পৰিচৰ্য্যা সভাৰ তালিকা
আগষ্ট ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু আগষ্ট ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰে তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে যেতিয়া লোকসকলে “মই ব্যস্ত আছোঁ” বুলি কয়, তেনে অৱস্থাত আমি কেনেকৈ তেওঁৰ সৈতে এক আগ্ৰহজনক কথোপকথন আৰম্ভ কৰিব পাৰোঁ।—বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি নামৰ কিতাপখনৰ ৭ পৃষ্ঠাত চাওক।
১৫ মি: “যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক।”a সাক্ষী দিবলৈ থকা সুযোগক উত্তমৰূপে ব্যৱহাৰ কৰি কেনেকৈ দয়াৰ কাৰ্য্য কৰিছে এই বিষয়ে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে চমুকৈ কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। সঙ্গী ভাই-ভনীসকলক সহায় কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে মণ্ডলীৰ শলাগ লওক।
২০ মি: “অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ।”b লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। অগ্ৰগামী সেৱা কৰি পোৱা আশীৰ্ব্বাদসমূহৰ বিষয়ে কʼবলৈ এজন বা দুজন অগ্ৰগামীক আমন্ত্ৰণ কৰক। যদি কোনোবাই অগ্ৰগামী সেৱা কৰিবলৈ ইচ্ছুক তেন্তে মণ্ডলীৰ চেক্ৰেটাৰীৰ পৰা আৱেদন পত্ৰ লবলৈ অনুৰোধ কৰিব পাৰে।
গীত ১১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮২
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। “এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি—ব্ৰচাৰখন বিতৰণ কৰিবৰ বাবে দিয়া কিছুমান পৰামৰ্শ,” নামৰ বক্সটোৰ পৰা পৰ্য্যালোচনা আৰু এজন উপযুক্ত প্ৰকাশকৰ দ্বাৰা তাত দিয়া এটা পৰামৰ্শ ব্যৱহাৰ কৰি উপস্থাপন প্ৰস্তুত কৰক।
১৭ মি: “সতেজ কৰি তুলা এক কাৰ্য্য।”c খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যই কেনেকৈ সতেজ কৰে এই বিষয়ে দুটা বা তিনিটা মন্তব্য কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
১৮ মি: “আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক।”d (১-৫ অনুচ্ছেদত) দিয়া প্ৰশ্নসমূহক ব্যৱহাৰ কৰক। যেতিয়া ৩ আৰু ৪ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া ৰাজ্যগৃহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্থানীয়ভাৱে কেনে প্ৰবন্ধ কৰা হৈছে তাৰ বিষয়ে উল্লেখ কৰক। আৱশ্যক হোৱা কোনো বিষয়ত যদি মনোযোগ দিয়া প্ৰয়োজন তেন্তে উল্লেখ কৰক। উপাসনাৰ স্থানক পৰিপাটি, পৰিষ্কাৰ আৰু উপযুক্তভাৱে ৰাখিবলৈ কৰা প্ৰচেষ্টাৰ বাবে মণ্ডলীৰ সকলোকে প্ৰশংসা কৰক।
গীত ১১৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৫
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু ছেপ্টেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰে তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। প্ৰতিটো উপস্থাপনত এটা পুতেক বা এজনী জীয়েকৰ সৈতে মাক অথবা দেউতাকে আলোচনী বিতৰণৰ বাবে অনুশীলন কৰে। তদুপৰি তেওঁলোকে প্ৰদৰ্শন কৰাৰ পূৰ্বেই প্ৰত্যেকটো পৰামৰ্শক চমুকৈ পুনৰ নিৰীক্ষণ কৰে।
১৫ মি: যুৱক-যুৱতীসকলে যিহোৱাৰ স্তুতি কৰে! ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু সাক্ষাতকাৰ গ্ৰহণ কৰক। যুৱক-যুৱতীসকলে ভালকৈ তৈয়াৰ কৰি সভাত মন্তব্য দিয়াটো শুনি আমি অতি আনন্দিত হৈছোঁ। তেওঁলোকৰ পৰিশ্ৰম আৰু ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত উন্নতি কৰাটো বাস্তৱতে এটা আনন্দৰ বিষয়। কিয়নো তেওঁলোকে পৰিচৰ্য্যা কাৰ্য্যত উত্তমভাৱে ভাগ লৈ যিহোৱাৰ প্ৰতি থকা নিজৰ প্ৰকৃত বিশ্বাস প্ৰকাশ কৰিছে। তেওঁলোকে ঈশ্বৰীয় আচাৰ-ব্যৱহাৰৰ অনুসাৰে চলি যিহোৱালৈ সন্মান আৰু মহিমা কঢ়িয়াই আনিছে। (yb৮৮ ৫৩-৪ পৃ.) তেওঁলোকে কৰা আধ্যাত্মিক উন্নতিয়ে ভৱিষ্যতৰ বাবে বিশেষ অধিকাৰৰ আধাৰশিলা গঢ়ি তুলিছে। নিয়মীয়াকৈ মণ্ডলীৰ কাৰ্য্যকলাপত ভাগ লোৱাত আগ্ৰহী হোৱা দুজন বা তিনিজন খ্ৰীষ্টান যুৱক-যুৱতীৰ চমুকৈ সাক্ষাতকাৰ গ্ৰহণ কৰক। মণ্ডলীত থকা যুৱক-যুৱতীসকলে যিহোৱাক স্তুতি কৰাত পৰিশ্ৰম কৰাৰ বাবে আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ দিয়ক।
২০ মি: প্ৰচাৰ কৰিবলৈ সাহসী হওক। (১ থিচ. ২:২) এটা ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। বৰ্ণনা কৰক যে কিয় বহুতে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে আনক কʼবলৈ ভয় অনুভৱ কৰে। বহু বছৰধৰি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা সকলৰ ক্ষেত্ৰতো এইটো সঁচা প্ৰমাণিত হৈছে। ডিচেম্বৰ ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ ২৫ পৃষ্ঠা; ডিচেম্বৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ ২৫ পৃষ্ঠা; আৰু এপ্ৰিল ১, ১৯৯৬ চনৰ প্ৰহৰীবুৰুজ ৩১ পৃষ্ঠাত উল্লেখ কৰা কিছুমান অনুভৱৰ বিষয়ে কওক। ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ এসময়ত ভয়ভীত হোৱা পৰিস্থিতিত সাহসী হৈ সাক্ষী দিয়াৰ ফলস্বৰূপে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিলে এই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। ডিচেম্বৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ ২৩-৪ পৃষ্ঠাৰ পৰা সকলোকে যিহোৱাৰ যোগেদি শক্তিশালী হʼবলৈ উৎসাহিত কৰি সমাপ্তি কৰক।
গীত ১২৫ সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮৪
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক আগষ্ট মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ছেপ্টেম্বৰ মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশন সম্পৰ্কে উল্লেখ কৰক। অধিৱেশনৰ সময়ত, গৰম বন্ধ বা গ্ৰীষ্ম কালৰ আন সময়ত অনিয়মিত সাক্ষী দিয়াৰ সম্পৰ্কে এটা বা দুটা উৎসাহিত কৰি তুলা অনুভৱৰ বিষয়ে কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
১৫ মি: গৃহস্থক পুনৰ লগ পাম বুলি কথা দি সেই অনুসাৰে আপুনি তেওঁক পুনৰ সাক্ষাৎ কৰেনে? এই ভাগটো ছেপ্টেম্বৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ১০-১১ পৃষ্ঠাৰ অন্তৰ্গত দিয়া “আমাৰ প্ৰতিজ্ঞা পালন কৰাৰ আন পদ্ধতিসমূহ” নামৰ শিৰোনামাটোৰ ওপৰত আধাৰিত কৰি এটা ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনাৰূপে প্ৰস্তুত কৰক। যেতিয়া আমি প্ৰচাৰ ক্ষেত্ৰত কোনো আগ্ৰহীলোকক লগ পাওঁ তেতিয়া সাধাৰণতে আমি তেওঁলোকক পুনৰ সাক্ষাৎ কৰি আন এটা সময়ত আলোচনা কৰিম বুলি কওঁ। আপুনি তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ দিয়া কথা বাস্তৱতে ৰাখেনে? বাইবেলৰ সিদ্ধান্তসমূহক পুনৰাই নিৰীক্ষণ কৰাৰ যোগেদি আমি আমাৰ প্ৰতিজ্ঞাসমূহক ৰখাত সহায় লাভ কৰিব পাৰিম। শ্ৰোতাসকলে গৃহস্থক দিয়া কথাৰ অনুসাৰে তেওঁলোকক পুনৰাই সাক্ষাৎ কৰি কেনে আশীৰ্ব্বাদ লাভ কৰিলে এই বিষয়ে কবলৈ সকলোকে আমন্ত্ৰণ কৰক।
২০ মি: “আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক।”e (৬-১১ অনুচ্ছেদ) লেখটোত দিয়া প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰক। ৰাজ্যগৃহক উপযুক্তৰূপে মেৰামত আৰু চোৱা-চিতা কৰা আৱশ্যকতাক গুৰুত্বতাৰে উল্লেখ কৰি ৫ পৃষ্ঠাত দিয়া বক্সটোৰ পৰা আলোকপাত কৰক। বৰ্তমান ৰাজ্যগৃহটো কেনে অৱস্থাত আছে এই বিষয়ে চমুকৈ আৰু যদি কোনো মেৰামত বা উন্নতি কৰাৰ আৱশ্যক আছে তেন্তে তাৰ বিষয়েও উল্লেখ কৰক।
গীত ৪১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।