পৰিচৰ্য্যা সভাৰ তালিকা
জানুৱাৰী ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২২৪
১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জানুৱাৰী ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। উপস্থাপনৰ পিছত তাত প্ৰকাশ পোৱা বিশিষ্টপূৰ্ণ বিষয়বোৰক পুনৰ উল্লেখ কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: নতুন প্ৰকাশন প্ৰাপ্ত কৰি আমি অতি আনন্দিত হʼলোঁ! শ্ৰোতাসকলৰ সৈতে আলোচনা। “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশনত দুখনকৈ নতুন প্ৰকাশন লাভ কৰি আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ বাইবেল আধাৰিত আলোচনীৰ লাইব্ৰেৰীৰ বাবে “উত্তম দেশখন চাওক” নামৰ সাহিত্যখন লাভ কৰিলোঁ। আপুনি যেতিয়াই ইয়াৰ পাঠ খুলিব প্ৰতিজ্ঞাত দেশখনক এক ভিন্ন দিশেৰে চাব পাৰিব। বিভিন্ন মেপত দিয়া কিছুমান বিৱৰণীৰ বিষয়ে দাঙি ধৰক। কেনেকৈ এই সাহিত্যখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে পৰামৰ্শ দিয়ক। মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখনে আমাৰ লʼৰা-ছোৱালীৰ আধ্যাত্মিকতা উন্নত কৰিলে। কিতাপখনত সময়মতে উল্লেখ কৰা কিছুমান বিষয়ক উল্লেখ কৰি দেখৱাউক যে কেনেকৈ পিতৃ-মাতৃ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীয়ে লাভৱান হʼব পাৰে। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি সোধক যে কেনেকৈ তেওঁলোকে কিতাপখনত দিয়া পৰামৰ্শ কাৰ্য্যকাৰীৰূপে পালন কৰিছে।
গীত ১৮৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৫
৫ মি: স্থানীয় ঘোষণাসমূহ।
৪০ মি: “জিলা আৰু অন্তঃৰাষ্ট্ৰীয় অধিৱেশনসমূহে ঈশ্বৰক মহিমা কৰিবলৈ আমাক অৱশ্যেই উৎসাহিত কৰিলে!” এজন প্ৰাচীনে এই ভাগটো পৰিচালনা কৰে। এক মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত ভাগটোৰ পৰিচয় দি লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি জিলা অধিৱেশনৰ কাৰ্য্যক্ৰমৰ বিষয়ে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। সকলো প্ৰশ্ন নতুবা এটা উত্তৰৰ সৈতে কিছুমান প্ৰশ্নক বিবেচনা কৰিবলৈ সময় বিভক্ত কৰক। নিৰ্দ্ধাৰিত সময়ত উল্লেখ কৰা সকলো শাস্ত্ৰীয় পদ পঢ়াৰ আৱশ্যক নাই; প্ৰশ্নসমূহৰ উত্তৰ সহজে বিচাৰি পাবলৈ এই পদসমূহ দিয়া হৈছে। শ্ৰোতাসকলে দিয়া মন্তব্যসমূহ তেওঁলোকে শিকি লাভৱান হোৱা বিষয়বোৰত পোনপটীয়াকৈ কেন্দ্ৰিত হোৱা উচিত।
গীত ৭৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৮
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰকাশকক জানুৱাৰী মাহৰ পৰচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জানুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু ফেব্ৰুৱাৰী ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ আপোনাৰ চুবুৰীয়াত থকা এজন ব্যক্তিক আলোচনী দিব পাৰে।
১৫ মি: আপোনাৰ দৈনন্দিন জীৱনত ঈশ্বৰৰ বাক্যৰ পৰামৰ্শসমূহ পালন কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—২০০৪, এই সৰু কিতাপখন ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰক। ৩-৪ পৃষ্ঠাৰ পাতনিত দিয়া মন্তব্যসমূহ আলোচনা কৰক। শ্ৰোতাসকলক সোধক যে দৈনন্দিন বাইবেল পাঠ বিবেচনা কৰিবলৈ তেওঁলোকৰ বাবে ব্যক্তিগতভাৱে কোনটো সময় উপযুক্ত বুলি ভাবে। মণ্ডলীৰ সৈতে উক্ত দিনটোৰ দৈনিক পাঠ আলোচনা কৰি মন্তব্য দিবলৈ ভাই-ভনীসকলক আগ্ৰহ কৰক। আমি সেই সংবাদটোক কেনেকৈ কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰিম এই বিষয়ে শ্ৰোতাসকলক তেওঁলোকৰ মতামত দিবলৈ কওক। প্ৰত্যেক দিনা শাস্ত্ৰীয় পদটো বিষবস্তুৰ অনুসাৰে কেনেকৈ চলিব পাৰে এই বিষয়ে চমুকৈ বিবেচনা কৰি সকলোকে উৎসাহিত কৰক।
১৮ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
গীত ১৭৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৪
১০ মি: স্থানীয় ঘোষণাসমূহ। ফেব্ৰুৱাৰী মাহত বিতৰণ কৰিবলগীয়া সাহিত্যসমূহৰ বিষয়ে উল্লেখ কৰক। ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখনৰ সম্পৰ্কে দিয়া উপস্থাপনটোক পুনৰ নিৰীক্ষণ কৰক।
২০ মি: “ব্যৱহাৰ কৰা সময়ৰ প্ৰতি সাৱধানে লক্ষ্য ৰাখক।”a শ্ৰোতাসকলক মন্তব্য দিবলৈ আগ্ৰহ কৰক যে তেওঁলোকে আধ্যাত্মিক কাৰ্য্যবোৰত বাধা জন্মোৱা কেনে অনাৱশ্যকীয় কাৰ্য্যবোৰৰ পৰা সময় উলিয়াইছে।
১৫ মি: পাঁচনি পৌলে যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী হʼল, আমিও তেনে হওঁহঁক। (১ কৰি. ১১:১) শ্ৰোতাসকলৰ সৈতে আলোচনা। যীচুৰ দৰে পাঁচনি পৌলেও সাক্ষী দিবলৈ “যিবিলাকক লগ পালে, সেই সকলোৰে সৈতে” কথোপকথন হোৱাৰ সুযোগ লʼলে। (পাঁচ. ১৭:১৭) আমাৰ প্ৰচাৰ এলেকাত তেনে কৰিবলৈ কেনে সুযোগ লাভ কৰোঁ? বজাৰ, স্কুল বা ৰাজহুৱা পৰিবহনত যাত্ৰ কৰোঁতে কেনে লোকসকলক “লগ” পাওঁ? ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত কেনে লোকক লগ পাব পাৰোঁ? দৈনন্দিন জীৱনত লগ পোৱা লোকসকলক সাক্ষী দিয়াৰ সম্পৰ্কে হোৱা আভিজ্ঞতাৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ১৫১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnote]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।