জিলা আৰু অন্তঃৰাষ্ট্ৰীয় অধিৱেশনসমূহে ঈশ্বৰক মহিমা কৰিবলৈ আমাক অৱশ্যেই উৎসাহিত কৰিলে!
“ঈশ্বৰক মহিমা কৰা” নামৰ জিলা আৰু অন্তঃৰাষ্ট্ৰীয় অধিৱেশনে সকলোকে এক বৃহৎভাৱে সাক্ষী দিলে। এই উল্লেখনীয় ঈশ্বৰশাসিত ঘটনাটোৱে যিহোৱাৰ নাম প্ৰশংসা কৰিলে আৰু “তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা” আমাৰ সক্ষমতাক বৃদ্ধি কৰিলে। (গীত ৯৬:৮) তেওঁ কৰা আচৰিত কৰ্ম্মবোৰত তেওঁৰ উৎকৃষ্ট গুণসমূহ প্ৰকাশ পাইছে আৰু ইয়াৰ বাবে ঈশ্বৰ যিহোৱাই আমাৰ সমাদৰ আৰু মহিমা পোৱাৰ যোগ্য।—ইয়ো. ৩৭:১৪; প্ৰকা. ৪:১১.
আপুনি টোকি ৰাখা ব্যক্তিগত অধিৱেশনৰ টোকাসমূহৰ সৈতে তলত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক আৰু জানুৱাৰি ১৯ তাৰিখে অধিৱেশনৰ বিষয়ে আলোচনা হʼবলগীয়া ভাগটোত ভাগ লʼবলৈ প্ৰস্তুত হওক।
১. নিৰ্জীৱ বস্তুবোৰৰ সৃষ্টিয়ে কেনেকৈ ঈশ্বৰৰ মহিমা কৰিছে আৰু ই মানুহে তেওঁক কৰা মহিমাতকৈ কেনেকৈ ভিন্ন? (গীত ১৯:১-৩; “সৃষ্টিয়ে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে”)
২. বৰ্তমানৰ কেনে বাস্তৱিকতাই ভৱিষ্যতে ঘটিবলগীয়া ঘটনাসমূহৰ ৰূপান্তৰণ কৰিছে আৰু কি প্ৰকাৰে প্ৰকৃত খ্ৰীষ্টানসকলে আজি সেই বাস্তৱিকতাৰ দ্বাৰা প্ৰেৰিত হৈছে? (মূল ভাষণ, “মহিমাপূৰ্ণ ভৱিষ্যতবাণীমূলক দৰ্শনসমূহে আমাক প্ৰেৰিত কৰে!”)
৩. ভৱিষ্যতবক্তা দানিয়েলৰ দৰে আমি কেনেকৈ নম্ৰতা গুণ বিকশিত কৰিব পাৰোঁ আৰু তেনে গুণ বিকশিত কৰি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ? (দানি. ৯:২, ৫; ১০:১১, ১২; “নম্ৰ ব্যক্তিসকলত যিহোৱাৰ মহিমা প্ৰকাশ পায়”)
৪. (ক) আমোচৰ ভৱিষ্যতবাণীৰ পৰা ঈশ্বৰীয় ন্যায়-বিচাৰৰ সম্পৰ্কে আমি কেনে তিনিটা বিষয় শিকিব পাৰোঁ? (আমো. ১:৩, ১১, ১৩; ৯:২-৪, ৮, ১৪) (খ) আমোচ ২:১২ পদত পোৱা সতৰ্কবাণীৰ পৰা যিহোৱাৰ সাক্ষীসকলে বৰ্তমান সময়ত কেনে ব্যৱহাৰিক শিক্ষা শিকিব পাৰে? (“আমোচৰ ভৱিষ্যতবাণী—আমাৰ দিনৰ বাবে ইয়াৰ বাৰ্ত্তা”)
৫. (ক) যদিও এজন ব্যক্তি মদাহী নহয় কিন্তু অপৰিমীতভাৱে মদ্যপান কৰে তেন্তে কেনে বিপদ উৎপন্ন হʼব পাৰে? (খ) অপৰিমীতভাৱে মদ্যপান কৰা সমস্যাটোক কেনেকৈ শুধৰণি কৰিব পাৰি? (মাৰ্ক ৯:৪৩; ইফি. ৫:১৮; “মদ্যপান কৰা ফান্দত পৰাৰ পৰা নিজকে ৰক্ষা কৰক”)
৬. আপুনি কেনেকৈ “উত্তম দেশখন চাওক” নামৰ সাহিত্যখনৰ পৰা লাভৱান হʼব পাৰিছে? (“‘উত্তম দেশখন’—পৰমদেশৰ পূৰ্বাভাস”)
৭. কেনে তিনিধৰণে আমি “আৰ্চিৰ দৰে যিহোৱাৰ মহিমাৰ প্ৰতিফলিত” কৰিব পাৰোঁ? (২ কৰি. ৩:১৮; “আৰ্চিৰ দৰে যিহোৱাৰ মহিমা প্ৰতিফলিত কৰা”)
৮. অন্যায়পূৰ্ণ তীব্ৰ ঘৃণাৰ কাৰণ কি আৰু আমি তেনে ঘৃণাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও কিহে আমাক অখণ্ডতা বজাই ৰাখাত সহায় কৰিব পাৰে? (গীত ১০৯:১-৩; “কাৰণবিহীন তীব্ৰ ঘৃণাৰ পাত্ৰ হোৱা”)
৯. উচ্চ হোৱা হাবিয়াস ৰাখাৰ প্ৰতি যীচু খ্ৰীষ্টৰ দৃষ্টিভঙ্গী কি আৰু এজন ব্যক্তিয়ে সেই দৃষ্টিভঙ্গী সম্পূৰ্ণকৈ বিকশিত কৰিবলৈ কেনেকৈ নিৰ্ণয় লব পাৰে? (মথি ২০:২০-২৬ “উচ্চ হোৱা হাবিয়াস ৰাখাৰ প্ৰতি খ্ৰীষ্টৰ দৃষ্টিভঙ্গী বিকশিত কৰা”)
১০. শাৰীৰিকভাৱে ক্লান্ত হৈ পৰাৰ স্বত্ত্বেও কিহে আমাক আধ্যাত্মিকভাৱে শক্তিশালী হৈ থাকিবলৈ সহায় কৰিব পাৰে? (“ক্লান্ত হোৱা কিন্তু লেবেজান নোহোৱা”)
১১. চয়তানে অসত্যতাৰ বিকশিত কৰা প্ৰতিনিধিত্ববোৰ কি কি আৰু কেনে উপযুক্ত শাস্ত্ৰ পদে আমাৰ বিশ্বাস ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে? (যোহ. ১০:৫; “‘অচিনাকিৰ মাতৰ’ পৰা সাৱধান হোৱা”)
১২. (ক) মাৰ্ক ১০:১৪, ১৬ পদত লিপিবদ্ধ কৰা যীচুৰ আৰ্হিটোক পিতৃ-মাতৃসকলে কেনেকৈ অনুকৰণ কৰিব পাৰে? (খ) মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখনত আপুনি কি ভাল পালে? (“আমাৰ লʼৰা-ছোৱালী হৈছে এক বহুমূলীয়া উত্তৰাধিকাৰ”)
১৩. কম বয়সীয়াসকলে কেনেকৈ যিহোৱাৰ স্তুতি কৰে? (১ তীম. ৪:১২; কম বয়সীয়াসকলে কেনেকৈ যিহোৱাৰ স্তুতি কৰে”)
১৪. “বিৰোধিতাৰ স্বত্ত্বেও সাহসেৰে সাক্ষী দিয়া,” নাটকখনৰ কোনটো দৃশ্যই আপোনাৰ মনত দকৈ চাপ বহুৱালে?
১৫. (ক) পিতৰ আৰু যোহনে? (পাঁচ. ৪:১০) (খ) স্তিফান? (পাঁচ. ৭:২, ৫২, ৫৩) (গ) প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে ৰাখা আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (পাঁচ. ৯:৩১; “‘মন্থৰভাৱে নহয়’ কিন্তু উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক” নাটক আৰু ভাষণ)
১৬. (ক) আমি কি প্ৰকাৰে ঈশ্বৰক মহিমা কৰিবলৈ দৃঢ় সঙ্কল্প ললোঁ? (খ) “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশনত যি শিকিলোঁ তাক কেনেকৈ কাৰ্য্যকাৰী কৰাটো নিশ্চিত কৰিব পাৰোঁ? (যোহ. ১৫:৯, ১০, ১৬ “যিহোৱাৰ মহিমাৰ অৰ্থে ‘অধিক ফল উৎপন্ন কৰা’”)
[Box on page 1]
অধিৱেশনত প্ৰস্তুত কৰা উত্তম আধ্যাত্মিক নিৰ্দ্দেশনাবোৰক মনোযোগেৰে ধ্যান কৰি আমি শিকা বিষয়বোৰৰ অনুসাৰে চলিবলৈ প্ৰেৰিত হʼম। (ফিলি. ৪:৮, ৯) ইয়ে আমাক “সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে” দৃঢ় সঙ্কল্প লোৱাত শক্তিশালী কৰিব।—১ কৰি. ১০:৩১.