ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০২ পৃষ্ঠা ৮
  • প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “আনন্দৰে যিহোৱাৰ সেৱা কৰা”
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০২ পৃষ্ঠা ৮

প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক

১ শুভবাৰ্ত্তা প্ৰচাৰ কৰি আপুনি কেতিয়াবা আনন্দ অনুভৱ কৰিছেনে? যদি আমি সতৰ্কতা অৱলম্বন নকৰোঁ, তেনেহʼলে এই দুষ্ট জগতে প্ৰচাৰ কাৰ্য্যত বাধা সৃষ্টি কৰি আমাৰ আনন্দ কাঢ়ি নিব পাৰে। লোকসকলে শুভবাৰ্ত্তাৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱাৰ বাবে আমি নিৰুৎসাহিত হʼব পাৰোঁ। প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আমাৰ আনন্দ বৃদ্ধি কৰিবলৈ আমি কেনে কাৰ্য্যকাৰী পদক্ষেপ লোৱা আৱশ্যক?

২ সঠিক মনোবৃত্তি বজাই ৰাখক: এক সঠিক মনোবৃত্তিয়ে আপোনাক সঁচাকৈ সহায় কৰিব পাৰে। তেনে কৰাৰ এক উত্তম পদ্ধতি হৈছে, আমি “ঈশ্বৰৰ সহকৰ্ম্মী” হিচাবে লাভ কৰা বিশেষাধিকাৰক ধ্যান কৰা। (১ কৰি. ৩:⁠৯) এই কাৰ্য্য সম্পন্ন কৰিবলৈ যীচুও আমাৰ সৈতে আছে। (মথি ২৮:⁠২০) আমাৰ এই কাৰ্য্যক সমৰ্থন কৰিবলৈ তেওঁ স্বৰ্গদূতসকলক মনোনীত কৰিছে। (মথি ১৩:⁠৪১, ৪৯) আমি নিশ্চিত হʼব পাৰোঁ যে আমাৰ এই প্ৰচেষ্টাৰ পিছত ঈশ্বৰৰ হাত আছে। (প্ৰকা. ১৪:⁠৬, ৭) কেৱল কিছুমানে আমাৰ কাৰ্য্যৰ প্ৰতি সঠিকৈ মনোযোগ দিয়াৰ স্বত্ত্বেও, আমি স্বৰ্গীয় সমৰ্থন লাভ কৰাৰ বাবে কিমান যে আনন্দিত হওঁ!

৩ ভালকৈ তৈয়াৰী কৰক: উত্তমভাৱে কৰা তৈয়াৰীয়ে আমাৰ বাবে আনন্দ কঢ়িয়াই আনে। প্ৰচাৰ কাৰ্য্যৰ বাবে তৈয়াৰী হʼবলৈ আমি অধিক প্ৰৰিশ্ৰম কৰাৰ কোনো আৱশ্যক নাই। মাহটোত বিতৰণ কৰা সাহিত্য বা চলিত আলোচনীবোৰৰ পৰা আলোচনা কৰা বিষয়টোক বিবেচনা কৰিবলৈ মাত্ৰ কিছু সময় লাগিব। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” প্ৰবন্ধটোৰ পৰা এটি প্ৰস্তুতিকৰণ বাছি লওঁক। জানুৱাৰী ২০০২ চনৰ অন্তঃপত্ৰ খনত থকা “প্ৰচাৰ কাৰ্য্যত আগবঢ়োৱা উপস্থাপনৰ সম্পৰ্কে দাঙি ধৰা ব্যৱহাৰিক পৰামৰ্শসমূহ” নামৰ প্ৰবন্ধটোক বিবেচনা কৰক অথবা ৰিজনিং কিতাপৰ পৰা এটা প্ৰভাৱকাৰী বিষয় বাছি লওঁক। যদি আপুনি সাধাৰণতে গৃহস্থই দাঙি ধৰা এনে এটা বিষয়ৰ সৈতে সম্মুখীন হৈছে, তেন্তে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত কৰক আৰু তেওঁলোকক অধিক আগ্ৰহী কৰি তুলিবলৈ এটা আকৰ্ষণীয় বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক। এই ক্ষেত্ৰত ৰিজনিং কিতাপখন অধিক কাৰ্য্যকাৰী প্ৰমাণিত হʼব। এই কিতাপখনে আমাক আনন্দেৰে প্ৰচাৰ কৰিবলৈ নিশ্চয়তা প্ৰদান কৰিব।

৪ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰক: চিৰস্থায়ী আনন্দৰ বাবে প্ৰাৰ্থনা কৰাটো অতি আৱশ্যক। যিহেতু যিহোৱাৰ কাৰ্য্যত ভাগ লোৱাৰ বাবে আমাৰ সকলোৱে তেওঁৰ আত্মা প্ৰাপ্ত কৰিবলৈ প্ৰাৰ্থনা কৰা আৱশ্যক, কিয়নো ইয়াৰে এটা ফল হৈছে আনন্দ। (গালা. ৫:⁠২২) একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ যিহোৱাই আমাক শক্তি প্ৰদান কৰিব। (ফিলি. ৪:⁠১৩) যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত কোনো বিৰোধিতাৰ সম্মুখীন হওঁ, তেতিয়া ইয়াৰ বাবে কৰা প্ৰাৰ্থনাই আমাক উচিত মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰিব। (পাঁচ. ১৩:⁠৫২; ১ পিত. ৪:⁠১৩, ১৪) যদি আমি ভয়ভীত হোৱা অনুভৱ কৰোঁ তেন্তে প্ৰাৰ্থনাই আমাক সাহসী আৰু আনন্দময় হʼবলৈ সহায় আগবঢ়াব।​—⁠পাঁচ. ৪:⁠৩১.

৫ সুযোগ বিচাৰি উলিয়াওক: দৰাচলতে, আমি প্ৰচাৰ কাৰ্য্যত তেতিয়াহে আনন্দ লাভ কৰিব পাৰিম, যেতিয়া আমি নম্ৰ লোকসমূহক বিচাৰি উলিয়াই তেওঁলোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিম। ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ তালিকাত সাল-সলনি কৰি আমি হয়তো সফলতা লাভ কৰিব পাৰিম। যেনে, ৰাতিপূৱাৰ পৰিৱৰ্তে দুপৰীয়া বা গধূলী সময়ছোৱাত ঘৰে-ঘৰে প্ৰচাৰ কৰা। আপুনি বাটত খোঁজ কাঁঢ়োতে, বজাৰলৈ যাওঁতে, বাচেৰে ভ্ৰমন কৰোঁতে বা বাগিছাত ফুৰিবলৈ যোৱাৰ সময়ত সদায়েই বহুতো লোকক লগ পায়। তেনে ব্যক্তিসকলক বন্ধুত্বতাৰে চমুকৈ শুভবাৰ্ত্তা কʼবলৈ কিয় আগভাগ লʼবলৈ সাজু নহয়? অথবা চাকৰি বা বিদ্যালয়লৈ যোৱাৰ সময়ত আপুনি সদায়েই বহুতো লোকক শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিব পাৰে। আপুনি হয়তো কেৱল এটা শাস্ত্ৰীয় বিষয় দাঙি ধৰি সাক্ষী দিবলৈ সুযোগ পাব পাৰে। জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তঃপত্ৰ খনৰ প্ৰথম পৃষ্ঠাত বহুতো উত্তম পৰামৰ্শ দিয়া হৈছে। ইয়াৰে কোনো এটা প্ৰচেষ্টাই এজন ব্যক্তিক প্ৰচাৰ কাৰ্য্যত তেওঁৰ আনন্দক বৃদ্ধি কৰিবলৈ সহায় কৰিব পাৰে।

৬ যিহেতু আনন্দই আমাক সহন কৰিবলৈ সহায় কৰে, তেন্তে ইয়াক বজাই ৰখাটো কিমান যে গুৰুত্বপূৰ্ণ! তেনে কৰাৰ দ্বাৰাই আমি পুনৰাই নকৰা এই কাৰ্য্যৰ শেষত প্ৰচুৰমাত্ৰাত আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। সেই আশাই আমাক প্ৰচাৰ কাৰ্য্যত একেৰাহে আনন্দ বৃদ্ধি কৰিবলৈ সহায় কৰিব পাৰে।​—⁠মথি ২৫:⁠২১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক