আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক
১ বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলৰ ৯৪,০০০ খনতকৈ অধিক মণ্ডলী আছে। বেছিভাগ মণ্ডলীয়ে তেওঁলোকৰ উপাসনা কেন্দ্ৰ অৰ্থাৎ ৰাজ্যগৃহবোৰত বাইবেল অধ্যয়ন আৰু খ্ৰীষ্টান সঙ্গতিৰ বাবে একত্ৰিত হয়।
২ নিয়মীয়াকৈ পৰিষ্কাৰ কৰা তালিকাৰ আৱশ্যক: আমাৰ ৰাজ্যগৃহখনক মেৰামতি কৰি ভাল অৱস্থাত ৰখাটো হৈছে আমাৰ পবিত্ৰ সেৱাৰ এটা প্ৰধান ভাগ। আমাৰ পৰিচৰ্য্যা কিতাপৰ ৬১-২ পৃষ্ঠাত এইদৰে বৰ্ণনা কৰা হৈছে: “ভাই-ভনীসকলে কেৱল আৰ্থিক সাহায্য আগবঢ়োৱাটোৱেই বিশেষ অধিকাৰ বুলি ভবা উচিত নহয়, কিন্তু ৰাজ্যগৃহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু ৰাজ্যগৃহখনক চোৱা-চিতা কৰি ভাল অৱস্থাত ৰাখিবলৈ আগ্ৰহী হোৱাটোকো বিশেষ অধিকাৰ বুলি জ্ঞান কৰা আৱশ্যক। ৰাজ্যগৃহখনৰ ভিতৰে আৰু বাহিৰে সঠিকভাৱে যিহোৱাৰ সংগঠনক প্ৰতিফলিত কৰা উচিত।” ৰাজ্যগৃহখনক সপ্তাহত সভাৰ বাবে কেইবাৰো ব্যৱহাৰ কৰা হয়, গতিকে নিয়মীয়াকৈ চোৱাচিতা কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৱশ্যক। সাধাৰণতে এই ক্ষেত্ৰত মণ্ডলীৰ(সমূহৰ) পৰা স্বইচ্ছাৰে আগবাঢ়ি অহা ভাই-ভনীসকলে তত্ত্বাৱধান লয়। বাইবেলৰ সময়ৰ দৰে আজিও যিহোৱাৰ সেৱকসকলে উপাসনাৰ স্থানক ‘মেৰামত আৰু দৃঢ়’ কৰা আৱশ্যক।—২ বং. ৩৪:১০.
৩ ৰাজ্যগৃহৰ সপ্তাহিক পৰিষ্কাৰৰ বাবে বনোৱা তালিকাখন জাননী বোৰ্ডত লগাই থোৱা উচিত। প্ৰত্যেক সপ্তাহে ৰাজ্যগৃহখনক পৰিষ্কাৰ কৰিবলৈ কি কি কৰা আৱশ্যক এই বিষয়ে থকা তালিকাখনক অনুকৰণ কৰি পুস্তক অধ্যয়নৰ গ্ৰুপসমূহে পাল পাতি কাৰ্য্য কৰিব পাৰে। যিসকলে সক্ষম সেই সকলোৱে ৰাজ্যগৃহখন পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিবলৈ সপ্তাহিকভাৱে পৰিষ্কাৰ কৰা বিশেষ অধিকাৰত ভাগ লোৱা আৱশ্যক। পিতৃ-মাতৃৰ তত্ত্বাৱধানত লʼৰা-ছোৱালীকো এই বিশেষ অধিকাৰত ভাগ লʼবলৈ প্ৰশিক্ষণ দিয়া আৱশ্যক। বিশেষকৈ যেতিয়া এটাতকৈ অধিক মণ্ডলীয়ে ৰাজ্যগৃহক ব্যৱহাৰ কৰে তেতিয়া আমাৰ উপাসনাৰ স্থানৰ সৈতে জড়িত থকা গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত চোৱা-চিতা কৰিবলৈ কেৱল কিছুমানৰ ওপৰত দায়িত্ব এৰি দিয়া আৱশ্যক নহয়, কিন্তু এইটো সকলোৰে কৰ্তব্য। ইয়াৰ বাবে এক উত্তম সহযোগৰ আৱশ্যক।
৪ ৰাজ্যগৃহ পৰিষ্কাৰ কৰা বস্তু আৰু সজুলিবোৰ ৰখা স্থানত পৰিষ্কাৰ কৰিবলগীয়া কাৰ্য্যৰ এখন লিষ্ট আঁৰি থলে অধিক উত্তম হʼব। সেই লিষ্টখনত সপ্তাহিকৰূপে কৰিবলগীয়া পৰিষ্কাৰৰ কাৰ্য্য, বাঢ়নিৰে সৰা, খিৰিকীৰ আইনা চফা, আলোচনী আৰু সাহিত্য বিভাগত থকা মেজ অথবা দেৰাজ বা আলমাৰীৰ পৰা ধূলি-মাকতি গুচুৱা, আৱৰ্জনা পেলোৱা দাষ্টবিন পৰিষ্কাৰ, মজিয়া মচা আৰু যদি ৰাজ্যগৃহত কোনো আৰ্চি আছে তেন্তে তাক চফা কৰা। কিছুমান বস্তু, যেনে, কোনো কাঠৰ চকী, মেজ আদিক পালিচ, বহা আসন, দুৱাৰ-খিৰিকীৰ পৰ্দা, লাইট আৰু ফেনবোৰক নিয়মীয়াকৈ পৰিষ্কাৰ কৰাটো আৱশ্যক নহʼবও পাৰে। পৰিষ্কাৰৰ বাবে ব্যৱহাৰ কৰা সকলো প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্যসমূহৰ পাত্ৰবোৰত স্পষ্টকৈ লেবেল লগাই এনে স্থানত ৰাখক যাতে লʼৰা-ছোৱালীয়ে সেইবোৰক ঢুকি নাপায়। তদুপৰি সেই ৰাসায়নিক দ্ৰব্যবোৰ কিহৰ বাবে আৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ এখন বিৱৰণী দিলে অধিক ব্যৱহাৰিক হʼব।
৫ ৰাজ্যগৃহত নিৰাপত্তা বজাই ৰাখিবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা কৰা উচিত আৰু সেইটো হৈছে সকলোতকৈ আৱশ্যকীয় কৰ্তব্য। (দ্বিতী. ২২:৮) এই সম্পৰ্কে কিছুমান আৱশ্যকীয় বস্তুৰ বিষয়ে ৪ পৃষ্ঠাৰ বক্সত উল্লেখ কৰা হৈছে, যিবোৰক সাময়িকভাৱে নিৰীক্ষণ কৰা উচিত, যাতে হʼবলগীয়া যিকোনো দুৰ্ঘটনাক প্ৰতিৰোধ কৰিব পাৰি।
৬ ৰাজ্যগৃহক মেৰামত কৰা: ৰাজ্যগৃহৰ মেৰামত কৰা কাৰ্য্যত অধীক্ষকতা কৰাটো মণ্ডলীৰ প্ৰাচীন গোষ্ঠীৰ দায়িত্ব। সাধাৰণতে এজন প্ৰাচীন বা এজন সহায়ক সেৱকক মেৰামত কাৰ্য্যক সহযোগ কৰিবলৈ নিযুক্ত কৰা হয়। সেই ভাইজনে ৰাজ্যগৃহৰ দৈনন্দিন কাৰ্য্যকৰণবোৰ সংগঠিত, তাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, উত্তমভাৱে মেৰামত আৰু সকলো বস্তু যথেষ্ট আছে নে নাই তাক নিশ্চিত কৰে। তদুপৰি ৰাজ্যগৃহৰ ভিতৰত বা তাৰ ওচৰ-পাজৰে থকা চৌহদত যাতে কোনো বিপদজনক বস্তু বা অৱস্থা নাথাকে তাৰ প্ৰতিও নিশ্চিত হোৱা প্ৰয়োজন। যʼত দুটা বা তাতকৈ অধিক মণ্ডলীয়ে একেটা ৰাজ্যগৃহক ব্যৱহাৰ কৰে, তেতিয়া ৰাজ্যগৃহৰ ভৱন আৰু তাৰ সা-সম্পত্তিক চোৱা-চিতা কৰিবলৈ প্ৰাচীন গোষ্ঠীয়ে এটা কাৰ্য্যকৰণ কমিটি গঠন কৰা আৱশ্যক। এই কমিটিয়ে প্ৰাচীন গোষ্ঠীৰ অধীনত থাকি কাৰ্য্য কৰিব।
৭ বছেৰেকত এবাৰকৈ ৰাজ্যগৃহখনক বিতংকৈ নিৰীক্ষণ কৰা আৱশ্যক। ৰাজ্যগৃহক সম্পূৰ্ণকৈ চোৱা-চিতা কৰা আৱশ্যকীয় যিকোনো বিষয়ত মনোযোগ দিয়াটো প্ৰাচীনসকলৰ দায়িত্ব। আৱশ্যকীয় মেৰামত কাৰ্য্যত সহায় কৰিবলৈ প্ৰকাশকসকলক আমন্ত্ৰণ কৰিব পাৰে। আৱশ্যকীয় বিষয়বোৰত পলম নকৰাকৈ মনোযোগ, আনকি সৰু সৰু বিষয়বোৰকো চোৱা-চিতা কৰিবলৈ সতৰ্ক হোৱা উচিত।
৮ বুদ্ধিমানেৰে ৰাজ্যগৃহৰ পুঁজি ব্যৱহাৰ কৰক: ৰাজ্যগৃহ আৰু ইয়াৰ মাটিৰ বেছিভাগ কাৰ্য্যই ভাই-ভনীসকলে স্বইচ্ছাৰে কৰে। তেওঁলোকে আত্ম-বলিদানেৰে কৰা কাৰ্য্য হৈছে প্ৰেমৰ এটা উত্তম অভিব্যক্তি আৰু ইয়াৰ দ্বাৰা যথেষ্ট খৰচ ৰাহি হয়। ৰাজ্যগৃহৰ ভিতৰত যদি কোনো বৃহৎ সাল-সলনিৰ আৱশ্যক হয় তেনেহʼলে বাহিৰৰ কোনো ঠিকাদাৰক ক্ৰয় কৰা আৱশ্যক হʼব পাৰে। এই বিষয়ে প্ৰাচীনসকলে প্ৰথমে কৰিবলগীয়া কাৰ্য্য আৰু/বা আৱশ্যক হোৱা বস্তুসমূহৰ বিতংকৈ এখন লিখিত বৰ্ণনা তৈয়াৰ কৰা প্ৰয়োজন। তাৰ পিছত সেই লিষ্টখনত উল্লেখ থকা বস্তুবোৰত কিমান ব্যয় হʼব তাৰ সঠিক পৰিমাণৰ খৰচৰ বিষয়ে জানিবলৈ বস্তুসমূহ যোগান ধৰিব পৰা বিভিন্ন ঠিকাদাৰক সেই লিষ্টখন দিব। তাৰ পিছত বিভিন্ন ঠিকাদাৰৰ পৰা পোৱা লিখিত প্ৰস্তাৱবোৰৰ ভিতৰত উপযুক্ত ঠিকাদাৰজনক বাছি লৈ সেই কাৰ্য্যৰ দায়িত্ব দিব। যদি আমাৰ কোনো এজন ভায়ে আৱশ্যকীয় কাৰ্য্য কৰিবলৈ বা বস্তুৰ যোগান বিশেষ কোনো মূল্যত দিবলৈ বিচাৰে তেতিয়াও সেই একেই কাৰ্য্যপদ্ধতি অৱলম্বন কৰা উচিত।
৯ যেতিয়া এটাতকৈ অধিক মণ্ডলীয়ে ৰাজ্যগৃহ ব্যৱহাৰ কৰে তেতিয়া কাৰ্য্যকৰণ কমিটিয়ে পৃথকে মণ্ডলীৰ পুঁজি তদাৰক আৰু মাহেকীয়া লিখিত বিত্তীয় ৰিপৰ্টখন প্ৰাচীন গোষ্ঠীৰ প্ৰত্যেকজনক বিতৰণ কৰা আৱশ্যক। তেহে প্ৰাচীনসকলৰ পৰা মণ্ডলীৰ পুঁজিক কেনেকৈ উত্তমৰূপে ব্যৱহাৰ কৰিব পাৰি তাৰ উপদেশ লাভ কৰিব পাৰিব। মণ্ডলীৰ পুঁজিক উপযুক্তৰূপে ব্যৱহাৰ কৰাটো প্ৰাচীনসকলৰ কৰ্তব্য।
১০ ব্যাপকভাৱে মেৰামত আৰু নবীকৰণ কৰা: যেতিয়া কাৰ্য্যকৰণ কমিটিয়ে লক্ষ্য কৰে যে ৰাজ্যগৃহত কোনো অত্যাৱশ্যকীয় মেৰামতিৰ প্ৰয়োজন তেতিয়া কমিটিয়ে প্ৰাচীন গোষ্ঠীৰ নিৰ্দ্দেশনা বিচৰা উচিত। যদি ব্যাপক মেৰামত কৰিবলৈ নিৰ্ণয় লোৱা বা মণ্ডলী বা মণ্ডলীসমূহৰ বাহিৰৰ পৰা কোনো সহায়ৰ আৱশ্যক হয়, তেন্তে প্ৰাচীনসকলে শাখা কাৰ্য্যালয়ৰ পৰামৰ্শ বিচৰা উচিত। যʼত সম্ভৱ এটাতকৈ অধিক মণ্ডলীয়ে নিজৰ জমা পুঁজি ব্যৱহাৰ কৰিলে উত্তম হʼব। তেওঁলোকে হয়তো একত্ৰিত হৈ বৰ্তমানে থকা ৰাজ্যগৃহটোক বিস্তৃত বা ডাঙৰকৈ নিৰ্ম্মাণ কৰিব পাৰে, যাতে বহুতো মণ্ডলীয়ে ব্যৱহাৰ কৰিব পাৰে আৰু ভৱিষ্যতৰ বাবেও লাভজনক হয়।
১১ ৰাজ্যগৃহত আমি সভাৰ উদ্দেশ্যে একত্ৰিত হোৱাটো আমাৰ বাবে এক বিশেষ অধিকাৰ নহয়নে বাৰু! গতিকে আমি আমাৰ সভা বা সেইবোৰক কেতিয়াও অনুদান হিচাবে লোৱা উচিত নহয়। বাধাহীনভাৱে সভা পৰিচালিত হʼবলৈ কৰা ব্যৱস্থাক অধিক কাৰ্য্যকাৰী আৰু ৰাজ্যগৃহক চোৱা-চিতা কৰা কাৰ্য্যত সম্পূৰ্ণকৈ ভাগ লʼবলৈ সকলোকে উৎসাহিত কৰা হʼল। এনে কৰাৰ দ্বাৰা সত্য উপাসনাৰ গুৰুত্ব বৃদ্ধি আৰু যিহোৱাৰ নাম মহিমান্বিত হয়। এতেকে আঁহক আমি আমাৰ উপাসনাৰ স্থানক পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিবলৈ দৃঢ় নিৰ্ণয় কৰোঁহঁক।
[Study Questions]
১. ৰাজ্যগৃহবোৰক কি উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়?
২. ৰাজ্যগৃহখনক কিয় পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰখা আৱশ্যক?
৩. ৰাজ্যগৃহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰ্য্যক কেনেকৈ সংগঠিত কৰা হয় আৰু কোনসকলে এই বিশেষ অধিকাৰত ভাগ লʼব পাৰে?
৪. ৰাজ্যগৃহ পৰিষ্কাৰ কৰা ভাই-ভনীসকলে কি কি পৰিষ্কাৰ কৰা প্ৰয়োজন সেই বিষয়ে জানিবলৈ কি কৰা আৱশ্যক?
৫. ৰাজ্যগৃহত নিৰাপত্তাৰ বাবে কৰা ব্যৱস্থা কিমান গুৰুত্বপূৰ্ণ আৰু কি কি বিষয়বোৰক সাময়িকভাৱে নিৰীক্ষণ কৰা আৱশ্যক? (৪ পৃষ্ঠাত দিয়া বক্সটো চাওক।)
৬. ৰাজ্যগৃহৰ মেৰামত কাৰ্য্যক কেনেকৈ সংগঠিত কৰা হয়?
৭. (ক) ৰাজ্যগৃহখন উত্তম অৱস্থাত আছে নে নাই তাক নিশ্চিত কৰিবলৈ প্ৰত্যেক বছৰে কি কৰা হয়? (খ) সাময়িকভাৱে কেনে বিষয়বোৰত মনোযোগ দিয়া উচিত? (৫ পৃষ্ঠাৰ বক্সটো চাওক।)
৮. যদি বহিৰৰ কোনো ঠিকাদাৰক কাম কৰিবলৈ ক্ৰয় কৰিবলগীয়া হয় তেন্তে কেনে কাৰ্য্যপদ্ধতি অৱলম্বন কৰা উচিত?
৯. মণ্ডলীৰ জমা পুঁজি উপযুক্তৰূপে ব্যৱহাৰ হৈছে নে নাই তাক নিশ্চিত কৰিবলৈ কি কৰা উচিত?
১০. যদি ব্যাপকভাৱে মেৰামত আৰু নবীকৰণ কৰাৰ আৱশ্যকতা আহি পৰে তেন্তে কি কৰা উচিত?
১১. ৰাজ্যগৃহৰ সভাবোৰত উপস্থিত হোৱাৰ এই বিশেষ অধিকাৰৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কন প্ৰকাশ কৰিব পাৰোঁ?
[Box on page 4]
মন কৰিবলগীয়া নিৰাপত্তাসমূহ
◻ অগ্নি-নিৰ্বাপক যন্ত্ৰবোৰ সহজে পোৱা স্থানত ৰখা আৰু বছেৰেকীয়া পৰীক্ষা কৰা আৱশ্যক।
◻ ওপৰলৈ যোৱা বা তললৈ নমা খট্খটীবোৰত যথেষ্ট পৰিমাণে পোহৰ পৰা, সহজে উঠিব বা নামিব আৰু হাতে ধৰা ৰেলিংবোৰ মজবুত হোৱা উচিত।
◻ ষ্টোৰ ৰুম আৰু শৌচালয়বোৰ পৰিষ্কাৰ, পৰিপাটি আৰু তাত কোনো দহনশীল পদাৰ্থ, ব্যক্তিগত বস্তু, আৱৰ্জনা থকা উচিত নহয়।
◻ ৰাজ্যগৃহৰ চাল আৰু নাওৰাবোৰ নিয়মীয়াকৈ পৰীক্ষা আৰু পৰিষ্কাৰ কৰা উচিত।
◻ ফুটপাথ আৰু চাইকেল বা গাড়ী ৰখোৱা স্থানবোৰ পোহৰ নপৰা আৰু এনে অৱস্থাত থকা উচিত নহয় যাতে অহা-যোৱা কৰোঁতে পিচল খাই পৰি দুৰ্ঘটনা ঘটিব পাৰে।
◻ সকলো বৈদ্যুতিক আৰু বায়ু সঞ্চালনৰ ব্যৱস্থাসমূহক সাময়িকভাৱে সঠিককৈ নিৰীক্ষণ কৰা প্ৰয়োজন।
◻ যদি ৰাজগৃহৰ চালত কোনো ফুটা থাকে বা পানী ভিতৰলৈ সুমাই অহাৰ সম্ভাৱনা থাকে তেন্তে অধিক হানি নোহোৱাৰ পূৰ্বেই তাক মেৰামত কৰা উচিত।
◻ যেতিয়া ৰাজ্যগৃহত কোনো নাথাকে তেতিয়া তাৰ দুৱাৰ-খিৰিকী ভালকৈ বন্ধ কৰা উচিত, যাতে কোনো অনাধিকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে।
[Box on page 5]
ৰাজ্যগৃহ আৰু ইয়াৰ সকলো সা-সম্পত্তিক চোৱা-চিতা কৰা
◻ বাহিৰভাগ: ৰজ্যগৃহৰ চাল, দেৱাল, ৰং, খিৰিকী আৰু ইয়াৰ চাইনবোৰ্ড উপযুক্ত অৱস্থাত আছেনে?
◻ তলৰভাগ: ৰাজ্যগৃহৰ মজিয়া, ফুটপাথ, জেওৰা বা বেৰা আৰু ইয়াৰ চৌহদ উত্তম অৱস্থাত আছেনে?
◻ ভিতৰভাগ: ৰাজ্যগৃহৰ কাৰ্পেট, পৰ্দা, চকী, বৈদ্যুতিক লাইন, পানীৰ নল আৰু দেৱালত লগোৱা ৰং বা ডিচটেম্পাৰ পৰিপাটি অৱস্থাত আছেনে?
◻ সা-সৰঞ্জাম: ৰাজ্যগৃহৰ লাইট, ফেন, ধ্বনি যন্ত্ৰ আৰু বায়ু সঞ্চালনৰ ব্যৱস্থাসমূহ ভালদৰে কাম কৰিছেনে?
◻ শৌচালয়: ৰাজ্যগৃহৰ শৌচালয়বোৰ পৰিষ্কাৰ, দুৰ্গন্ধময়হীন আৰু ভালদৰে কাৰ্য্য কৰা অৱস্থাত আছেনে?
◻ ৰাজ্যগৃহৰ দলীল-পত্ৰবোৰ: বিশেষকৈ পৌৰনিগমৰ দলীল-পত্ৰবোৰ সাম্প্ৰতিক আৰু সঠিক হোৱা আৱশ্যক। ৰাজ্যগৃহৰ দলীল, কৰ দিয়া ৰচীদ আৰু আৱশ্যকীয় নথি-পত্ৰবোৰ উপযুক্তভাৱে ভৰ্তি কৰা হৈছেনে?