ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১-৩
“স্বৰ্গৰাজ্য ওচৰ হল”
যোহন বাপ্তাইজকৰ সাজ-পাৰ আৰু বাহ্যিক দিশে স্পষ্ট কৰে যে তেওঁ এক সৰল জীৱন-যাপন অতিবাহিত কৰিছিল আৰু একান্তভাৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত মনোযোগ দিছিল
যোহনে যি ত্যাগ কৰিছিল, তাৰ বাবে তেওঁ এক অদ্বিতীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ যীচুৰ বাবে পথ তৈয়াৰ কৰিবলৈ সুযোগ পাইছিল
এক সৰল জীৱন-যাপনে আমাক ঈশ্বৰৰ সেৱা বেছিকৈ কৰিবলৈ আৰু জীৱনত সন্তুষ্টি লাভ কৰিবলৈ সহায় কৰে। সৰল জীৱন-যাপন কৰাৰ বাবে আমি . . .
প্ৰকৃততে কোনবোৰ বস্তুৰ প্ৰয়োজন, তাক চিনাক্ত কৰা উচিত
অবাবত টকা-পইচা খৰচ কৰাৰপৰা বিৰত থকা উচিত
আয়-ব্যয়ৰ বাবে পৰিকল্পনা কৰা উচিত
ব্যৱহাৰ নোহোৱা বস্তুবোৰ দান অথবা বিক্ৰী কৰা উচিত
ঋণ পৰিশোধ কৰা উচিত
কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰা উচিত নহয়
যোহনে কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল
এক সৰল জীৱন-যাপনে মোক কি লক্ষ্যত উপনিত হʼবলৈ সহায় কৰিব?