ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • ধৈৰ্য্যৰে তালৈ বাট চাই থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধৈৰ্য্যৰে তালৈ বাট চাই থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • সহনশীলতাৰ বাবে পুৰষ্কাৰ পোৱা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ধৈৰ্য্যৰে তালৈ বাট চাই থাকক

আপুনি ঈশ্বৰৰ ৰাজ্যৰ বাবে কিমান দিনৰপৰা বাট চাই আছে? সমস্যা থকাৰ সত্ত্বেও আপুনি ধৈৰ্য্যৰে তালৈ বাট চাই আছেনে? (ৰোম ৮:২৫) কিছুমান ভাই-ভনীক লোকসকলে ঘৃণা কৰে, তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰে, তেওঁলোকক জেলত দিয়ে, আনকি কেতিয়াবা মৃত্যুৰ ভাবুকি দিয়া হয়। আন কিছুমান ভাই-ভনীয়ে দুৰাৰোগ্য ৰোগত ভুগীছে অথবা বৃদ্ধ কালত অহা সমস্যাৰ সন্মুখীন হৈছে।

জীৱনত অহা যিকোনো সমস্যাৰ সন্মুখীন হʼবলৈ আমাক কিহে সহায় কৰিব? আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি প্ৰতিদিনে বাইবেল পঢ়া আৰু ধ্যান কৰা উচিত। আমি আমাৰ আশাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰাৰ প্ৰয়োজন। (২কৰি ৪:১৬-১৮; ইব্ৰী ১২:২) আমি যিহোৱা ঈশ্বৰক কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পবিত্ৰ আত্মা বিচৰা উচিত। (লূক ১১:১০, ১৩; ইব্ৰী ৫:৭) আমাৰ স্বৰ্গত থকা পিতৃ যিহোৱাই আমাক “আনন্দেৰে সৈতে সম্পূৰ্ণ সহন” কৰিবলৈ সহায় কৰিব।—কল ১:১০.

আমি ‘ধৈৰ্য্যৰে দৌৰা’ উচিত—বিশ্বাস ৰাখক যে পুৰস্কাৰ নিশ্চয় লাভ কৰিব নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • জেমি আৰু তেওঁৰ পত্নীয়ে ঘোষণা কৰিছে

    আমাৰ জীৱনত ‘অকস্মাতে’ কি আপদ আহিব পাৰে? (উপ ৯: ১২)

  • জেমিৰ ষ্ট্ৰʼক হোৱাৰ পাছত কাৰ্লে তেওঁৰ লগত এটা শাস্ত্ৰপদৰপৰা আলোচনা কৰিছে

    সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত প্ৰাৰ্থনাই আমাক কেনেকৈ সহায় কৰে?

  • জেমি আৰু কাৰ্লে এহাল দম্পতীক মেৰপালকৰ সাক্ষাৎ কৰিছে

    যদি আমি কিবা কাৰণত আগৰ দৰে যিহোৱাক সেৱা কৰিবলৈ সক্ষম নহওঁ, তেতিয়াও আমি যিমান পাৰোঁ সিমান কিয় সেৱা কৰি থকা উচিত?

  • জেমিয়ে প্ৰমোদবনত নিজৰ বিষয়ে কল্পনা কৰিছে

    পুৰস্কাৰৰ ওপৰত নিজৰ দৃষ্টি বজাই ৰাখক

    আপুনি পুৰস্কাৰ লাভ কৰিব বুলি কি কথাই আপোনাৰ বিশ্বাস দৃঢ় কৰিছে?

পৰীক্ষাৰ সন্মুখীন হোৱা ভাই-ভনীসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক আপুনি কেনেকৈ সহায় কৰিব?

  • মৰমেৰে কথা-বতৰা হওক আৰু তেওঁলোকৰ তুলনা আনৰ লগত নকৰিব

  • তেওঁলোকৰ কথা মনোযোগেৰে শুনক

  • তেওঁলোকৰ বাবে আৰু তেওঁলোকৰ সৈতে প্ৰাৰ্থনা কৰক

  • তেওঁলোকৰ বাবে খোৱা-বোৱা বনাওক অথবা আন কিবা কাম কৰাত সহায় কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক