ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ২
  • সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি কি কৰিব পাৰোঁ . . .
  • আঁহক আমি আমাৰ উপাসনা স্থান পৰিপাটিকৈ ৰাখোঁহঁক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ২

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব

ইস্ৰায়েলীসকলৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট পৰিশ্ৰম আৰু খৰচ-পাতিৰ প্ৰয়োজন আছিল। ইস্ৰায়েলীসকলে এই নিৰ্মাণ কাৰ্য্যত উৎসাহেৰে ভাগ লৈছিল। (১বং ২৯:২-৯; ২বং ৬:৭, ৮) কিন্তু মন্দিৰ সম্পূৰ্ণ হোৱাৰ পাছত, ইয়াক তদাৰক কৰাৰ যোগেদি ইস্ৰায়েলীসকলে আধ্যাত্মিক ব্যক্তি হয়নে নহয় তাৰ প্ৰমাণ কৰাৰ সুযোগ আছিল। (২ৰাজা ২২:৩-৬; ২বং ২৮:২৪; ২৯:৩) বৰ্তমান সময়তো, যিহোৱাৰ সাক্ষীসকলে ৰাজ্যগৃহ আৰু সন্মিলন গৃহ আদি নিৰ্মাণ, পৰিষ্কাৰ আৰু তদাৰক কৰিবলৈ সময় আৰু শক্তি প্ৰয়োগ কৰে। এইদৰে যিহোৱা ঈশ্বৰৰ লগত কাম কৰা আমাৰ বাবে মহান সুযোগ আৰু ই পবিত্ৰ সেৱাৰ এক ভাগ।—গীত ১২৭:১; প্ৰকা ৭:১৫.

আমি কি কৰিব পাৰোঁ . . .

  • ৰাজ্যগৃহত ব্যৱহাৰ কৰা চকীখনৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখক

    প্ৰতিখন সভাৰ পাছত পৰিষ্কাৰকৈ ৰাখক। যদি আপোনাৰ পৰিস্থিতি সীমিত হয়, তেনেহʼলে অনুগ্ৰহ কৰি আপুনি বহা চকীখনৰ চাৰিওফালে এবাৰ চকু ফুৰাওক আৰু প্ৰয়োজন হʼলে পৰিষ্কাৰ কৰি ৰাখক।

  • ৰাজ্যগৃহ পৰিষ্কাৰ কৰিছে

    নিয়মীয়াকৈ হোৱা ৰাজ্যগৃহৰ পৰিষ্কাৰ আৰু তদাৰক কাৰ্য্যত ভাগ লওক। সকলোৱে মিলিজুলি কৰিলে কাম সহজ হয় আৰু ইয়াত আনন্দও আছে।—lv-E ৯২-৯৩ ¶১৮.

  • দান পাত্ৰত বৰঙণি দিছে

    আৰ্থিক সাহায্য আগবঢ়াওক। হৃদয়ৰপৰা দিয়া ‘দুই পইচাতকৈও কম মূল্যৰ’ দানে যিহোৱা ঈশ্বৰক আনন্দিত কৰে।—মাৰ্ক ১২:৪১-৪৪.

  • উপাসনা কৰা ঠাইখন মেৰামতি কৰিছে

    যদি আপোনাৰ পৰিস্থিতিয়ে অনুমতি দিয়ে তেনেহʼলে ৰাজ্যগৃহ, সন্মিলন গৃহ আদিৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্য্যত যোগদান কৰক। এনে কাৰ্য্যৰ বাবে আপোনাৰ কোনো অভিজ্ঞতা থকাৰ প্ৰয়োজন নাই।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক