয়।

১১ নিষ্ক্ৰিয় ব্যক্তিসকলক সহায় কৰিবলৈ প্ৰাচীনসকলৰ সৈতে সহযোগ কৰক: নিষ্ক্ৰিয় ব্যক্তিসকলক প্ৰেমপূৰ্বক সহায় আগবঢ়াবলৈ প্ৰাচীনসকল অতি আগ্ৰহী। তেওঁলোকে তেনে আগভাগ লোৱাৰ বাবে ভালেমান লোকে মণ্ডলীৰ সভাবোৰত পুনৰ উপস্থিত হʼবলৈ আৰম্ভ কৰিছে। তেওঁলোকে গীতমালা ৯১ অধ্যাত উল্লেখ কৰা অনুসাৰে আধ্যাত্মিক সুৰক্ষা লাভ কৰিবলৈ যিহোৱাৰ সংগঠনৰ সৈতে এক অটুট সম্বন্ধ বজাই ৰখা আৱশ্যকতাক বুজিব পাৰিছে। তেওঁলোকৰ কিছুমানে পুনৰাই প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আৰম্ভ কৰিছে। আন নিষ্ক্ৰিয় ব্যক্তিসকলেও যদি এই বছৰৰ স্মৰণীয় পৰ্বত উপস্থিত হয়, তেওঁলোকে হয়তো ব্যক্তিগত বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছুক হʼব। যদি তেনে হয়, তেনেহʼলে প্ৰাচীনসকলে এনে কিছুমান ভাই-ভনীৰ ব্যৱস্থা কৰিব যি সকলে তেওঁলোকক সহায় কৰিবলৈ ইচ্ছুক। যদি আপোনাক তেনেলোকক সহায় কৰিবলৈ কোৱা হয়, তেনেহʼলে আপুনি প্ৰাচীনসকলক আগবঢ়োৱা আপোনাৰ সহযোগিতা এক প্ৰশংসাৰ বিষয় হʼব।​—⁠ৰোমী. ১৫:⁠১, ২.

১২ একেৰাহে “সৎকৰ্ম্মত লাগি” থাকক: যিসকলে এমাহ বা তাতকৈ অধিক সময় সহযোগী অগ্ৰগামী সেৱা কৰিছিল, তেওঁলোকে আন মাহবোৰতো প্ৰচাৰ কাৰ্য্যত অধিকৈ ভাগ লʼব পাৰিছিল। তেওঁলোকে আগ্ৰহী ব্যক্তিসকলক পুনৰ সাক্ষাৎ কৰিব পাৰিছিল। ইয়ে তেওঁলোকক বাৰে বাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰিছিল যাতে আগ্ৰহী লোকক পুনৰ সাক্ষাৎ কৰিব পাৰে। কিছুমানে বাইবেল অধ্যয়ন আৰম্ভ কৰে, ইয়ে ভাই-ভনীসকলক প্ৰচাৰ কাৰ্য্যত অধিকৈ ভাগ লʼবলৈ সহায় কৰে।

১৩ তদুপৰি, আনসকলে অধিককৈ প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱাত ভাগ লবলৈ পাই আনন্দিত হৈছিল আৰু ইয়ে তেওঁলোকক কেনে কাৰ্য্যক প্ৰথমস্থান দিয়া আৱশ্যক তাৰ বিষয়ে বিশ্লেষণ কৰিবলৈ প্ৰেৰিত কৰিলে। পৰিণামস্বৰূপে, তেওঁলোকৰ কিছুমানে অংশকালিক চাকৰি কৰিবলৈ বাছি লৈ একেৰাহে সহযোগী অগ্ৰগামী কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছিল। আনসকলে নিয়মিত অগ্ৰগামী সেৱাত যোগ দিবলৈ সক্ষম হʼল। তেওঁলোকে জগতৰ বস্তুবোৰৰ পৰিৱৰ্ত্তে ঈশ্বৰৰ ওপৰত অধিককৈ ভাৰসা ৰাখিলে। তেওঁলোকে “বিলাই দিবলৈ আৰু লবলৈকো ইচ্ছুক” হোৱাৰ দ্বাৰা যিহোৱাৰ পৰা প্ৰচুৰ আশীৰ্ব্বাদ লাভ আৰু “প্ৰকৃত জীৱনৰ” প্ৰতি থকা তেওঁলোকৰ আশা অধিক দৃঢ় হৈ উঠিল। (১ তীম. ৬:⁠১৮, ১৯) অৱশ্যে, যেনেকৈ সকলোৱে অগ্ৰগামী কাৰ্য্য কৰিবলৈ আগবাঢ়ি আহিব মণ্ডলীৰ সকলোৱে লাভবান হʼব। অগ্ৰগামীসকলে নিজৰ অভিজ্ঞতাৰ বিষয়ে কʼবলৈ আৰু আন সদস্যসকলক তেওঁলোকৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আমন্ত্ৰণ কৰাৰ দ্বাৰা আনন্দিত হʼব। এইদৰে গোটেই মণ্ডলীত এক শক্তিশালী আধ্যাত্মিক পৰিবেশ গঢ়ি উঠিব।

১৪ আমাৰ সকলোৱে স্মৰণীয় দিৱসৰ সময়ছোৱা আৰু আহিবলগা মাহবোৰত অধিকৈ প্ৰচাৰ কাৰ্য্য কৰি “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত” হম। গতিকে আঁহক আমি যিহোৱাই তেওঁৰ ধাৰ্ম্মিক পৃথিৱীত চিৰকাললৈকে জীয়াই থাকিবলৈ যি কৰিলে তাৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাই কৃতজ্ঞতা জ্ঞাপন কৰোঁহঁক।​—⁠২ পিত. ৩:⁠১৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক