“বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা”
১ ঈশ্বৰীয় ভক্তিৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰাণপণে চেষ্টা কৰা আৱশ্যক। (১ তীম. ৪:৭-১০) কিন্তু যদি এনে জীৱন-যাপন আমাৰ শক্তিৰ বাহুল্যতাৰে হোৱা হʼলে আমি সোনকালে ক্লান্ত বা সময়ে সময়ে উজুটিও খালোঁহেঁতেন। (যিচ. ৪০:২৯-৩১) সেয়েহে ঈশ্বৰৰ শক্তিত শক্তিমন্ত হʼবলৈ আমি “বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী” হোৱা আৱশ্যক।—১ তীম. ৪:৬.
২ প্ৰচুৰমাত্ৰাত আধ্যাত্মিক আহাৰ উপলব্ধ: যিহোৱা ঈশ্বৰে তেওঁৰ বাক্য আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ দ্বাৰা আমালৈ আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰিছে। (মথি ২৪:৪৫) আমি এই প্ৰবন্ধৰ দ্বাৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ চেষ্টা কৰিছোঁনে? আমি নিতৌ বাইবেল পঢ়োঁনে? আমি ব্যক্তিগত অধ্যয়ন আৰু ধ্যান কৰিবলৈ সময় উলিয়াওঁ নে? (গীত ১:২, ৩) কিয়নো এনে স্বাস্থ্যকৰ আধ্যাত্মিক আহাৰে আমাৰ বিশ্বাস দৃঢ় কৰি চয়তানৰ জগতৰ পৰা অহা সকলো বিপদত প্ৰতিৰক্ষা দিয়ে। (১ যোহ. ৫:১৯) যদি আমি আমাৰ মনটোত আধ্যাত্মিক বিষয়বোৰেৰে পূৰ্ণ কৰি সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে যিহোৱা ঈশ্বৰে আমাৰ আৱশ্যকতাৰ সময়ত অৱশ্যেই সহায় কৰিব।—ফিলি. ৪:৮, ৯.
৩ তদুপৰি খ্ৰীষ্টান সভাবোৰৰ দ্বাৰাও যিহোৱাই আমাৰ বিশ্বাস দৃঢ় কৰে। (ইব্ৰী ১০:২৪, ২৫) কিয়নো সভাবোৰত লাভ কৰা আধ্যাত্মিক উপদেশ আৰু হিতজনক সঙ্গতিয়ে আমাক পৰীক্ষাৰ সময়ত বিশ্বাসত স্থিৰে থাকিবলৈ সহায় কৰে। (১ পিত. ৫:৯, ১০) এবাৰ এগৰাকী খ্ৰীষ্টান যুৱতীয়ে এইদৰে কৈছিল: “গোটেই দিন স্কুলত অতিবাহিত কৰাৰ বাবে মই ভাগৰত ক্লান্ত হৈ পৰোঁ। কিন্তু খ্ৰীষ্টান সভাবোৰত উপস্থিত হৈ মই পিছৰ দিনা স্কুলত যোৱালৈকে মৰুভূমিত পানীৰ নিজৰা দেখি হোৱাৰ দৰে সতেজ হৈ পৰোঁ।” দৰাচলতে সভাবোৰত উপস্থিত হʼবলৈ আমি কৰা প্ৰচেষ্টাই আমাৰ বাবে অনেক আনন্দ কঢ়িয়াই নানেনে বাৰু!
৪ সত্যতাৰ বিষয়ে ঘোষণা কৰক: আনক প্ৰচাৰ কৰাই আছিল যীচুৰ আহাৰ যি তেওঁক শক্তিশালী কৰি তুলিছিল। ঠিক সেইদৰে আমি যেতিয়া ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে আনক কওঁ তেতিয়া পুনৰ সজীৱ হোৱা অনুভৱ কৰোঁ। তদুপৰি প্ৰচাৰ কাৰ্য্যত ব্যস্ত থকাৰ দ্বাৰা আমাৰ ধ্যান ঈশ্বৰৰ ৰাজ্য আৰু আহিবলগীয়া আশীৰ্ব্বাদসমূহৰ ওপৰত কেন্দ্ৰিত থাকিব। ইয়াৰ দ্বাৰা আমি বাস্তৱতে সতেজ হোৱা অনুভৱ কৰোঁ।—মথি ১১:২৮-৩০.
৫ বৰ্তমান সময়ত যিহোৱাই প্ৰবন্ধ কৰা এনে আধ্যাত্মিক আহাৰৰ দ্বাৰা লাভৱান হোৱাটো আমাৰ বাবে অৱশ্যেই এক বিশেষাধিকাৰ! এতেকে আঁহক আমি আনন্দেৰে একেৰাৰে তেওঁৰ মহিমা কৰোঁহঁক।—যিচ. ৬৫:১৩, ১৪.