সতেজ কৰি তুলা এক কাৰ্য্য
১ যিসকলে বাইবেলৰ বাৰ্ত্তাক গ্ৰহণ কৰি তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰে তেওঁলোক সতেজ হৈ পৰে। (গীত. ১৯:৭, ৮) ইয়াৰ বাৰ্ত্তাই লোকসকলক মিছা শিক্ষা, হানিকাৰক অভ্যাসবোৰৰ পৰা স্বাধীনতা দিয়ে আৰু ভৱিষ্যতৰ বাবে এক ভাৰসাযুক্ত আশা প্ৰদান কৰে। যিহেতু যিসকলে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰিব কেৱল তেওঁলোকেহে লাভৱান হʼব, এনে নহয়। যিসকলে বাইবেলৰ এই সত্যতাক প্ৰচাৰ কৰে তেওঁলোক নিজেও সতেজ হয়।—হিতো. ১১:২৫.
২ পৰিচৰ্য্যাৰ দ্বাৰা সতেজ হৈ উঠা: যীচুৱে এইদৰে কৈছিল যে যিজনে যুঁৱলিৰূপী প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্য অৰ্থাৎ খ্ৰীষ্টান শিষ্যত্ব গ্ৰহণ কৰে তেওঁ অৱশ্যেই “নিজৰ মনত জিৰণি” পাব। (মথি ১১:২৯) যীচুৱে স্বয়ং আনক সাক্ষী দিয়াৰ দ্বাৰা সতেজ হৈছিল। তেওঁৰ বাবে প্ৰচাৰ কাৰ্য্য আহাৰৰ দৰে আছিল। (যোহ. ৪:৩৪) যেতিয়া তেওঁ ৭০ জন শিষ্যক প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল তেতিয়া তেওঁলোকে যিহোৱাই তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰাটো দেখিবলৈ পাই অধিক আনন্দিত হৈছিল।—লূক ১০:১৭.
৩ বৰ্তমান সময়তো বহুতো প্ৰকৃত খ্ৰীষ্টানে সেই একেইদৰে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ সতেজ হৈ পৰিছে। এই বিষয়ে এগৰাকী ভনীয়ে এইদৰে কৈছিল: “প্ৰচাৰ কাৰ্য্যই মোৰ জীৱনত এক লক্ষ্য আৰু উদ্দেশ্য প্ৰদান কৰাৰ বাবে সঁচাকৈ এইটো প্ৰণোদিত কাৰ্য্য। মই যেতিয়া প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ তেতিয়া মোৰ ব্যক্তিগত সমস্যা আৰু দৈনন্দিন হেঁচাবোৰ ম্লান হৈ পৰে।” আন এগৰাকী উৎসাহী প্ৰচাৰক ভনীয়ে এইদৰে কয়: “পৰিচৰ্য্যাই . . . প্ৰত্যেক দিনাই মোৰ বাবে যিহোৱাক বাস্তৱিক কৰি তুলে আৰু শান্তি, আন্তৰিক সুখ প্ৰদান কৰে, যিটো আন একোৱে প্ৰদান কৰিব নোৱাৰে।” আমি “ঈশ্বৰৰ সহকৰ্ম্মী” হোৱাটো আমাৰ বাবে কিমান যে এক বিশেষ অধিকাৰ!—১ কৰি. ৩:৯.
৪ খ্ৰীষ্টৰ যুঁৱলি সুসহ্য আৰু লঘু: যিহেতু খ্ৰীষ্টানসকলক ‘প্ৰাণপ্ৰণে চেষ্টা কৰিবলৈ’ উৎসাহিত কৰা হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যীচুৱে আমাক অধিক দিবলৈ দাবী কৰিছে। (লূক ১৩:২৪) ইয়াৰ বিপৰীতে তেওঁ আমাক প্ৰেমেৰে তেওঁৰ ‘যুঁৱলি লʼবলৈ’ আমন্ত্ৰণ কৰিছে। (মথি ১১:২৯) গতিকে যিসকলে ইতিমধ্যেই কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে, তেওঁলোকে নিজৰ সীমিত পৰিস্থিতিটো সমস্ত মনেৰে সেৱা কৰি যিহোৱাৰ মন আনন্দিত কৰিব পাৰে বুলি নিশ্চয়তা ৰাখিব পাৰে।—মাৰ্ক ১৪:৬-৮; কল. ৩:২৩.
৫ আমাৰ সমস্ত মনৰ সৈতে তেওঁৰ নাম মহিমা কৰিবলৈ যিয়ে নকৰো যিহোৱাই সেই সকলোকে মূল্যাঙ্কন কৰে বুলি জানি আমি কিমান যে সতেজতা অনুভৱ কৰোঁ! (ইব্ৰী ৬:১০) সেয়েহে আঁহক আমি সদায়ে তেওঁলৈ আমাৰ উত্তমতা আগবঢ়াবলৈ মনেপ্ৰাণে চেষ্টা কৰোঁহক।