স্মৰণীয় পৰ্ব্বৰ সময়ছোৱা হৈছে ঈশ্বৰ-শাসিত কাৰ্য্যৰ বৃদ্ধি কৰাৰ সময়
১ প্ৰাচীন সময়ত ইস্ৰায়েলসকলে বছৰটোৰ এক নিৰ্দ্ধাৰিত সময়ত “যিহোৱাৰ যি সকলো পৰ্ব্ব” উদ্যাপন কৰিছিল। (লেবী. ২৩:২) ইস্ৰায়েলসকলে ঈশ্বৰে কৰা সকলো মঙ্গলময় কাৰ্য্যৰ ওপৰত ধ্যান কৰাৰ ফলস্বৰূপে তেওঁলোকে উৎসাহেৰে আৰু আনন্দেৰে সত্য উপাসনা কৰিবলৈ প্ৰেৰিত হʼল।—২ বং. ৩০:২১-৩১:২.
২ বৰ্তমান সময়ত প্ৰত্যেক বছৰৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত হোৱা ঈশ্বৰ-শাসিত কাৰ্য্যই আমাৰ আনন্দ অধিক বৃদ্ধি কৰে। কিয়নো এই সময়ছোৱাত আমি যিহোৱা ঈশ্বৰে আমাৰ বাবে দিয়া এক অমূল্য উপহাৰ অৰ্থাৎ তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান স্বৰূপে দিয়া বিষয়ত ধ্যান কৰি আমি গভীৰভাৱে মূল্যাঙ্কন কৰোঁ। (যোহ. ৩:১৬; ১ পিত. ১:১৮, ১৯) ঈশ্বৰ আৰু তেওঁৰ পুত্ৰই দেখুৱা প্ৰেমে আমাক যিহোৱা ঈশ্বৰক স্তুতি আৰু তেওঁৰ কাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰেৰিত কৰে।—২ কৰি. ৫:১৪, ১৫.
৩ এই বছৰৰ মাৰ্চ ২৪ তাৰিখ বৃহস্পতিবাৰে সূৰ্য্য অস্ত যোৱাৰ পিছত স্মৰণীয় পৰ্ব্ব উদ্যাপন কৰা হʼব। গতিকে মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত আমি কেনেকৈ আমাৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিব পাৰোঁ?
৪ অধিক লোকক সাক্ষাৎ কৰা: প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত যিমান পাৰে অধিক সংখ্যক লোকক ঈশ্বৰৰ বাৰ্ত্তাৰ বিষয়ে কʼবলৈ চেষ্টা কৰক। আপুনি আবেলি বা গধূলি নতুবা যি সময়ত অধিক লোকক তেওঁলোকৰ ঘৰতে পোৱা যায়, সেই সময়ত ঘৰে-ঘৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ আয়োজন কৰিব পাৰেনে? আপোনাৰ সমূহৰ কিছুমানে যদি পুস্তক অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বেই প্ৰচাৰ কাৰ্য্য কৰিব বিচাৰে, তেন্তে অধ্যয়ন অধ্যক্ষই চমুকৈ এক সেৱা সভাৰ ব্যৱস্থা কৰি ওচৰে-পাজৰে থকা এলেকাত প্ৰচাৰ কৰিবলৈ ব্যৱস্থা কৰা আৱশ্যক।
৫ অধিক লোকক সাক্ষাৎ কৰাৰ আন এক পথ হৈছে, ৰাজহুৱা স্থানবোৰত সাক্ষী দিয়া। জাপানত থকা এগৰাকী ভনীয়ে পূৰ্ণ-সময়ে চাকৰি কৰাৰ স্বত্ত্বেও সহযোগী অগ্ৰগামী সেৱা কৰিব বিচাৰিছিল। এজন প্ৰাচীনে ভনীগৰাকীক চাকৰিলৈ যোৱাৰ পূৰ্ব্বে ট্ৰেইন ষ্টেশ্বনৰ কাষত থকা ৰাস্তাত সাক্ষী দিবলৈ পৰামৰ্শ দিয়ে। ভনীগৰাকীয়ে নিজৰ নিৰ্জ্জু স্বভাৱ আঁতৰ আৰু কিছুমান নিয়মিতভাৱে যাত্ৰা কৰা সহযাত্ৰীয়ে ঠাট্টা কৰাৰ স্বত্ত্বেও সেই সহযাত্ৰী, ষ্টেশ্বনৰ কৰ্ম্মী, কাষত থকা দোকানবোৰৰ মালিকৰ উপৰিও প্ৰায় ৪০ জন ব্যক্তিৰ সৈতে আলোচনী প্ৰবাহ স্থাপন কৰে। এমাহত ভনীগৰাকীয়ে গড় হিচাপে ২৩৫ খন আলোচনী বিতৰণ কৰে। প্ৰত্যেকদিনা বাইবেলৰ পৰা চমুকৈ মাত্ৰ কিছুমান বিষয় লোকসকলৰ সৈতে আলোচনা কৰি ভনীগৰাকীয়ে ছটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলে।
৬ সাক্ষী দিয়াৰ সুযোগবোৰ: স্কুললৈ যোৱা বহুতো প্ৰচাৰকে বছৰটোত বহুতো বন্ধৰ দিন পায়। এই সময়ত তেনে প্ৰচাৰকসকলে সহযোগী অগ্ৰগামী কৰিব পাৰে। ইয়াৰ উপৰিও স্কুলত যোৱা প্ৰকাশকসকলে স্কুলত সাক্ষী দি ঈশ্বৰ-শাসিত কাৰ্য্যৰ বৃদ্ধি কৰিব পাৰে। সহপাঠীসকলে আপোনালোকৰ বিশ্বাসৰ বিষয়ে শুনি কিমান আগ্ৰহী হয়, সেই বিষয়ে আপোনালোকে হয়তো আচৰিত হʼব পাৰে। এতেকে স্কুলত হোৱা আলোচনা বা ৰচনা লিখাৰ সুযোগ লৈ কিয় সাক্ষী নিদিয়ে? আনসকলে হয়তো আমাৰ ভিডিঅʼবোৰ ব্যৱহাৰ কৰিব পাৰে। কিছুমানে নিজৰ সহপাঠীৰ সৈতে বাইবেল অধ্যয়ন কৰি তেওঁলোকে নিজকে ঈশ্বৰ যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰিলে। “যিহোৱাৰ নামৰ প্ৰশংসা” কৰিবলৈ এইটোৱে হৈছে এক উত্তম পদ্ধতি।—গীত ১৪৮:১২, ১৩.
৭ লোকসকলৰ সৈতে নিতৌ যোগাযোগ কৰিবলৈ আপোনাৰ দৈনন্দিন কাৰ্য্যসমূহে যদি সুবিধা দিয়ে, তেন্তে লোকসকলক ঈশ্বৰে কৰা বৃহৎ প্ৰতিজ্ঞাৰ বিষয়ে কʼবলৈ সকলো সুযোগ গ্ৰহণ কৰক। ট্ৰেইনেৰে নিতৌ যাত্ৰা কৰা এজন ভায়ে উপযুক্ত সময়ত তেওঁৰ সৈতে যোৱা সহযাত্ৰীক সাক্ষী দিয়ে। উদাহৰণস্বৰূপে, ট্ৰেইনৰ বাবে ষ্টেশ্বনত অপেক্ষা কৰি থাকৰ সময়ত ভাইজনে এজন ডেকা ব্যক্তিক সাক্ষী দিয়ে। ফলস্বৰূপে, সেই ডেকা ব্যক্তিজনৰ সৈতে তেওঁৰ লগৰীয়াজনো বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হয়। যাত্ৰা কৰি থকাৰ সময়ত বাইবেল অধ্যয়ন পৰিচালনা কৰা হয়। কিছু সময়ৰ পিছতে সেই একেখন ট্ৰেইনত যাত্ৰা কৰি থকা আৰু তেওঁলোকৰ কথোপকথন শুনা এগৰাকী বয়সস্থ মহিলাই ভাইজনৰ কাষলৈ আহি বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহ কৰে। ট্ৰেইনেৰে যাত্ৰা কৰি থকাৰ সময়ত সেই মহিলাগৰাকীয়েও অধ্যয়নৰ আনন্দ লাভ কৰিছিল। এনে পদ্ধতিৰে ভাইজনে ট্ৰেইনত দহজন ভিন্ন ব্যক্তিৰ সৈতে অধ্যয়ন কৰিছিল।
৮ যদি আপুনি নিজৰ শাৰীৰিক সমস্যা বা অধিক বয়সীয়া হোৱাৰ বাবে সীমিত তেন্তে কি কৰিব পাৰে? যিহোৱাৰ নামৰ স্তুতি কৰিবলৈ আপোনাৰ ওচৰত তেতিয়াও অনেক পথ মুকলি হৈ আছে। আপুনি কেতিয়াবা টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ চেষ্টা কৰিছেনে? আপুনি কেনেকৈ এই ধৰণৰ সাক্ষী দিব পাৰে বুলি যদি নিশ্চিত নহয়, তেন্তে পুস্তক অধ্যয়নৰ অধ্যক্ষক এই বিষয়ে জনাওক। তেওঁ হয়তো এনে এজন প্ৰচাৰকক আপোনাৰ সৈতে কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰিব যিজনৰ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ অভিজ্ঞতা আছে। এইদৰে আপুনি তেওঁৰ লগৰীয়া হিচাপে কাৰ্য্য কৰি শিকিব পাৰিব আৰু কাৰ্য্যকাৰীৰূপে সাক্ষী দিবলৈ এজনে আনজনক সহায় কৰিব। টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সম্পৰ্কে কিছুমান উত্তম পৰামৰ্শৰ বিষয়ে জানিবলৈ ২০০১ চনৰ ফেব্ৰুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৫-৬ পৃষ্ঠাত চাওক।
৯ নতুন ব্যক্তিসকলে স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাৰ দ্বাৰা যিহোৱা ঈশ্বৰক স্তুতি কৰিবলৈ অধিক প্ৰেৰিত হʼব পাৰে। তেওঁলোকে যদি বাহ্যিকৰূপে প্ৰচাৰ কৰিবলৈ শঙ্কিত হৈছে, তেনেহʼলে পৰিচৰ্য্যা কাৰ্য্যৰ কোনো উৎসাহজনক অনুভৱ বৰ্ণনা আৰু তেওঁলোকে কৰা বিশ্বাসক প্ৰতিৰক্ষা কৰাত সহায় কৰিবলৈ বাইবেলৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া আৱশ্যক। (১ পিত. ৩:১৫) যদি বাইবেল বিদ্যাৰ্থীসকলে শুভবাৰ্ত্তাৰ প্ৰচাৰক হʼবলৈ আগ্ৰহ কৰিছে, তেন্তে সেই বিষয়ে মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰক জনাওক। তেওঁ বিদ্যাৰ্থীজনক সাক্ষাৎ কৰি মণ্ডলীৰ সৈতে পৰিচৰ্য্যা কাৰ্য্যত যোগ দিবলৈ উপযুক্ত হয় নে নহয়, এই বিষয়ে নিৰ্ণয় লʼব। নতুন ব্যক্তিসকলে বিশ্বব্যাপী সাৰ্ব্বভৌমত্বৰ বাদ-বিষয়টোৰ সম্পৰ্কে ঈশ্বৰৰ পক্ষ লোৱা দেখি যিহোৱাৰ মন আনন্দিত নহয়নে বাৰু!—হিতো. ২৭:১১.
১০ আপুনি সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰেনে? সহযোগী অগ্ৰগামী সেৱা সম্পন্ন কৰিবলৈ ৫০ ঘন্টা সম্পূৰ্ণ কৰা আৱশ্যক আৰু এই বিষয়টোক গম্ভীৰতাৰে লোৱা উচিত। (মথি ৫:৩৭) ইয়াৰ অৰ্থ হৈছে আপুনি প্ৰত্যেক সপ্তাহে গড় হিচাপে ১২ ঘন্টা সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰা আৱশ্যক। সহযোগী অগ্ৰগামী সেৱাৰ বাবে ৫ পৃষ্ঠাত দিয়া তালিকাখন আপোনাৰ পৰিস্থিতিৰ বাবে উপযোগী হʼবনে? যদি নহয়, তেনেহʼলে নিজেই নিজৰ তালিকা তৈয়াৰ কৰিব পাৰিবনে যাতে আপুনি মাৰ্চ, এপ্ৰিল, বা মে’ মাহত সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে? পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ আপুনি কৰা প্ৰচেষ্টাত আশীৰ্ব্বাদ কৰিবলৈ যিহোৱাক নিৱেদন কৰক।—হিতো. ১৬:৩.
১১ এই স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাক বিশেষকৈ যিহোৱাৰ স্তুতি কৰিবলৈ কৰা আপোনাৰ চেষ্টাত প্ৰাচীন আৰু সহায়ক সেৱকসকলে সম্পূৰ্ণকৈ সহযোগ কৰিব। সম্ভৱতঃ বহুতে এইবাৰ সহযোগী অগ্ৰগামী কৰিবলৈ সক্ষম হʼব। প্ৰাচীনসকলে আবেলি পৰত, সোমবাৰৰ পৰা লৈ শুকুৰবাৰে সন্ধ্যা আৰু শনি বা দেউবাৰে অতিৰিক্ত পৰিচৰ্য্যা সভাৰ আয়োজন কৰা আৱশ্যক। সেই সভাৰ স্থান আৰু কোনে প্ৰচাৰ কাৰ্য্যক পৰিচালনা কৰিব, এই বিষয়ে প্ৰাচীনসকলে সহযোগী অগ্ৰগামীসকলক বা এই সেৱা কৰিবলৈ নিশ্চিত আঁচনি বনোৱাসকলক সংবাদ দিব। আন প্ৰকাশকসকলেও যেন আপুনি আছুতীয়াকৈ ৰাখা সেই উক্ত দিনটোত একেলগে কাৰ্য্য কৰিব পাৰে, সেই বিষয়ে প্ৰাচীনসকলে ব্যৱহাৰিকৰূপে সংগঠিত কৰিবলৈ চেষ্টা কৰিব। এইদৰে কৰা আয়োজনৰ দ্বাৰা প্ৰচাৰ কাৰ্য্য সঠিক আৰু উত্তমৰূপে সম্পন্ন কৰিব পৰা যাব।—হিতো. ২০:১৮.
১২ সকলো প্ৰচেষ্টা কৰক: সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ যদি আপোনাৰ পৰিস্থিতি সুবিধাজনক নহয়, তেন্তে মনত ৰাখক যে যিহোৱা ঈশ্বৰে আমাত ‘যি নাই তাৰ বাবে নহয়, কিন্তু যি আছে তাৰ দ্বাৰা’ আমি কৰা আন্তৰিক প্ৰচেষ্টা আৰু ত্যাগ গ্ৰহণ কৰে। (২ কৰি. ৮:১২) গতিকে যিহোৱা ঈশ্বৰক ধন্যবাদ জনাবলৈ আমাৰ ওচৰত অনেক কাৰণ আছে। এই উত্তম কাৰণৰ বাবে দায়ূদে এইদৰে লিখিছিল: “মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব।” (গীত ৩৪:১) এতেকে আঁহক আমি সেই একেইদৰে এই স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ নিশ্চিত নিৰ্ণয় কৰোঁহঁক।
[Study Questions]
১. ‘পৰ্ব্বৰ’ সময়ছোৱাই ঈশ্বৰলৈ ভয় ৰাখোঁতা ইস্ৰায়েলসকলক কেনে প্ৰভাৱিত কৰিছিল?
২, ৩. স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আমাৰ আধ্যাত্মিক কাৰ্য্যৰ বৃদ্ধি কৰাটো কিয় উপযুক্ত আৰু এই পৰ্ব্ব কোন দিনা পালন কৰা হʼব?
৪, ৫. (ক) অধিক সংখ্যক লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কিছুমানক কিহে সহায় কৰিলে? (খ) স্থানীয় এলেকাত কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কৰিবলৈ আপুনি কি কৰিলে?
৬. কিশোৰ-কিশোৰীসকলে কেনেকৈ আধ্যাত্মিক কাৰ্য্যক বৃদ্ধি কৰিব পাৰে?
৭. (ক) আনক সাক্ষী দিবলৈ এজন ভায়ে কেনে সুযোগ গ্ৰহণ কৰিছিল? (খ) আপুনিও এনে ধৰণৰ অভিজ্ঞতাৰ আনন্দ লাভ কৰিছিলনে?
৮. শাৰীৰিক অৱস্থা অসুস্থ বা অধিক বয়সীয়া হোৱাৰ বাবে সীমিত হোৱা স্বত্ত্বেও পৰিচৰ্য্যা কাৰ্য্য বৃদ্ধি কৰিবলৈ কেনে সুযোগ মুকলি হৈ আছে।
৯. মণ্ডলীৰ সৈতে ৰাজহুৱা পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ বাইবেল বিদ্যাৰ্থীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
১০. (ক) সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ এখন উত্তম তালিকাই কেনেকৈ সহায় কৰিব পাৰে? (খ) বিগত বছৰৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত আপুনি সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ সক্ষম হৈছিলনে আৰু কেনেকৈ?
১১. সহযোগী অগ্ৰগামী কৰিব বিচৰা প্ৰকাশকসকলক প্ৰাচীন আৰু সহায়ক সেৱকে কেনেকৈ সহযোগ কৰিব পাৰে?
১২. সকলো সময়ত যিহোৱা ঈশ্বৰক প্ৰশংসা কৰিবলৈ কিহে আমাক প্ৰেৰিত কৰিব?
[Box on page 3]
আপুনি কিদৰে পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিব?
◼ লোকসকলক ঘৰত লগ পোৱাৰ সময়ত ঘৰে-ঘৰে প্ৰচাৰ কৰক
◼ ৰাজহুৱা স্থানবোৰত সাক্ষী দিয়ক
◼ কৰ্ম্মস্থল বা স্কুলত সাক্ষী দিয়ক
◼ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়ক
◼ এজন সহযোগী অগ্ৰগামীৰূপে সেৱা কৰক