ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ৬
  • অখ্ৰীষ্টিয় লোকৰ বাবে থকা ব্ৰচাৰবোৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অখ্ৰীষ্টিয় লোকৰ বাবে থকা ব্ৰচাৰবোৰ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • চিৰস্থায়ী শান্তি আৰু আনন্দ কেনেকৈ পাব পাৰে
  • যেতিয়া কোনো চীন দেশৰ পৰা অহা বিদ্যাৰ্থীক সাক্ষী দিয়ে, তেতিয়া হয়তো আপুনি এইদৰে কʼব পাৰে:
  • “চোৱা, মই সকলোকে নতুন কৰোঁ”
  • এজন বয়সস্থ বৌদ্ধ ধৰ্মাৱলম্বী ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:
  • আমাৰ সমস্যাসমূহ ​—⁠সমাধান কৰাত কোনে আমাক সহায় কৰিব?
  • এজন ডেকা হিন্দু ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:
  • আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা
  • এজন ইচলাম ধৰ্ম্মৰ ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:
  • আমি কিয় ঈশ্বৰক প্ৰেম আৰু সত্যৰে উপাসনা কৰা উচিত?
  • এই উপস্থাপনটো হয়তো পৰিয়াল থকা এজন হিন্দু ব্যক্তিক আকৰ্ষিত কৰিব পাৰে:
  • এক যুদ্ধবিহীন জগত সম্ভৱ হʼবনে?
  • এজন ইহুদী ব্যক্তিক আপুনি এইদৰে কʼব পাৰে:
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ৬

অখ্ৰীষ্টিয় লোকৰ বাবে থকা ব্ৰচাৰবোৰ

চিৰস্থায়ী শান্তি আৰু আনন্দ কেনেকৈ পাব পাৰে

যেতিয়া কোনো চীন দেশৰ পৰা অহা বিদ্যাৰ্থীক সাক্ষী দিয়ে, তেতিয়া হয়তো আপুনি এইদৰে কʼব পাৰে:

“বিদ্যাৰ্থীসকলৰ মাজত মই শান্তি আৰু আনন্দৰ সম্পৰ্কে প্ৰায় একেই চিন্তাধাৰা দেখিবলৈ পাইছোঁ। এইটো বাস্তৱতে গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সম্পৰ্কে থকা প্ৰাচীন বাক্যবোৰ পূৰ্ণ হোৱাৰ বিষয়ে দেখিবলৈ পোৱাটো এক আশ্চৰ্য্যজনক বিষয় নহয়নে?” গীত ৩৭:⁠১১ পদটো পঢ়ক আৰু ব্ৰচাৰখন দিয়ক।​—⁠km ২/৯৮ ৫ পৃ.

“চোৱা, মই সকলোকে নতুন কৰোঁ”

এজন বয়সস্থ বৌদ্ধ ধৰ্মাৱলম্বী ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:

“সম্ভৱতঃ আপুনিও মোৰ দৰে বৰ্তমান সময়ত প্লাৱিত হোৱা বিকৃত ভাৱধাৰাবোৰে আমাৰ লʼৰা-ছোৱালীৰ ওপৰত কেনে প্ৰভাৱিত কৰিব বুলি চিন্তিত হৈছে। যুৱা লোকসকলৰ মাজত এনে অনৈতিকতা কিয় ইমান বৃদ্ধি হৈছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আপুনি জানেনে যে ইছলাম, খ্ৰীষ্টান আৰু হিন্দু ধৰ্ম্ম স্থাপন হোৱাৰ বহু পূৰ্বেই এই বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল? [২ তীমথিয় ৩:⁠১-⁠৩ পদটো পঢ়ক।] লক্ষ্য কৰক যে আমি একেৰাহে জ্ঞান লোৱাৰ স্বত্বেও এনেবোৰ পৰিস্থিতি নিৰন্তৰে বৃদ্ধি পাই আহিছে। [৭ পদটো পঢ়ক।] এই আলোচনীখনে মোক এনে এটা সত্যতাৰ বিষয়ে বুজিবলৈ সহায় কৰিলে, যাৰ বিষয়ে লোকসকলে পূৰ্বে কেতিয়াও শিকা নাছিল। আপুনিও পঢ়িব বিচাৰিবনে?”​—⁠km ৮/৯৯ ৮ পৃ.

আমাৰ সমস্যাসমূহ ​—⁠সমাধান কৰাত কোনে আমাক সহায় কৰিব?

এজন ডেকা হিন্দু ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:

“ইয়াত কোনো সন্দেহ নাই যে আপুনি ঈশ্বৰক বিশ্বাস কৰে। আমাৰ প্ৰতি ঈশ্বৰৰ উদ্দেশ্য কি বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত আদিপুস্তক ১:⁠২৮ পদটো পঢ়ক।] পৃথিৱীৰ বহুতো ঠাইত জনবিস্ফোৰণ আৰু সমস্যাৰে ভৰি পৰিছে। আপুনি ভাবেনে যে সৃষ্টিকৰ্ত্তাই আমাৰ এই সমস্যাবোৰক সমাধান কৰাত সহায় কৰিব?” উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ব্ৰচাৰখন দিয়ক।​—⁠km ৯/৯৯ ৮ পৃ.

আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা

এজন ইচলাম ধৰ্ম্মৰ ব্যক্তিক আপুনি হয়তো এইদৰে কʼব পাৰে:

“মই ইচলাম ধৰ্ম্মৰ ব্যক্তিৰ সৈতে কথোপকথন হʼবলৈ এক বিশেষ প্ৰচেষ্টা কৰিছোঁ। মই জানিব পাৰিছোঁ যে ইচলাম ধৰ্ম্মৰ ব্যক্তিসকলে এজন সত্য ঈশ্বৰ আৰু সকলো নবীক বিশ্বাস কৰে। এইটো সচাঁনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] মই আপোনাক এটা প্ৰাচীন ভৱিষ্যতবাণীৰ বিষয়ে কʼবলৈ বিচাৰিছোঁ যʼত এই পৃথিৱীখন ফিৰদৌচলৈ পৰিণত হʼব। এই সম্পৰ্কে এজন নবীয়ে কি লিখিছিল, সেই বিষয়ে পঢ়িব পাৰোঁনে? [উত্তৰৰ বাবে ৰওক। তাৰ পিছত যিচয়া ১১:⁠৬-⁠৯ পদটো পঢ়ক।] এই ভৱিষ্যতবাণীয়ে মোক এই ব্ৰচাৰখনত উল্লেখ কৰা কোৰাণৰ উদ্ধৃতিটোৰ বিষয়ে সোঁৱৰাই দিয়ে।” ব্ৰচাৰখনৰ ৯ পৃষ্ঠা মেলি ডাঠ আখৰত দিয়া উদ্ধৃতিটো পঢ়ক। গৃহস্থই যদি আগ্ৰহী হয়, তেন্তে ৭-⁠৯ অনুচ্ছেদটো ব্যৱহাৰ কৰি আলোচনা কৰক।​—⁠km-AE ১/০০ ৮ পৃ.

আমি কিয় ঈশ্বৰক প্ৰেম আৰু সত্যৰে উপাসনা কৰা উচিত?

এই উপস্থাপনটো হয়তো পৰিয়াল থকা এজন হিন্দু ব্যক্তিক আকৰ্ষিত কৰিব পাৰে:

“মই তেনে ব্যক্তিসকলক সাক্ষাৎ কৰিছোঁ, যিসকলে আজি বহুতো দেশত থকা পৰিয়ালৰ অৱস্থাক লৈ চিন্তিত হৈছে। এনে পৰিয়ালবোৰক একত্ৰিত কৰি ৰাখিবলৈ কিহে সহায় কৰিব বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] হিন্দু শাস্ত্ৰই পৰিয়ালৰ বিষয়ে কি কৈছে, সেই বিষয়ে কিছুমান ব্যক্তিয়ে জানে। কিন্তু এই একেই বিষয়টোৰ সম্পৰ্কে বাইবেলে কি কৈছে, সেই বিষয়ে তুলনা কৰিবলৈ কেতিয়াও সুযোগ পোৱা নাই। মই আপোনাক সেই বিচাৰধাৰাটোৰ বিষয়ে কʼব বিচাৰিছোঁ। [কলচীয়া ৩:⁠১২-⁠১৪ পদটো পঢ়ক।] এই ব্ৰচাৰখনে ভাৰতৰ ধৰ্ম্মীয় পুস্তক আৰু বাইবেলখনক তুলনা কৰিছে।” ব্ৰচাৰখন দি ৮-⁠৯ আৰু ২০-⁠২১ পৃষ্ঠাত দিয়া বিষয়বোৰ আলোকপাত কৰক।​—⁠km ৯/৯৯ ৮ পৃ.

এক যুদ্ধবিহীন জগত সম্ভৱ হʼবনে?

এজন ইহুদী ব্যক্তিক আপুনি এইদৰে কʼব পাৰে:

“আমাৰ সকলোৱে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাই শোকগ্ৰস্ত হৈছোঁ। আমাৰ মৃত্যু হোৱাৰ পিছত আমালৈ কি ঘটে বুলি আপুনি ভাবে?” উত্তৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ব্ৰচাৰখনৰ ২২ পৃষ্ঠাত “মৃত্যু আৰু প্ৰাণ​—⁠সেইবোৰ কি?” নামৰ বক্সটো উল্লেখ কৰক আৰু ২৩ পৃষ্ঠাৰ ১৭ অনুচ্ছেদত দিয়া পুনৰুত্থানৰ বিষয়টো পঢ়ক। উল্লেখ কৰক যে কুল-পিতৃ যাকোবে পুনৰুত্থানৰ আশা ৰাখিছিল। ব্ৰচাৰখন গৃহস্থক দিয়ক আৰু পুনৰ সাক্ষাৎ কৰি ১৭ অনুচ্ছেদত দিয়া শাস্ত্ৰীয় পদসমূহৰ পৰা আলোচনা কৰিবলৈ ব্যৱস্থা কৰক।​—⁠km-AE ১১/৯৯ ৮ পৃ.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক