ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ৪
  • বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • কোনো এটা দুৰ্ঘটনাৰ বাতৰিৰ বিষয়ে উল্লেখ কৰি আপুনি হয়তো এইদৰে কʼব পাৰে:
  • পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি হয়তো এইদৰে কʼব পাৰে:
  • এজন কিশোৰ বয়সৰ প্ৰকাশকে এইদৰে কʼব পাৰে:
  • পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি হয়তো এইদৰে কʼব পাৰে:
  • কম বয়সীয়া লʼৰা বা ছোৱালীৰ সৈতে এজন বয়সস্থই কাৰ্য্য কৰোঁতে, প্ৰথমে তেওঁলোকৰ উভয়েৰে পৰিচয় দি এইদৰে কʼব পাৰে:
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ৪

বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?

নামৰ ব্ৰচাৰখন বিতৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হʼল

কোনো এটা দুৰ্ঘটনাৰ বাতৰিৰ বিষয়ে উল্লেখ কৰি আপুনি হয়তো এইদৰে কʼব পাৰে:

“যদি ঈশ্বৰে মানৱজাতিৰ বিষয়ে চিন্তা কৰে, তেন্তে এনেদৰে পীড়িত হʼবলৈ কিয় অনুমতি দিছে, এই বুলি ভাবি আপুনি কেতিয়াবা চিন্তিত হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই ব্ৰচাৰখনত প্ৰশ্নটোৰ উত্তৰ সন্তুষ্টিজনকৰূপে দিয়া হৈছে আৰু ইয়াত বৰ্ণনা কৰা হৈছে যে নিকটম ভৱিষ্যতে ঈশ্বৰে কি কৰিব। [২৭ পৃষ্ঠাত দিয়া দৃষ্টান্তটো বৰ্ণনা কৰক আৰু ২২ অনুচ্ছেদত দিয়া গীত ১৪৫:⁠১৬ পদটো পঢ়ক।] মানৱজাতিয়ে ভুগী থকা পৰিস্থিতিক ঈশ্বৰে কেনেকৈ সলনি কৰিব? এই বিষয়ে আপোনাক মই পিছৰ সাক্ষাতত জনাবলৈ পাই অতি সুখী হʼম।” ব্ৰচাৰখন দিয়ক আৰু পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক।

পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি হয়তো এইদৰে কʼব পাৰে:

“যোৱাবাৰ মই সাক্ষাৎ কৰাৰ সময়ত এই শাস্ত্ৰীয় পদটো পঢ়িছিলোঁ। [গীত ১৪৫:⁠১৬ পদটো পঢ়ক বা উদ্ধৃত কৰক।] তাৰ পিছত মই আপোনাক এই প্ৰশ্নটো সুধিছিলোঁ: মানৱজাতিয়ে ভুগী থকা পৰিস্থিতিক ঈশ্বৰে কেনেকৈ সলনি কৰিব?” গৃহস্থজনৰ ওচৰত থকা ব্ৰচাৰখনৰ কপিটো আনিবলৈ কওক। তাৰ পিছত ২৭-⁠২৮ পৃষ্ঠা খুলি ২৩-⁠২৫ অনুচ্ছেদৰ পৰা আলোচনা কৰক। বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰক বা ২৬-⁠২৭ অনুচ্ছেদৰ বিষয়বোৰ পিছৰ সাক্ষাতত আলোচনা কৰিবলৈ প্ৰবন্ধ কৰক।

এজন কিশোৰ বয়সৰ প্ৰকাশকে এইদৰে কʼব পাৰে:

“মোৰ বয়সৰ বহুতে আজি ভাবি চিন্তিত হয় যে, আজিৰ পৰা ১০ বা ১৫ বছৰৰ পিছত জগতখনৰ অৱস্থা কেনে হʼব। এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আজি দেখিবলৈ পোৱা সমস্যাবোৰে নিৰ্দ্দেশিত কৰিছে যে আমি একেবাৰে শেষকালত বাস কৰিছোঁ। [২ তীমথিয় ৩:⁠১-⁠৩ পদটো পঢ়ক।] এই ব্ৰচাৰখনে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিছে। [বেটুপাতত দিয়া প্ৰশ্নবোৰ পঢ়ক আৰু ব্ৰচাৰখন গৃহস্থক দিয়ক।] মই যেতিয়া আপোনাক পুনৰ সাক্ষাৎ কৰিবলৈ আহিম, তেতিয়া যদি আপোনাৰ ওচৰত সময়ত থাকে, তেন্তে মই আপোনাক বেমাৰ আৰু বৃদ্ধাৱস্থাৰ সম্পৰ্কে এক আগ্ৰহজনক বিষয় জনাবলৈ পাই অতি আনন্দিত হʼম।” পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক।

পুনৰ সাক্ষাৎ কৰাৰ সময়ত আপুনি হয়তো এইদৰে কʼব পাৰে:

“যোৱাবাৰত আপোনাৰ সৈতে কথোপকথন হওঁতে, মই কৈছিলোঁ যে আপোনাক বেমাৰ আৰু বৃদ্ধাৱস্থাৰ বিষয়ে কʼম। সেই বিষয়ে ইয়াত উল্লেখ কৰা আছে।” গৃহস্থজনক ব্ৰচাৰখন আনিবলৈ কওক আৰু ২৩-⁠২৪ পৃষ্ঠাৰ ৬-⁠৭ অনুচ্ছেদটো পঢ়ি আলোচনা কৰক। দ্বিতীয়বাৰ সাক্ষাৎ কৰাৰ সময়ত ৮-⁠৯ অনুচ্ছদটো আলোচনা কৰিবলৈ ব্যৱস্থা কৰক।

কম বয়সীয়া লʼৰা বা ছোৱালীৰ সৈতে এজন বয়সস্থই কাৰ্য্য কৰোঁতে, প্ৰথমে তেওঁলোকৰ উভয়েৰে পৰিচয় দি এইদৰে কʼব পাৰে:

“________ আপোনাৰ বাবে শাস্ত্ৰৰ পৰা এটা পদ পঢ়িব বিচাৰিছে। [লʼৰা বা ছোৱালীজনীক গীত ৩৭:⁠২৯ পদটো পঢ়ি চমুকৈ মন্তব্য দিবলৈ কওক।] এই ব্ৰচাৰখনত আলোচনা কৰা হৈছে যে ঈশ্বৰে কেনেকৈ মানৱজাতি আৰু পৃথিৱীৰ প্ৰতি থকা নিজৰ উদ্দেশ্যক পূৰ্ণ কৰিব। [২৪-⁠২৭ পৃষ্ঠাত দিয়া ছবিবোৰ দেখুৱাউক।] যেতিয়া আমি পুনৰাই আপোনাৰ ওচৰলৈ আহিম, তেতিয়া মই পুনৰুত্থানৰ বিষয়ে থকা বাইবেলৰ মহান প্ৰতিজ্ঞাৰ সম্পৰ্কে অধিককৈ জনাম।” ব্ৰচাৰখন দিয়ক আৰু পুনৰ সাক্ষাতৰ বাবে ব্যৱস্থা কৰক।

পুনৰ সাক্ষাতৰ সময়ত বয়সস্থজনে এইদৰে কʼব পাৰে:

“যোৱাবাৰ সাক্ষাৎ কৰোঁতে আমি গীত ৩৭:⁠২৯ পদটো পঢ়ি বাইবেলে পুনৰুত্থানৰ সম্পৰ্কে কি কৈছে, সেই বিষয়ে মই দেখুৱাব বিচাৰিছিলোঁ। ইয়াত কি কৈছে সেই বিষয়ে লক্ষ্য কৰক।” গৃহস্থজনক ব্ৰচাৰখন আনিবলৈ কওক আৰু ২৪-⁠২৫ পৃষ্ঠাত দিয়া ১২-⁠১৪ অনুচ্ছেদটো আলোচনা কৰক। বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰক বা ১৫-⁠১৬ অনুচ্ছেদটো আলোচনা কৰিবলৈ পুনৰ সাক্ষাতৰ ব্যৱস্থা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক