ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৩ পৃষ্ঠা ১
  • যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱা—মঙ্গলময়ৰ এক উত্তম আৰ্হি ৰখা ঈশ্বৰ
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • একেৰাহে মঙ্গলময় প্ৰকাশ কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাক অনুকৰণ কৰা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱা যে দয়ালু পৰীক্ষা কৰি চোৱা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৩ পৃষ্ঠা ১

যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক

১ সূৰ্য্য অস্ত যোৱাৰ মনোৰম দৃশ্য চাই বা জুতিলগা আহাৰ গ্ৰহণ কৰাৰ পিছত আমি সকলো মঙ্গলময়ৰ মূল অৰ্থাৎ যিহোৱা ঈশ্বৰক ধন্যবাদ দিবলৈ প্ৰেৰিত নহওঁনে? তেওঁৰ মঙ্গলময়ৰ গুণে তেওঁক অনুকৰণ কৰিবলৈ আমাক প্ৰেৰিত কৰে। (গীত. ১১৯:⁠৬৬, ৬৮; ইফি. ৫:⁠১) আমি কিদৰে মঙ্গলময়ৰ গুণক প্ৰকাশ কৰিব পাৰোঁ?

২ সত্যত নথকাসকলৰ প্ৰতি মঙ্গলময় হোৱা: যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰাৰ এটা পদ্ধতি হৈছে সত্যত নথকাসকলৰ প্ৰতি আন্তৰিকতাৰে চিন্তা কৰা। (গালা. ৬:⁠১০) ব্যৱহাৰিক ৰীতিৰে মঙ্গলময় গুণ প্ৰকাশ কৰি আমি তেওঁলোকক যিহোৱাৰ সাক্ষী আৰু তেওঁলোকৰ বাৰ্ত্তাৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী ৰখাত সহায় কৰিব পাৰিম।

৩ উদাহৰণস্বৰূপে, এজন ডেকা অগ্ৰগামী ভায়ে এগৰাকী বৃদ্ধা আৰু অধিক অসুস্থ মহিলাৰ কাষত বহি এখন মেডিকেল ক্লিনিকত ডাক্টৰৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া ডাক্টৰক সাক্ষাৎ কৰিবলৈ ভাইজনৰ পাল আহিল তেতিয়া তেওঁ সেই বৃদ্ধা মহিলা গৰাকীক নিজৰ সলনি পঠিয়ালে। পাছত তেওঁ বজাৰত সেই বৃদ্ধা মহিলা গৰাকীক পুনৰাই লগ পালে। ভাইজনক দেখি বৃদ্ধা মহিলা গৰাকী অতি আনন্দিত হʼল। যদিও তাই পূৰ্বতে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱা নাছিল তথাপিও তাই জানিব পাৰিলে যে যিহোৱাৰ সাক্ষীসকলে বাস্তৱতে তেওঁলোকৰ চুবুৰীয়াক প্ৰেম কৰে। তাইৰ সৈতে এটা বাইবেল অধ্যয়ন আৰম্ভ হʼল।

৪ খ্ৰীষ্টান ভাই-ভনীসকলৰ প্ৰতি মঙ্গলময় হোৱা: আমিও আমাৰ সঙ্গী খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে মঙ্গলময় হোৱাৰ দ্বাৰা তেওঁলোকক সহায় কৰিব পাৰোঁ। কোনো বিপৰ্যয়ৰ সময়ত আমি সকলোতকৈ প্ৰথমে আমাৰ ভাই-ভনীক সহায় কৰোঁ। আমি ভাই-ভনীসকলক সভালৈ আহিবলৈ যাতায়তৰ ব্যৱস্থা, অসুস্থ ভাই-ভনীক সাক্ষাৎ কৰা আৰু মণ্ডলীত থকা ভালকৈ পৰিচিত নোহোৱা ভাই-ভনীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিও সেই একেই মনোবৃত্তি প্ৰকাশ কৰিব পাৰোঁ।​—⁠২ কৰি. ৬:⁠১১-​১৩; ইব্ৰী ১৩:⁠১৬.

৫ যিহোৱাই “ক্ষমাৱান” হৈ আন এক প্ৰকাৰে মঙ্গলময় হোৱাৰ প্ৰমাণ দিয়ে। (গীত. ৮৬:⁠৫) আমি যিহোৱাক অনুকৰণ কৰি আনক ক্ষমা কৰাৰ দ্বাৰা আমাৰ মঙ্গলময়ৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। (ইফি. ৪:⁠৩২) তদুপৰি এনে কৰাৰ দ্বাৰা আমি আমাৰ সঙ্গী বিশ্বাসী ভাই-ভনীসকলৰ সৈতে “উত্তম আৰু সন্তোষজনক” হʼব পাৰিম।​—⁠গীত. ১৩৩:⁠১-​৩.

৬ যিহোৱাৰ অসীমিত মঙ্গলময়ৰ দ্বাৰা তেওঁক স্তুতি কৰা আৰু আনন্দত উপচি পৰাত আমাক সহায় কৰিব। এতেকে আঁহক আমি তেওঁৰ মঙ্গলময় গুণটোক অনুকৰণ কৰিবলৈ প্ৰাণপণে চেষ্টা কৰোঁহঁক।​—⁠গীত. ১৪৫:⁠৭; যিৰি. ৩১:⁠১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক